Showing posts with label গল্প. Show all posts
Showing posts with label গল্প. Show all posts

Thursday, May 15, 2014

দেউতা

(১)

দেউতাক মই বেয়া পাও । বহুত বেয়া পাও । দেউতাই জীৱনত একো কৰিব নোৱাৰিলে । এটা চৰকাৰী চাকৰি কৰি গুৱাহাটী হেন চহৰত অতবছৰে থকাৰ পাছতো নিজৰ বুলিবলৈ এটা ঘৰ, এটুকুৰা মাটি কিনিব নোৱাৰিলে । দেউতা এটা অপদাৰ্থ, অকৰ্মন্য মানুহ । আজিৰ দিনত মানুহক চলিবলৈ টকা লাগে, বহুত টকা । নীতি আদৰ্শৰ ডায়লগৰে পেট নভৰে.............. ডিম্বেৰ দোকানত মিঠাপাণখন মুখত ভৰাই মই ওচৰতে থকা মনোজক কলো

আচলতে মই হতাশ হৈ পৰিছো । এম.এছ.ছি পাচ কৰা এবছৰ হল । এতিয়ালৈ একো এটা কৰিব পৰা নাই । টিউচন কৰি চলি আছো । ৰাতিপুৱা সাতটা বজাতে ঘৰ নামৰ ঠাইটুকুৰাৰপৰা ওলাও । বাছত উঠি টিউচন পঢ়াবলৈ যাও । দুপৰীয়া প্ৰাইভেট কলেজ এখনত পঢ়াও । ডেৰহাজাৰ টকা দৰমহা । আবেলিও টিউচন কেইটামান কৰো । ঘৰ সোমাওতে কেতিয়াবা ৰাতি দহ বাজেহি ।
বাইক এখন হলে ভাল আছিল । অন্তত দুটা টিউচন বেছিকৈ কৰিব পাৰিলোহেতেন । বাছত বহুত সময় নষ্ট হয় । কিন্ত পইচা গোট খোৱা নাই । অলপ অলপকৈ পইচা গোটাইছো । আৰু তিনিমাহমান লাগিব ।

দেউতাক কৈছিলো, বাইক এখন লাগে । বহুদিন আগতেই কৈছিলো । ইউনিভাৰচিটিত পঢ়ি থাকোতেই । কিন্ত পইচা নাই বোলে । বাইক বোলে বিলাসৰ বস্ত । নিম্নবিত্ত মানুহৰ বিলাসী বিলাস । সেইদিনা কাজিয়া হৈছিল । দেউতাক বহুত গালি পাৰিছিলো । অকৰ্মন্য, অপদাৰ্থ , জীৱনত একো কৰিব নোৱাৰা এটা বেকাৰ মানুহ । হাততে পোৱা কিবা এটা দলিয়াই দিছিলো । ঘৰত এটা শ্বকেচ আছিল । আইনাখন ভাগি থাকিল ।

তাৰ পাছৰেপৰা দেউতাক পইচা খোজাৰ কথা ভাবিব পৰা নাই । দেউতাক আজিকালি মই ভালকৈ মাতবোলো নকৰো । কাট মাৰি কথা কও । প্ৰতিদিনে সোৱৰাই দিও যে দেউতাই জীৱনত একো কৰিব নোৱাৰিলে ।

(২)

আত্মীয় - স্বজনৰ ঘৰলৈ যোৱা মই বাদ দিছো । কথাই প্ৰতি তেওলোকে মোক কি কৰি আছো সোধে । আচলতে তেওলোকে জানে যে মই বিশেষ একো কৰি থকা নাই । তথাপিও সোধে, ৰং চায় । মোৰ প্ৰতি সহানুভুতি দেখুৱায় । তেওলোকেও কয়, দেউতাৰে জীৱনত একোৱেই কৰিব নোৱাৰিলে ।
বহুদিন হল বিয়া-বাৰু, জন্মদিন ইত্যাদি ফাংচনলৈ যোৱা নাই । কলেজৰ এলুমিনি মিট আছিল যোৱামাহত । বিভাস, ৰঞ্জন, নীহাৰহত আহিছিল । বিভাসে ফোন কৰি মাতিছিল । সি মাল্টিনেচনেল কোম্পানী এটাৰ মেনেজাৰ । এলুমিনি মিটত নাচ-গান কৰিবলৈ নগলো । ইম্পৰটেন্ট টিউচন এটা আছিল ।

এইটো নহয় যে মই কিবা এটা কৰিবলৈ চেষ্টা কৰা নাই । কৰিছো , কষ্ট কৰিছো । চৰকাৰী-বেচৰকাৰী-অৰ্ধচৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰিছো, পৰীক্ষাবোৰ দি আছো, ইন্টাৰভিউও দিছো । কিন্ত এতিয়ালৈ একো হোৱাগৈ নাই । এটা ফ্ৰাচট্ৰেচনত আছো ।

ঘৰত থকা সময়ত এই হতাশাবোৰ আক্ষেপলৈ ৰুপান্তৰিত হয় । যদি দেউতাই মাষ্টৰ নোহোৱা চৰকাৰী স্কুলৰ সলনি মোক ভাল প্ৰাইভেট স্কুলত পঢ়ালেহেতেন, যদি ভাল মাষ্টৰৰ টিউচন দিয়ালেহেতেন, যদি এন্ট্ৰেন্সৰ বাবে নামী কচিং চেন্টাৰত কচিং দিয়ালেহেতেন...... তেতিয়া হয়তো .......
আক্ষেপবোৰ ওলাই আহে, খঙৰ ৰুপত, দেউতাক হিয়া উজাৰি গালি পাৰো তেওৰ অপদৰ্থতা, অক্ষমতা, অকৰ্মন্যতাৰ বাবে ।

দেউতা কেইমাহমান পাছত ৰিটায়াৰ হব । তাৰ পাছত ঘৰখন চলাবলৈ আকৌ প্ৰবলেম হব । তাৰ আগতেই যদি বাইকখন কিনা নহয় তেতিয়া কাহানিও কিনা নহব । সেয়ে মই পইচাবোৰ যা-তাকৈ খৰচ কৰা নাই । বহুদিন হল নিজৰ বাবে কাপোৰ-জোতা এইবোৰ একো কিনা নাই । এইবোৰো মই বৰ্তমান বিলাসৰ বস্ত বুলি ভাৱি লৈছো ।

(৩)

ডিম্বেৰ দোকানত মিঠাপাণখন চোবাই কথাবোৰ পাগুলি আছো । মাহৰ প্ৰথম সপ্তাহ । দুটা টিউচনৰ পইচা পালো । দুহেজাৰমান টকা পকেটত আছে । নেক্সট টিউচনটোলৈ এঘন্টা আছে । ঘৰলৈ যাবলৈ মন যোৱা নাই ।

দোকানলৈ মানুহ এজন আহিল । মানুহজনক মই দেখিছো আগতে । মানুহজনে ঠেলা চলায় । মানুহজনে ডিম্বেৰপৰা খেলনা পেপা এটা কিনিলে ।
- কি পোলেন দা, মন-চন বেয়া কৰি আছে চোন...... ডিম্বেই সুধিলে
- লৰাটোৱে বৰ আমনি কৰি আছে অ, কৰবাত ৰিমট কন্টল গাড়ী এখন দেখিলে, এতিয়া সেইখন লাগে লাগে বুলি কন্দা-কটা কৰি আছে, ঠেলা চলাই কেইটানো টকা পাও, ইমান দামৰ গাড়ীখন কেনেকৈ কিনি দিও তইয়েই কচোন......... পোলেনে কলে

বাওহাতেৰে পোলেনে চকুপানীখিনি মচি ললে ।

পকেটত টকা দুহেজাৰ আছিল । দেউতাৰ বাবে চোলা এটা কিনিলো । দেউতাই পিন্ধা চোলাকেইটা বহুতদিন পুৰনি । দেউতাই কাজু-বৰফি খাই ভাল পায় । ওচৰৰে মিঠাইৰ দোকানখনৰ পৰা কাজু-বৰফি কেইটামান ললো । এবাৰ দেউতাৰ অফিচত হোৱা মিটিঙত দিয়া পেকেট লান্সৰ মিঠাইকেইটা দেউতাই লৈ আহিছিল । সেইকথাটো মই পাহৰি গৈছিলো ।

ঘৰত সোমালো । দেউতাই আচাম ট্ৰিবিউনৰ দ্বিতীয় পৃষ্ঠাটো চাই আছিল । মোক দেখি দেউতা ভিতৰৰ ৰুমলৈ যাবলৈ উঠিল ।
- দেউতা................ মই মাতিলো

দেউতাই ঘুৰি চালে । এটা অজান আশংকা দেউতাৰ চকুত দেখা পালো ।

- আপোনাৰ অফিচলৈ যোৱা চোলাটো কাষলতিৰ তলত ফাটি গৈছে । চোলা এটা আনিছো , আপোনাৰ বাবে । আপুনি বৰফি খাই ভাল পায় নহয়, কাজু-বৰফি কেইটামান আনিছো । মাক চাহ অকন কৰিব দিয়ক ................. মই বৰফিৰ পেকেটটো খুলি এটা বৰফি দেউতাৰ মুখৰফালে নিলো

দেউতাৰ দুগালেৰে চকুপানী দুধাৰি বৈ আহিল । কিন্ত মই দেখিলো, দেউতাৰ মুখত পাতল হাহি এটা । বহুতদিনৰ মুৰত দেউতাই হাহিছে ।

অতদিনে দেউতাই মোৰ আক্ষেপগ্ৰস্ত ব্যৱহাৰত দুখী হৈ মোৰ বাবে টোকা প্ৰতিটোপাল চকুপানীৰ মুল্য মই কিজানি কাহানিও পৰিশোধ কৰিব নোৱাৰিম ।

মহানগৰ.....

(১)

বিস্মিতা গগৈক ভাল লাগে ।  ভাল লাগে মানে ভাল লাগে আৰু, বিস্মিতাৰ হাহিটো ভাল লাগে , চুলিখিনি ভাল লাগে, কথা কোৱাৰ ষ্টাইলটো ভাল লাগে...... মুঠতে এভৰিথিং ভাল লাগে ।
বিস্মিতা কলেজত মোৰ জুনিয়ৰ আছিল । অৱশ্যে এই ভাল লগা ফিলিংটো বহুত পুৰনি নহয় । মানে কলেজত থাকোতে একো এফেয়াৰ-চেফেয়াৰ নাছিল ।
এক্সুৱেলি ওজন কমাবৰ বাবে মই ধীৰাজ কলিতাৰ লগত ৱাকিং কৰা আৰম্ভ কৰিছিলো...... কলনিৰ পৰা বৰপুখুৰীলৈ যাও, বৰপুখুৰীৰ পাক কেইটামান মাৰো ।
এদিন ৱাকিং কৰি আছো, মোৰ স্পীড স্লো........ধীৰাজ কলিতা বহুত আগুৱাই গল,

- কিহে ডেকা লৰা, এই স্পীডত নহব
পিছফালে ঘুৰি চালো...... HR চেকচনৰ সদানন্দ গগৈ
- ভাগৰ লাগিছে, নোৱাৰিছো আৰু

গগৈৰ লগত কথাবতৰা পাতি লাহে লাহে খোজ কাঢ়িলো
- বলা, মোৰ ঘৰ এইখিনিতে, চাহ একাপ খাই লোৱা........ গগৈয়ে কলে
গগৈৰ ঘৰ পালোগৈ, কোম্পানীৰ HR পলিচিৰ ওপৰত ডিচকাচন হৈ থাকিল

- চাহ খাওক
মাতষাৰত কিবা এটা মেজিক আছিল, চাহ লৈ অহা ছোৱালীজনীলৈ চালো....... কৰবাত দেখা দেখা লাগিছে
- তুমি আমাৰ কলেজৰ নাছিলা জানো
- হয় দা, আপোনাৰ দুটা বেটছ পাছৰ

কোৱাটাৰত আহি অলপো কনচেনট্ৰেট কৰিব নোৱাৰিলো......
এফেয়াৰৰ মোৰ কোনো আগৰ এক্সপেৰিয়েন্স নাই । গতিকে এইবোৰ ক্ষেত্ৰৰ Experienced খিলাড়ী মৃদুল আৰু প্ৰয়াসক কন্টেক কৰিলো । মৃদুল পাক্কা Playboy, সাতটা simultaneous এফেয়াৰ হেন্দেল কৰা মানুহ । আনহাতে প্ৰয়াস এখোপ চৰা, আমি নাম দিছিলো  Playman ........ এটা সময়ত প্ৰয়াসে বিবাহিত-অবিবাহিত মিলি টটেল ১৪ টা virtual+non-virtual এফেয়াৰ চলাইছিল ।
বৰ্তমান দুয়ো পি.এইচ.ডি স্কলাৰ.....

Playboy মৃদুল আৰু Playman প্ৰয়াসে মোক প্ৰথমতে দিয়া চাজেচনকেইটা একেবাৰে মনপুত নহল ।
- আৰে ভাই এতিয়া কলেজীয়া লাফাংগা নহয় বে, মোৰ এটা নীট এন্দ ক্লীন ইমেজ আছে, ৰেপুটেচন আছে, প্ৰেচটিজ আছে

তাৰ পাছত সিহতে স্লো এন্ড স্টেদি টাইপৰ এটা বেলেগ চাজেচন দিলে......

চাৰিদিনৰ ভিতৰত দুদিন অফ পাও । সেই দুদিন বৰপুখুৰীৰ ৱাকিং আৰম্ভ হল, প্ৰায়েই গগৈক লগ পাও...... প্ৰায়েই গগৈৰ ঘৰত ইভিনিঙ টি চলিল...... গগৈয়ে বহুত কথা কয়, বহুত মানে একচেচ কামোৰ । কামোৰ সহ্য কৰি হয় হয় আপুনি ঠিক কথাই কৈছে কৰি থাকো ।
কেইদিনমান পাছত বিস্মিতাও ৱাকিঙলৈ আহিবলৈ ধৰিলে । মাজে মাজে মই বিস্মিতাৰ ফালে চাও । মাজে মাজে বিস্মিতাই মোৰ পিনে চায় । মই হাহো, তাই মিচিকিয়ায় ।
তাৰ এদিন-দুদিন পাছত পাছত হাই-হেলোৰ উপৰিও এটা-দুটা কথা আৰম্ভ হল । কেইদিনমান পাছত ফেচবুক ফ্ৰেন্দ হৈ পৰিলো । চাটিং আৰম্ভ হল, বহু ৰাতি চাটিং কৰি কৰি পুৱাই গল ।
মোবাইলত মেচেজ... Gd mrng, gd nte, swt drm, bht khla ne nai ইত্যাদি

এটা কুল এফেয়াৰ ষ্টাৰ্ট হৈছিল আৰু ।

(২)

কুল এফেয়াৰ এটা ষ্টাৰ্ট হৈ আছিল ।

সেই সময়তে মৃদুলে খবৰ দিলে....... সি শিৱসাগৰলৈ আহিব, শিৱসাগৰ কলেজত ইন্টাৰভিউ এটা আছে ।
ইন্টাৰভিউৰ আগদিনাই মৃদুল আহি পালে ।
তাক তাৰ লেটেষ্ট এফেয়াৰৰ বিষয়ে সুধিলো.....
- নাই বে, PhD গাইড ৰঞ্জনকুমাৰে তামাম কামোৰ দিয়ে, লেবৰপৰা ওলাবই নিদিয়ে, এফেয়াৰ-চেফেয়াৰ বাদ দিছো, বৰ্তমান এজনীয়ে গাৰ্লফ্ৰেন্দ আছে, বঙাইগাৱৰ, ডালিয়া
- ডালিয়া, মানে সেই য়ে খিচিৰি টাইপৰ চুপ
- আব্বে নহয়, একটাইপৰ ফুল আছে যে, হালধীয়া
- তোক জক্কৰত পৰিছে যদি ফুলেই হৱ, ৱাইজ হলে পৰেনে আৰু
- ডাউন নিদিবি বে, ৰহ তোক দেখাই আছো

মৃদুলে ফেচবুক খুলি ডালিয়াৰ প্ৰফাইলটো উলিয়ালে
- কি মাল বে, তামাম দেখুন
- মাল বুলি নকবি, ভাবী হে তেৰা
- হোৱা নাই এতিয়াও

সিদিনা নাইট শ্বিফট আছিল । মৃদুলক কোৱাটাৰৰ চাবি দিলো, আৰু লেপটপটো লগত লৈ গলো । মৃদুলৰ ওপৰত ভৰষা কৰিব নোৱাৰি ।

পাছদিনা ৰাতিপুৱা আহি কোৱাটাৰ সোমালো । মৃদুলে ঝাৰু লৈ ৰুম সাৰি আছে ।
- কেনেকে লেতেৰাকে থাক বে, কালি মোৰ এলাৰ্জি হৈ গল, চব ধুই দিছো

মোৰ বিচনাৰ তুলীখন বাহিৰৰ বেলকনিত, বিচনাচাদৰখন চাৰ্ফৰ পানী থাকা বাল্টিত । মৃদুল কেতিয়াৰে পৰা নীট এন্ড ক্লীন হল বে । বোধহয় ডালিয়া এফেক্ট ।

মৃদুল ইন্টাৰভিউ দিবলৈ গল । ভগবানক মনে-প্ৰানে খাতিৰ কৰিলো । মৃদুল যাতে শিৱসাগৰত চেট নহয় । নহলে শিৱসাগৰৰ ছোৱালীবোৰ নাবাচিবগৈ । মৃদুল আহিলে প্ৰয়াসো আহিব । প্ৰয়াস আহিলে তো শিৱসাগৰৰ লেডিজবোৰ Danger zone ত আহি যাব ।

ইন্টাৰভিউ দি মৃদুল আহি পালে
- এই চাল্লা হিমন্ত বিশ্ব, কি নিয়ম উলিয়ায় সি
- কি হল
- পি.এইচ.ডি থকা কেন্ডিদেট আছে, সিহতৰ মাৰ্কচ মোতকৈ বেছি হৈ যায়, নহলে কিবা ফিটিং-চিটিং কৰিলোহেতেন, এতিয়া উপায়েই নাই ।

ভাল বাচিলো.......অন্তত পি.এইচ.ডি দিক্লেয়াৰ নোহোৱালৈকে মৃদুলৰ পৰা খাতৰা নাই ।
হিমন্ত বিশ্ব কী জয়..............

(৩)

মৃদুলক বাচষ্টেন্ডত ড্ৰপ কৰি কোৱাটাৰলৈ আহি আছো, বাটতে মোহিত শৰ্মাই পালে
- আৰে অনিমেশ জী কল কেইচা ৰহা
- বৰহিয়া হে ভাই , চকা-চক চল ৰহা হে
- হা আপ হী কি দিন হে, মস্তি চল ৰহা হে

পাছদিনা শাক-চবজি কিনি কোৱাটাৰ সোমাবলৈ ধৰিছো, এনেতে সমুখৰ কোৱাটাৰৰ আন্টিয়ে মাতিলে
- তুমহাৰা ফেমিলী আয়া হুৱা হে ক্যা
- নহী তো, কিউ
- নহী কল কুচ জাদা লোগ কোৱাটাৰ মে মহচুচ হুৱা, কোই লড়কী ভী থী

কোৱাটাৰত সোমাই লেপটপ অন কৰি ফেচবুক খুলিলো । বিস্মিতাৰ প্ৰফাইল চালো । কোনো আপদেট নাই ।
এনেতে ৰুমৰ চুকত অকনমানি বস্তু এটা চকুত পৰিল, বস্তটো পোহৰত জিলিকি আছে, বস্তটো হাতত লৈ চালো ।
দেহৰ শিৰা উপশিৰাদি এটা গৰম কাৰেন্ট পাৰ হৈ গল ।

মৃদুললৈ ফোন কৰিলো
- এক্সেক্টলি কি হৈছিল
- নাই বে , মালপিচ ঝাকাচ আছিল, তামাম
- মাল বুলি নকবি....... মোৰ দাত কৰচি উঠিল
- মালক মাল নুবুলি কি বুলিম
- তই ভাল নকৰিলি মৃদুল......... তই একেবাৰে ভাল নকৰিলি.........

অলপ কুল হৈ ললো......... আবেলি চিধাচিধি গগৈৰ ঘৰ ওলালো
বিস্মিতাই চাই লৈ আহিল........ চাহ খাওক
এইবাৰ কোনো ধৰনৰ ফিলিং নাহিল
- তোমাৰ কাণফুলি এপাট হেৰাইছে নেকি, নীলা বাখৰ থকা
- অ, কত বা থলো, আপুনি পিছে কেনেকৈ জানিলে

পকেটৰপৰা অকনমানি বস্তটো উলিয়াই চাহকাপৰ কাষত থলো
- কলনিৰ চি-১০২ মোৰেই কোৱাটাৰ

চাহকাপ হয়তো গৰম হৈয়েই আছিল.........

সেই ৰাতিয়েই ঘৰলৈ বুলি নাইট চুপাৰত উঠিলো । কানত হেডফোন লগালো । গান এটা বাজি উঠিল..........
চুপকে চে কহে, ধীমী আচ পে, তুমতো থে য়হী অজনবী, কুচ ভী না কহা, কুচ ভী না চুনা, ফিৰ কিউ কেহ দিয়া আলবিদা....... আলবিদা ........ আলবিদা ,,মেৰী ৰাহে আলবিদা, মেৰী চাচে আলবিদা........... আলবিদাআআআআআআআআআআ...................

(৪)

আলবিদা ........ আলবিদা........... মবাইলৰ ৰিংটোনৰ প্ৰচন্দ শব্দত সাৰ পাই গলো
প্ৰয়াসৰ ফোন
- কি যা-তা আপদেট দি থাকা বে, বেলেগ কাম বন নাই নেকি
- কি হল
- কি কি হল, মই কি অউৰতবাজ,  মৃদুল ফায়াৰ হৈ আছে, গালফ্ৰেন্দৰ লগত ব্ৰেক আপ হও হয়, গালফ্ৰেন্দে বিস্মিতা কোন বিস্মিতা কোন সুধি কন্দা-কটা কৰি আছে,
- নহয় মানে ইমাজিনাৰী ষ্টৰী এটাহে, ক্ৰিয়েটিভ ৰাইটিং
- ঘেন্টা ক্ৰিয়েটিভ ৰাইটিং, ৰাম,হৰি,যদু,মধু কিমান আছে, মৃদুল আৰু প্ৰয়াসকহে বিচাৰি পোৱানে........ ইয়াত আমি জকাৰ বনি গৈছো, চবেই অবাইচ নজৰ দি চোৱা আৰম্ভ কৰিছে, জল্দি ডিলিট মাৰা, নহলে কথা বেয়া হব, কৈ দিছো

প্ৰয়াসে বেয়া দম দিলে । অলপ আগতে ফেচবুকত আপদেট এটা দিছিলো........
ফেচবুক খুলিলো.... আপদেটতো চালো........ ৪০ টা লাইক, লগত কমেন্ট......
নাই এইটো ডিলিট নকৰো........ যি হয় দেখা যাব
মবাইলটো চুইচ অফ কৰিলো............ প্ৰয়াসে এতিয়া দম দিব নোৱাৰে

(৫)

ফোনটো চুইচ অফ । প্ৰয়াসৰ টেমা গৰম হৈ গল । ৰাতিপুৱাৰেপৰা মুড অফ হৈ আছিল । আৰু সহ্য নহয়, হল বুলিনো কিমান চুপ থাকিব । চিধাচিধি character assassination কৰা হৈছে ।
ইয়াৰ উচিত জবাব দিব লাগিব । ইত কা জবাব পাথৰ ।
প্ৰয়াসও লিখিব । চব লিখিব । প্ৰথমৰে পৰা শেষলৈ । প্ৰয়াসে ট্ৰাংকটো খুলিলে । পুৰণা কিতাপ-বহীবোৰ উলিয়ালে । এখন ডায়েৰী ওলাই পৰিল ।
প্ৰয়াসে ডায়েৰীখন হাতত ললে । ইয়াত বহুত কথা সোমাই আছে ।
কিন্ত ই কি , এইখন প্ৰয়াসে বিচৰা ডায়েৰীখন নহয় । প্ৰয়াসৰ মনত পৰিল,  এইখন memo , ইউনিভাৰচিটিৰ শেষ দিনকেইটাত এইখন কেইজনমান friend ক দিছিল । তেওলোকে প্ৰয়াসৰ বিযয়ে ইয়াত লিখিছিল । এখন স্মৰনিকা........

অনিমেশে এ memo ত কি লিখিছিল প্ৰয়াসৰ চাবলৈ খুব মন গল.........
প্ৰয়াসে পাত লুটিয়ালে..........

২১.০৭.২০০৯
প্ৰয়াস,...... আনৰ memo ত শব্দৰ মায়াজাল ( জাল নহয়- কিছুমান দন্তভংগুৰ শব্দৰ সংমিশ্ৰণ) সৃস্টি কৰা তোমাৰ memo ত কি লিখিম, ভাবিছো.... (চিন্তা নকৰিবা, কবিতা-চবিতা নিলিখো)........ কিন্ত বহুত কথা আছে যিবোৰ লিখিব পাৰো......
সকলো সচা কথা লিখিব নোৱাৰি, লিখিলে বিপদ, নিলিখিলেও বিপদ, গতিকে মিক্সাৰ কিবা এটা...
হয়তো আমাৰ বহুত মিল আছে, চাইজত নহয় , বেলেগ কিবাত.... আমি একেখন নাৱৰে যাত্ৰী

সুদুৰ যোৰহাটৰপৰা এখন চাইকেল আহিছিল , চাইকেলখনত মই বহুদিন উঠিছিলো... চাইকেলখন এতিয়াও আছে, চলি আছে........
এই memo বোৰ যে আছে, কোনোবাই জানো বেয়াকে লিখে, এনেকুৱা লাগে যেন পৃথিৱীত বেয়া মানুহ নায়েই, চবেই এনজয় কৰে, চাল্লা তোমাৰ নিচিনা ফ্ৰেইন্দ নায়েই , লাইফ যেন অধুৰা হলহেতেন.....etc etc.... মই কিন্ত সেইচব নিলিখো......
তুমি নাথাকিলেও মোৰ লাইফ চলিলহেতেন....... কিন্ত তুমি আৰু মই মানে আমি নাথাকিলে ডিপাৰ্টমেন্টত বহুত কাম সময়ত নহলহেতেন.........
ফৰেষ্ট স্কুলৰ চাহৰ দোকানত তুমি, মই আৰু অলু ...... কৃষ্ণ আৰু ভৱদাই কৈছিল.. জলদি কৰা, নহলে কোনো নাথাকিব, তাৰ পাছত ফ্ৰেচাৰ্চ কাম ফেয়াৰৱেলৰ ইনষ্টেন্ট প্লেনিং........ পাছদিনা ৰাতি আঠ বজা, ধাৰাষাৰ বৰষুণ, আমি সেই বৰষুণত তিতি এখন চেক আনিব গৈছিলো.......
এতিয়া ভাৱো, কিয় ইমান নলগা জেং চপাই লৈছিলো...... সেইবোৰ নকৰিলেও হলহেতেন, লাইফ চলি থাকিলেহেতেন.... হয়তো আমাৰ দুটাৰ বেলেগ কাম নাছিল......
এটা সময়ত প্ৰেচাৰত পৰি তুমি চত্ৰভংগ দিছিলা...... মনত আছে ছাগে.... তুমি যে মোক কৈছিলা..... যোনে যি কৰে কৰিব, মই এইচবত নাই......
Actually you ডন্ট হেভ দা গাটছ......
সেইকেইদিন আমাৰ ক্ৰিকেট খেলা বন্ধ হৈছিল, বহুতৰ পঢ়াৰ প্ৰতি ধাউতি বাঢ়িছিল, orkuting কমিছিল
কিন্ত মই তোমাক কনভিন্স কৰি ঘুৰাই আনিছিলো.....
তুমি ৱাল মেগাজিনৰ চেক্ৰেটাৰী আছিলা কিন্ত এটা ফাল্টু এডিটৰিয়েল লিখিছিলা, এডিটৰিয়েলটো সচাকৈয়ে ফাল্টু হৈছিল......
মোক জেক দি যদি কোনোবাই কাম কৰাইছে সেয়া হল মি. প্ৰয়াস......... এই পিকনিকজাতীয় বস্ত এৰেঞ্জ কৰাৰ মোৰ মুঠেই মন নাছিল (Dec 1st week ত 1st sem ৰ পৰীক্ষা, 22 ত NET , তাৰ পাছত winter break, তাৰ পাছত জানুৱাৰীত আমাৰ 3rd sem পৰীক্ষা..., কত স্পেচ আছিল)
তুমি জেক দি মোক 1st semক দম দিবলৈ প্ৰভক কৰিছিলা......
....1st sem এ rebel টাইপৰ এটিটিউদ দেখুৱাইছিল...... . মুৰ গৰম হৈ গৈছিল....কিমান আইডিয়া লগাই অৰবিন্দক লীডাৰ পাতি 1st sem ৰ পৰা পিকনিকৰ কন্ট্ৰিবিউচন উঠাইছিলো......... বেলেগ মানুহে যেতিয়া পঢ়া-শুনাত বিজি আছিল, আমি তেতিয়া চাউল-দাইল-মাংসৰ বাজেট মিলাই আছিলো .......বাটৰ জেং চপাই লোৱাৰ বাবে নিজৰ ওপৰত বিৰাট খং উঠিছিল
যেন তেন পিকনিক হৈ গল, কানত ধৰি শপত খালো যে এনেকুৱা টেনচন আৰু কেতিয়াও নলও...
তাৰ পাছত মই inactive হৈ গলো..... তেতিয়া তোমাৰো activity নোহোৱা হৈ পৰিল.... নহয় জানো

প্ৰয়াসৰ সমুখত পুৰনি দিনবোৰৰ ফ্লেছবেক এটা পাৰ হৈ গল । ঠিকেই, কথাবোৰ সচা, সি বহুতকেইবাৰ পলাব খুজিছিল, কিন্ত অনিমেশে  তাক কেতিয়াও পলাব নিদিলে ।
 প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

(৬)

প্ৰয়াসে পৃষ্ঠা লুটিয়ালে.......

এসময়ত তাইৰ সৈতে মই যিমান ক্লজ হৈ পৰিছিলো, এতিয়া তুমি হৈছা, মই তাইৰ বাবে আন হৈ পৰিছো, কাৰণ এসময়ত কোনোবাই বিচৰা নাছিল যে মই তাইৰ লগত কথা পাতো...... কিন্ত এতিয়া সেই কোনোবাৰ পৰা মই বহুত দুৰলৈ গুচি গলো, বহুত দুৰলৈ...... তোমাক ডিচটেন্স মেইনটেইন কৰিব দি নিজেই ডিচটেন্ট হৈ পৰিলো

" কেতিয়াবা ভাবো
যদি কোনোবাই বুজিলোহেতেন
মনৰ মকৰাজালখনৰ
জটিল বিন্যাসবোৰ...... "

কি কৰিবা দোস্ত, ইমচনেল হলে কবিতা-চবিতা ওলাই যায়
মই বাহিৰত যিমানেই ডায়লগ নামাৰো কিয়...... মই ভাগি পৰিছো.... সিদিনাখন তোমাক বহুত কিবা কিবি কৈছিলো.

" জ্বলি আছো একুৰা জুইত
হয়তো বুকুৰ মাজত
সদায় জ্বলি থাকিব
এয়া নহয়
প্ৰাপ্তি-অপ্ৰাপ্তিৰ পৰিসংখ্যা
বা পোৱা নোপোৱাৰ ৰসায়ণ
হয়তো এয়া
আশাৰ সমাধিত
হৃদয়ৰ উচুপনি.."

এটা কথা কও, শুনিবানে, জীৱনত কাকো ইমানকৈ বেছি ভাল নাপাবা যে...... নহলে মোৰ নিচিনা অৱস্থা হব

" যদি হৃদয় নোহোৱাকৈও
জীয়াই থাকিব পাৰিলোহেতেন
কাপুৰুষ অন্তৰখন
নিক্ষেপ কৰিলোহেতেন
ৰাষ্টাৰ ডাষ্টবিনলৈ
কাউৰী শগুনবোৰৰ বাবে "

বহুত চেন্টি ফালিলো..... হৱ, আৰু ট্ৰেজেডী নাফালো......... অৱশ্যে তোমাৰ আগত নাফালি কাৰ আগত ফালিম........
এন্ধাৰ দেখিছিলো, কেৱল এন্ধাৰ, কি কৰিম কি নকৰিম ভাৱি পোৱা নাছিলো..... কিন্ত মই হয়তো ভাগ্যবান আছিলো.... তোমালোকৰ দৰে বন্ধু লগত আছিল.... এটা বিধ্বস্ত অৱস্থাৰপৰা নৰ্মেল হৈছিলো, তোমালোকৰ প্ৰেচেষ্টাত...... depression, frustration নামৰ শব্দবোৰৰ প্ৰেক্টিকেল অৰ্থ বুজা হৈছিলো

" উকা সেই সেউজী পথাৰ
এতিয়া তাত শইচ নাই
আছে মাথো
এখন চিৰালফটা আকাশ
আৰু অনুৰ্বৰ হৃদয়
অপেক্ষা মাথো
এজাক......
ধাৰাষাৰ বৰষুণৰ..........."

কথাখিনি পঢ়ি প্ৰয়াস ইমচনেল হৈ পৰিল । হয়, এটা ট্ৰেজিক ষ্টৰী, তাৰ চকুৰ সমুখতেই পাৰ হৈ যোৱা এটা ট্ৰেজিক কাহিনী । অনিমেশৰ কাহিনী,  পাপৰি চলিহা নামৰ এজনী ছোৱালীৰ বিট্ৰেৰ কাহিনী ।
memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

(৭)

memo ৰ কেইটামান পাত তেতিয়াও বাকী আছিল........

কেতিয়াবা হয়তো ভাবিব পাৰা, কেনেকৈ চবৰে memo ত পৃষ্ঠা ভৰাই লিখো..
আৰে বাবা, অলপ emotion আছে, feelings আছে, টেলেন্ট আছে..... কথাবোৰ ওলাই আহে আৰু
লাইফত বহুত মানুহ লগ পাইছো, মাছৰ বেপাৰীৰ পৰা মন্ত্ৰীলৈকে........ আচলতে relation বোৰ কেমিকেল bondৰ দৰে , covalent বা আয়নিক...... ইলেক্ট্ৰন sharing বা আদান-প্ৰদানৰ দ্বাৰাহে bond দাল টিকি থাকে, যেতিয়াই মাজৰ ইলেক্ট্ৰনবোৰ নোহোৱা হৈ যায়, atom বোৰ দুৰলৈ গুচি যায়, নতুন atom বিচাৰি......... এটা উদাহৰণ দিও, ছমাহ-বছেৰেকৰ পাছত কোনোবাই যদি তোমাক ফোন কৰে (কিবা কামত নহয় কিন্ত, এনেয়ে তোমাৰ খবৰ লবলৈ, মাত্ৰ দুই মিনিট )
আচলতে এই competition ৰ যুগত সকলোৰে নিজৰ নিজৰ problem থাকে, সেইবোৰ solve কৰোতে সময়বোৰ এনেকৈ পাৰ হৈ যায় যে আনৰ কথা মনলৈ আহিবলৈ সময়েই নহয়.....
হঠাত এদিন মনত পৰে, অমুকত অমুক আছে, নিশ্চয় মোৰ help হৱ......... সিদিনাখন কিন্ত help কৰিবা, কাৰণ তুমিও এদিন কাৰোবাৰ help লৱ লাগিব....... আৰু যদি কোনোবাই help নকৰে, তেতিয়া নিজকে নিজে কবা....... এদিন মোৰো দিন আহিব...........বেলেগে ধোকেবাজী কৰিলে বুলিয়েই তুমিও ধোকেবাজ হা যাবা নেকি.... নহবা বে.... বেয়া লাগিব
তোমাৰ বাকী বোৰ characterization বেলেগে কৰিব, বহুত মানুহ ৰৈ আছে তোমাৰ memo ত লিখিবলৈ, হয়তো বহুত লিখিলো..... কি কৰিবা, যিটো নকৰো নকৰোৱোই.... আৰু যিটো কৰো, প্ৰয়োজনতকৈ বেছিকৈ কৰো.....
এটা কথা মনত ৰাখিবা......
Every people has potential, but he should know that he has it

তোমাৰ বিয়া-চিয়াত নেমাতিলেও কথা নাই, বেয়া নেপাও, কিন্ত যিদিনা lifeত settle হৈ যাবা (বা ভাল চাকৰি পাবা) সিদিনা কিন্ত মোক জনাবা, বাট চাম সেই দিনলৈ.....
যোৱা দুবছৰত Orkut কৰি কম time waste কৰিলোনে, free পাই দুয়োজনে তামাম ফাইদা উঠালো, বেলেগক আমনি দিলো, তোমাৰ কথা নেযানো, মই কিন্ত হয়তোবাহে Orkut কৰিম
Lifeত তোমাৰ আৰু মোৰ বহুত কাম বাকী আছে, আৰু কথাটো হল আমিয়েই কৰিব লাগিব, কাৰণ আমাৰ windows ৰ background ত যিখন wallpaper আছে সেইখন formatting হোৱা নাই, designing আমি কৰিব লাগিব, brightness-contrast-color আমিয়েই মিলাব লাগিব.... সময় লাগিব, কিন্ত কৰিব পাৰিবই লাগিব.....
I hope we will do it soon

শুভেচ্ছাৰে
অনিমেশ হাজৰিকা
জালুকবাৰী
22/7/2009

প্ৰয়াসৰ চকুৱেদি দুধাৰি লোতক বৈ আহিল...... চাৰি বছৰ, হয়, চাৰিটা বছৰ পাৰ হৈ গল...... কিন্ত এইবোৰ যেন সৌ সিদিনাহে ঘটি গৈছে...... প্ৰয়াসে বহুত কথা পাহৰি গৈছিল, memo খনে সেইবোৰ সোৱৰাই দিলে......... প্ৰয়াসে অনিমেশৰ character assassination কৰিব নোৱাৰে, কেতিয়াও নোৱাৰে
প্ৰয়াসে অনিমেশলৈ ফোন কৰিলে...... এতিয়াও চুইচ অফ.......


(৮)

I hope we will do it soon
প্ৰয়াসে ডায়েৰী খন বন্ধ কৰিলে....... চাৰি বছৰত কত কি হল, কিয় , কেতিয়া...... প্ৰয়াসে নাজানে.....

ইউনিভাৰচিটীৰ ডিগ্ৰীটো পোৱাৰ পাছত সি কেইদিনমান এনেয়ে আছিল । লগৰ কেইটামানে PhD ত জইন কৰিলে, কেইজনমান ঘৰলৈ গুচি গল, কেইজনমান পাৰ্ট টাইম হিচাপে কলেজ কেইখনমানত সোমাল ।

সি মনত পেলাবলৈ চেষ্টা কৰিলে, সিহতৰ বেটছৰ প্ৰথমতে ভাল চাকৰিত কোন সোমাইছিল...... নীহাৰ, দীপ , সাত্যকি  নে অনিমেশ.......
সিও এসময়ত এটা চৰকাৰী চাকৰি কৰিছিল ।

প্ৰথমতে সি ইউনিভাৰচিটিৰ প্ৰজেক্ট এটাত সোমাইছিল, প্ৰজেক্ট লিডিং টু PhD .......
মৃদুল তেতিয়া অৰুনাচলত , দেউতাকৰ বিচনেচ চোৱা-চিতা কৰি আছে, কেতিয়াবা নিজেই গাড়ী ভাড়া মাৰে । সেই সময়তে আন এজন প্ৰফেচাৰৰ প্ৰজেক্ট এটা ওলাল । অৰ্গেনিক specialization লাগে । প্ৰয়াসে মৃদুলক মাতি পঠালে । মৃদুল অৰুনাচলৰপৰা গুচি আহিল । মৃদুল আৰু প্ৰয়াস একেলগে মেচ কৰি থাকিল ।

সেইকেইদিন বঢ়িয়া চলি আছিল । সি, মৃদুল, পাল, নৱ, অনু, ভীতি , নীতু, অনিমেশ । এটা ডাঙৰ গ্ৰুপ আছিল । ডিপাৰ্টমেন্টত খুব জমিছিল ।

প্ৰথমতে পাল আৰু ভীতি এৰি গৈছিল, তাৰ পাছত নৱ..... , মৃদুল , অনিমেশ....... এজন এজনকৈ ইউনিভাৰচিটী এৰি গুচি গৈছিল ।

এটা এডভাৰটাইজমেন্ট ওলাইছিল, তাৰ ডিগ্ৰী চাই চাকৰিটো বহুত ডাঙৰ নহয়, কিন্ত চৰকাৰী চাকৰি...
সি এপ্লাই কৰিছিল । কিছুমান মানুহে কৈছিল...... টকা ঢালিব নোৱাৰিলে চাকৰি নাপায় । তাৰ ঢালিবলৈ টকা নাছিল । Written ক্লিয়াৰ হৈছিল, ইন্টাৰভিউ দিছিল..... ইন্টাৰভিউত তাক বৰ বিশেষ একো সোধা নাছিল । মানুহবোৰে চিঞৰি আছিল...... টকা নিদিলে চাকৰি নাপায়........ ফিটিং নাথাকিলে চাকৰি নাপায়.......... তাৰ কাণ-মুৰ ঘোলা হৈ গৈছিল

অকল সিয়েই নহয়, বহুত লৰা-ছোৱালী মানুহবোৰৰ কথা শুনি demotivate হৈছিল । বহুতে নাপাম বুলি ইন্টাৰভিউ নিদিলেই ।
কেইদিনমান পাছত ৰিজাল্ট দিলে । এপইচাও ঘোচ নিদিয়াকৈ সি চৰকাৰী স্থায়ী চাকৰিটো পাই গল । চাকৰিৰ মহঙা দিনত চৰকাৰী স্থায়ী চাকৰি পোৱা তাৰ বেটছৰ সি প্ৰথম আছিল । সি প্ৰজেক্ট বাদ দি চাকৰিত জইন কৰিলে ।
তাৰ লগত ১২৪ জনে জইন কৰিছিল । সি প্ৰতিজনকে অৱজাৰ্ভ কৰিলে, প্ৰায়ভাগৰে ১০ লাখ দুৰৰে কথা ১০ হাজাৰ টকা ঘোচ দিয়াৰো সামৰ্থ নাছিল ।
সি বুজি উঠিল........ মানুহবোৰে তাক মিচলীড কৰিছিল ।
অকল অনিমেশে  তাক কৈছিল.......... ভালকৈ পঢ়ি পৰীক্ষা দিয়া , written ফালি দিয়া, ইন্টাৰভিউ ভালকে দিয়া, তাৰ পাছত চাও কোনে ৰখাব পাৰে........
হয়.... অকল অনিমেশে তেনেকে কৈছিল

কেইদিনমান পাছত সি সেই চাকৰিটো নোপোৱা লগৰ এজনক পালে । লগৰজনে তাক চিধাই সুধিলে....... কিমান দিলি, আমাকো চেনেলটো দিবিছোন
প্ৰয়াসৰ কাণ-মুৰ গৰম হৈ গৈছিল । প্ৰয়াসে উত্তৰ দিয়াৰ প্ৰয়েজনবোধ কৰা নাছিল ।

সি হয়তো তেনেকৈয়ে থাকিলেহেতেন.......চৰকাৰী চাকৰি আৰু ইউনিভাৰচিটীত পাৰ্ট টাইম PhD.
কিন্ত অনিমেশ  তাক change কৰি দিলে........
নহয় , প্ৰকৃততে সি অনিমেশক দেখি change হৈ গল......

(৯)

অনিমেশ যদি নাথাকিলেহেতেন, তাৰ লাইফ গতানুগতিকভাৱে চলি থাকিলেহেতেন ।

প্ৰয়াসৰ লাইফ বঢ়িয়া চলি আছিল । চৰকাৰী অফিচটোত কাম একো নাই, কেতিয়াবা দুই এটা ফাইল আহে, put up কৰিব লাগে, তাৰ বাহিৰে চাহ খাই আদ্দা মাৰি সময় কটায় । শনিবাৰ বা বন্ধৰ বাৰত ইউনিভাৰচিটিত আহি পি.এইচ.ডিৰ কাম কৰে....... মস্তি লাইফ

ফেচবুকে তাৰ লাইফ আৰু মস্তি বনাই দিলে । কেইবাজনীও ছোৱালীৰ লগত ফেচবুক ফ্ৰেন্দ হল । তাৰ পাছত ছাটিং, ফোন নং, তাৰ পাছত ডেটিং....... নেহেৰু পাৰ্ক, অপ্সৰা- প্ৰাগজ্যতিৰ ভিজিট চলি থাকিল । লাইফ ৰঙীন হৈ পৰিল ।

ইফালে অনিমেশে চাকৰি পালে.........
অনিমেশ প্ৰতিমাহতে গুৱাহাটী আহে । সিহতৰ লগত আগৰ দৰে আদ্দা মাৰে । নিজৰ কোম্পানীৰ কথা কয় ।
মৃদুল আৰু প্ৰয়াসে সিহতৰ এফেয়াৰবোৰৰ সৰস describe কৰে । পাৰ্কৰ বেঞ্চ, ধাবাৰ কটেজ, চিনেমাহলৰ এন্ধাৰ । মচলা সানি অলপ বেছিকৈয়ে কয় ।
নৱ আৰু অনিমেশে মন দি শুনে, হাহে, কমেন্ট দিয়ে আৰু তাৰ মাজতে অনিমেশে কয়........ APSC-UPSC দিয়া না , অলপ চেষ্টা কৰিলেই পাই যাবা........ মৃদুল আৰু প্ৰয়াসে হাহি উৰুৱাই দিয়ে

কেইমাহমান পাছত মৃদুল আৰু নৱ ইউনিভাৰচিটী এৰি Institute লৈ গুচি গল... ইউনিভাৰচিটীত প্ৰয়াস অকলশৰীয়া হৈ পৰিল ।
এদিন প্ৰয়াসে গম পালে ... অনিমেশ গাড়ী এখন কিনিলে...........
কেইদিনমান পাছত প্ৰয়াসে দেখিলে........ অনিমেশক....... হিল ষ্টেচন, মনুমেন্টৰ বেকগ্ৰাউন্দ.......

প্ৰয়াসে co-relateকৰিব নোৱাৰিলে......... অনিমেশৰ তুলনাত সি বাৰু বহুত টোকোনা হৈ গল নেকি....চব কাম টো একেইধৰনৰে কৰিছিল, একেলগে কৰিছিল , কত difference থাকি গল
দিনে ৰাতিয়ে প্ৰয়াসৰ মনটোৱে উত্তৰ বিচাৰি থাকিল ।

প্ৰয়াসে আকৌ মানুহবোৰৰ কথা শুনিবলৈ ধৰিলে ।
সুজয়ে কলে....... Tag, fame, glamour, repo
এদিন সুযোগ মিলিল........ প্ৰয়াসে Institute ত PhD ৰ বাবে এপ্লাই কৰিলে
দুটা বছৰ পাৰ হৈ গৈছিল । এইবাৰো অনিমেশ ফ্ৰেমলৈ আহিল । এজন Research scholar ৰ পৰা Research institute ত কি বিচাৰে, interview ত কি কব লাগিব, কি নালাগে , অনিমেশ এ ভালকৈ বুজাই দিলে ।

প্ৰয়াসে Institute ৰ Tag লাভ কৰিলে........
অনিমেশে তেতিয়া কৈছিল..... এইবাৰ কষ্ট কৰিব লাগিব । ৰিচাৰ্চ পেপাৰ উলিয়াব লাগিব । জলদি কমপ্লিট কৰা । কম্পিটিচন বাঢ়ি গৈ আছে ।
প্ৰয়াসে ভাবিছিল...... ইয়াত আহিছো যেতিয়া চিন্তা নাই আৰু.... আৰামত হৈ যাব

(১০)

ইউনিভাৰচিটীত কেইজনমানে কুৱা কেইটামানৰ পানী এনালাইচিচ কৰি PhD ডিগ্ৰী পোৱা প্ৰয়াসে দেখিছিল.......

Institute ত প্ৰথম বছৰ আৰামত গলগৈ । গাইড নতুন, লেৱটো ভালকৈ চেট হোৱা নাই । গাইডে অলপ টপিকবোৰ ষ্টাডি কৰিবলৈ কলে । ইফালে Institute ত আনলিমিটেড ইন্টাৰনেট । প্ৰয়াসৰ ভাৰচুৱেল-আনভাৰচুৱেল এফেয়াৰবোৰ চলি থাকিল । ৰিদীপে  এদিন কথাই কথাই প্ৰয়াসক খিতাপ দি দিলে .....অউৰতবাজ
Actually প্ৰয়াসে কি কৰিব । এপাত তাল অকলে নাবাজে । তাক কোনোকালে দেখি নোপোৱা ছোৱালীয়ে যদি তাৰ লগত ফ্ৰেন্দশ্বিপ কৰিব খোজে, সি কি কৰিব । এজনীতো তাৰ বাবে একেবাৰে ডেচপাৰেট হৈ পৰিছিল । তাক বিচাৰি লেৱ ওলাইছিল । ভাগ্যে সি সিদিনা লেৱলৈ নগল । সি কথাবোৰ আনক মচলা মাৰি অলপ বেছিকৈয়ে শুনায়, কিন্ত আজিলৈকে একো নকৰিবলগীয়া কাম কৰি পোৱা নাই ।

চব ঠিকে ঠাকে হৈ আছিল, কিন্ত লাহে লাহে গাইড কামোৰ হৈ পৰিল । ৰিয়েক্সন লাগে, কাম লাগে....... প্ৰয়াসৰ সময় চৰটেজ হবলৈ ধৰিলে
তাৰ গোটেই এফেয়াৰবোৰ দি এন্দ হৈ পৰিল ।

JACS পেপাৰ এখনৰ মতে প্ৰয়াসে ৰিয়েক্সনটো লগাইছে । এইটো পঞ্চমবাৰ...... পেপাৰখনৰ মতে ৯৫% yield হব লাগে । প্ৰয়াসে কিন্ত ২০ ৰ ওপৰত পোৱা নাই । এইবাৰ আহিলেই হয় । নহলে গাইডে আকৌ গালি পাৰিব । প্ৰয়াসে ভগবানক প্ৰাৰ্থনা কৰিলে ।
ভগবানে নুশুনিলে চাগে । এইবাৰো yield নাহিল । প্ৰয়াসৰ চিন্তা লাগিল । গাইডে কি ৰুপ দেখুৱায় ।

ইউনিভাৰচিটিত প্ৰয়াসে নিজৰ ইচ্ছামতে কাম কৰিছিল । মন গলে কৰিছিল, নহলে নকৰিছিল । চাকৰি কৰোতেও কোনো হকা-বধা কৰা মানুহ নাছিল । কিন্ত এতিয়া...... সময় বহুত নিষ্ঠুৰ

এতিয়ালৈ প্ৰয়াসৰ এখনে ৰিচাৰ্চ পেপাৰ হোৱা নাই । কথা নাই , কিন্ত আন এটা কথাইহে প্ৰয়াসক ৰাতি শুবলৈ দিয়া নাই ।
মৃদুল.... হয় মৃদুল....... মৃদুলে অনিমেশৰ কোম্পানীৰ written পাছ কৰিছে, ইন্টাৰভিউ দিবলৈ গৈছে । মৃদুলে তাক এৰি গলে সি বৰ অকলশৰীয়া হৈ যাব । তাৰ ভয় লাগিল........ প্ৰয়াসে চিৰিয়াছলি ভগবানক খাটিলে । মৃদুলে যাতে চাকৰিটো নাপায় । সি অকলশৰীয়া হবলৈ নিবিচাৰে.....

(১১)

এই সময়ত প্ৰয়াসৰ নিজকে বৰ দৰিদ্ৰ যেন লাগিল.......
গোটেই কথাবোৰ ফ্লেছবেক হৈ তাৰ চাৰিওফালে ঘুৰিবলৈ ধৰিলে...
I hope we will do it soon

এটা মুহুৰ্তত ফ্লেছবেক ৰৈ গল.........
প্ৰয়াসে কাৰোবাক দৰিদ্ৰ কৰি তুলিছিল নেকি

সকলোৱে ভৱা পাপৰি চলিহা অনিমেশৰ  বিস্মিতা গগৈ নাছিল........ অনিমেশে কেতিয়াও পাপৰিক লৈ কবিতা লিখা নাছিল

বিদিশা.... বিদিশা গোস্বামী.... ফাৰ্ষ্ট চেম...... ৰেগিং চেচন...... বিদিশাই ফুলপাহ অনিমেশক দিছিল...... কৈছিল ......অনিমেশ ভাল, হেল্পফুল ..... বিদিশা অনিমেশৰ কলেজৰ জুনিয়ৰ..........
ফ্ৰেচাৰ্চ... প্ৰয়াসৰ হাৰমনিয়াম, বিদিশাৰ গান....... ইউনিভাৰচিটীৰ কেন্টিন.... প্ৰয়াস আৰু বিদিশা........ কিছু আতৰৰ এচুকত এখন অকলশৰীয়া টেবুল.... টেবুলত এটা চিচাৰ গিলাচ, ........আৰু হয়.... সি অনিমেশই আছিল...... অনিমেশে সিহতৰপিনে চাই আছিল..... সি সচাকৈয়ে সিহতক চাই আছিল...........
অনিমেশে বহুতদিনলৈ সিহতক চাই আছিল...... সিহতক হৱ নোৱাৰে.... বিদিশাক........

সেই সময়ত প্ৰয়াসৰ বাবে অনিমেশ হাজৰিকা সচাকৈয়ে দৰিদ্ৰ হৈ গৈছিল নেকি..........

সন্ধিয়া নামিছে..... পাহাৰটোৰ সিপাৰে লাইটবোৰ জ্বলি উঠিছে......
লাইটবোৰ আৰু পাহাৰটোৰ মাজত বিশাল ব্ৰহ্মপুত্ৰ.........
অদুৰত এখন মহানগৰ....

ৰীগৰ লেবাৰ


এ মেন ইজ এ শ্লেভ অৱ চাৰকামষ্টেনচেচ........

" আমি মানুহ হয়, গৰু-গাধ নহয়, ইমান কাম কেনেকৈ কৰিম, শিক্ষিত নিবনুৱা এজনক আপুনি জন্তৰ দৰে কামত খটুৱাইছে, আপুনি এজন পাগল, ননচেন্স, মানুহৰ তেজ শুহি খোৱা শোষক, আপোনাৰ সাহস আছে যদি কামৰ পৰা উলিয়াই দেখুওৱাক, মেহনত কৰি জীয়াই আছো , যদি মোক কামৰ পৰা খেদি দিয়ে হাতত দা লৈ দেওপানী চাৰিয়ালিত ৰখি থাকিম, ডিঙি কাটি দিম, চিনি পোৱা নাই মোক, চাও কোনে আপোনাক বচাব পাৰে "
........... ৰীগৰ কন্টিজেন্ট লেবাৰ বাবুল আলিয়ে এক্সেক্টলি এইখনি কথাই মোক উদ্দেশ্য কৰি কৈছিল

মই একো নকৈ টেংকৰ পৰা নামি আহিছিলো, মাদ টেংকৰ ওপৰৰপৰা বাংক হাউচলৈ বিশ ছেকেন্ড লাগে, বিশ ছেকেন্ডত এটা ডিচিচন লোৱাৰ প্ৰয়োজন আছিল, বাবুল আলি নামৰ কন্টিজেন্ট লেবাৰজনক কামত ৰাখিম নে খেদি দিম

২ মাৰ্চ ২০১৪, গেলেকী , ৰীগ বি.আই-১০০, ডে শ্বিফট, কন্টিজেন্ট লেবাৰ দুজন আহিল, বাবুল আলি, সুৰেশ ঘাটোৱাৰ
মেচিন এটাৰ কাপলিং এটা ঢিলা হৈ আছিল, খুলিবলৈ দিলো, তাৰ পাছত বেলেগ কাপলিং এটা লগাবলৈ দিলো, নাই, কামত নাহিল, আকৌ কাপলিংটো খুলিবলৈ কলো
- বাৰে বাৰে একেটা কাম কৰাই থাকে...... সুৰেশে মুখৰ ভিতৰত ভোৰভোৰালে

তাৰ পাছত দুয়োটাকে কেমিকেল ষ্টৰলৈ লৈ গলো, কেইটামান বস্তা খেলিমেলি হৈ আছিল
- বিছটামান বস্তা খেলিমেলি হৈ আছে, ভালকৈ চিজিল কৰি থোৱা...... মই কলো
- এইবোৰ আমাৰ কাম নহয়...... বাবুল আলিয়ে কলে
- মই যেতিয়া কৈছো, মানে কৰা, কৰিবই লাগিব
- নকৰো
- নকৰা যদি লেবাৰ কন্ট্ৰেকটৰক কৈ দিও, কাম নকৰা মানুহ মোক নালাগে, বেলেগ কাম কৰা মানুহ আহিব

কন্ট্ৰেকটৰক কৈ দিম বুলি কোৱাত দুয়োজনে বেগবোৰ চিজিল কৰাত লাগিল....
যেতিয়া এটা শ্বিফটত কাম বেছি হয় আৰু আন এটাত কাম কম হয়, তেতিয়া যিটো শ্বিফটত কাম বেছি হয় সেই শ্বিফটৰ ইনচাৰ্জজন বাই দিফল্ট লেবাৰকেইটাৰ দৃষ্টিত এজন বেয়া মানুহ হৈ পৰে , এইটো অনুসিদ্ধান্তমতে মই এজন সাংঘাটিক বেয়া মানুহ, আৰু বাবুল আলিয়ে আগতেও আপত্তি প্ৰকাশ কৰিছিল যে বেলেগ ইনচাৰ্জে কাম নকৰায় আৰু মই বহুত বেছি কাম কৰাও

বাবুল আৰু সুৰেশ বেগবোৰ চিজিল কৰি আহিল
- যদি কাম কৰিবলৈ ইচ্ছা নাই কৈ দিয়া, আপত্তি কৰি নাথাকিবা, কাম কৰিবই লাগিব ......... মই বাবুল আলিক কলো

তাৰ পাছতেই বাবুল আলিয়ে মোক দম দিলে, গালি পাৰিলে আৰু ভাবুকি দিলে
বাবুল আলিৰ মুৰ্তি দেখি মই টেংকৰপৰা নামি আহিছিলো

(২)
বাবুল আলি আশীৰ দশকতে হায়াৰ ছেকেন্ডাৰীলৈ পঢ়া, ঘৈণীয়েক বেমাৰী, জীয়েক দুজনী, এজনী কলেজত পঢ়ি আছে, আনজনী ক্লাছ নাইনত , এই লেবাৰৰ কামটোৰপৰাই বাবুল আলিয়ে ঘৰখন চলাই আছে, এইখিনি কথাই মই জানো..

আজি বাবুল আলিয়ে মোক অপমান কৰিছে, দম দিছে, কন্ট্ৰেকটৰৰ হতুৱাই বাবুল আলিক মই কামৰ পৰা খেদি দিব পাৰো, আজি যদি মই দয়া পৰবশ হৈ বাবুল আলিক এৰি দিও তেতিয়া আন লেবাৰকেইটাও কথা নমনা হৈ পৰিব, তেতিয়া বহুত প্ৰবলেম হব

মোৰ ভিতৰত থকা ভাল মানুহটোৱে কৈ উঠিল..... কথা ধৰি থাকিব নালাগে, মানুহ মাত্ৰ্ৰেই ভুল হয়, বেচেৰা কিবা টেনচনত আছিল ছাগে, কৈ দিলে আৰু, পাছত বুজাই দিলেই হল

মোৰ ভিতৰত থকা বেয়া মানুহটোৱে কৈ উঠিল..... চাল্লা, সামান্য লেবাৰ হৈ মোক ৰঙা চকু দেখুৱায়, খাবলৈ নোপোৱাৰ জাত, মৰম কৰো কাৰণে মুৰত উঠিছ, দুদিন লঘোণে থাকিলে চিধা হৈ যাবি, চাল্লা

অৱশেষত মই লেবাৰ কন্ট্ৰেকটৰলৈ ফোন কৰিলো, কন্ট্ৰেকটৰৰ মানুহ আহি বাবুল আলিক ৰীগৰপৰা উলিয়াই দিলে, যোৱাৰ সময়ত বাবুল আলিয়ে হাত জোকাৰি কৈ গল........ৰীগৰপৰা বাহিৰ ওলাচোন , চাই লম

কন্ট্ৰেকটৰৰ লেবাৰ চুপাৰভাইজাৰে অভয় দি কলে, মোক এই এৰিয়াত চবেই দাদা বুলি জানে, ই আপোনাক একো কৰিব নোৱাৰে, মই আছো, চিন্তা নকৰিব

শ্বিফট চেঞ্জ হোৱাৰ সময় হল, বাছখন ৰীগৰ গেটৰ ভিতৰত সোমাল, মোৰ ৰিলিভাৰ লক্ষীনন্দন দেউৰী দা বাছৰপৰা নামিল, বাবুল আলিক উলিয়াই ভাল কৰিলো নে বেয়া কৰিলো চিন্তা কৰিবলৈ ধৰিলো, যদি কামটো হেৰুওৱাৰ পাছত বাবুল আলিৰ বেমাৰী ঘৈণীয়েক, গাভৰু জীয়েকসহ পৰিয়ালটোৰ আলৈ-আথানি হয় আৰু সেই ভৱিষ্যতৰ আলৈ-আথানিৰ কাৰকৰুপে মোক চিহ্নিত কৰি যদি বাবুল আলি ৰাস্তাত দা লৈ প্ৰতিশোধ লবলৈ ৰৈ থাকে....
কিন্ত বাবুল আলিয়ে মোক বেয়াকৈ কৈছে, দেট ইজ অলচো ইমপৰটেন্ট.......

ফিয়েৰ, ৰিপেন্ট আৰু এংগাৰ মিশ্ৰিত ককটেইলৰ মাজত শ্বিফট বাছখনৰ মাজৰ চিট এটাত মই বহি পৰিলো

বাছ চলিবলৈ ধৰিলে, সমুখত দেওপানী চাৰিয়ালি, চাৰিয়ালিটোত চাৰি-পাচটামান মানুহ, সন্ধিয়াৰ সময়, মানুহকেইটা ভালদৰে ধৰিব পৰা নাই, এজনে হাত দাঙি বাছখন ৰখাবলৈ চিগনেল দিলে.......................
বাছৰ ড্ৰাইভাৰে ব্ৰেক মাৰিলে.....গাড়ীৰ হেডলাইটৰ পোহৰত দেখিলো... এটা মানুহৰ ককালৰ খোচনিত... চিকমিকাই থকা...........এখন দা

.. এটা পৰিস্থিতিৰ বাবে মই সাজু হলো....

(৩)

মানুহ চাৰিজন বাছখনলৈ উঠি আহিল, প্ৰথম মানুহজন মোৰ ওচৰত ৰলহি, কিচকিচিয়া কলা, ডঢ়ীয়া , দেখিলেই গুন্ডা যেন লগা মানুহ এজন, মোৰ হাতৰ মুঠি টান হৈ আহিল

- আগত নহয়, পাছফাললৈ যা, আগত শ্বিফটৰ মানুহ বহিব...... ড্ৰাইভাৰে চিঞৰি কলে

ড্ৰাইভাৰৰ কথা শুনি মানুহ চাৰিজন একেবাৰে পাছৰ শাৰীত বহিলগৈ, উহ ৰক্ষা, কিছুসময়ৰ পাছত বাছ ডি.এছ.এ পালেহি, বাছৰপৰা নামি কলনিত সোমালো, মই স্বস্তিৰ নিশ্বাস পেলালো

পাছদিনা আকৌ ডে শ্বিফট, এইবাৰ ৰফিক, ৰকিবুল আৰু পুতুল নামৰ লেবাৰ কেইজন আহিল
- ছাৰ, কালি বোলে বাবুলকাক উলিয়াই দিলে........ ৰফিকে শুধিলে
- অ, সি মোক বেয়াকৈ কৈছিল... মই কলো
- ছাৰ, এইবাৰলৈ মাফ কৰি দিয়ক আৰু, সি দুখীয়া মানুহ, বেলেগ কাম-কাজো নাই, ঘৈণীয়েক বেমাৰী, ছোৱালী দুজনীও পঢ়ি আছে
- ইয়াত কাম কৰাৰ বাহিৰেও তেও কি কৰে
- বেলেগ একো নকৰে, আগতে মাটি-বাৰী বহুত আছিল, বেচি বেচি শেষ হল
- ঠিক আছে, তেও যদি নিজৰ ব্যৱহাৰৰ বাবে অনুতপ্ত হয়, তেন্তে কিবা এটা হব পাৰে ...... মই কলো

দুপৰীয়া বাবুল আলি আহিল,
- ছাৰ, কালি যি হল হল, মাফ কৰি দিয়ক, কালি বহুত টেনচনত আছিলো, মুখেদি বহুত কিবা কিবি ওলাই গল..........বাবুল আলিয়ে কলে
- ঠিক আছে, যিহেতু তুমি ক্ষমা খুজিছা, কন্ট্ৰেকটৰলৈ মই তোমাক কামত পুনৰ ৰাখিবলৈ বিবেচনা কৰিব লাগে বুলি এখন চিঠি লিখি দিম, তাৰ পাছত তোমাক কামত ৰখা-নৰখাটো কন্ট্ৰেকটৰৰ ওপৰত, তাতকৈ বেছি মই একো কৰিব নোৱাৰো, আৰু এটা কথা, ইয়াত কাম কৰিবলৈ আহিছা, কাম কৰিব লাগিব, নহলে নহব

কন্ট্ৰেকটৰলৈ চিঠি এখন লিখি চহী কৰিলো, চিঠিখন লৈ বাবুল আলিয়ে ধন্যবাদ জনাই গুচি গল

তাৰ পাছত-------
কন্টিজেন্ট লেবাৰকেইটাৰ মাজত ভয় এনেদৰে সোমাল যে মই যিটো কাম কৰিবলৈ কও তাকেই কৰা হল, এটা লেবাৰ অনিয়মীয়া আছিল, সিও ৰেগুলাৰ টাইমত আহিবলৈ ধৰিলে
বেয়া মানুহৰ ইমেজটোৰপৰা মোৰ ইমেজ অলপমান ভাল হল--- চইকীয়া ছাৰ বহুত ভাল মানুহ দেই, ইমান বেয়াকৈ কোৱা স্বত্তেও বাবুলকাক মাফ কৰি দিলে, সচাকে বহুত ভাল মানুহ

মৰেল অৱ দা ষ্টৰী-
দেখো য়াৰ, কোনো ভাল মানুহ-বেয়া মানুহৰ কথা নাই, বেছি ঝামেলা কৰিব গলে প্ৰবলেম হৈ যাব পাৰে , বুদ্ধি-চুদ্ধি নথকা লেবাৰ, কত কেতিয়া কি কৰে ঠিকনা নাই, ৰাস্তাত ধুলাই পৰি যাব, গতিকে এইচব জেং কেচ ঠান্ডা মাইন্ডৰে চেটল কৰিব লাগে,
বটমলাইন ইজ.........জান হে তো জাহান হে......

ফেডেড জিনচ

(১)

বিহুৰ বতৰ... কোনোমতে বছক মেনেজ কৰি ১০ তাৰিখে ৰাতি নাইট চুপাৰত উঠি দিলো..... ১১ তাৰিখে ৰাতিপুৱাই গুৱাহাটীত হাজিৰ.......
বিহুৰ চাৰিদিন আগতেই মোক দেখি নিয়মমতে মম্মী খুচ হৱ লাগিছিল, কিন্ত মোৰ গেট আপ দেখিয়েই মম্মী জেকজেকাই উঠিল
- জধলা, এই বস্তাটো আৰু কিমানদিন চলাবি, এইবাৰ নতুন এটা যদি নিকন , তেতিয়া ঘৰ সোমাব নিদিও

মম্মীয়ে পুৰা আলটিমেটম দি দিলে.....
মানুহে বিশ্বাস নকৰিলেও, এট প্ৰেজেন্ট মোৰ ইউজেবল জিনচ দুটা, এটা নীলা ৰঙৰ, এটা কলা ৰঙৰ, দুয়োটা কেতিয়া কিনিছিলো মনত নাই কিন্ত নীলা ৰঙৰটোৰ কালাৰ কিনোতে নেভী ব্লু আছিল, এতিয়া মেঘ থকা আকাশৰ ৰঙৰ দৰে হৈছেগৈ, কলাটোও কিনোতে ডাঠ কলা ৰঙৰ আছিল, এতিয়া ডাৰ্তি হোৱাইট হৈছেগৈ, মম্মীয়ে দুইটা ফেদেদ জিনচক বস্তা বুলি মোক ইনচাল্ট কৰে
এইবাৰ বিহু চাবলৈ কাজিন দুজনী আহিছে...... আবেলি সিহতক লৈ ওলালো, সিহতি কাপোৰ কিনিব আৰু মই নতুন বস্তা মানে জিনচ দুটামান কিনিম
ক্লাটচ আৰু ব্ৰেকত ভৰি দি দি বিষ উঠি গৈছে... ইমান গাড়ী, লাষ্টগেটৰপৰা গনেশগুৰিলৈ মাত্ৰ ২ কিলমিটাৰ বাট যাওতেই আধাঘন্টাৰ বেছি লাগিল......
যেনেতেনে চহাম শ্বপি পালোগৈ, এইবাৰ আকৌ পাৰ্কিঙৰ প্ৰবলেম, কতো খালী স্পেচ নাই, এক কিলমিটাৰ আগৰ গৈ গাড়ীখন পাৰ্ক কৰিলো
চহামত কাজিন সহ সোমালো......মানুহৰ যথেষ্ঠ ভিৰ, কাজিন duo কাপোৰ চইচ কৰাত লাগিল, মই জেন্টচ বিভাগৰ পিনে গলো……..

চেলচমেন জনক কলো......... মোৰ চাইজৰ ভাল চালিয়া জিনচ দেখুওৱাচোন
- কি কালাৰ
- ডাঠ কালাৰ , ব্লু বা ব্লেক

চেলচমেন জনে কেইবাটাও ব্ৰান্ডেড জিনচ উলিয়ালে
জিনচকেইটাৰ দাম ২ ৰ পৰা ৪ হাজাৰৰ ভিতৰত, তাৰে জিনচ এটা পচন্দ হল, ট্ৰায়েল ৰুমলৈ গলো... ই কি......... জিনচটো তলপিনে একেবাৰে সৰু , ভৰিৰ সৰুগাঠিৰ পিনে একেবাৰে টাইট, লেডিজ নহয়তো
চেলচমেনজনক সুধিলো...... কি হে, লেডিজ জিনচ দিলাচোন, তলপিনে সৰু
- নাই দাদা, এইটো নতুন ফেশ্বন, শ্লিম ফিট
- ভাই একো ফিট চিট নালাগে, পিন্ধিব পৰা জিনচ দেখুওৱা

চেলচমেনজনে অলপ বিচাৰি-খুচৰি কলে
- দাদা ষ্ট্ৰেইট ফিট আপোনাৰ চাইজৰ নাই
- কত পাম
- অলপ আগলৈ ৰেংলাৰ ৰ শ্বৰুম এটা আছে, তাতে পাই যাব
কেচ কাউন্টাৰলৈ আহিলো, বহুত সময় ৰখিলো, চৌপাশৰ বিউটি চালো.... এট লাষ্ট কাজিন duo আহিল.... দুয়োৰে হাতত দুবেগ কাপোৰ
বেংকৰ ডেবিট কাৰ্ডখন চুইপ কৰিলো..... ৰিচিপ্তত চাইন........ দহ হাজাৰতকৈ কেইটকামান কম……….
চহামৰ বাহিৰ ওলালো , ৰেংলাৰ শ্বৰুম অলপ আগত আছে

ফুটপাথেদি খোজ কাঢ়িছো, ফুটপাথতো বহুত মানুহ, কাষৰ ৰাস্তাত বাছ, কাৰ, বাইক ... তীব্ৰ কোলাহল
ফুটপাথৰ কাষত বুঢ়ী এজনীলৈ চকু গল, বুঢ়ীৰ সমুখত এখন পলিথিনৰ ওপৰত কেইমুঠিমান ঢেকীয়া শাক.....
বুঢ়ীগৰাকীক কৰবাত দেখা দেখা যেন লাগিল......

লৱাৰ প্ৰাইমেৰী স্কুলত এবাৰেই মই অংকত ৯৯ পাইছিলো, সেইবাৰো পৰাণে ১০০ পাইছিল
বুঢ়ীক সুধিলো...... পৰাণৰ খবৰ কি
ফুটপাথটোত তেতিয়া মানুহ বহুত আছিল..... ভীৰৰ মাজত বুঢ়ীয়ে মোক মনত পেলাব নোৱাৰিলে........ বুঢ়ীয়ে এটা উদাস চাৱনিৰে মোৰফালে চাই থাকিল..

পৰাণৰ মাকে সমুখত থকা গোটেই ঢেকীয়াখিনিৰ বাবদ মোৰপৰা ৬০ টকা ললে

গাড়ীখন ষ্টাৰ্ট কৰিলো.....
মম্মীক কনভিন্স কৰিব লাগিব.... ঢেকীয়া শাকত প্ৰচুৰ খাদ্যপ্ৰাণ থাকে

(2)

গুৱাহাটীৰ ট্ৰেফিকৰ মাজত শামুকীয়া গতিৰে গাড়ী আগবাঢ়িছে.... মোৰ কাষৰ চিটত এজনী কাজিন, পাছৰ চিটত আনজনী কাজিন আৰু কাপোৰৰ বেগ দুটা.... ডিকিত ঢেকীয়া শাক এপাচি...... মোৰ নতুন জিনচ কিনা নহল..............

কাজিন duo ই অনৰ্গল কথা কৈ আছে........ আচলতে ছোৱালীবোৰৰ নেচাৰেই তেনেকুৱা ......বৰকৈ পেকপেকাই থাকে..... খুচুৰা পইচা থাকিলে তো শব্দ হবই......

এপলকত কাজিন এজনীয়ে কৈ উঠিল...... সৌৱা চোৱা ...সেই দোকানখনত অফাৰ দিছে....
সোফালে চাই পঠিয়ালো..... Cotton County........ 60+30 % off

আঠ বছৰ আগতে.... তেতিয়া মই ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰ..... পুজাৰ সময়........ গিৰিৰাজ আৰু মই প্লেন বনালো...... এইবাৰ ভাল জিনচ কিনিম..... ব্ৰান্ডেড.. আমি টিফিনৰ পইচা জমা কৰিলো..........
পুজাৰ দুদিনমান আগতে..... তেতিয়া গুৱাহাটীত বহুত বেছি ব্ৰান্ডেড শ্বৰুম নাছিল....... পানবজাৰত Levis ৰ শ্বৰুম এটা ......... গিৰি আৰু মই তালৈ সোমাই গলো........ হৰেক ৰকমৰ কাপোৰ.... এক চে বৰকৰ এক......... কেইটামান জিনচ ট্ৰায়েল মাৰি চালো..... একেবাৰে কমফৰটেবল........ কেইটামান খুব পচন্দ হল......
এটা জিনচ গিৰিক দেখুৱাই কলো.... কেনে.....
গিৰিয়ে লাহেকৈ কলে...... প্ৰাইচটো চা.....
প্ৰাইচ টেগটো চালো...... ১৯৯৯ অনলি
সেইটো বাদ দিলো...... কম ৰেঞ্জৰ বিচাৰিলো........
এটা ভাল ব্ৰান্ডেড জিনচৰ দাম মিনিমাম কিমান হব পাৰে তেতিয়া আমাৰ আইডিয়া নাছিল.....
গিৰিয়ে চেলচমেন এজনক সুধিলে........ ডিচকাউন্ট নাই নেকি, মানে দাম অলপ কমাই লৱ নেকি
চেলচমেনজনে বোধহয় আমাৰ কাৰ্যকলাপ নজৰ দি আছিল.......
- অলপ আগলৈ Cotton County ৰ শ্বৰুম এটা আছে, তাত অফাৰ দি আছে

মোৰ পকেটত থকা ৫৪০ আৰু গিৰিৰ পকেটত থকা ৪৮০ টকা লৈ Levis ৰ পৰা ওলাই আহিলো………….. Cotton County ত অফাৰ আছিল ৭০%........ ১৪৯৯ টকা MRP ৰ জিনচ ৪৫০ টকাত কিনি দুয়োটা হাহিমুখে ওলাই আহিলো....... দুয়ো চেটিচফাইড.... ব্ৰান্ডেদ বস্ত কিনিলো...... লগৰকেইটাক দেখুৱাব লাগিব
নাগকটা পুখুৰীৰ পাৰত ৰোল খাই থাকোতে গিৰিয়ে কলে.......... এদিন Levis ৰ পৰাও জিনচ কিনিম……….

খ্ৰীষ্টানবস্তিত ইউ-টাৰ্ণ ললো........ cotton county পাৰ হোৱা দেখি কাজিনে কলে.... ইয়াত নোলোৱা নেকি....
- নলও
- তেন্তে কত যাবা
- আগলৈ এটা ৰেংলাৰৰ শ্বৰুম আছে

মোৰ কলিগ কৌটিল্য দাই কৈছিল......... পৃথিৱীত লাখ লাখ দুখীয়া মানুহ আছে, যি খাবলৈ পোৱা নাই..... কিন্ত তাৰমানে এইটো নুবুজায় যে আমিও লঘোণে থাকিম... যদি আমি লঘোণে থাকিলেই দাৰিদ্ৰ দুৰ হলহেতেন, তেন্তে মহাত্মা গান্ধী, মাৰ্টিন লুথাৰ, মাদাৰ টেৰেচা সদায় উপবাসে থাকিলেহেতেন......

ৰেংলাৰ শ্বৰুমত জিনচ চালো , এটা পচন্দ হল, ট্ৰায়েল ৰুমত সোমালো, আঠ বছৰ আগৰ Levis ৰ জিনচটোৰ দৰেই কমফৰটেবল, ৰেংলাৰৰ নতুন জিনচটোৰ তুলনাত পুৰণা ফেডেড জিনচ টো বস্তা যেনেই লাগিল.........

জিনচটোৰ প্ৰাইচ টেগ চোৱাৰ প্ৰয়োজনবোধ নকৰিলো, ভাল লাগিছে, পচন্দ হৈছে, এনাফ....... নো চেকেন্দ থট...... কাৰ্ড চুইপ কৰিলো......

ৰেংলাৰ শ্বৰুমৰপৰা ওলালো, গাড়ী ষ্টাৰ্ট দিলো...... ৰাষ্টাৰ ট্ৰেফিক ফালি মোৰ কাৰ আগবাঢ়িছে...... এই মহুৰ্তত পৰাণে কি কৰিছে মই নাজানো, পৰাণৰ মাকে কি কৰিছে মই নাজানো , পৃথিৱীত কোনে কি কৰিছে মই নাজানো.....
কিন্ত অন্তত মই জানো যে মই কি কৰি আছো...........

মম্মীক এক্সপ্লেইনেচন দিয়াৰ কোনো প্ৰয়োজন নাই, কাকোৱেই এক্সপ্লেইনেচন দিয়াৰ কোনে প্ৰয়োজন নাই........

(৩)

যোৱা দুবছৰৰ ভিতৰত কেইবাবাৰো মই পৰাণৰ কথা ভাৱিছো, সেইজন পৰাণ যি ক্লাছ ফৰৰ চিনিয়ৰৰ লগত ক্ৰিকেট মেটছত লাষ্ট বলত চিক্স মাৰি আমাক জিকাইছিল, যি স্কুল সপ্তাহত মেডেল কঢ়িয়াবলৈ বেগ লৈ আহিছিল..... যাৰ কেতিয়াও পাটীগণিতৰ অংক ভুল নহৈছিল.......

অংকলেশ্বৰৰ সেই মানুহজনৰ খোজ পৰাণৰ দৰে আছিল..........
চেপ্তেম্বৰ ২০১১...... কোম্পানীৰ ট্ৰেইনিং এটাত গুজৰাটৰ অংকলেশ্বৰলৈ পঠিয়াই দিলে....... অংকলেশ্বৰ সম্পুৰ্ণ ইন্দাষ্ট্ৰিয়েল ঠাই... চাৰিওফালে কল-কাৰখানা, ঠাইখিনি অত্যন্ত প্ৰদুষিত.......বতাহত, পানীত কেমিকেলৰ গোন্ধ......
ট্ৰেইনিঙৰ শেষৰ আগদিনা ইন্দাষ্ট্ৰিয়েল ভিজিটত নিলে, সাৰজা কেমিকেলচৰ প্লান্ট এটাত......

সাৰজা কেমিকেলচৰ মেনেজাৰ জনে আমাক প্লান্টটো দেখুৱালে, এমনিয়া, চালফিউৰিক এচিড, টলুইন, বেনজিন মেনুফেকচাৰিং প্ৰচেচ, ইফ্লুৱেন্ট ট্ৰিটমেন্ট প্লান্ট...........
মোৰ কলিগ হেমলতাৰ মেনেজাৰক প্ৰশ্ন..... ইটচ চ পলুটেড, স্মেলিং কেমিকেলচ ইন দা এয়াৰ, হাও কেন পিপল ৱৰ্ক
মেনেজাৰৰ উত্তৰ..... পেহলে পেহলে এডজাষ্ট হোনে মে প্ৰবলেম হোতা হে, পৰ ধীৰে ধীৰে আদত হো জাতা হে
- বাট ইটছ নট ফেয়াৰ, ইটছ এ চিৰিয়াচ ইচু অৱ অকুপেচনেল হেলথ
- মেডাম এইচা হী চল ৰহা হে
- হোৱাট এবাউট দা অল লজ অৱ গৱৰমেন্ট অন ইন্ডাষ্ট্ৰিয়েল হেলথ চেফটি পলিচি
- হামলোগ পলিচিজ ফলো কৰ ৰহে হে
- মুঝে তো কোই পলিচি নহী দিখ ৰহা হে, লোগ এইচে ভী কাম কৰতে হে
- ইটচ অল এবাউট আৰ্নিং ফুড, ক্লথ এন্ড চেল্টাৰ

ফেক্টৰীৰ ৱৰ্কাৰবোৰে এটা জঘন্য পৰিবেশত কাম কৰি আছে, চাৰিওফালে কেমিকেলৰ গোন্ধ, ৱৰ্কাৰবোৰে মাত্ৰ এখন কাপোৰৰ মাক্স পিন্ধি কাম কৰি আছে, প্ৰতিটো উশাহত হেজাৰ বিজাৰ কাৰচিনোজেনৰ অণু তেওলোকৰ হাওফাওৰ মাজেৰে পাৰ হৈছে, কেমিকেলৰ প্ৰভাৱ ৱৰ্কাৰবোৰৰ ওপৰত বিদ্যমান

এজন ৱৰ্কাৰৰ ওপৰত চকু পৰিল....
- আপুনি অসমৰ নহয় জানো...... মই সুধিলো
ৱৰ্কাৰজনে মোৰফালে চালে, কাপোৰৰ মাক্সেৰে মুখখন ঢাকি ৰখা কাৰনে মুখৰ অভিব্যক্তি দেখা পোৱা নগল
- মে আচামীয়া নহী হু
ৱৰ্কাৰজনে খৰখেদাকে মোৰ ওচৰৰপৰা গুচি গল

ইতিমধ্য হেমলতা আৰু মেনেজাৰৰ ইন্ডাষ্ট্ৰিয়েল হেলথ চেফটিৰ কথা প্ৰায় শেষ হৈছিল
ঘুৰি আহোতে গাড়ীত হেমলতাই কলে......... ইটছ জাষ্ট এ চাকিং চিষ্টেম, চিয়েৰ এক্সপ্লইটেচন আৱ হিউমেন বাই হিউমেনচ

মই কলো.... আমাৰ কোম্পানীয়ে সাৰজা কেমিকেলচক ৰ মেটেৰিয়েল প্ৰভাইড কৰে আৰু তেওলোকৰপৰা ৰিফাইন প্ৰডাক্ট কিনে, গতিকে যদি চাবলৈ যাও, উই আৰ অলচো এক্সপ্লইটাৰ্চ
- হোৱাট এ হেল, ইউ হেভ এ পইন্ট.......... হেমলতাই কলে
- ইটচ অল এবাউট আৰ্নিং ফুড, ক্লথ এন্ড চেল্টাৰ, চামৱান এক্সপ্লইটচ, চামৱান গেট এক্সপ্লইটেড

অংকলেশ্বৰৰ পৰা আহমেদাবাদলৈ চিক্স লেন এক্সপ্ৰেচৱে.........আহমেদাবাদৰপৰা ফ্লাইটত গুৱাহাটীলৈ আহি আছো, এয়াৰ হোষ্টেচ গৰাকীয়ে খোৱাবস্তুৰ পেকেট এটা দি গল, পেকেটটোৰ ওপৰত লিখা আছিল..... অৰগেনিক..... মানে বস্তবোৰ কোনো ৰাসায়নিক সাৰ দি উত্পাদন কৰা নাই........

অংকলেশ্বৰৰ সাৰজা কেমিকেলচৰ ফেক্টৰীৰ মানুহজন....... সি পৰাণৰ দৰে খোজকাঢ়ি আতৰি গৈছিল, তাৰ মাতটো পৰাণৰ দৰে আছিল......... স্কুলত স্কেলেৰে তৰোৱাল-তৰোৱাল খেলোতে পৰাণৰ কপালত এটা দাগ বহি গৈছিল...... সেই দাগটোও সেই মানুহজনৰ কপালৰ ঠিক সেইখিনিতে আছিল....... সোচকুটোৰ ঠিক ওপৰতে....... এটা দাগ....

(৪)

ক্ৰেএএএএএএএ....ছ....... আগৰ গাড়ীখনে হঠাত ব্ৰেক মাৰিলে, মই অন্যমনস্ক হৈ থকাৰ বাবে অলপ ইফাল সিফাল হব ওলাইছিলেই, কিন্ত সময়ত ব্ৰেকত ভৰি পৰিল, আগৰ গাড়ীখনৰ পাছফালটো চোও নোচোওকৈগৈ মোৰ কাৰখন ৰলগৈ, সম্ভাব্য দুৰ্ঘটনা এটাৰপৰা হাত সাৰিলো..

চাৰিওফালে বিহুৰ উখল মাখল, সোৱে-বাৱে চৌদিশে গাড়ী-ধোৱা-শব্দ- ধুলি......গাড়ীৰ গ্লাছখন উঠাই এচিটো অন কৰি দিলো....... এখন বাইকে বাওফালৰে অভাৰটেক কৰি গল, কাষৰ ফুটপাথত মানুহ এহাল, ৰাষ্টাটো ক্ৰছ কৰিব খুজিছে ছাগে, কিন্ত গাড়ীবোৰৰ প্ৰকোপত পৰা নাই.........
ইফালে-সিফালে চাবলৈ কাৰো সময় নাই, সকলো নিজৰ কামত ব্যস্ত, কংক্ৰীটৰ মহানগৰৰ এখন বিশৃংখল যান্ত্ৰিক পৃথিৱী......
পৃথিৱীখনৰ মানুহবোৰৰ ভিতৰৰ মানুহবোৰ যেন বিবৰ্ণ হৈ পৰিছে
চাম ফেডেড জিনছ (genes) ৰোমিং এভৰিহোৱেৰ...........
মোৰ নিজকে তাৰ এজন যেন লাগিল..........

Wednesday, May 14, 2014

মিন্ট্ৰা ডট কম

(১)

চাকৰিত জইন কৰাৰেপৰা অনলাইন শ্বপিংটো এটা চখ হৈ পৰিছে । বিশেষকৈ যেতিয়া ডিচকাউন্ট থাকে তেতিয়া চখটো আৰু বাঢ়ি যায় ।
মবাইলত মেচেজ এটা আহিছে, ৪০% অফ অন অল ব্ৰান্ডচ ইন মিন্ট্ৰা ডট কম ।

বিহুৰ সময়, টিচাৰ্ট কিনিম বুলি ভাবিয়েই আছিলো । অফাৰ দেখি আৰু ৰব নোৱাৰিলো । লেপি অন কৰি মিন্ট্ৰাত লগ ইন কৰিলো । হৰেক ৰকমৰ বস্ত, এডিডাছ, ৰিবক, পুমা, পেপে জিনছ ।
ৰিবকৰ এটা আৰু পুমাৰ টি-চাৰ্ট এটা চিলেক্ট কৰিলো । ডিচকাউন্ট ধৰাৰ পাছত বিল হলগৈ ২৪০০ টকা । ব্ৰান্ডেড বস্তৰ কোৱালিটি ভাল, বহুত দিন লাষ্টিং কৰে, দাম লবই ।

এসপ্তাহৰ পাছত মিন্ট্ৰাৰ কনচাইনমেন্ট আহি পালেহি । পেকেট দুটা খুলিলো । টি-চাৰ্ট দুটা একদম ঝাক্কাছ । পিন্ধি চালো, কুল, চালিয়া, কমফৰটেবল ।
পুমাৰটো চাইনিং ব্লেক, মাজত হোৱাইট ষ্ট্ৰাইপ এটা আছে । ৰিবকৰটো লাইট গ্ৰীণ আৰু য়েলোৰ কমবাইন্ড পেটাৰ্ণৰ ।

কিন্ত........... চাল্লা, এইটো হব বুলি ভাবিছিলোৱেই, ধুৰ, নিজৰ ওপৰতে টিঙিচকে খং এটা উঠি গল
ৰিবকৰটোৰ কলাৰৰ কাষতে আধা ইঞ্চি ব্যাসাৰ্ধৰ মটীয়া কালাৰৰ স্পট এটা আছে । মানে ডিফেক্টিভ মাল, ধুৰ.....
কেইবছৰমান আগত হোৱা হলে মই সেই স্পটটো মাইন্ড নকৰিলোহেতেন । কিন্ত এতিয়া মোৰ ধাৰণাবোৰ সলনি হৈছে, বিশেষকৈ নতুন চাকৰিটো জইন কৰাৰ পাছত মোৰ চচাইটি চেঞ্জ হৈছে, এতিয়া দাগ থকা ফ্লড কাপোৰ পিন্ধি পাৰ্টি বা তেনে আন ৰাজহুৱা অনুষ্ঠানলৈ যোৱাৰ কথাটো ভাবিবই নোৱাৰো । আৰু ঘৰত, ধেই কোনোবাই দেখিলে মোৰ ইজ্বত কত থাকিব ।

তেন্তে কি কৰো । ৰিবকৰ টি-চাৰ্টটো মোৰ বাবে এটা ইউজলেচ পিচ, ধুৰ.....
হঠাত আইডিয়া এটা মনলৈ আহিল । মোৰ মামা এজন আছে । গাৱৰ ভেঞ্চাৰ স্কুলৰ মাষ্টৰ কৰে । খুব নীতি-আদৰ্শৰ কথা কয় । চাকৰি পোৱাৰ আগতে মোৰ দুৰ্দিনৰ সময়ত মামাই বহুত সহায় কৰিছিল । সেইবাবে মামাৰ ওচৰত মই অলপ ধৰুৱা হৈ আছো । মামাকেই বিহুৰ গিফট বুলি দি দিও । কেচ চেটলড.........

(২)

দিন বাগৰি গল । আচলতে বহুত দিনেই পাৰ হল । এই সময়চোৱাত মই দুটামান প্ৰমোচন পালো । দুঠাইত ট্ৰান্সফাৰ হোৱাৰ পাছত ছমাহ আগতে গুৱাহাটীলৈ বদলি হৈ আহিছো । এইখিনি সময়তে বিয়া পাতিলো, সংসাৰ হল । হাই চচাইটিৰ লগত মিলা মিছা বেছি হল আৰু গাৱৰ বোকা পানী গছকিবলৈ যোৱাটো প্ৰায় নোহোৱাৰ দৰেই হৈ পৰিল ।

দেওবাৰ এটা , দুপৰীয়া গা-পা ধুই ড্ৰয়িংৰুমত বহি প্লাজমা টিভিটো অন কৰি লৈছো ।
- হেৰা শুনিচানে, তোমাৰ মামাই ফোন কৰিছিল, আদাবাৰী পাইছেহি, আমাৰ ঘৰলৈ আহিব বোলে...... ৱাইফিয়ে চিঞৰিলে
- কোনজন মামা
- সেই যে মাষ্টৰ কৰে
- আচ্চা ঠিক আছে
- আৰু শুনা, লৰাই এইবাৰ মেট্ৰিক দিছে ছাগে, কলেজত পঢ়াব, তুমি পইচা পাতি নিদিবা কিন্ত, কৈ দিছো
- হব দিয়া হে
- কি হব দিয়া, পইচা কি খুজিলেই পাই নেকি, সিবাৰ যে টকা বিশহাজাৰ দিছিলা, মই নাজানো বুলি ভাবিছা নেকি, কথা বেয়া হৈ যাব কিন্ত.... ৱাইফিয়ে একেবাৰে টান সুৰত কলে

ট্ৰান্সফাৰ হৈ বেচ কেইবছৰমান অসমৰ বাহিৰত আছিলো । সেই সময়চোৱাত খুব বেছি চাৰিবাৰ ঘৰলৈ আহিছো । যোৱাবাৰ আহোতে মামী জি.এম.চি.এইচত । জন্ডিছ । মামাক লগ ধৰিলো । মামাই পইচা খোজা নাছিল । ভেঞ্চাৰ স্কুলখন চৰকাৰী হল যদিও গাৱৰ মাষ্টৰৰ হাতত পা-পইচা কিমান থাকে অনুমান কৰিলো । টকা অলপ মামাক দি দিলো । ৱাইফিয়ে গম পাই বৰ হুলস্থুল লগালে । পাছত গোৱালৈ ট্ৰিপত লৈ যাম বুলি কোৱাতহে চুপ হল । কিন্ত তেতিয়াৰেপৰা ৱাইফিয়ে মোৰ ফালৰ ইষ্ট কুটুম্বক একেবাৰে দেখিব নোৱাৰে ।

মামা আহিল, লগত মামাৰ লৰাটো,
মামাই মামীয়ে দিয়া গামোচা এখন আৰু বৰাচাউলৰ টোপোলা এটা আগবঢ়াই দি কলে
- হু ল, মামীয়েৰে দিছে, পাৰিলে বিহুত আমাৰফালেও পাক এটা মাৰিবি
- চাও, জানেইটো কাম বহুত, সময় নাপাৱেই..... মই কলো
- কামৰ বহুত হেচা পৰিছে ছাগে
- ও, ধন ডাঙৰেই হল, বহুত দিন হল দেখাই নাই ইয়াক, কিমান পালেগে
- টেন পাইছেগৈ, তোৰ সমান চোকা নহলেও ঈশ্বৰৰ কৃপাত গৈ আছে আৰু

মামাৰ লৰাটোক ঘৰত ধন বুলি মাতে, সৰুতে সি বৰ মৰমলগা আছিল, লৰাটোলৈ চালো, লৰাটো মামাৰ নিচিনাই হৈছে , অলপ ক্ষীণ, কিন্ত টি-চাৰ্টটো জোখতকৈ অলপ ডাঙৰ হৈছে, হলৌচোলাৰ দৰে ওলমি আছে
- চোলাটো কোনে কিনিছিলনো, অলপ ডাঙৰ হল নেকি
- অ সেইটো, সেইটো তই যে এবাৰ বিহুত দিছিলি, পিন্ধিয়েই গাটো একেবাৰে শাত পৰি যায় অ, ইমানদিন হল, একেবাৰে নতুন হৈয়ে আছে, অলপো ৰং যোৱা নাই, মামীয়েৰে বৰ আটোম-টোকাৰীকৈ ৰাখে, মোক পিন্ধিবই নিদিয়ে, তই মৰমত দিয়া বস্ত যে
- ও
- জাননে ধন, ককায়েৰে যেতিয়া মোক এই চোলাটো দিছিল, তেতিয়া এই চোলাটোৰ দাম মোৰ দৰমহাতকৈও বেছি আছিল । কাপোৰটো বৰ ভাল আছিল । চা আজি অতবছৰে একেই হৈ আছে ......... মামাই মামাৰ লৰাজনক উদ্দেশ্যি কলে

কব নোৱাৰাকৈয়ে মোৰ হাতখন মামাৰ লৰাজনে পিন্ধি থকা সেউজীয়া-হালধীয়া স্পৰ্টিংটোৰ কলাৰটোৰ পিনে গল । কলাৰটো অলপ মোটোকাই দিলো । আধা ইঞ্চি ব্যাসাৰ্ধৰ মটীয়া দাগ এটা ওলাই পৰিল ।

মটীয়া দাগটোৰ অৱস্থিতি মোৰ অন্তৰৰ ঠিক সোমাজতে অনুভুত হল ।

সংযোজন-
হয়তো এটা সময়ত কাহিনীটোৰ এটা চিকুৱেন্স এনেকুৱাই হলহেতেন.... কিন্ত নহল
ডিফেক্টিভ স্পৰ্টিংটো লিৰিকি বিদাৰি থাকোতেই, মিন্ট্ৰাৰপৰা ফিডবেক লবলৈ কল এটা আহিল
ফোনটোৰপৰা গম পালো যে মিন্ট্ৰা ডট কমৰ এটা এক্সচেঞ্জ কাম ৰিটাৰ্ণ পলিচি আছে ।
মিন্ট্ৰা ডট কমত লগ ইন কৰি এক্সচেঞ্জ প্ৰডাক্ট বুটামটো টিপিলো ।
মোৰ চাইজ XL , সেইটো সলনি কৰি M কৰিলো ।
মামাৰ চাইজ M
হয়তো কেইবছৰমান পাছত মামাৰ লৰাটোৰ চাইজো M হবগৈ

মিন্ট্ৰা ডট কমৰ এক্সচেঞ্জ পলিচিয়ে মোক দাগ এটাৰপৰা বচাই দিলে ।

হৃদয়হীনতাৰ এদিন


(১)
ছাৰ বহুত ভাল মানুহ । ছাৰে নিশ্চয় সহায় কৰিব........ বাংক হাউচটোৰ ভিতৰত সোমাবলৈ লৈ বাবুল আলিয়ে মনে মনে ভাবিলে

বাবুল আলি বাংক হাউচটোলৈ সোমাই গল । ছাৰে লেপটপত কিবা টাইপ কৰি আছিল । বাবুল আলিয়ে দৰখাস্তখন ছাৰলৈ আগবঢ়াই দিলে । ছাৰে কাগজকেইখন চালে । এখন দৰখাস্ত, লগত অসম মেডিকেল কলেজৰ ডায়গনিচৰ ৰিপৰ্ট । ৰেডিয়লজিষ্টৰ আখৰকেইটা ছাৰে চিনি পালে । পলাশ বৰদলৈ, হায়াৰ ছেকেন্ডাৰীৰ ক্লাছমেট ।
- ছাৰ জানেইতো , মানুহজনীৰ অসুখ, ডাক্টৰে ব্ৰেইন হেমাৰেজ হৈছে বুলি কৈছে, বাহিৰলৈ নিব লাগিব বোলে....... বাবুলে কলে
- ব্ৰেইন হেমাৰেজ, অপাৰেচন কৰাব লাগিব, বহুত পইচা লাগিব, লাখৰ ঘৰত
- হয় ছাৰ, সেয়েহে ড্ৰিলিং ইনচাৰ্জ ছাৰলৈ এপ্লিকেচন কৰিছো, পইচা-পাতি নায়েই, অলপ সহায় পালে সকাহ পালোহেতেন
- বেয়া নোপোৱা যদি এটা কথা কও
- কওকচেন ছাৰ
- তোমাৰ আৰ্থিক অৱস্থা ভাল নহয়, তিনিজনীকৈ ছোৱালী আছে নহয় জানো
- হয় ছাৰ, এজনী হায়াৰ ছেকেন্ডাৰী, এজনীয়ে মেট্ৰিক দিছে, আনজনী এইট পাইছে
- মানুহজনীৰ বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে, মাটি-বাৰীও বিক্ৰী হৈছে ছাগে
- হয় ছাৰ, ভেটিটোহে বাকী আছেহি
- লাখ টকা ভৰি মানুহজনীৰ চিকিতসা কৰোৱাতকৈ সেইখিনি টকা ছোৱালী তিনিজনীৰ পঢ়া-শুনাত খৰচ কৰা, নিজৰ ভৰিত নিজে থিয় হব পৰাকৈ সিহতক শিক্ষিত কৰি তোলা
- কিন্ত মোৰ মানুহজনী
- ঢুকাই থাকিব, কিন্ত চিকিতসাৰ নামত বাটৰ ভিকহু হৈ যাবা, তেতিয়া তোমাৰ ছোৱালী তিনিজনীৰ কি হব । মই তোমাক নিৰাশ কৰিব খোজা নাই । বি প্ৰেক্টিকেল । জীৱনত কিছুমান সিদ্ধান্ত কষ্টকৰ হয়, কিন্ত ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব । মানুহজনী যিমানদিন জীয়াই থাকে ভালকৈ ৰাখা । বাচ
- কিন্ত ছাৰ
- চোৱা, তোমাৰ অৱস্থাটো মই বুজি পাইছো । এপ্লিকেচনখন ৰীগৰ ড্ৰিলিং ইনচাৰ্জক দিবা, তেও যি কৰে কৰিব, আৰু মোৰপৰা এই ক্ষেত্ৰত একো আশা নকৰাই ভাল ।

এটা বিষন্ন মন লৈ বাবুল আলি বাংক হাউচৰপৰা ওলাই আহিল । ইমানদিনে ছাৰক বহুত ভাল বুলি ভাবিছিল । কিন্ত আচল ৰুপটো আজিহে ওলাই পৰিল । তেও যে প্ৰকৃততে এজন হৃদয়হীন মানুহ । ছাৰৰ প্ৰতি অতদিনে থকা শ্ৰদ্ধাবোৰ নিমিষতে আকাশত মিলি পৰিল ।

(২)

বাবুল বাংক হাউচটোলৈ সোমাই অহাৰ সময়ত মই লেপটপত এটা পাৱাৰপইন্ট বনাই আছিলো , হাও টু কোৱালিফাই নেট । বাবুল আলিয়ে দিয়া মেডিকেল ৰিপৰ্টটো ডা. পলাশ বৰদলৈয়ে চহী কৰা । ৰিপৰ্টটো পঢ়িলো । ব্ৰেইন হেমাৰেজ, কন্ডিচন ক্ৰিটিকেল, নিড টু অপাৰেট চুন ।
বাবুল আলি বহুত আশাৰে মোৰ ওচৰলৈ আহিছিল । তাৰ সলনি নিৰুতসাহিত কৰি মই পঠিয়াই দিলো ।

বাবুল আলি যোৱাৰ এঘন্টামান পাছত ৰফিক মোৰ বাংক হাউচলৈ আহিল । বাবুল, ৰফিক একেটা শ্বিফটৰে মাদ লেবাৰ ।
- ছাৰ আপুনি বাবুলকাক বোলে অলপ বেয়াকৈ কলে....... ৰফিকে সুধিলে
- তুমি কি শুনিছা
- আপুনি বোলে তাৰ ঘৈণীয়েকক মৰি যাব লাগে বুলি কৈছে

লেপটপৰপৰা মুৰ তুলি মই ৰফিকৰ ফালে চালো । ৰফিকে মোৰ ফালে চাই আছে । মই হাহিলো ।
- মই বাৰু তেনেকৈ কলো নেকি..... মই সুধিলো
- বাবুলকাই তো তেনেকৈয়ে কৈছে..... ৰফিকে কলে
- আচ্ছা ৰফিক , তোমাৰ মই এটা ঘটনা কও....

দুবছৰ আগৰ কথা, মই তেতিয়া লাইপালেঙৰ ৰীগ এটাত । মোৰ শ্বিফটত লৰা এটা আছিল, প্ৰশান্ত গগৈ । তাক কিছুদিন অবজাৰ্ভ কৰি ধাৰণা কৰিলো যে সি চোকা বুদ্ধিৰ লৰা, সুযোগ-সুবিধা পালে সি পঢ়া-শুনাত ভাল ফল দেখুৱালেহেতেন । প্ৰশান্তৰ লগত কথা বতৰা পাতি গম পাল যে প্ৰশান্তৰ দেউতাক খেতিয়ক আছিল । কিন্ত খেতিয়ক হলেও ঢেৰ মাটিবাৰী আছিল, ধান-মাহ বেচি যথেষ্ঠ ধন পায় । প্ৰশান্তৰ এজন ককায়েক আৰু ভনীয়েক এজনী আছিল । প্ৰশান্ত যেতিয়া ক্লাছ চিক্সত তেতিয়া ককায়েকৰ কেঞ্চাৰ ধৰা পৰিল । ককায়েক আছিল মাক-দেউতাকৰ অতি মৰমৰ । তাৰ পাছত চিকিতসা চলিল । খৰচী চিকিতসা । মাটিবাৰী বিক্ৰী গল, অলপ অলপকৈ ঘৰখন ধাৰত পোত গল । চাৰিবছৰমান চিকিতসা চলাৰ পাছত এদিন ককায়েক ঢুকাই থাকিল । প্ৰশান্তই মেট্ৰিকত দুটা লেটাৰ পাই ফাৰ্ষ্ট ডিভিজন পাইছিল, কিন্ত ঘৰৰ অৱস্থা এনেকুৱা হল যে কলেজৰ ফীজৰ বাবে পইচা নাই । সেই সময়তে বাপেকৰো অসুখ হল । খেতিমাটি বোৰ ককায়েকৰ চিকিত্সাৰ নামত বিক্ৰী হৈছিলেই । তাৰ পাছত প্ৰশান্তৰ ওপৰত ঘৰৰ দায়িত্ব পৰিল । প্ৰশান্তই ৰীগত কন্টিজেন্টৰ কাম কৰা কৰিলে আৰু আজিও কৰি আছে ।
এতিয়া চোৱা, কোনোবাই ৰীগত লেবাৰৰ কাম কৰে, মানে পইচা-পাতিৰ প্ৰবলেম আছে । তোমাৰো আছে, বাবুলৰ আছে, চবৰে আছে । কিন্ত যদি প্ৰশান্তহতৰ পইচা-পাতিৰ অভাৱ নহলহেতেন, তেতিয়া আজি কিজানি প্ৰশান্তই পঢ়া-শুনা কৰি ডাক্টৰ-ইঞ্জিনিয়াৰ-প্ৰফেচাৰ এইধৰণৰ কিবা এটা নিশ্চয় হব পাৰিলেহেতেন ।
- হব পাৰে ছাৰ....... ৰফিকে কলে
- এই যে ড্ৰিলিং ডিপাৰ্টমেন্টৰ বৰকাকতি, লৰা যে বাহিৰত পঢ়ি আছে বুলি কৈ থাকে
- অ, সেই যে চাপৰকৈ
- বৰকাকতিৰ লৰাই গুৱাহাটীত দুবছৰ কচিং ললে, কিন্ত এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰিলে, তাৰ পাছত বাহিৰত প্ৰাইভেট ইঞ্জিনাৰিং কলেজত নাম লগালে, তাৰ প্ৰতিভা তোমাৰ টেলেন্টতকৈ বহুত গুণে কম, কিন্ত সি সুযোগ সুবিধা পাইছে, গতিকে আগুৱাই গৈ আছে, আৰু তোমাৰ টেলেন্তক সাৰ-পানী দিব পৰাকৈ তোমালোক আৰ্থিকভাৱে সবল নহয়, গতিকে তুমি আজি ইয়াত আছা, হয় নে নহয়
- হয় ছাৰ
- মই বাবুলক কৈছিলো যে যিহেতু পইচা-পাতিৰ অভাৱ, গতিকে চিকিতসা কৰাই সৰ্বস্বান্ত হোৱাতকৈ সেইখিনি পইচাৰে ছোৱালী তিনিজনীক খুটি খাব পৰা কৰক । চিকিতসা নকৰালে ঘৈনীয়েক সোনকালে ঢুকাই থাকিব সচা কিন্ত যদি ছোৱালীকেইজনীৰ ভৱিষ্যত ভাল হয় তেন্তে সেইটোৱেই উচিত বুলি মই ভাৱো ।
- ও
- আৰু এনেকৈ ভৱাৰ বাবে যদি পৃথিৱীৰ কোনো মানুহে মোক বেয়া মানুহ বুলি ভাৱে, তেন্তে মই এজন বেয়া মানুহ ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৩)

আজিৰেপৰা কেইবছৰমান আগতে হোৱা হলে চিধাচিধিকৈ প্ৰেক্টিকেল কথা কোৱা বাবে বাবুল, ৰফিকৰ মনত মই এটা হৃদয়হীন মানুহ হৈ পৰিলোহেতেন ।

বাবুল আলি মোৰ বাংক হাউচলৈ এপ্লিকেচন লৈ অহাটো সচা আৰু হয়তো মই প্ৰেক্টিকেল কথাই কলোহেতেন ।
কিন্ত প্ৰবলেম আছে, যোৱা কেইবছৰৰ অভিজ্ঞতাই মোক শিকাইছে যে এনেকুৱা ক্ষেত্ৰত ডিপ্লমেটিক হোৱাটো প্ৰয়োজন, নহলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা ।
মই বাবুল আলিৰ হাতত থকা মেডিকেল ৰিপৰ্টটো চালো, ব্ৰেইন হেমাৰেজ, ক্ৰিটিকেল কন্ডিচন, বচাৰ আশা যথেষ্ঠ কম ।
বাবুল আলিৰ চেহেৰাত ঘৈনীয়েকৰ প্ৰতি থকা চেনচিটিভনেচ বিদ্যমান ।
আই ষ্টাৰটেড ডিপ্লমেচি..........
- বাবুল, অসুখটো গুৰুতৰ , কিন্ত বচাব পাৰিলে ভাল আছিল, আল্লাৰ ওপৰত ভৰষা ৰাখা, ওপৰৱালাই চব চাই আছে, ড্ৰিলিং ইনচাৰ্জক দৰখাস্তখন দিয়াচোন, কিবা সহায় হয়েই
- ছাৰ আপুনিও কিবা এটা........ বাবুল আলিয়ে কলে

বাবুলক একো উপদেশ দিয়াৰ চেষ্টা নকৰিলো । এনেয়ে ঝামেলাত পৰাৰ ইচ্চা নাই । ড্ৰিলিং ইনচাৰ্জলৈ লিখা দৰখাস্তখনত কাইন্ডলি কনচিডাৰ বুলি লিখি চহী মাৰিলো । পকেটৰপৰা মানিবেগটো উলিয়ালো, চাইটলৈ যাওতে মই বেছিকৈ পইচা-পাতি লৈ নাযাও । কেইটামান টকা বাবুলৰ হাতত দিলো ।
- বাবুল, এইকেইটা ৰাখা, মোৰো কন্ডিচন বৰ্তমান ভাল নহয়, বেংকৰ ডাঙৰ লোন মাৰি আছো. পইচা-পাতি যিকেইটা পাও হাতত নাথাকেই, জানাই নহয় গুৱাহাটীত চলিবলৈ কিমান পইচা লাগে
- হয় ছাৰ, মই ড্ৰিলিং ইনচাৰ্জ ছাৰৰ ওচৰৰ পৰা আহোগৈ

বাবুল আলি ওলাই গল । কিছুসময় পাছত ৰফিক আহিল । ৰফিকেও বাবুলৰ প্ৰসংগ উলিয়ালে । মই বাবুল লগত সহমৰ্মিতা প্ৰকাশ কৰিলো । ভগবানৰ ওপৰত ভৰষা ৰাখিবলৈ উপদেশ দিলো । মোৰ শুনি ভাল লগা ডিপ্লমেটিক কথাবোৰ শুনি ৰফিকৰ মনত মই আৰু ভাল মানুহ হৈ পৰিলো ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৪)

বহুত এনেকুৱা মানুহ লগ পাইছো যি আপোনাৰ প্ৰবলেমৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰে, সহানুভুতিৰে ওপচাই পেলায়, এনেকুৱা দেখুৱায় যে আপোনাৰ দুখত তেওতকৈ দুখী আৰু কোনো নাই । কিন্ত প্ৰকৃতাৰ্থত তেওলোকে আপোনাৰ একো সহায় নকৰে । নানান অজুহাতৰে গা এৰা দিয়ে । কিন্ত তথাপিও আমি তেওলোকক ভাল পাবলৈ নেৰো, কাৰণ ডে স্পীক ভেৰি ডিপ্লমেটিক, ডে কেন স্পীক ভেৰি চুইট । আৰু সেইবাবেই তেওলোকক আমি বহল হৃদয়ৰ ভাল মানুহ বুলি ভাবো ।

বাবুলৰ প্ৰবলেমটোৰ মোৰ হাতত একো চলুচন নাই । বিশেষ সমস্যা নোহোৱাকৈ ডিপ্লমেটিক কথাৰে মই ভাল ইমেজটো ৰাখিবলৈ সক্ষম হলো । ড্ৰিলিং ইনচাৰ্জে বাবুলক সাহাৰ্য হিচাপে দুটা ৰীগত থকা দুটা খালী ড্ৰাম দিলে । ড্ৰাম দুটা বিক্ৰী কৰি বাবুলে খুব বেছি তিনিশ টকা পাব । বাকী মানুহখিলিয়েও মিলি কেইশমান টকা বাবুলৰ হাতত তুলি দিলে । প্ৰেক্টিকেলি চাবলৈ গলে বেমাৰী এজনক গেলেকীৰপৰা ডিব্ৰুগড় মেডিকেললৈ নিবলৈ তাতকৈ বেছি ধনৰ প্ৰয়োজন হব ।

শ্বিফট শেষ হোৱাৰ পাছত কোম্পানীৰ বাছেৰে গৈ আছো । মানুহ আশাতেই জীয়াই থাকে । নিশ্চিত মৃত্যু বুলি জানিও মানুহে আশা নেৰে । যেতিয়ালৈকে হাতত পা-পইচা থাকিব, তেতিয়ালৈ ডাক্তৰী চিকিত্সা, এলপেথিক ঔষধ । তাৰ পাছত পইচা পাতি নোহোৱা হৈ আহিব , বেজ, কবিৰাজ, গাৱলীয়া চিকিত্সা । তাৰ পাছত এদিন...............
অস্থায়ী শ্ৰমিক বাবুল, বেমাৰী ঘৈনীয়েক, তিনিজনী ছোৱালী । লাইপালেঙৰ প্ৰশান্ত গগৈ । ৱৰ্ল্ড ইজ এ স্মল প্লেচ । হয়তো এদিন প্ৰশান্তৰ দৰেই কৰবাত আচিফা, আমৰিণ বা ৰাবিয়াক দেখা পাম ।
তেতিয়া হয়তো ভাবিম.........
সিদিনাখন ডিপ্লমেটিক হৈ ভাল হৈ থকাৰ সলনি অলপ হৃদয়হীন হৈ বেয়া হৈ থাকিলেই কিজানি ভাল আছিল ।

নষ্টালজিয়া, অপৰাধবোধ, জীৱনবিহীনতা ইত্যাদি.... ইত্যাদি............


(১) ......নষ্টালজিয়া.....

সকলোতকৈ ডাঙৰ প্ৰশ্নটো আছিল, বৈশালীয়ে চিনি পাব তো....... ১০ বছৰ আগতে কটনত হায়াৰ ছেকেন্ডাৰীত যি এৰা-এৰি হোৱা, তাৰ পাছত ফেচ টু ফেচ কেতিয়াও দেখাদেখি হোৱা নাই । অৱশ্যে ফেচবুকত ইটোৱে সিটোৰ ফটো-ষ্টেটাছত লাইক-কমেন্ট দি থাকো ।

সন্ধিয়া ৬ বাজিছে, ৱেডিং হললৈ সোমাই গলো । প্লেন আছিল সোনকালে গৈ সোনকালে ঘুৰি অহা । গিফটটো হাতত লৈ বৈশালীৰ পিনে আগুৱাই গলো । বৈশালীৰ পিনে চালো, উফ ৰক্ষা, বৈশালীয়ে চিনি পোৱা যেন লাগিছে ।
- আহা, অহাৰ বাবে বহুত ধন্যবাদ....... বৈশালীয়ে কলে
- চিনি পাইচা তো........ মই মুখস্থ কৰি অহা ডায়লগটো মাৰি দিলো
- কিয় নাপাম, ফেচবুকত ফটোৰ ওপৰত ফটো আপলোড কৰি বৰ কৰি দিছা

বৈশালীৰ হাতত থকা শৰাইখনৰপৰা চফ ললো ।ফটোৰ কাৰণে পজ দিলো, ফটোগ্ৰাফাৰৰ কেমেৰাই ক্লিক কৰিলে ।
অলপ পাছত ওপৰ মহলালৈ খাবলৈ উঠি গলো । ফ্ৰাইড চিকেনৰ আইটেম আছিল, লেগ পিচ কেইটামান পেটত সোমাল, তললৈ নামি আহিলো । ৱেডিং হলত বহিলো ।

আমি হায়াৰ ছেকেন্ডাৰী কটনত একেলগে আছিলো । সেই সময়ত ক্ষীণ-মীন, ডাঠ চশমা পিন্ধা বৈশালী চৌধুৰীৰ লগত বহুত বেছি মিলা-মিছা নাছিল । একে ক্লাছৰ ছোৱালী বুলি মাত্ৰ চিনাকি আছিল । আচলতে সীমান্ত, কুলদীপ, অমৰেন্দ্ৰ, বিবেকানন্দ, মাৰ্তন্দ আদিৰ আমাৰ গ্ৰুপ এটা আছিল, আমি ছোৱালী নামৰ আপদবোৰৰপৰা যিমান পাৰি দুৰত অৱস্থান লৈছিলো আৰু সেয়ে ফাৰ্ষ্ট ইয়াৰৰ শেষলৈকে দুই-এজনীৰ বাদে বহুতৰ নামেই নাজানিছিলো ।

মোৰ যিমানদুৰ মনত পৰে ছেকেন্ড ইয়াৰৰ শেষলৈকে বৈশালী চেন্ট মেৰীজ স্কুলৰপৰা পাছ কৰিছিল বোলা ইনফৰমেচনটোৰ বাদে এটা কথাই মনত আছে যে এবাৰ কেমেস্ত্ৰী প্ৰেক্টিকেলত মই বৈশালীৰ টেবুলৰপৰা টেষ্ট টিউব হল্ডাৰ এটা নোকোৱাকৈ লৈ আনিছিলো আৰু ঘুৰাই দিয়া নাছিলো । পাছত বৈশালীয়ে সেই হল্ডাৰ চোৰ জন ৰোল নং ৫০১, এ.আৰ.বি হোষ্টেলৰ অমৰেন্দ্ৰ বুলি সন্দেহ কৰিছিল.. (দুয়োজনৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী)

যেতিয়াই পুৰণা কথা মনত পৰে , মানুহ নষ্টালজিক হৈ যায় । হায়াৰ ছেকেন্দাৰীৰ কি দিন আছিল, আমি আছিলো ইয়ং , এন্থুৱাস্টিক, এনাৰ্জিৰে পৰিপুৰ্ণ টিনেজাৰ । এটা ক্লাছ শেষ হোৱাৰ পাছত আনটো ক্লাছলৈ দৌৰো, ক্লাচত উল্টা-পুল্টা প্ৰশ্ন কৰো, অফত ক্ৰিকেট খেলো, পাণবজাৰৰ কিতাপৰ দোকানত ঘুৰো, বেষ্ট টাইমচ অৱ আৱাৰ লাইভছ......আমাৰ ক্লাছৰ গোটেইকেইটা গ্ৰুপ আৰু প্ৰায় গোটেইকেইজন সহপাঠীৰ সৈতে মোৰ এটা সৌহাৰ্দ্যপুৰ্ণ ৰিলেচন হৈ পৰিছিল ।

কিন্ত....এটা কথাৰ বাবে মোৰ নিজকে কেতিয়াবা অপৰাধী যেন বোধ হয়.... সেই সময়খিনিৰ ভিতৰত আই হাৰ্ট চাম ফিলিংচ, মে বি আনইনটেনচনেলি, আনউইলিংলি, বাট ছি ৱাজ হাৰ্ট, তাই বৈশালীৰ একে স্কুলৰ আছিল, নীলাক্ষী............ নীলাক্ষী ডেকা, আই থিংক ছি লাইকড মি, নাজানো কিয়, মোক তাইৰ ভাল লাগিছিল..... কিন্ত মই, সেই সময়ত আই ৱাজ টেন য়াৰ্ডছ এৱে ফ্ৰম লাভ-এট্ৰাকচন এটচেট্ৰা এটচেট্ৰা........
সাধাৰণতে সেই সময়ত কোনো ছোৱালীৰ লগত মই বেছি কথা নাপাতিছিলো, একেবাৰে জুখি-মাখি কথা কৈছিলো আৰু সেয়ে মোৰ নিক নেম হৈছিলগৈ - চিৰিয়াচনেচাৰ

কিন্ত , এদিন..... বাছৰ কাৰণে পাণবজাৰত ৰখি আছো, বগা ৰঙৰ ডিলাক্স বাছ এখন আহিল । সেই সময়ত বাছবোৰত পাছৰ দৰ্জাখন নাছিল......বাছত উঠিলো, মোৰ আগে আগে ছোৱালী এজনী উঠিল । তাই গৈ লাষ্টৰ চিটটোত খিড়িকীৰ কাষত বহিল । লাষ্টৰ পাচজনীয়া চিটটোত তেতিয়া দুটা চিট খালী হৈ আছিল । মই খালী চিটটোত বহিম নে নবহিম ঠিৰাং কৰিব নোৱাৰি প্ৰথমতে মই থিয় হৈ যাম বুলিয়েই ভাবিছিলো ।
- চিট খালী আছে চোন, বহা আকৌ, লাজ কৰিছা নেকি....... তাই মোক কলে

মই গৈ তাইৰ কাষৰ চিটৰ বহিলো । কথা-বতৰা ষ্টাৰ্ট হল, যি ষ্টাৰ্ট হল, ক্লাছৰ পৰা আৰম্ভ কৰি লেটেষ্ট চিনেমালৈকে, পচন্ডৰ খেলৰপৰা সৰু মাছ ভজালৈকে, প্ৰায় ডেৰঘন্টা নন-ষ্টপ , বেলতলাত মই নমালৈকে কথা চলি থাকিল । মই নমাৰ পাছত তাই লাষ্ট চিটৰপৰা আহি আগৰ খালী চিট এটাত বহিছিল... জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ লগত মই ইমান সময় কথা কৈছিলো । সিদিনা মই বহুত কথা কৈছিলো ।
ফ্ৰেংকলি স্পিকিং, আই ডন্ট হেভ এনি চাচ কাইন্ড অৱ ফিলিং ফৰ হাৰ, বাট ছি হেজ ফিলিংচ এন্দ ছি ৰিভেল্ড হাৰ ফিলিংচ ।

সেই সময়ত মোৰ একো আইডিয়া নাছিল, সাহস, পৰিকল্পনা একোৱেই নাছিল আৰু সেয়ে আই ডেনিড হাৰ ফিলিংচ এন্ড আই এভইডেড হাৰ । হায়াৰ ছেকেন্ডাৰীৰ দুবছৰত তাইক বাদ দি মই কাকো ইমচনেলি হাৰ্ট কৰা নাই । কিন্ত ইচ্ছা-অনিচ্ছাকৃতভাৱে তাইক দুখ দিয়াৰ বাবে........... আজিও মই এটা অপৰাধবোধত ভোগো....

আজিৰ বৈশালীৰ বিয়ালৈ নীলাক্ষী আহিবনে......

মবাইলটো উলিয়াই ফেচবুক চাৰ্চ কৰিলো, বৈশালী-ইন্দ্ৰনীলৰ ৱেডিং ইভেন্ট, নাই,.......আমাৰ বেটছৰ মই, অমৰেন্দ্ৰ, লীনা বাচ........ অমৰেন্দ্ৰক ফোন কৰিলো, সি ডিব্ৰুগড়ত আছে, নাহে, লীনাক ফোন কৰিলো....... অহাত দেৰি হব । নীলাক্ষী ডেকা , ফেচবুকত চাৰ্চ কৰিলো, হয় , মোৰ ভুল হব নোৱাৰে, একেই চেহেৰা, একেই হেয়াৰষ্টাইল, ওঠত লাগি থকা মিচিকিয়া হাহি, নীলাক্ষী একেবাৰে সলনি হোৱা নাই....
ময়ো হয়তো একো সলনি হোৱা নাই..... এঘাৰ বছৰ আগতে ঠিৰাং কৰিব পৰা নাছিলো, বাছখনৰ চিটটোত বহিম নে নাই, আৰু.....আজি ঠিৰাং কৰিব পৰা নাই, নীলাক্ষীলৈ ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাম নে নাই.......

কফি খাব নেকি । হাটত ট্ৰে লৈ থকা কেটাৰিঙৰ লৰা এজনে সুধিলে । এটা নষ্টালজিয়াৰপৰা সাৰ পাই মই মুৰ জোকাৰিলো...ঘড়ীত ৭-৪৫ হল । বৈশালীক মাত লগাবলৈ উঠি গলো ।
- যাও দিয়া, আমাৰ লগৰ কোনো আহি পোৱাই নাই
- কন্টেক যাৰ যাৰ লগত আছে চবকে মাতিছিলো, তুমি অহাৰ বাবে থেংকচ..... বৈশালীয়ে কলে
- তোমাৰ বিয়াত আহিছো কিন্ত, মোৰ বিয়াতো আহিব লাগিব ..... মই কলো
- তোমাৰ বিয়া কেতিয়া হব ভগবানেহে জানে
- দুবছৰ মান লাগিব, তুমি কেচুৱা এটা কোলাত লৈ আহিব পাৰিবা

বৈশালীয়ে মোৰ পিনে ঘোপাকৈ চালে, ........ মই তেতিয়া এটা নষ্টালজিয়াৰ আৱৰ্তনত

(২) ......অপৰাধবোধ............

ছেপ্তেম্বৰ ২০০৩, কটন কলেজ কফি হাউচ । অমৰেন্দ্ৰ, বাবলু, কুলদীপ, প্ৰবাহন, হিৰণ্য, গুলেনুৰ, অংশু আমি একেটা প্ৰেক্টিকেল গ্ৰুপত আছিলো, প্ৰতি শুকুৰবাৰে আবেলি আমাৰ প্ৰেক্টিকেলৰ গ্ৰুপটোৰ ডেৰঘন্টা সময় অফ আছিল । তেনেকুৱা এটা শুকুৰবাৰতে আমি আঠজনে কফি হাউচত এটা পেপচি আৰু এটা ষ্প্ৰাইট শ্বেয়াৰ কৰি খাইছিলো.....তাৰ পাছত গ্ৰুপ ফটো উঠিছিলো , হায়াৰ ছেকেন্ডাৰীৰ মেমৰী হিচাপে সেই এখনেই ফটো মোৰ লগত আছে । বহুত কথা পাহৰি গৈছো, আৰু কিছুমান কথা থুপ খাই আছে মস্তিষ্কৰ চেৰিবেলাম নামৰ অংশটোৰ নিউৰণবোৰৰ শাখা-প্ৰশাখাবোৰত.......

সেইদিনাখনেই, হয়, সেই গ্ৰুপ ফটোখন উঠাৰ দিনাই অমৰেন্দ্ৰই মোক কামোৰ দি দি মোৰ মুখৰ পৰা নাম এটা উলিয়াইছিল...আশাপুৰ্ণা......তাৰ পাছৰেপৰা এটা ট্ৰাইএংগোল সৃষ্টি হৈছিল......আমি আছিলো ১৭-১৮ বছৰীয়া টিনএজাৰ, নীলাক্ষী-মই-আশাপুৰ্ণা........ নীলাক্ষী আৰু আশাপুৰ্ণা ফ্ৰেন্ড আছিল...... সেই সময়ত চিনেমা এখন ৰিলিজ হৈছিল, নাম ইস্ক-বিস্ক, আৰু আমাৰ ট্ৰাইএংগোলাৰ চিটুৱেচনটো প্ৰায় চিনেমাখনৰ ট্ৰাইএংগোলটোৰ দৰেই আছিল...

তিনিওজনে ইজনে সিজনৰ ফিলিংচবোৰ বুজি পোৱাত অলপো অসুবিধা হোৱা নাছিল । কিন্ত......আই নেভাৰ ডাইৰেক্টলি প্ৰপজড আশা, নীলাক্ষী নেভাৰ ডাইৰেক্টলি প্ৰপজড মি এন্ড আই নেভাৰ নিউ হোৱাট আশা থট..... নীলাক্ষী কনফিউজড, আশা কনফিউজড আৰু এবভ অল.... ময়ো কনফিউজড...দেট টাইপ অৱ চিটুৱেচন ইন ৰিয়েল লাইফ ৱাজ ভেৰি কনফিউজিং

ফাইনেলৰ আগত হোৱা কলেজৰ চিলেকচন পৰীক্ষা, ফিজিক্সৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্লৰত থকা প্ৰেক্টিকেল ৰুম, ইন্টাৰনেল হিচাপে ড০ মহাদেৱ পাটগিৰি ছাৰ, মোৰ ভাগত বাৰ-মেগনেট পৰিল । ছাৰৰপৰা মেগনেট আৰু বিয়াৰাৰৰপৰা কম্পাছ আৰু পেপাৰ লৈ খালী টেবুল এখনৰ ফালে গলো । টেবুলখনৰ এটা পাৰ্টত ইতিমধ্যে নীলাক্ষীয়ে অলপ বস্ত থৈছিল । বাকী খালী ঠাইখিনিত মই মোৰ বস্ত ৰাখিলো ।
- কি পৰিছে.... নীলাক্ষীয়ে সুধিলে
- বাৰ-মেগনেট... মই কলো

নীলাক্ষীয়ে হাহি এটা মাৰিলে, টেবুলখনৰপৰা অলপ আতৰি গল আৰু কৰ পৰা জানো আশাপুৰ্ণাক লৈ আনিলে
- দুয়োজনৰে একে পৰিছে, বাৰ-মেগনেট, একেলগে কৰ...... নীলাক্ষীয়ে আশাক উদ্দেশ্যি কলে

নীলাক্ষীই নিজৰ বস্তখিনি লৈ বেলেগ এখন টেবুললৈ গল, আশাই বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত লাগিল
- ই ৰাম, মেগনেটটোৱে কি যে দেখাইছে, অলপ চাই দিয়া না...... আশাই মোক উদ্দেশ্যি কলে

মই আশাৰ পেপাৰখনত মেগনেটতো থৈ লাইন দুদালমান ড্ৰ কৰি দিলো
- থেংকচ, নকবা আৰু, মা জল্ডি কলেজ গল আজি, স্পৰ্টছ উইক চলি আছে .... আশাই কলে
- তোমাৰ মাই মানে খেলা-ধুলা কৰে নেকি...... বেলবুং টাইপৰ প্ৰশ্ন এটা মুখেদি ওলাই গল
- নহয়, মা আকৌ কিয় খেলিব, মা কলেজ উইকৰ কেইটামান গেমছৰ চুপাৰভাইজাৰ

তাৰ পাছত আশাই চাই দিয়ানা বুলি কয় আৰু মই লাইন ড্ৰ কৰি দিও....কিন্ত..... আশা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত এক্সপাৰ্ট আছিল, তাই লগৰ বহুতক প্ৰেক্টিকেল ক্লাছত সেই প্ৰেক্টিকেলটো কৰি দিছিল,.....মই তাই যে বাৰ-মেগনেটৰ এক্সপাৰ্ট সেইকথা জনা স্বত্তেও আশাক সেইদিনা প্ৰেক্টিকেলটোৰ প্ৰায় আধা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰি দিছিলো.....
সেইদিনা...... প্ৰেক্টিকেলৰ ৰুমটোত মাজে মাজে হঠাত যেতিয়া মই নীলাক্ষীৰ ফালে চাইছিলো, প্ৰায়েই চকুৱে চকুৱে পৰিছিল,........ এন্ড দেট ফেচিয়েল এক্সপ্ৰেচন অৱ হাৰ.......জোৰকৈ ক্ষীণ হাহি এটা ধৰি ৰাখিবলৈ কৰা চেষ্টা...... আই ফেল্ট গিল্টি, ভেৰি ভেৰি গিল্টি.......

আৰু সেই অপৰাধবোধটো মই যোৱা এঘাৰ বছৰে কঢ়িয়াই লৈ ফুৰিছো.....

(৩)-....... জীৱনবিহীনতা..........

ৱেল , দিজ ৱাজ চাম টিনএজ ইভেন্টচ । হায়াৰ ছেকেন্ডাৰী শেষ হল, ইভেন্টবোৰো শেষ হল । এভৰিৱান ৱেন্ট দেয়াৰ অউৱ ৱে । অমৰেন্দ্ৰ, বাবলু মেডিকেল পঢ়িবলৈ গল । হিৰণ্য, প্ৰবাহন ইঞ্জিনাৰিং, কুলদীপ, নীলাক্ষী বেলেগ এখন কলেজলৈ গল, আশাপুৰ্ণা বাংগালোৰ পালেগৈ । হায়াৰ ছেকেন্ডাৰীৰ পাছত নীলাক্ষী, আশাপুৰ্ণাৰ লগত মোৰ একো যোগাযোগ নাথাকিল । আই নেভাৰ মেট দেম দেয়াৰআফটাৰ ।

কিন্ত এটা অপৰাধবোধ মই কঢ়িয়াই লৈ ফুৰিলো । ভাবিছিলো এদিন এই অপৰাধবোধৰ পৰা নিস্কৃতি পাম, সময়ৰ লগে লগে কথাবোৰ ধুৱলী-কুৱলী হৈ থাকিল, নীলাক্ষী, আশাপুৰ্ণা, কফি হাউচ, ফিজিক্স প্ৰেক্টিকেল স্মৃতিৰ কোনোবা গহ্বৰত নিমজ্বিত হৈ পৰিল ।

সেই সময়ত কলেজলৈ যাওতে মায়ে মোক পোন্ধৰটকা দিছিল, পাণবজাৰলৈ তেতিয়া ভাড়া আছিল পাচটকা, ৰিজাৰ্ভ বেংকলৈ চাৰিটকা, এটকা বচাবলৈ মই প্ৰায়েই ৰিজাৰ্ভ বেংকত নামি দিছিলো, কেন্টিনত পৰঠা এখন তেতিয়া ছয়টকা আছিল......সেই সময়ত দেউতাৰ নাৰ্ভাচ ব্ৰেকডাউন হৈছিল, ডাক্টৰ-হস্পিতালৰ ফীজ, ঔষধ, দৰমহা নাছিল, এটা সময়ত পোন্ধৰটকাটোৰপৰা পাচটকীয়া নোট এখন হেৰাই গৈছিল...

তেতিয়া আমি থকা দুশ স্কুৱেৰফুটৰ ভাড়াঘৰটোত দুটা কোঠালি আছিল আৰু কেম্পাছটোত থকা চৈধ্যঘৰ মানুহে দুটা বাথৰুম শ্বেয়াৰ কৰিছিল , কলেজলৈ যাবৰ জোখাৰে মোৰ তিনিটা চাৰ্ট আছিল, এটা বগা ৰঙৰ আন দুটা নীলা......
দুশ স্কুৱেৰফুটত থকা এই দুটা ৰঙৰ মাজত নীলাক্ষী ডেকা বা আশাপুৰ্ণা কাকতিৰ বাবে ঠাই থকাৰ কোনো প্ৰশ্নই নাছিল...... দেয়াৰ ৱাজ ন স্পেচ ফৰ এনি ফিলিংচ.......

বাহিৰত কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হৈছে, খিড়িকীখন খুলি দিলো.......
চেচা বতাহ এজাক খিড়ীকিয়েদি সোমাই আহিল.... বতাহজাকে এটা ফিলিংচক কপাই তুলিলে
যোৱা এঘাৰ বছৰত ফিলিংচবোৰৰৰ বাবে কেতিয়াবা স্পেচ ক্ৰিয়েট হৈছিল নেকি...............

আশাপুৰ্ণা কাকতি বৰ্তমান অস্ত্ৰেলিয়াত চেটল কৰিছে, তাইৰ হাজবেন্ড চফটৱেৰ ইঞ্জিনিয়াৰ, হাজবেন্ড আৰু তাই বৰ্তমান অস্ত্ৰেলিয়াৰ চিটিজেন....নীলাক্ষী ডেকা, ৰিলেচনচিপ ষ্টেটাছ, এংগেজদ, মোৰ নটিফিকেচনত যোৱামাহত হৈ যোৱা তাইৰ এংগেজমেন্টৰ ফটো ওলাইছে, তাইৰ মুখত এটা ক্ষীণ হাহি........

অমৰেন্দ্ৰলৈ ফোন কৰিলো..
- কেইমাহমান আগতে তুমি মোক ফোন কৰিছিলা, মনত পেলোৱাচোন
- কেতিয়া............অমৰেন্দ্ৰই সুধিলে
- তুমি যে নীলাক্ষীৰ কথা উলিয়াইছিলা
- হয়, যোৱাবছৰ মাৰ্চত তোমাক ফোন কৰিছিলো
- নীলাক্ষীয়ে তোমাক ফোন কৰিব দিছিলনেকি
- য়েছ
- অহ, হে ভগবান............, জীৱনত বহুত ডাঙৰ ভুল হৈ গল, এন ইৰিভাৰচিবল মিচটেক, হু টু ব্লেম, মোৰ বাহিৰে কোনো দোষী নহয়

বাহিৰৰপৰা চেচা বতাহজাক বেছি জোৰেৰে সোমাই আহিল, খিড়িকীখন জপাই দিয়াৰ ইচ্ছা নগল......
অমৰেন্দ্ৰৰ ফোনটো কাটি মোৰ পোন্ধৰশ স্কুৱেৰফুটৰ ফ্লেটটোৰ বেলকনিলৈ ওলাই গলো....
যোৱা এঘাৰ বছৰত..... হোৱাট আই আৰ্ণড..... ফিউ স্কুৱেৰফুটছ.......

কিনকিনীয়া বৰষুণজাক, হিমশীতল চেচা বতাহ,
মই অনুভৱ কৰিলো...... হাহি এটা সংক্ৰমিত হৈছে, ফিজিক্সৰ প্ৰেক্টিকেল ৰুমত নীলাক্ষীৰ চেহেৰাৰ জোৰকৈ ধৰি ৰাখিব খোজা হাহিটো এঘাৰ বছৰ পাছত সংক্ৰমিত হৈছে ......... মোৰ মুখমন্ডললৈ...

বাহিৰত ঘোপমৰা এন্ধাৰ........পৃথিৱীখনত জীৱনবিহীনতাৰ নিৰ্জনতা

কোৱান্টাম



কোৱান্টাম

(১)

ইউনিভাৰচিটি, চন ২০০৭, ফাৰ্ষ্ট চেমিষ্টাৰ, প্ৰথম পেপাৰ , ফিজি্কেল কেমেস্ত্ৰী
চেমিষ্টাৰটো কেনেকৈ পাৰ হৈ গল গমেই নাপালো চিলেবাছৰ মাথা মুন্ডা একো আওভাও পোৱা নাইপাছদিনা পৰীক্ষা আছে, ষ্টেটিচটিকেল থাৰ্মডাইনামিক্স, কোৱান্টাম কেমেস্ত্ৰী, ইলেকট্ৰিকেল ডবল লেয়াৰৰ দীঘল-ডাঙৰ ডিৰাইভেচন, কোনোপধ্যে মাথাত নোসোমায়ৰুমমেট মুখস্থ কৰাত ব্যস্ত, ইশ্বৰক চিন্তি বিচনাত বাগৰি দিলো

পাছদিনা এক্সাম হলত  নৱনীতাকো বহুত টেনচনত দেখিবলৈ পালোনৱনীতাক মোৰ ভাল লাগে, কিন্ত সেই ৰাজৰ্ষিটো, এনেয়ে লৰাটো ভাল, চাধা-চিধা, বেছি কথা-বতৰা নকয়,  কিন্ত সিও নৱনীতাক খেপ দি আছে চাল্লা, সি ক্লাছৰ টপাৰ, সেইটো সুবিধা লৈ সি কনচেপ্ট বুজোৱাৰ বাহানা মাৰি নৱনীতাৰ লগত চেনী খাই থাকে এতিয়াও সি নৱনীতাক কিবা এটা ডায়েগ্ৰাম আকি বুজাই আছে

১০ টাৰ পৰা পৰীক্ষা আৰম্ভ কুৱেচন পেপাৰ দিলে, চাৰিঘন্টাৰ পৰীক্ষা, ফুকন ছাৰ ইনভিজিলেটৰ, খুব কাঢ়া মানুহ, ৰুমত পায়চাৰি কৰি আছে ইফালে সিফালে হিলিবৰ সাধ্য নাই, চবেই মুৰ তল কৰি লিখি আছে ৮০ নম্বৰৰ ১৫ মান কৰিলো, ইপালে সিফালে চাই আছো কিজানি কৰবাৰপৰা কেইটামান নম্বৰ আহেই

-
কি হল, ইফালে সিফালে কি চাই আছা, কমন পৰা নাই নেকি..... ফুকন ছাৰে সুধিলে
-
কমন বহুতকেইটা পৰিছে, কোনটো আগতে কৰিম ভাবি আছো........ মই কলো

ফুকন ছাৰে আগৰ দৰেই বেঞ্চৰ শাৰীবোৰৰ মাজেদি পায়চাৰি কৰি থাকিল

(
২)

এক ঘন্টা শেষ হল চলিহা ছাৰ ফুকন ছাৰৰ ঠাইত আহিল চলিহা ছাৰ ভাল মানুহ ভাল মানে একো দিগদাৰি নিদিয়ে পেপাৰ এখন লৈ চকীত বহি থাকে মাজে মাজে চশমাৰ ওপৰেদি চকু উলিয়াই কয়.......... কীপ চাইলেঞ্চ

হাৰ্ডবৰ্ডত চাৰিটা কমন আছিল, মাৰি দিলো স্ক্ৰডিংগাৰ নামৰ মক্কেলটোৱেনো ইমান টান টান ইকুৱেচন উলিয়াব লাগেনে, খালী ইন্টিগ্ৰেছন, ডেল্টা, থিটা, বিটা.... ধুৰ, একো বুজি নাপায় হাৰ্ডবৰ্ডৰ মেটেৰিয়েলখিনি আনছাৰশ্বিটত তুলি ললো, ২০ আহি গল

ছিক্স পকেটটোৰ বটম জেপকেইটাত কেইটামান কমন আছে, সেইকেইটা হলে পাছ কৰি যাম
ছিক্স পকেটটোৰ বাও জেপৰপৰা সাবধানে কাগজ এখন উলিয়াই ললোবাওহাতৰ তলুৱাত কাগজখন লুকুৱাই ললো থাৰ্মডাইনামিক্সৰ ডিৰাইভেচন ষ্টাৰ্ট হল

দুঘন্টা শেষ হল আহমেদ ছাৰ ইনভিজিলেটৰ হৈ আহিল আহমেদ ছাৰ আমাৰ ফেভাৰিটছাৰে নোটছ নিদিয়ে, কিন্ত ছাৰৰ ক্লাছৰ মজাই বেলেগ, স্পষ্ট কথনভংগী, স্পেচিফিক কনচেপ্ট, টু ডা পইন্ট কনটেন্ট ডেলিভাৰী, মুঠৰ ওপৰত টপ ক্লাছ

ছাৰ মোৰ ফালে অহা দেখি  কমনৰ টুকুৰাটো হাৰ্ডবৰ্ডৰ তলত লুকুৱাই ললো
-
কিহে ডেকা লৰা,  পেপাৰ কেনেকুৱা পাইছা....... আহমেদ ছাৰে সুধিলে
-
টান হৈছে ছাৰ,  ক্লাছত পঢ়োৱা একো কমনেই অহা নাই..... মই কলো
-
ইউজ দা কনচেপ্টছ এন্দ ইউটিলাইজ এ লিটিল বিট আৱ ব্ৰেইন, ইচ কুৱেচন ইজ চিম্পল আহমেদ ছাৰে কলে

কতনো ব্ৰেইন আৰু কনচেপ্ট খটুৱাম, ছাৰ আতৰ হোৱাৰ পাছতেই কমনৰ টুকুৰা উলিয়াই কপি কৰাত লাগিলো

(
৩)

তিনি ঘন্টা শেষ হল আকৌ ফুকন ছাৰ ইনভিজিলেটৰ হলহি
কমনকেইটা প্ৰায় ইউজ কৰিলোৱেই, মাত্ৰ এটা বাকী সময় বহুত আছে বাথৰুমলৈ গৈ অলাগতিয়াল টুকুৰাবোৰ এলিমিনেট কৰি আহিলোআৰু এটা লিখি বহী জমা দিব লাগিব নেক্সট এক্সাম পৰহিলৈ, হাৰ্ডবৰ্ড আৰু কমনবোৰ ঠিকঠাক কৰিব লাগিব

বাথৰুমৰপৰা আহি ছিটত বহিলো বিশেষ কাইদাৰে কমনৰ টুকুৰাটো হাৰ্ডবৰ্ড, আনছাৰচিট আৰু এডমিট কাৰ্ডৰ মাজত এনেকৈ ৰাখিলো যে মোৰ বাহিৰে আনে সহজতে ধৰিব নোৱাৰে
মুৰ তল কৰি কমনটো লিখিবলৈ ষ্টাৰ্ট কৰিলো

-
হেই, হোৱাট য়ু আৰ ডুইং, চিটিং ইন দা এক্সাম, লাজ নালাগে....... ফুকন ছাৰৰ মাত শুনিবলৈ পালো

মোৰ মুৰ তল হৈ থাকিলএতিয়ালৈ এটা ভাল লৰাৰ ইমেজ মেইনটেইন কৰি আহিছিলো প্ৰথমবাৰৰ বাবে ধৰা পৰিছো, আৰু হয়তো শেষবাৰৰ বাবে,  কাৰণ ফুকন ছাৰ কাঢ়া মানুহ নকল কৰাৰ শাস্তিস্বৰুপে মোক পৰীক্ষাহলৰপৰা উলিয়াই দিয়া হব,  ইউনিভাৰচিটিৰ নিয়মমতে তিনিবছৰলৈ চাচপেনচন মানে কেৰিয়াৰ শেষ হে ভগবান, মা-দেউতাক কি কম , কেনেকৈ মুখ উলিয়াম , আৰু নবনীতা, তায়ো মোক ভাল লৰা বুলিয়েই ভাৱে এতিয়া মই নাপাত্তা হৈ যামতাই আৰু ৰাজৰ্ষি, উফ..... চব ফিনিছ হৈ গল
ৱাটাৰ ড্ৰপলেট কেইটামান চকুত গোট খালেহি.......,
যি হল হল, ফুকন ছাৰৰ হাতে ভৰিয়ে ধৰি হলেও এইবাৰলৈ বাচিব লাগিব লাগিলে হুকহুকাই কান্দি দিম, ছাৰৰ ভৰিত পৰি দিম, চব ছাৰৰে ভৰিত পৰি দিম
কন্দনমুৱা চেহেৰাটো লৈ মুৰ তুলিলো আগফালৰ কেইটাই মোৰফালে চাই আছে চকুপানী এই ওলাও এই ওলাও আৰু............... কিন্ত

আগফালৰকেইটাই চাই থকা ডাইৰেক্সনতে পাছফালে ঘুৰি চালো চকুৰ ৱাটাৰ ড্ৰপলেট ডিচএপিয়াৰ গৈ পৰিল......
ফুকন ছাৰ মোৰ ওচৰত নাই ফুকন ছাৰ মোৰ দুখন বেঞ্চৰ পাছত ইট ৱাজ চামৱান এলজ কট ৰেড হেনডেড...............
এক্সুৱেলি ইন ইউনিভাৰচিটি, মোৰ ৰুমমেটৰ বাদে কোনেও মোক ৰংগে হাথ ধৰিব পৰা নাছিল

(
৪)

২ বছৰ পাছত,
এতিয়া মই কলেজ এখনৰ লেকচাৰাৰ মই চলিহা ছাৰৰ দৰে অমায়িক, ফুকন ছাৰৰ দৰে তীক্ষ্ণ আৰু আহমেদ ছাৰৰ দৰে ডাইনামিক পাৰ্চনেলিটি একুৱাইৰ কৰিছো এ মেন অৱ ডিচিপ্লিন এন্ড প্ৰিন্সিপলচঅৰ্থাত মই ষ্টুডেন্টৰ মাজত যথেষ্ঠ পজিটিভলি পপুলাৰ

ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম ডিউটি পৰিছে বেঞ্চৰ শাৰীৰ মাজে মাজে পায়চাৰী কৰি আছো, কিছুসময় পাছত চকী এখনত বহি পেপাৰ পঢ়াত লাগিলো লৰা-ছোৱালীবোৰৰ ফুচফুচনি ষ্টাৰ্ট হল......... টেবুলত ঢকা এটা মাৰি চিঞৰিলো........ কীপ চাইলেঞ্চ

মোৰ শেনৰ দৰে তীক্ষ্ণ নজৰ লৰা এটাৰ ওপৰত পৰিল হেই..... বুলি কৈ উঠি গৈ তাৰ ওচৰ পালোগৈ লৰাটো ঘামিবলৈ আৰম্ভ কৰিছে, তাৰ বেঞ্চৰ তলত কেইটামান কাগজৰ টুকুৰা
-
কি চাবজেক্টৰ....... মই সুধিলো
-
ইকো ........ লৰাজনে সেপ ধুকি কলে
-
ইউজ দা কনচেপ্টছ এন্দ ইউটিলাইজ এ লিটিল বিট আৱ ব্ৰেইন, ইচ কুৱেচন ইজ চিম্পল, আগলৈ ভালকৈ পঢ়া-শুনা কৰি আহিবা, বেকা ৰাস্তা সদায় ভুল ৰাস্তা
............
কপি থকা লৰাজনৰ পিঠিত লাহেকৈ চপৰিয়াই ক্ষীণ হাহি এটা মাৰি পুনৰ হলটোত পায়চাৰি কৰাত লাগিলো

দুবছৰৰ আগতে ফুকন ছাৰৰ আগত নৱনীতাই কান্দি থকা দিনটোলৈ মনত পৰিল......
আহমেদ ছাৰেও সিদিনা মোৰ কমনৰ টুকুৰাবোৰ দেখিছিল নেকি......

লেখকৰ ঠিকনা
বিকাশ শইকীয়া
বেলতলা, জয়ানগৰ, গুৱাহাটী
পিন-৭৮১০২৮

ফোন-৯৮৬৪১৫৮০৭১,

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...