(১)
সচা কথা কবলৈ গলে বহুত বেছি এক্সপেকটেচন লৈ চিনেমা হললৈ যোৱা নাছিলো । ইউ টিউবত চিনেমাখনৰ দুটা ট্ৰেইলাৰ, গান চালো । চিনেমাখনৰ প্ৰতি মোটামোটি আইডিয়া এটা কৰি ললো । নাৰীকেন্দ্ৰীক চিনেমা হব । ৰীতা চৌধুৰীৰ কাহিনী যদি ভালেই হব লাগে ।
বতৰ ডাৱৰীয়া হৈ আছিল । তথাপিও ওলালো । পল্টনবজাৰ গল্ড চিনেমা পালোগৈ । স্কুটিখন পাৰ্ক কৰি টিকেট কাউন্টাৰত থিয় দিলো । মোৰ আগত ছোৱালী এজনী আছিল । ছোৱালীজনীয়ে ঘুৰি দিলে । কলেজৰ জুনিয়ৰ ।
- দাদা ভালনে..... জুনিয়ৰজনীয়ে সুধিলে
- ভালেই, মানে অসমীয়া চিনেমাখন চাবলৈ আহিলো, অন্তৰীণ....... মই কলো
- আমিও সেইখনে চাব আহিছো.... জুনিয়ৰজনীয়ে কলে

টিকট কাটিলো । আনখন স্ক্ৰীণত বাহুবলী চলি আছিল । প্ৰথমতে বাহুবলীৰ মানুহক
সোমাবলৈ দিলে । ১০:৫০ ত আমাক সোমাবলৈ দিলে । মানুহ মুঠতে সাতজন । ১০:৫৫
লৈ মানুহ ১২ জন । ১১ বজাত চিনেমা আৰম্ভ হও হও, হঠাত ধেৰ মানুহ সোমাল আৰু
চিনেমাহলৰ দুই তৃতীয়াংশতকৈও বেছি আসন ভৰ্তি হৈ পৰিল ।
পৰ্দাত অন্তৰীণ আৰম্ভ হল । এখন মানসিক চিকিত্সালয়ৰ কৰিডৰ । কেইটামান ভিন ভিন সময়ৰ শ্বট । ডাক্টৰ সমীৰণ, তৰালি, কেকটাছ । অৰুণ নাথৰ অভিনয় । কাহিনীয়ে গতি ললে ।
- ভাইটি ভন্টিক কনভেন্ট স্কুলত কিন্ত মোক চৰকাৰী স্কুললৈ পঠোৱা হৈছিল...... তৰালিৰ সংলাপ
কাহিনীটোৰ আইডিয়া এটা কৰি ললো । আকাশৰ ৰূপত হিমাংশু দাসৰ এন্ত্ৰিয়ে কিবা এটা ভাল লগাই দিলে । তাৰ পাছত এটা ধুনীয়া গান, চিনেমাত ইন্টাৰেষ্ট আহি গৈছে ।
ইন্টাৰভেল হল, অকনো ব'ৰ নহলো । চিনেমাখন মোটামোটি ভাল লাগি আছে ।
ইন্টাৰভেল পাছত আকৌ তৰালিৰ ট্ৰেজেডী । আচল মাকক বিচাৰি তৰালি, আকাশৰ মৃত্যু, ভনীয়েকৰ মৃত্যু, বাপেকৰ অত্যাচাৰ, গিৰিয়েকৰ অত্যাচাৰ, মুঠৰ ওপৰত এটাৰ ওপৰত এটা বেদনাদায়ক দৃশ্য । তৰালিৰ ৰূপত উৰ্মিলা মহন্তৰ অভিনয় । দুচকু সেমেকি গৈছে ।
মনে মনে ভাৱিছো চিনেমাখনত মাজতে অন্তৰ্ধান হোৱা আকাশ আকৌ ওলাব, তৰালীক মুক্ত কৰিব এই বন্দীশালৰপৰা । ইমান দুখৰ পাছত এটা পজিটিভ এন্ডিং লাগে ।
অৰুণ নাথক তৰালিয়ে কয় নিজৰ প্ৰকৃত জীৱনগাথা। আত্মদংশনত অৰুণ নাথ । ডক্টৰ সমীৰণে অৰুণ নাথক লৈ যায় পগলা ফাটেকৰ তৰালীৰ কোঠালৈ ।
- কেনে আছা তুমি....... অৰুণ নাথৰ প্ৰশ্ন
- আপুনি কেনে দেখিছে...... লোহাৰ গ্ৰীলৰ সিপাৰে তৰালিৰ স্মীত হাঁহিৰে বিষণ্ণ চেহেৰা
পুচবেক চিটত আউজি হলৰ ভিতৰত মই ভাৱো, তৰালীৰ ট্ৰেজেডী কেতিয়া শেষ হব, আকাশ কেতিয়া আহিব ।
শেষ দৃশ্যত এটা দুবিধাৰ মাজত তলমুৰ কৰি বহি ৰয় মেন্টেল হস্পিটেলৰ মেইন ডাক্টৰৰ ৰূপত অৰুণ নাথ ।
মই গমেই নাপালো কেনেকৈ হলটোত পাৰহৈ গল ইন্টাৰভেলৰ পাছৰ ডেৰ ঘন্টা ।
মননশীল ।
ট্ৰেজিক।
অন্তৰীণ ।
অলপ ড্ৰবেক আছে যদিও কাহিনী ভাল, অভিনয় ভাল, ছিৰিয়াছ চিনেমা যদিও অকনো বৰিং নাপালো । অনাহক নাচ-গান নাই । দুটা গান আছে যি কাহিনীৰ লগত খাপ খাই পৰিছে । যিটো ভাৱি গৈছিলো তাতকৈ ভাল লাগিল ।
প্ৰায় সন্ধ্যাৰাগ, কোলাহল ৰ দৰে ।
কেবল এটাই দুখ থাকিল, ছিউডনিগেটিভ এন্ডিং । মেইন ভিলেইন দীনদয়াল, তৰালিৰ গিৰিয়েকৰ একো হানি বিঘিনি নহল ।
বাস্তৱত ভিলেইনবোৰ বাচি যায়, কিন্ত চিনেমাত ভিলেইন মৰিলে ভাল লাগে ।
পল্টনবজাৰৰ পৰা স্কুটিৰে লখৰা আহি আছো। অন্তৰীণৰ ফ্লেচবেক চলি আছে । তৰালিয়ে যুঁজিব লাগিছিল । জিকিব লাগিছিল । মন গধুৰ হৈ আছে ।
(২)
পল্টনবজাৰ গল্ডত অন্তৰীণ চাই ঘৰলৈ ৰিটাৰ্ণ আহি আছো । মোৰ স্কুটি ৰাষ্টাৰে আগবাঢ়িছে । মনত অন্তৰীণৰ ফ্লেছবেক চলি আছে । তৰালিয়ে যুজিব লাগিছিল । জিকিব লাগিছিল । মনটো গধুৰ হৈ আছে ।
হল এৰাৰ পাছতো যে অন্তৰীণৰ কথা ভাৱি আছো সেইটো চিনেমাখনৰ পৰিচালকৰ কৃতিত্ব । তৰালি অৰ্থাৎ উৰ্মিলা মহন্তৰ চেহেৰা চকুত ভাহি আছে । মেন্টেল হস্পিটেলৰ কুঠুৰীত আৱদ্ধ গ্ৰীলৰ সিপাৰে থকা স্মীত হাঁহিৰে তৰালিৰ বেদনাসিক্ত মুখখনি ।
তীব্ৰ খং উঠি আছে তৰালিৰ বাপেক লম্পট দীনদয়াল আৰু গিৰিয়েক মৃগেনৰ প্ৰতি । বেয়া লাগিছে যে চিনেমাখনত সিহতৰ একো হানি বিঘিনি নহল ।

মোৰ চাৰিওফালে বাস্তৱত কিমান দীনদয়াল, কিমান মৃগেন ঘুৰি আছে বুকু ফিন্দাই,
একো হোৱা নাই সেই মুখাপিন্ধা ভব্য গব্য ভদ্ৰলোক সকলৰ । এনেকুৱা লাগিছে যে
বন্দুক এটাৰে এফালৰপৰা নিশেষ কৰি যাম সিহতক । মুঠৰ ওপৰত খং এটা উঠি আছে ।
ঘৰ পালোহি । ভাইটিৰ লগত কিবা এটা সামান্য কথাৰ কটাকটি হল । দীনদয়াল-মৃগেনৰ ওপৰত উঠি থকা খংটো ভাইটিৰ ওপৰতে জাৰি দিলো । বেয়াকৈ জাৰিলো । জাৰণ খাই ভাইটিৰ চকুপানী ওলাবলৈ বাকী । বেচেৰাই বুজি নাপালে যে সাধাৰণ কথাতে আজি ইমান অভাৰ ৰিয়েক্সন কিয় হল ।
জাৰণ দি মনটো অলপ শান্ত হল ।
- আজি যে চিনেমা চাব গৈছিলি, কেনেকুৱা লাগিল..... মায়ে সুধিলে
উৎসাহেৰে কিবা এটা কব খুজি মই ৰৈ গলো । এবাৰ জোন জ্বলে কপালত চাব গৈ বৰষাৰাণী বিষয়াক জ্বলাই দিয়া চিনটো চাই মাই যি দুখ পালে দুদিনলৈ লঘোণে আছিল ।
ধৰ্ম সংকট ।
সন্ধিৰ বাঁহ যেনেতেনে আতৰাই পকেটৰপৰা মবাইলটো উলিয়ালো । ধেত তেৰি ২০ টা মিছকল । চিনেমা হলত সোমাওঁতে চাইলেণ্ট কৰিছিলো মবাইলটো, পাহৰিয়ে গৈছিলো ।
চিনেমাখন চোৱাৰ পাছতো বহু সময়লৈ ভবাই ৰাখিব পৰাটো চিনেমাখনৰ টীমটোৰ সফলতা । এইক্ষেত্ৰত অন্তৰীণ সফল ।
কিন্ত
তৰালি জিকিব লাগিছিল ।
তেতিয়া হয়তো ভাইটিয়ে জাৰণ নাখালেহেতেন ।

No comments:
Post a Comment