Wednesday, August 2, 2017

কচোটি জিন্দেকি কী



লক্ষীদা, জেজেদা আৰু ধুমিলদাৰ ট্ৰেন্সফাৰে আমাক বহুত চিন্তাত পেলাই দিলে । গোটেইকেইজনকে একেবাৰে বম্বে হাইত পেলাই দিলেগৈ । ইয়াৰে ধুমিলদালৈ বহুত বেয়া লাগিল । বেচেৰা চিংগল হৈয়েই অসম এৰিলে ।
- অহাবাৰটো আমাৰো ট্ৰেন্সফাৰ হব, টেনচন হৈ যাব নহয় .........
- ফৰটিন ডেইজ পালে বাচি যাম , নহলে জেং হব ......
- তাকেইতো ...............

তিনিজন চিনিয়ৰ কলিগৰ লগত সন্ধিয়া কাফে হেনৰিক্সত বহি আছো । তিনিওজনেৰে চিন্তাৰ কাৰণ এটাই । ট্ৰান্সফাৰ । প্ৰথমজনে বিয়া বাতিছিল ডাক্টৰ এগৰাকীক, দ্বিতীয়জনৰ ৱাইফ আই.টি ইঞ্জিনিয়াৰ, তৃতীয়জনৰ পি.এইচ.ডি ।

প্ৰথমগৰাকী মেডিকেল কলেজত এম.অ, দ্বিতীয়গৰাকী গ্ৰামীণ বেংকৰ পি.অ আৰু তৃতীয়গৰাকী কলেজৰ প্ৰফেছাৰ ।
মই এতিয়ালৈ চিংগল । মানে অহাবছৰ ট্ৰেন্সফাৰ লিষ্টত মোৰো নাম আছে । ট্ৰেন্সফাৰৰ আগতেই ডবল হব লাগিব আৰু এনেকৈ ডবল হব লাগিব যাতে ট্ৰেন্সফাৰত চিংগল হৈ যাবলগীয়া নহয় ।

- গুজৰাট-ইউ.পি-ৰাজস্থানৰ ফালেই ভাল হে , ছোৱালীবোৰে চাকৰিৰ বেছি মাথা নামাৰে, চিৰিয়েলবোৰত যে দেখায় , চাচ-বহু-ননদ-দেবৰানী টাইপৰ, সন্তোষ সিং, ৰবি ৰাথোড়হতকে চোৱা , চেন কী জিন্দেকি.....
- ট্ৰেন্সফাৰত নি অফিচত বহাই দিলে তো খেলাই খটম, লক্ষী-ধুমিল-জেজেহতে ফৰটিন ডেইজ পালে বুলিহে.......
- কিমান দিনলৈ ,খুব বেছি ৫ বছৰ, তাৰ পাছত........

স্মাৰ্ট মানুহে অইনৰ ভুলৰপৰা শিকে । এওলোকৰ টেনচনৰপৰা মই ভালকৈ শিক্ষা লৈছো ।
- মোৰ ক্ৰাইটেৰিয়া জাষ্ট বি,এ- এম,এ , আপোনালোকৰ নিচিনা টেনচন লোৱাত নাই দেই................... মই কলো
এনেতে পাছফালৰ টেবুলখনৰ পৰা কোনোবা এজনে মাত লগালে
- হোৰা ভাইটি , জো আদমী চচতা হে ৱ নহী হোতা হে, জো হোতা হে ৱহী হোতা হে

মানুহজন উঠি আহি আমাৰ টেবুলত বহিল ।
- সিদ্ধাৰ্থ পৰাশৰ, আই.অ.চি ইঞ্জিনিয়াৰ....... মানুহজনে কলে
- মানে আপুনি..... মই সুধিলো
- মানে ময়ো এইবোৰ কথা ভাবিয়েই একদম চাই চাই বিয়া পাতিছিলো, এম.এ ইন পল.চাইন্স , কেইমাহমান ঠিকে গল, মৰম দিলো, চেনেহ দিলো, পঢ়া শুনা কৰিবলৈ উতসাহো দিলো, চাল্লা এপি.এছ.চি পাই গল নহয়, লেবাৰ ইন্লপেক্টৰ
- ভালহে হল.........
- কিহৰ ভাল হে, মই থাকো গুৱাহাটীত, তাইৰ চাকৰি তিনিচুকীয়াত, মাহত দুবাৰ লগ পাও তাকো দুদিনৰ বাবে, মাহতক লাগে বাচ্চা, তাইক টাইম লাগে কেৰিয়াৰৰ বাবে, মোৰ ট্ৰেন্সফাৰ আহিছে মথুৰালৈ , চাল্লা ঝন্ড হৈ গৈছে লাইফ ..........সিদ্ধাৰ্থ পৰাশৰে টেবুলত ঢকা এটা মাৰি দিলে
- তেনেহলে বি.এ

এইবাৰ সিদ্ধাৰ্থ পৰাশৰৰ টেবুলত বহি থকা লোকজনে মাত লগালে .........
- মোৰ ৱাইফ বি.এ , দিছপুৰ কলেজৰপৰা জেনেৰেল বি.এ, কেইমাহমান ঠিকে গল, তাৰ পাছত চাকৰি কৰাৰ ভুত লাগিল, ঘৰত বহি আমনি লাগে বোলে, প্ৰথমে টাটা ইন্ডিকমৰ আউটলেটত বহিল , টাটা ইন্ডিকমে অসম এৰোতে অলপ সকাহ পালো , বাচ্চা এটা হল , অলপ ডাঙৰ হৈছিলহে, আকৌ বোলে ঘৰত টাইম পাছ লহয়, এইবাৰ ভোদাফোনত কল টেন্টাৰত সোমাইছে । এতিয়া মই অফিছ যাও, তাই ভোদাফোনত, এবছৰীয়া বাচ্চাটো ক্ৰেছত আৰু ফ্লেট লকড । চব মোহ মায়া বুজিছা , চব মোহ মায়া.................. মানুহজনে হাতত থকা গিলাছটোৰ ৰঙীণ পানীয়খিনি একেবাৰতে খাই দিলে

আচলতে ভুলটো একতা কাপুৰৰ । আগতে কুমকুম , কচোটি জিন্দেগি কী, কিউ কি চাচ ভী কভী বহু থী আছিল । ঘৰত থকা মানুহবোৰৰ বঢ়িয়া টাইম পাচ হৈছিল । ঘৰ-গৃহস্থী সুখে সন্তোষে চলি আছিল । একতা কাপুৰৰ ক্ৰিয়েটিভিটি নোহোৱা হৈ যোৱাৰপৰাই প্ৰবলেম । এতিয়াৰ চিৰিয়েল কেইখনৰ আগৰ দম নাই ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...