Wednesday, August 2, 2017

এজন জাতিদ্ৰোহীৰ ভাৱৰ বুৰবুৰনি

কালি এটা আপদেট দিছিলো । সেই আপদেটটোৰ ফলত কিছুমান জাতিপ্ৰেমী অসমীয়াৰ বাবে মই জাতিদ্ৰোহী , কাপুৰুষ , কুলাংগাৰ ইত্যাদি ইত্যাদি । আচলতে আপদেটটো কি আছিলে ।

ভাগ ১- কালালজী আৰু মই
ৰাস্তাৰে আমি গৈ আছো । সকলোৱে কিবা নহয় কিবা কামত গৈ আছে । হঠাত ৰাস্তা বন্ধ । কিয় , কাৰণ ১০-১২ টা মানুহ মিলি ৰাস্তাৰ মাজত টায়াৰ জ্বলাইছে , শ্লগান দিছে । সেই পৰিস্ছিতিত সাধাৰণ মানুহ এজনৰ প্ৰতিক্ৰিয়া কি হব ।
অসম এনেকুৱা এখন ৰাজ্য যত প্ৰতিবাদৰ সহজ পন্থা হৈছে ঘাইপথ ব্লক কৰা । কিন্ত তাৰ ফলত জীয়াতু কোনে ভোগে.... সাধাৰণ মানুহখিনিয়ে ।

কালালজীৰ সংলাপ....... হামাৰে গুজৰাট মে য়ে চব নৌটংকীবাজো কো দন্দা লেকে ভাগাতে হে, ক্যা মিলেগা ৰাস্তা ব্লক কৰকে, বেকাৰ পাবলিক কো পৰেচানী কৰতে হে

এজন বহিৰাগতৰ বাবে অসমৰ ইমেজ এয়াই । কাৰণ বন্ধ, পথ অৱৰোধ ইয়াতএকেবাৰে সাধাৰণ কথা ।
মই নিজে ডাঙৰ দীঘল হৈছো এই পৰিবেশত । ৩০ বছৰ ধৰি অসমীয়াই কেৱল আন্দোলনেই কৰি আছে । সদায় নতুন নতুন ইচু । এই আন্দোলন বোৰৰ ফলাফল কি । নেতাবোৰ চহকী হৈছে । সাধাৰণ মানুহবোৰৰ হাৰাশাস্তি হৈ আছে । এক প্ৰকাৰৰ প্ৰহসন, নাটক ।

এডিচিক স্মাৰকপত্ৰ দিওতেই পথ অৱৰোধটোৰ যবনিকা পৰিল । স্মাৰকপত্ৰ দিয়া কামটো তেওলোকে এডিচিৰ অফিচলৈ গৈও দিব পাৰিলেহেতেন । কিন্ত তেওলোককক নিজৰ শক্তি প্ৰদৰ্শণ কৰিব লাগে । ৰাস্তাৰ দুয়োফালে সাধাৰণ ৰাইজক আৱদ্ধ কৰি পণবন্দী কৰি ৰখাৰ অদম্য শক্তি ।

কালালজীয়ে জানো অসমীয়াক নৌটংকী বুলি কৈছিল । কালালজীয়ে নৌটংকী বুলি কৈছিলে অসমীয়াৰ বন্ধ দুস্কৃতিৰ মানসিকতাক । যিবোৰ নৌটংকী আমি বছৰ বছৰ ধৰি ভুগি আহিছো ।

কালালজীৰ মুখত এটা ঘোচা মাৰিলেই যদি অসমীয়াৰ স্বাভিমান অটুত থাকিলেহেতেন, তেতিয়া কালালজীৰ মুখত ঘোচাটো পৰিলেহেতেন । কিন্ত হয় জানো । অসমী়াৰ স্বাভিমান তেতিয়াহে অটুত হব যেতিয়া কালালজীৰ দৰে বহিৰাগতৰ মুখেৰে স্বতস্ফুতভাৱে ওলাব ....... আচাম বঢ়িয়া জাগা হে

ভাগ ২- ৰণদীপ

ৰণদীপে সেইটো যুবচামক প্ৰতিনিধিত্ব কৰে যি প্ৰতিভাশালী, মেধাবী আৰু স্বাবলম্বী । ৰণদীপহতে জাতিপ্ৰেম দেখুৱাবলৈ ৰাস্তাত নমা নাই সচা , কিন্ত অসমতে থাকি , নিজৰ কৰ্তব্য সুচাৰুৰুপে পালন কৰি পৰোক্ষভাৱে অসমলৈ বহুত অৰিহণা যোগাই আছে । তেওলোক অসমৰ অশান্ত পৰিস্থিতি, নিয়োগৰ অসুবিধা আদি সমস্যাৰে ভাৰাক্ৰান্ত । আৰু ভাল সুযোগৰ বাবে অসমৰ বাহিৰলৈ যাবলৈ বাধ্য । ৰণদীপহতৰ দৰে হাজাৰ হাজাৰ অসমীয়া প্ৰতিভাশালী যুবক যুবতী অসমৰ বাহিৰত দিল্লী, মুম্বাই, চেন্নাই, পুণে, বেংলুৰু আৰু বিদেশতো কৰ্মৰত । তেওলোকৰ কি অসমত আহিবলৈ মন নাযায় নেকি । নিশ্চয় যায় । কিন্ত অসমত নিয়োগৰ সীমাবদ্ধতা, অশান্ত পৰিস্থিতি, সঘনাই হৈ থকা বন্ধ, অৱৰোধ আদিয়ে তেওলোকক অসম ওভটনিলৈ বাধা দিয়ে । ব্ৰেইন ড্ৰেইনৰ ফলত অসমীয়া এটা অতি প্ৰতিভাশালী যুবচামৰ লাভ অৰ্জন কৰিছে আন ৰাজ্যই, অইন দেশে । ৰণদীপ সেইসকলৰে এজন হবলৈ গৈ আছে ।

ভাগ ৩- এটা বিফল প্ৰজেক্ট

তাৰ পাছত উল্লেখ আছে এটা অভিলাষী প্ৰজেক্টৰ যিটো ৰুপায়ণ হলে সৰ্বসাধাৰণ অসমীয়া ৰাইজৰ বহুত উপকাৰ হলহেতেন । কিন্ত চৰকাৰী নিগম এটাৰ উদাসীনতাৰ বাবে প্ৰজেক্টটো কাৰ্যত ৰুপায়িত নহল । কাৰণ নিগমটোৰ চেয়াৰমেনে প্ৰজেক্টটোৰ আলেচনাৰ বাবে সময় উলিয়াব নোৱাৰিলে । ৰণদীপহত কিয় বাহিৰলৈ যায় তাৰ উত্তৰ ইয়াতেই সোমায় আছে । এই চৰকাৰী নিগমবোৰৰ চেয়াৰমেনবোৰ কোন হয়...... শাসনাধিষ্ঠ দলৰ অযোগ্য অকৰ্মণ্য এজাক নেতা পালিনেতা । আৰু এই নেতা পালিনেতাবোৰে নিগম-নিকায়ৰ উন্নতিতকৈ নিজৰ ব্যক্তিগত উন্নতিৰ কথা চিন্তা কৰাটো স্বাভাৱিক । ষ্টেটফে়ড মৰিলে, প্ৰাগবছিমী মৰিলে, চেনিকল নোহোৱা হল আদি কিমান নিগম-নিকায় ধ্বংসপ্ৰাপ্ত । ৩০ বছৰে আমি ৰাজপথ ৰোধি আন্দোলনেই কৰি আছো কিন্ত ভাল নিযোগ ক্ষেত্ৰ এখন সৃষ্টি কৰিব পৰা নাই ।

ভাগ ৪- কুটিল ৰাজনীতি

চিলাপথাৰত দুস্কতিকাৰীয়ে আছুক টাৰগেট কৰিলে । কিয় , সিহতৰ উদ্দেশ্য কি । ইমানবোৰ জাতীয় সংগঠন থাকোতে আছুকেই কিয় টাৰগেট কৰিলে । উদ্দেশ্য এটাই, অসমত ভাতৃঘাটী সংঘৰ্ষৰ সৃস্টিকৰি আশান্তিৰ বাতাবৰণ অটুত ৰখা । আছুৰ নামটোৰ লগত অসমীয়াৰ আবেগ জড়িত হৈ আছে আৰু সেই আবেগৰে ফাইদা উঠাব খুজিছে এচাম ৰাজনীতিকে । আৰু কিছু পৰিমানে অসমীয়া আবেগিক হৈছেও । কুটিল ৰাজনীতিৰ নগ্ন ৰুপ । বাংলাদেশী হুচিয়াৰৰ শ্লগান সলনি হৈ পৰিল বঙালী হুচিয়াৰলৈ ।

ৰাজনীতিকে জুই জ্বলাই আছে, আমি আবেগত জ্বলি পুৰি মৰিছো ।

পৰিশিষ্ট-
মোক কুকুৰে কাইট নোখোৱাকৈ গালি পৰা অধিকাংশৰে চিন্তাৰ দৌৰ কালালজীতে শেয হল । কেইজনমানেহে ৰণদীপক ধৰিলেগৈ, তাকো ৰণদীপক তিৰস্কাৰ তাছিল্য কৰিবৰ বাবে । কিন্ত নিয়োগৰ ক্ষেত্ৰত থকা চৰকাৰী উদাসীনতা, জন অসচেতনতা কোনো জাতিপ্ৰেমীৰ মগজুৱে ঢুকি নেপালেগৈ ।
জাতিপ্ৰেমীসকলৰ মুল অভিযোগ কালালজীৰ দৰে বহিৰাগতই নৌটংকী শব্দটোৰ কিয় ব্যৱহাৰ কৰিব ।
যিদিনা অসমত নিয়োগৰ সুবিধা আৰু নিয়োগযোগ্য সম্পদৰ ভাৰসাম্য অটুট হব তেতিয়া নোটংকী জাতীয় শব্দবোৰ নিজে নিজে আতৰ হব ।
তাৰবাবে আমাক এটা এটা আন্দোলনৰ প্ৰয়োজন । কৰ্মৰ আন্দোলন , স্বাবলম্বিতাৰ আন্দোলন । সেই আন্দোলনটোত অসমীয়া যুবচামে বন্ধ-অৱৰোধৰ সলনি মন-মগজুৰ সকলো দুৱাৰ খুলি দিব লাগিব । গেংমেন-ট্ৰেকমেনৰ বাবে সংৰক্ষণ বিচাৰি আন্দোলন কৰাতকৈ , উচ্চপদস্থ বিযয়া হবলৈ পৰিশ্ৰম কৰিব লাগিব । অসমীয়া ডেকা ডেকেৰীৰ তেজ গৰম হব লাগিব , কিন্ত কাৰোবাক মাৰিবলৈ-কাটিবলৈ নহয়, উৎপাদনমুখী কৰ্মত নিয়োজিত হৈ অসমক উন্নত ৰাজ্য এখন ৰুপে গঢ়িবলৈ যত কালালজীৰ দৰে বহিৰাগতই গুজৰাটলৈ গৈ স্বতস্ফুতভাৱে কয়গৈ........ আচাম ইজ বেষ্ট ইন এভৰিখিং

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...