Wednesday, November 27, 2013

এটা বন্দৰৰ আবেলি--আলঝেইমাৰ


(১)
ডিপাৰ্টমেন্টৰ পৰা এটা চিৰি ফিজিক্স আৰু বটানি ৰ মাজৰ ঠাইটুকুৰালৈ নামি গৈছে, পাচ বছৰ আগতে সিদিনাখন সেইখিনি সময়ত যদি মই সেই চিৰিটোৱেদি নামি নগলোহেতেন...

জ্যোস্না চলিহা এটা ধুসৰ স্মৃতি হৈ পৰিছিল....

পুজাৰ ছুটীত ঘৰলৈ আহিছো,মোৰ দুটা ফোন নং আছে, এটা কোম্পানীৰ পৰা দিয়া বি.এচ.এন.এল ৰ আনটো পুৰনা ৰিলায়েন্সৰ, বি.এচ.এন.এল হোৱাৰ পাছত ৰিলায়েন্স টো ব্যৱহাৰ নোহোৱাৰ দৰেই হৈছে , ৰিলায়েন্স ৰ বহুদিন ৰিচাৰ্জ কৰোৱা নাই বাবে ডিএক্টিভেট হৈ আছিল, সপ্তমীৰ দিনা গাৱলৈ যোৱাৰ প্লেন এটা হল, সেয়ে ৰিলায়েন্স টো ৰিচাৰ্জ কৰাই ললো..

ৰাতি ৮ বাজি ৩০ মিনিট..... ফোনটো ৰিং কৰিলে, ৰিলায়েন্স ৰ নম্বৰটোলৈ ফোন আহিছে,মবাইলটোৰ স্ক্ৰীণখনত এটা নম্বৰ জিলিকি আছে..... জ্যোস্না.১ আগষ্ট, এটা আনএক্সপেকটেড ফোনকল, ১ আগষ্ট জ্যোস্না চলিহাৰ বাৰ্থডে, ফোনটো ৰিচিভ কৰিম নে নাই ঠিৰাং কৰিব পৰা নাই........ফোনটো ৰিং হৈয়ে আছে

সুদীৰ্ঘ চাৰি বছৰ আঠমাহ তিনিদিনৰ পাছত জ্যোস্না চলিহাই ফোন কৰিছে, কিয় কৰিছে সেইটো মই জানো, অক্টোবৰৰ ১৮ তাৰিখে জ্যোস্না চলিহাৰ বিয়া, সুশান্তৰ লগত....

ফোনটো ৰিচিভ কৰিলো......
- হেলো, জ্যোস্না কি খবৰ, বিয়া বোলে তোমাৰ, কেতিয়া, আমি দেখোন খবৰেই পোৱা নাই...... একে উশাহতে কথাখিনি কলো
- সেইকাৰনেই ফোন কৰিছো, ১৪ তাৰিখে, ৰঙিয়াত , উৰুলি বিবাহ ভৱন, আহিবা
- নিশ্চয়, লগৰ দুটামান ওলালে ৰঙিয়ালৈ গাড়ী দৌৰাই দিম, পিছে আমাৰ লগৰবোৰক মাতিছানে নাই
- প্ৰায়ভাগকে মাতিছো, আহিম বুলি কৈছে
- বঢ়িয়া, পিছে দৰা কৰ
- গুৱাহাটীৰ
- ভাল কথা
- তোমাৰ খবৰবোৰ পাই থাকো, পিছে তুমি আৰু শকত হৈছানেকি
- শকত মানে
- মানে লগৰকেইটাৰ মুখত শুনিছো
- আচ্চা, ইমানো শকত হোৱা নাই
- বিয়ালে কিন্ত আহিবা
- লগৰকেইটা গলে নিশ্চয় যাম

জিতুললৈ ফোন কৰিলো...
-জ্যোস্না চলিহাৰ বিয়াত যাবানে

মোৰ কথা শুনি জিতুলে হা হা কৈ জোৰকৈ হাহি দিলে... ফোনত তাৰ হাহিটো অলপ বেছিয়েই ডাঙৰ যেন লাগিল
- নাহাহিবা বে, হাহিবলৈ কিতো আছে, জকচ মাৰা নাই....যোৱা যদি গাড়ীখন উলিয়াও, ৰঙিয়া দুঘন্টামান লাগিব, যাম, অলপ সময় থাকিম, আবেলি ঘুৰি আহিম
- এক্সুৱেলি যোৱাৰ বহুত ইচ্ছা নাই
- বাকীবোৰ
- বাকীবোৰ মানে, সুদীপ্তৰ লেৱত কাম আছে, বাকীকেইটাতো জানাই, উদাসীন, অৱশ্যে আদিত্যই ফোন কৰিছিল, সি যাব ছাগে
- অকে

এইবাৰ আদিত্যলৈ ফোন লগালো, আদিত্য আৰু বিজয়ে একেখন কলেজত চাকৰি কৰে, দুয়োটাৰে যোৱাৰ প্লেন আছে..
হয়তো কথাবোৰ কাকতলীয়, এনেয়ে পুজাত ছুটীৰ বাবে টনাটনি হয়, এইবাৰ একো কাৰণ নোহোৱাকৈ দুসপ্তাহৰ ছুটী বছে মঞ্জুৰ কৰিছে, গুৱাহাটীত আছো, একো বিশেয কাম নাই, বহুদিনৰ মুৰত পুৰণা নম্বৰটো এক্টিভ কৰিছো, আৰু সেইদিনাই সেই নম্বৰটোলৈ কেতিয়াও নাহিবলগীয়া এটা ফোন আহিছে...
লাইফ ইজ ফুল অৱ এক্সিডেন্টেল চাৰকামষ্টেনচেচ

(২)

আদিত্যই ড্ৰাইভ কৰিছে, মই কাযৰ চিটত, পাছফালে বিজয় আৰু উদীপ, লক্ষ্য উৰুলি মেৰেজ হল, ৰঙিয়া...
ফৰ লেন হাইৱেৰ কাম চলি আছে, মই দেখাত বহুত বছৰৰপৰা চলিয়েই আছে, অলপদুৰ গৈয়েই লেন সলনি কৰিব লগা হয়.... ৰাষ্টাত ধুলি আৰু ধুলি...

বিজয়ে মাত লগালে......
- মই বিশ্বাসেই কৰিব পৰা নাই যে আমি আজি একেলগে ৰঙিয়ালৈ গৈ আছো
- কিয় ....... মই সুধিলো
- আমি গোটেইকেইটাই চাকৰি কৰো, বেলেগ বেলেগ ঠাইত, আৰু গোটেইকেইটাই একেলগে সময় মিলাব পাৰিছো, পিছে তই আহিবি বুলি মই ভৱা নাছিলো, আগৰ কথাবোৰ পাহৰি গলি নেকি
- ধেই, কামোৰ দিছ ন, তেনেকুৱা একো নাই, পিছে তোৰ ফেমিলি লাইফ কেনে চলিছে, গুড নিউজ কেতিয়া দিবি..

বিজয়ে উলিয়াব খোজা টপিকটো মই এভইড কৰাৰ চেষ্টা কৰিলো

প্ৰায় ২-৪৫ বজাত ৰঙিয়া পালো, উৰুলি মেৰেজ হল উলিওৱাত বেছি কষ্ট নহল
জ্যোস্না চলিহাই সেউজীয়া ৰঙৰ পাটৰ চেট এটা পিন্ধিছে... বহুত ধুনীয়া লাগিছে তাইক...
- শুভকামনা থাকিল জ্যোস্না....... উদীপে গিফটটো আগবঢ়াই দিলে
- থেংকচ, তোমালোক অহাৰ বাবে ভাল লাগিল, আজি থাকিব লাগিব কিন্ত
- নাই জ্যোস্না, কাইলৈ ধেৰ কাম আছে...... আদিত্যই কলে

হলটোত মানুহৰ ভিৰ বেছি নহলেও কম নহয়,হলত বহি আছো, জ্যোস্নাৰ বায়েক , ভায়েক, মাক, দেউতাক, মামাক আদিয়ে খা খবৰ লৈ গল, কফি আৰু পকৰাৰ সোৱাদ লৈ থাকিলো......
প্ৰায় পঞ্চলিশ মিনিট পাৰ হৈ গল, পেটত নিগনি দৌৰিছে, পিছে খাবলৈ মতাৰ কোনো লক্ষণেই দেখা নাই, পাহৰিয়ে গল নেকি

এনেতে জ্যোস্নাৰ ভায়েক আহিল...... আপোনালোকৰ ভোক লাগিছে ছাগে, বলক
দুশ্চিন্তাৰ ওৰ পৰিল, ডাইনিং হললৈ সোমাই গলো, কেটাৰিঙৰ মানুহে ভাগে ভাগে আইটেম দি গল চাৰিওটাই গ্ৰোগ্ৰাসে গিলাত লাগিলো

আপোনালোকৰ বাবে বাইদেৱে স্পেচিয়েলি অনাইছে, আপোনালোকে চিকেন তন্দুৰী খাই খুব ভাল পাই বোলে....... জ্যোস্নাৰ ভায়েকে এটা ডাঙৰ বাউল আমাৰ টেবুলত ৰাখিলে.....
আদিত্য, বিজয় আৰু উদীপ তিনিওটাই ইটোৱে সিটোলৈ চালে... তাৰ পাছত তিনিওটাই আশ্চৰ্যকৰ চাৱনিৰে মোৰ ফালে চালে.... তিনিওটাৰ কোনেও তন্দুৰী চিকেনৰ প্ৰতি বিশেষ আসক্তি নাই
ময়েই বাউলটোৰপৰা চিকেন পিচ উলিয়াই পদিনাৰ চাটনিত লগাই চোবোৱাত লাগিলো...

খানা ঠিকেই আছে তো, কিবা লাগিব নেকি......... জ্যোস্না আমাৰ ওচৰত থিয় হলহি
সেউজীয়া কাপোৰযোৰ সলনি কৰি জ্যোস্নাই নতুন কাপোৰ এযোৰ পিন্ধিছে...... খুব ধুনীয়া লাগিছে তাইক... ইউনিভাৰচিটিৰ ফিজিক্স আৰু বটানিৰ মাজৰ খালী ঠাই টুকুৰাত সিদিনাখন সেইটো সময়ত তাই পিন্ধি থকা চুৰিদাৰযোৰৰ ৰং তাইৰ কাপোৰযোৰৰ সৈতে একেই আছিল... নীলা ৰংটো মোৰ ফেভাৰিট

এটা অস্তমিত বেলি, এখন বিবৰ্ণ আকাশ আৰু সমুখত এখন কংক্ৰিটৰ মহানগৰ

ৰঙিয়াৰপৰা গুৱাহাটীলৈ ৰিটাৰ্ণ আহি আছো, শৰাইঘাটৰ ওপৰত ট্ৰেফিক জাম..... আদিত্যই মোক সুধিলে....... তই আকৌ কিয় ট্ৰাই নকৰিলি, নে কৰিছিলি
চিন্ময় নামৰ মোৰ জুনিয়ৰ এজনেও কেইদিনমান আগতে সুধিছিল..... দাদা, আপুনিটো ৱেল এষ্টাব্লিচড,একো বাৰ্ডেনো নাই, বিয়া বাৰুৰ কথা ভৱা নাই নেকি

গাড়ীৰ বাওফালে থকা ৰিয়াৰভিউখন অলপ বেকা কৰিলো...... objects are closer than appeared in the mirror ….. ৰিয়াৰভিউখনত দেখিছো.... মোৰ চুলি সৰি কপালখন মুৰৰ শীৰ্ষবিন্দুলৈকে বিস্ত়ত হৈ পৰিছে, ভালে কেইডাল চুলি পকিছে...... গাল-মুখত বয়সৰ চাপ পৰিছে....... মই বুঢ়া হৈ পৰিছো...চকু....চকুত আগৰ সেই উজ্বলতা নাই.. ৰিয়াৰভিউত বস্তবোৰ সৰুকৈ দেখা পোৱা যায়.. কিন্ত মই স্পষ্টকৈ দেখিছো.. মোৰ চকুৰ কোণত .. চিমেট্ৰিকেলি... হয় .. লাইক পাৰফেক্ট কোৱাচিক্ৰিষ্টেলচ...
শৰাইঘাট দলঙৰ হেলোজেন লাইটৰ পোহৰত জিলিকি উঠিছে......
দুটি নিৰ্ভেজাল নিৰ্মল অশ্ৰুবিন্দু....

(৩)

আদিত্যক খাৰঘুলি, বিজয়ক নাৰেংগী আৰু উদীপক ছয়মাইলত ড্ৰপ কৰিলো.... আকাশৰপিনে চালো.. এখন মুক্ত আকাশ, হেজাৰটা তৰা আৰু তাৰ মাজত সকলোতকৈ ডাঙৰ জোনবাইটো, কিন্ত প্ৰকৃততে আকাশখনৰ ভিতৰত সকলোতকৈ সৰু তৰাবোৰৰ মাজত এটা হল জোনবাই, ওচৰত থকা বস্তবোৰ সদায় ডাঙৰ দেখি, আৰু দুৰৰ বস্তবোৰ......
জোস্না চলিহা সচাকৈয়ে বহুত দুৰ হৈ পৰিল...
জাপৰিগোগৰ শেৱালি পথৰ ২ নং বাইলেনত গাড়ীখন সুমুৱাই দিলো ... উমেশৰ ভাড়াঘৰৰ দুৱাৰত টোকৰ..
- আৰে তই , ইমানদিনৰ মুৰত, কি খবৰ... উমেশে সুধিলে
- ভাল... টেবুলত 4-চিজনচ এটা ৰাখিলো
- মানে, আজি
- য়েছ, তাৰপৰাই আহিছো
- ধুৰ, তোৰদ্বাৰা নহল আৰু.... উমেশে গিলাছ দুটা উলিয়ালে

উমেশে পেগ দুটা বনালে... হু ল... পিছে চম্ভালিব পাৰিবি তো
আচলতে আজিলৈকে মই মদ মুখত দি পোৱা নাই, কিন্ত আজি, আজি মোৰ নিচাত ডুবি থাকিবলৈ মন গৈছে, সকলো পাহৰিবলৈ মন গৈছে, পাচ বছৰৰ আগতে সিদিনা ডিপাৰ্টমেন্টৰ সেই চিৰিটোৱেদি যদি নামি নগলোহেতেন.....
-তই পাছত ট্ৰাই কিয় নামাৰিলি, নে মাৰিছিলি... উমেশে সুধিলে

প্ৰকৃততে এই প্ৰশ্নটোৰ মই বহুবাৰ সন্মুখীন হৈছো, বহুতক মই এটা কাহিনী শুনাইছো, ডেৰাডুনৰ কোম্পানীৰ ট্ৰেইনিং একাডেমীত, ইউনিভাৰচিটিৰ মোৰ পুৰণা লেৱত বা শিৱসাগৰৰ কোনোবা চাহবাগানৰ মাজত থকা ড্ৰিল চাইটৰ টেংকৰ ওপৰত, কোনোবাই মোক ভাল বুলি কৈছে, কোনোবাই মোক ককৰ্থনা কৰিছে, কোনোবাই ঈষত হাহিৰে মোক কৈছে.. কিছু দেই

আজি আকৌ মই কাহিনীটো শুনাবলৈ লৈছো......
ইউনিভাৰচিটিৰ সপ্তম দিনা এজনী ছোৱালী আহি মোক অৰগেনিকৰ বহীখন খুজিছিল, তাই বোলে সেই ক্লাছটো কৰা নাছিল, মই দোধোৰ মোধোৰত পৰিছিলো কাৰণ সেই ক্লাছটোত মই একো নোটছ লিখা নাছিলো, বহীখনত আছিল কিছুমান দুৰ্বোধ্য আক-বাক, আৰু ক্লাছৰ আগত শাৰীত বহি থকা কোনোবা ছোৱালীৰ হেয়াৰষ্টাইলৰ স্কেচ, কিন্ত বিনাবাক্য মই মোৰ বহীখন তাইক দি দিছিলো, তাই বহীখন লৈছিল, পাছদিনা তাই বহীখন ঘুৰাই দি কৈছিল.. চাইন্সৰ সলনি আৰ্টছ ললে টপাৰেই হলাহেতেন দেই..
মই তাই ঘুৰাই দিয়া বহীখন মেলি লৈছিলো, মই অকা হেয়াৰষ্টাইল স্কেছটোৰ তলত তাই লিখিছিল... ডু নট ডু ইট এগেইন....
তাইৰ নাম জ্যোস্না আছিল, জ্যোস্না চলিহা, ঘৰ ৰঙিয়াত, ডিগ্ৰী ফ্ৰম সন্দিকৈ কলেজ
সেই সময়ত তাইক মই মুঠেই লাইন মৰা নাছিলো, আচলতে পাছফালৰ পৰা খোপাটোৰ ষ্টাইলটো ভাল লাগিছিল আৰু কাৰ খোপা সেই কথাটো মুঠেই মন কৰা নাছিলো

ফ্ৰেচাৰ্চৰ ৰেগিঙত মোক আৰু জ্যোস্নাক একেলগে চিনিয়ৰ বোৰে মাতিছিল, তাই ধুনীয়া গান গাইছিল, ভাৰত নাট্যম কৰিছিল, তাৰ বিপৰীতে মই আমেৰিকান আৰু ইন্দিয়ান ফেমিলিৰ ওপৰত এটা জকচ কৈছিলো যত সকলোৱে উৰাই ঘুৰাই হাহিছিল...
পাছদিনাখন তাই মোক কৈছিল... তুমি ফ্ৰেচাৰ্চত কিছু জমালা দেই

তাই ৰোল নং ১৭ আছিল আৰু মোৰ ১৮, গতিকে প্ৰেক্টিকেলত এপাৰেটাচ কিছুমান আমি শ্বেয়াৰ কৰিছিলো, আচলতে এপাৰেটাচ তাইয়েই ব্যৱহাৰ কৰিছিল, প্ৰেক্টিকেলৰ এক্সপেৰিমেন্টবোৰ তাইয়েই কৰিছিল, মই মাত্ৰ তাইৰপৰা ডাটাবোৰ লৈ বহীত লিখিছিলো আৰু কেতিয়াবা এপাৰেটাছবোৰ দঙা মেলাত সহায় কৰি দিছিলো, মই কিন্ত তাইক তেতিয়াও লাইন মৰা নাছিলো...

প্ৰথম চেমিষ্টাৰ শেষ হল, ছেকেন্ড চেমিষ্টাৰো নিৰুদ্বেগৰুপেই পাৰ হল... কিন্ত থাৰ্ড চেমিষ্টাৰত মই লাহে লাহে অনুভৱ কৰিলো, কিবা এটা যেন সলনি হৈছে, জ্যোস্না আৰু মোৰ মাজত আগতকৈ কথা বতৰা বেছিকৈ হয়, কেতিয়াবা তাই ফোন কৰি সোধে... ভাত খালানে.... বা কেতিয়াবা ক্লাছলৈ মোৰ দেৰি হলে তাই এচ.এম.এচ দিয়ে.... ছাৰ আহিল, জলদি ক্লাছত আহা.... ক্লাছত মই তাইৰ পাছত শাৰীত বহো, ক্লাছত ছাৰে নুশুনাকৈ জকচ কৈ থাকো... ক্লাছ শেষ হোৱাৰ পাছত তাই ঘুৰি মোৰফালে পেন্দোৱাকৈ চায়, বহীখন হাতত লৈ মোৰ মুৰত ধাম কৈ মৰাৰ দৰে কৰি কয়... ক্লাছবোৰত অলপ চিৰিয়াচ হোৱাচোন, এনেকৈ কিন্ত ফেইল কৰিবা
কাষত বহি থকা অলকেশে কয়.. তাই তোৰ কিন্ত কেয়াৰ কৰে দেই, কিবা কিবি চলিছে দেই
অলকেশৰ কথাই মোৰ মনতো কিবা এটা জগাই তোলে, কিবা এটা যিটো...

(৪)
তই তো প্ৰপজ দিছিলি...... উমেশে আৰু এটা পেগ বাকি ললে

ভাৰচিটি উইকৰ সময়, ষ্টেজত জিতুলৰ একটিং, আমাৰ গ্ৰুপটোৰ সৈতে অডিটৰিয়ামত চাই আছো, হঠাত তাই মোক সুধিলে, এম.এচ.চিৰ পাছত কি কৰিবা
-পাছ আউট হবলৈ দহমাহৰ ওপৰ আছে, বহুত দিন, পাছৰ কথা পাছত ভাবিম
- হলেও কি কৰিম বুলি ভাবিছা
- পি.এইচ.ডি কৰিম, নহলে চাকৰি কৰিম, নহলে কচিং কৰিম, নহলে পাণ দোকান দিম, কিবা নহয় কিবা তো কৰিমেই

মই ভাৱো তাই মোৰ সচাকৈয়ে কেয়াৰ কৰিছিল, মোৰ তাইক বেছিকৈ ভাল লাগিবলৈ ধৰিছিল, ডিপাৰ্টমেন্টৰ বাকীসকলেও মোৰ এই ভাল লগাৰ কথাটোৰ বু বু বা বা কৰিছিল, তাইৰো কাণত পৰিছিল, কোনোবাই তাইক সুধিলে তাই মাত্ৰ এটা মিচিকিয়া হাহি মাৰিছিল...

নভেম্বৰৰ শেষ সপ্তাহ, আবেলিৰ সময়, ডিপাৰ্টমেন্টৰ সমুখৰ মুকলি ঠাইখিনিত আমি ক্ৰিকেট খেলি আছিলো, ডিপাৰ্টমেন্টৰ পৰা এটা চিৰি ফিজিক্স আৰু বটানি ৰ মাজৰ ঠাইটুকুৰালৈ নামি গৈছে, তাই লগৰ দুজনীৰ সৈতে সেইফালে নামি গৈছিল..... কি জানো হল, ময়ো নামি গলো
- জ্যোস্না শুনাচোন
তাই ৰল, লগৰ দুজনী অলপ আতৰত ৰলগৈ
- কথা এটা তোমাৰ কাণতো পৰিছে ছাগে, মই তোমাক ভাল পাও, আই লাভ ইউ... মই কলো
- মই তেনেকুৱা একো কথা ভৱা নাই, তুমি মোৰ ফ্ৰেইন্ড, তাতকৈ বেছি একো নহয়... প্ৰথমবাৰৰ বাবে মোৰ প্ৰতি তাইৰ চকু-মুখত অস্বস্তিৰ ভাৱ ফুটি উঠিল
- আই এম চিৰিয়াচ, আই লাভ ইউ
- মই তোমাক ভাল নাপাও
-কিন্ত
- প্লীজ..... তাইৰ চকু-মুখত আগতকৈও বেছি অস্বস্তিৰ ভাৱ

তাই লগৰকেইজনীৰ লগত গুচি গল, কিন্ত তাৰ পাছৰেপৰা তাই মোক এভইড কৰিবলৈ ধৰিলে, মাত বোল প্ৰায় বন্ধ হৈ পৰিল, লগৰকেইজনো আচৰিত হল যে তাই মোক নো বুলি কলে, আই ৱাজ ইন এ নাইটমেয়াৰ, সেই সময়ত ডিপাৰ্টমেন্টত সকলোৱে মোৰ প্ৰতি সহানুভুতি প্ৰদৰ্শন কৰিলে... মই এটা বেচেৰা হৈ পৰিলো
পিনাকীয়ে কৈছিল, তাইৰ ঘৰলৈ তাইৰ বাবে লৰা এজন আহিছে, এন.আৰ.এলৰ ইঞ্জিনিয়াৰ,... জাননে উমেশ, তেতিয়া মই কি ভাবিছিলো, এই ডাক্তৰ-ইঞ্জিনিয়াৰবোৰেই আমাৰ প্ৰধান শত্ৰ্ৰু, কত এন.আৰ.এলৰ ইঞ্জিনিয়াৰ আৰু মই এটা জেনেৰেল লাইনৰ এম.এচ.চি ষ্টুডেন্ট, নো কমপাৰিজন, চুড়ান্ত স্বাৰ্থপৰৰ দৰে মই ভগবানক মনে প্ৰানে খাটিছিলো, তাইৰ যাতে এতিয়াই বিয়া ঠিক হৈ নাযায়

তাৰ পাছত, তই তো আকৌ প্ৰপজ দিছিলি....... উমেশে দ্বিতীয়টো পেগ শেষ কৰিলে

তেতিয়া তাইৰ বিয়া ঠিক নহল, মই ভাবিছিলো যে অন্তত মই কেইটামান দিন পাম, ইউনিভাৰচিটিৰ এটা ডিগ্ৰীৰ পাছত কি কৰিম এতিয়াই ভাবিব লাগিব, মোৰ একো আইডিয়া নাছিল, কিন্ত বিজয়হতে এটা ৰাস্তা দেখুৱাইছিল, মই নেট পাইছিলো, ভাবিছিলো, নেট পাইছো যেতিয়া ভাল চাকৰি পাই যাম, চিন্তাৰ কাৰণ নাই, তাইক সুখত ৰাখিব পাৰিম , সন্ধিয়া ইন্টাৰনেটত নেটৰ ৰিজাল্ট চোৱাৰ পাছত প্ৰথম মই জ্যোস্না চলিহাৰ কথা ভাবিছিলো.... হয়... মই তাইৰ কথাই ভাবিছিলো

-পাছদিনাখন মই তাইৰ হোষ্টেললৈ গলো, তাইক লগ কৰিবলৈ
- তাত আকৌ আই লাভ ইউ বুলি কলি...... উমেশে কলে
- নহয়, মই তাইক কলো যে.. যদি মই ফৰমেলি তাইৰ ঘৰলৈ যাও, অবভিয়াছলি লাইফত কিবা এটা হৈহে যাম , তেতিয়া তাইৰ আপত্তি থাকিব নেকি , কাৰণ যদি তাইৰেই মোক লৈ আপত্তি থাকে, তেন্তে ঘৰলৈ ফৰমেলি গৈ একো লাভেই নাই, আৰু কিবা এটা হবলৈ হলে মোক অন্তত এবছৰ সময় লাগিব, সেইখিনি সময় যদি তাই ৱেইট কৰে তেতিয়া..
- তাই কি কলে
- তাই কলে যে তাই কোনো প্ৰতিশ্ৰুতি দিব নোৱাৰে, তাই মোক ভাল নাপায়, আৰু তাইৰ লগত সময় নষ্ট কৰি লাভ নাই
- তাৰ পাছত
- মোৰ কবলৈ একো নাছিল, মোৰ চকু চলচলীয়া হবলৈ ধৰিছিল, মই তাইক কলো যে তাইক ভালপাও কাৰণেই হয়তো মই নেট পাইছো আৰু মই তাইক আৰু এই বিষয়ে কেতিয়াও আমনি নকৰো
- তাইৰ এক্সপ্ৰেচন কেনেকুৱা আছিল
- কথাখিনি কৈ মই উভতি আহিছিলো, কিন্ত পিনাকীয়ে পাছত কোৱামতে মই অহাৰ পাছত তাই বহুতসময় স্থবিৰপ্ৰায় হৈ পৰিছিল,
- মানে তাই
- মই নাজানো

(৫)
উমেশে আৰু অকনমান হুইস্কী গিলাচটোত বাকি কলে..... তাৰ পাছত তই আকৌ ট্ৰাই নকৰিলি নেকি

এইখিনিলৈকে সকলোৱে জানে, কিন্ত তাৰ পাছত..... তাৰ পাছত মই আকৌ ট্ৰাই নকৰিলো নেকি, কিয় নকৰিলো, নে কৰিছিলো, সেইখিনি অকল মই জানো আৰু আজি হয়তো উমেশে জানিব....

সচা কথা কবলৈ গলে তাৰ পাছত মই তাইক এভইড কৰিবলৈ চেষ্টা কৰিবলৈ ধৰিলো, তাইক দেখিলেই মোৰ বুকুৰ একোণত এটা বিষ অনুভৱ কৰিবলৈ ধৰিলো, এই বিষটোৰ উপশম কেৱল সময়ৰ হাতত আছিল, ক্লাছ শেষ হোৱাৰ পাছত তাই ইউনিভাৰচিটিৰ ভিতৰৰ ৰাষ্টাটোদি হোষ্টেলৰ ফালে গৈ থাকে, মই তাৰ সমান্তৰালকৈ যোৱা হাইৱেৰ ফুটপাথেদি গৈ থাকে, হাইৱেৰপৰা তাইক দেখো ইউনিভাৰচিটিৰ মেডিকেলৰ কাষত, তাই খোজকাঢ়ি থাকে, মই তাই নেদেখাকৈ ৰৈ চাও, তাই খোজকাঢ়ি থাকে, তাই মেডিকেলৰ বিল্ডিঙৰ পাছফালে হেৰাই যায়, মই জালুকবাৰীলৈ খোজকাঢ়ো, তাই আৰু মই দুটা সমান্তৰাল ৰাষ্টাত খোজকাঢ়ো, কেতিয়াও লগ নোহোৱা দুটা পেৰেৰেল লাইনত...
ইউনিভাৰচিটিৰ দিনবোৰ শেষ হল, তাই ফেয়াৰৱেলৰ দিনা নাহিল, মই বেলেগ এখন জিলাৰ কলেজ এখনত জইন কৰিলো, আই ষ্টাৰটেড টু লিভ ইন মাই ইনডিজিনিয়াছ ড্ৰীমছ , আই লিভড মাই ড্ৰীমছ, তাইৰ লগত কোনো যোগাযোগ নাথাকিল, কলেজৰ চাকৰিটো স্থায়ী নাছিল, আঠমাহ পাছত কলেজ এৰিলো, নেট আছিল, ইউনিভাৰচিটিত পি.এইচ.ডি এডমিচন ললো , গুৱাহাটীত চাৰভাইভেলৰ কাৰণে আঠমাহমান ষ্ট্ৰাগল কৰিলো, ষ্ট্ৰাগলবোৰৰ মাজত জ্যোস্না চলিহাৰ স্মৃতি বিবৰ্ণ হবলৈ ধৰিলে.....
তাৰ পাছত এদিন ভাল চাকৰি এটা পাই গলো, ভাল দৰমহা, বহুত সা-সুবিধা, চাকৰি পোৱাৰ খবৰটো পোৱাৰ পাছতো মই প্ৰথমতে জ্যোস্নাৰ কথা ভাবিছিলো, যদি তাই থাকিলেহেতেন, তাইক ফোন কৰি জনাম বুলি ভাবিছিলো, কিন্ত, তাই নিদিয়া প্ৰতিশ্ৰুতিটোৰ কথা মনত পৰিল, হয়তো মই অলপ বেছি দেখুওৱা হব, গতিকে...

-তাৰমানে তই ফোন নকৰিলি..... উমেশে সুধিলে
- নাই, ইউনিভাৰচিটিৰ পাচত কেতিয়াও কৰা নাই
- অহ চিট, য়ু নেভাৰ ট্ৰাইড এগেইন, তই তো তাইৰ লগত পাছত ফ্লাৰ্ট কৰি তাইক এৰি দি বদলা লৱ পাৰিলিহেতেন
- ধুৰ, মই তাইক ভাল পাইছিলো, তাই মোক ভাল পোৱা নাছিল, বাচ ইমানেই, সেই সময়ত তাই মোক আঙুলিত নচুৱাই মোৰ পৰা ফাইদা উঠাব পাৰিলেহেতেন, কিন্ত নুঠালে, এইটো টো জৰুৰী নহয় যে তই যাক ভাল পাৱ তায়ো তোক ভাল পাবই লাগিব, আৰে ,ভালপোৱা কব নোৱাৰাকৈ হৈ যায়, প্ৰলোভন, জোৰ-জবৰদস্তি কৰি ভালপোৱা নহয়, লাভ ইজ এ ডিভাইন এনটিটি....
- বাহ, ফিলচফিকেল হৈ গলি

মই হাহিলো, ইউনিভাৰচিটি এৰা চাৰিবছৰ হল , এই চাৰিবছৰত অলপ অলপকৈ জ্যোস্না চলিহা মোৰ স্মৃতিপটৰপৰা প্ৰায় মচ খাই গৈছিল, কিন্ত মোৰ কাজিন অদিতিয়ে এদিন ফোন কৰিছিল... সুধিছিল... মোৰ ক্লাছমেট এজনীৰ বিষয়ে... তাইৰ কলিগ এজনে ক্লাছমেটজনীৰ ঘৰত কথা বতৰা চলাইছিল, দুদিন পাছত সুশান্ত নামৰ কলিগজনে মোক ফোন কৰি সুধিছিল, জ্যোস্না কেনেকুৱা ছোৱালী, ইউনিভাৰচিটিত তাইৰ এফেয়াৰ-চেফেয়াৰ আছিল নেকি......মোক ফোন কৰি সুশান্তই জ্যোস্নাৰ কথা সুধিছিল
মই ভাল বুলি কৈছিলো, অকল ভাল নহয়, বহুত বহুত ভাল ছোৱালী বুলি কৈছিলো, মোৰ দৃষ্টিত জ্যোস্না চলিহা সচাকৈয়ে.... বহুত ভাল আছিল

তাৰ ডেৰমাহ পাছত জ্যোস্নাই মোক ফোন কৰি সুশান্তৰ লগত তাইৰ বিয়ালৈ নিমন্ত্ৰণ কৰিলে যিটো আজিৰ তাৰিখত কোনো প্ৰয়োজন নাছিল..... এটা ফোন হয়তো কেইবছৰমান আগতেই মই কৰিব লাগিছিল, কিজানি তায়ো ইমানদিনে এটা ফোনৰ অপেক্ষাত আছিল....
উমেশৰ ৰুমৰ চকীখনত মই বহি পৰিলো, মোৰ চকু দুটা চলচলীয়া হৈ পৰিল

বটলটোৰ শেষ হুইস্কীখিনি শেষ কৰি উমেশে কলে... আৰে, গোটেই বটলটো দেখোন ময়েই শেষ কৰি দিলো, তই চোন এপেগো নাখালি, চাল্লা ট্ৰেজেডী তোৰ আৰু মদ খালো মই, কি কাৰবাৰ

উমেশৰ নিচা ধৰিছিল, বিচনাখনত তাক শুৱাই দিলো, গিলাছকেইটা ধুই থৈ দিলো, 4-চিজনচৰ খালী বটলটো লৈ মই ওলাই আহিলো, বাহিৰত ফিৰফিৰিয়া বতাহ , বটলটো ওচৰৰ ডাষ্টবিনলৈ দলিয়াই দিলো, কাইলৈ ৰাতিপুৱা যদি উমেশে মোক ফোন কৰি সোধে....মই কম যে তাৰ তালৈ যোৱাৰ কথা মই ঠিক মনত পেলাব পৰা নাই..
এ চেল্ফ প্ৰক্লেইমড আলঝেইমাৰ..

(৬)
উমেশক মই বহুত কথা কলো...... কিন্ত
উমেশ বা আজিলৈকে কাকোকে মই কোৱা নাই যে ডিপাৰ্টমেন্টৰ চিৰিয়েদি নামি যোৱাৰ দিনাখন ৰাতিপুৱা মই জ্যোস্না চলিহালৈ ফোন কৰিছিলো.... আমাৰ বিষয়ে ডিপাৰ্টমেন্টত কথা এটা ওলাই আছে, তুমি কি কোৱা.......তাই তেতিয়া কৈছিল.. হব দিয়া.......
তাই হব দিয়া বুলি কোৱাৰ পাছত ইউনিভাৰচিটি পাওতে মোৰ পঞ্চলিশ মিনিট লাগিছিল, সেই পঞ্চলিশ মিনিটত মই এটা সপোন দেখিছিলো, এদিন আমাৰ এখন গাড়ী হব, মই ড্ৰাইভ কৰিম, জ্যোস্না কাষৰ চিটত বহিব, কংক্ৰিটৰ চহৰৰ জনাৰণ্যৰ কিছু নিলগত আমাৰ এখন আটোমটোকাৰী ঘৰ হব,.. য'ত মই, জ্যোস্না আৰু আমাৰ ভালপোৱাবোৰ থাকিব... সেই সপোনটো...চিৰদিনৰ বাবে এটা সপোন হৈয়েই থাকিল..

গাড়ীখন ষ্টাৰ্ট দিলো, কাষত চিটটো....অলপ অপৰিমেয় শূন্যতা
ৰিক্ত হৈ পৰা এটা বন্দৰৰ আবেলি........

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...