১)
হয়তো মই ভালকৈ খেলিব পৰা নাই । বাঢ়ি অহা বয়স, ওজন আৰু পেটটোৱে মোৰ ষ্টেমিনা বহুত কমাই দিছে । আন চেঙেলীয়াকেইতাৰ সৈতে তাল মিলাই দৌৰাটো কঠিন হৈ পৰিছে ।
প্ৰতিবছৰে পোন্ধৰ আগষ্টত এখন প্ৰীতি ফুটবল মেছ হয় । বেলতলা বনাম জয়ানগৰ । প্ৰীতি হলেও মেচখনত দুয়োঠাইৰ আবেগ, আত্মসন্মান জড়িত হৈ থাকে । মেচ নহয় যেন এখন যুদ্ধ, নিজৰ এৰিয়াটোৰ সন্মান ৰখাৰ যুদ্ধ ।
যোৱা তিনিবছৰে বাহিৰত চাকৰি কৰি থকাৰ কাৰনে মই খেলিব পৰা নাছিলো । এইবাৰ ছুটী পৰিছে । কিন্ত তাৰ মাজতো এটা কথা আছে । প্ৰেকটিছত মই ভালকৈ খেলিব পৰা নাই । মোৰ লগৰ কেইটাৰ প্ৰায় গোটেইকেইটাই খেলা বাদ দিছে । চাকৰি, কাম-কাজ, সংসাৰৰ তাগিদাত সিহতৰ সময়ৰ বৰ অভাৱ । এতিয়া খেলা লৰাকেইটা মোতকৈ ৮ৰ পৰা ১৫ বছৰ সৰু । চুপাৰ চিনিয়ৰ হিচাপে সিহতে মোক যথেষ্ঠ সন্মান কৰে । কিন্ত খেলখনত জিকিব লাগিব ।
কবলৈ গলে টীমত মোৰ স্থান অনিশ্বিত । বৰ্তমান টীমৰ কেপ্তেইন অমিত ।
- দাদা, লৰাহতে কৈছে খেলত জিকিব লাগিব , আপুনিতো বহুদিন খেলাই নাই, আৰু প্ৰেকটিছ কৰিব লাগিব ..... অমিতে কলে
অমিতৰ কথাটো মই বুজাত অসুবিধা নহল । মোৰ দুৰ্বল ফৰ্মে সিহতৰ মনত আশংকাৰ সৃষ্টি কৰাটো স্বাভাৱিক । এতিয়া মোৰ হাতত দুটা পথ আছে, চিনিয়ৰগিৰি দেখুৱাই টীমত খেলা, যত বিফল হলে মই যথেষ্ঠ লজ্বিত হম বা সসন্মানে নিজেই টীমৰ পৰা আতৰি যোৱা ।
সৰুৰেপৰা মই এইখন ফিল্ডত খেলি আহিছো । যেতিয়া সৰু আছিলো তেতিয়া শুক্লেদা, মৌচমদাহতে খেলিছিল । তাৰ পাছত আমাৰ জেনেৰেচনৰ চুৰেন, বিষ্ণু, হিমাংগ, নয়ন । তাৰ পাছত জনী, মাধৱহতৰ পাছত আজিৰ অমিত-অজয়-ৰকেটহত । চাকৰিৰ তাগিদাত বাহিৰলৈ যোৱাৰ আগলৈকে মই নিৰৱছিন্নভাৱে খেলি আহিছো । কবলৈ গলে এইখন ফিল্ডত মই হাযেষ্ট গল স্কৰাৰ ।
কিন্ত সেইবোৰ এতিয়া পুৰনি কথা । এতিয়া মোৰ সক্ষমতাৰ ওপৰত সংশয়ৰ ডাৱৰ ।
২)
খেলা-ধুলাৰ লগতে সৰুৰেপৰা পঢ়াত ভাল আছিলো । মাৰ্কচিটত নম্বৰবোৰো ভালেই আছিল । ভাল কলেজত চীটো পাইছিলো । কিন্ত ভাল সংস্থাপন পোৱাটো সহজ নাছিল । এম.এছ.ছিৰ পাছত যেতিয়া কেইমাহমান বেকাৰ হৈ আছিলো তেতিয়া মানুহে নানান প্ৰশ্ন কৰি ব্যতিব্যস্ত কৰি তুলিছিল । মানুহবোৰে জানিছিল যে মই বিশেয একো কৰি থকা নাই, তথাপিও তেওলোকে ইচ্ছাকৃতভাৱে নানান প্ৰশ্ন শুধিছিল । সহানুভুতি দেখুৱাইছিল , আচলতে মোক পুতৌৰ পাত্ৰ কৰি তুলিছিল । ইমান পঢ়া-শুনা কৰিও একো নহল, বেয়াই লাগে দেই জাতীয় ডায়লগবোৰ শুনি শুনি কাণ-মুৰ ঘোলা হৈ গৈছিল ।
পৰিস্থিতি এনেকুৱা হৈছিল যে ঘৰলৈ আলহী আহিলেই মই ঘৰৰপৰা পলাইছিলো । ইমান পুতৌ-সহানুভুতি-দৰদ সহ্য কৰাৰ কেপাচিটী মোৰ নাছিল ।
৩)
- হব বাৰু , ফাৰ্ষ্ট হাফটো খেলি চাও, নোৱাৰিলে মই ওলাই দিম......... মই অমিতক কলো
অমিতৰ চেহেৰাত খুব এটা সন্টুষ্টিৰ ভাৱ দেখা নগল । মই জানো যে আজি মোৰ ফৰ্ম বেয়া , সেইকাৰনে সিহতে সন্দেহ কৰিছে, কিন্ত মই পাৰিম, পাৰিবই লাগিব ।
খেল আৰম্ভ হল, মই লেফট উইঙত পজিছন ললো । কিছুসময় দৌৰাদৌৰি কৰাৰ পাছতে ভাগৰ অনুভৱ কৰিলো । হয়তো মই ওলাই দিব লাগিব ।
অলপ পাছতে আমাৰ ফালৰপৰা এটেক এটা হল । অমিতে বল লৈ আগুৱাই গৈছে , মই বাওফালে , অমিতে মোৰফালে বলটো ঠেলি দিলে , বল মোৰ ভৰিত পৰো পৰো , অমিতে এটা সুবিধাজনক পজিচন লৈছে, এতিয়া মই বলটো তাক ৰিটাৰ্ণ পাছ দিব লাগিব , গল এটাৰ পুৰ্ণ সম্ভাৱনা ।
কিন্ত তাক পাছ দিবলৈ বলটো ঠেলিবলৈ লওতেই ডিফেন্ডাৰ এটাই বলটো কাঢ়ি লৈ গল । অমিতৰ মুখত এটা বিৰক্তিৰ ভাৱ ফুটি উঠিল ।
কিছুসময় পাছত জয়ানগৰে এটা গল দিলে । ০-১ ত আমি পাছ পৰিলো । লাহে লাহে অনুভৱ কৰিলো পাছবোৰ মোৰ চুকটোৰফালে নহা হৈ পৰিছে ।
৪)
হেন্ডবল, পেনাল্টি । আমি এটা পেনাল্টি পালো । অমিত আৰু ৰকেটে বলটো পেনাল্টি স্পটত থৈ কিবা কথা পাতিছে । মই সিহতৰ ওচৰ পালোগৈ ।
- শ্বটটো মই মাৰো ........ মই কলো
সিহতে খুব এটা ভাল নাপালে যদিও চিনিয়ৰ বাবে মোক না কৰিব নোৱাৰিলে । এতিয়া মোৰ সন্মুখত মাত্ৰ এজন গলকীপাৰ ।
বহুত বছৰ ধৰি মই পেনাল্টি শ্বট লোৱা নাই । আঠবছৰ আগতে মই এটা পেনাল্টি মিছ কৰিছিলো । গলকীপাৰ আদিত্য যে বাওহতীয়া মই পাহৰি গৈছিলো, বলটো মই বাওফালে মাৰি পঠিয়াইছিলো আৰু সি জপিয়াই বলটো ঠেলি পঠিয়াইছিল । পাছ বছৰত প্ৰথমবাৰৰবাবে আমি ট্ৰাইবেকাৰত হাৰিছিলো । সকলোৱে মোৰ ব্যৰ্থতাক দোষ দিছিল । অতবছৰে মই দিয়া গলবোৰ, ড্ৰিবলিং, পাছ সকলো মাত্ৰ এটা পেনাল্টিৰ ব্যৰ্থতাই ঢাকি পেলাইছিল । তাৰপাছত মই কেতিয়াও পেনাল্টি লোৱা নাছিলো । হয়তো মোৰ মনত এটা ভয় শিপাইছিল ।
৫)
মোৰ সন্মুখত পাচজনীয়া এখন ইন্টাৰভিউ বৰ্ড ।
- টলুইনৰপৰা বেনযিন কেনেকৈ বনাবা
- প্ৰথমতে অক্সিডেচন টু এচিড, তাৰপাছত চডিয়ামৰ চল্ট বনাই হিট কৰিব লাগিব
- আৰু কিবা প্ৰচেচ
- ৰিডিউচ কৰিব লাগিব, প্লেটিনাম অক্সাইড কেটালিষ্ট, ৫০০-৬০০ ছেন্টিগ্ৰেড, ৪৫ এটমচফেয়াৰ
অৰ্থো-মেটা-পেৰা, নাইট্ৰ, , ছায়ানো, কাৰ্বৰ্ক্সিলিক এছিড ।
- ৰিচাৰ্চ বাদ দি আমাৰ কোম্পানীত কিয় জইন কৰিব খুজিছা
- বিকজ দা কোম্পানী প্ৰভাইদচ এ বেটাৰ ৱে টু লিভ ইন, ইকনমিক এন্ড চচিয়েল চিকিউৰিটি, যিটো জীৱনৰ বহুত প্ৰয়োজনীয় ।
৬)
অব্যৰ্থ ।
গলপোষ্টটোৰ একেবাৰে ওপৰৰ চুকটোৰে বলটো সোমাই গল । গলকীপাৰটোৱে একবিন্দুও সুযোগ নাপালে । ১-১
কিছুসময় পাছত বলটো আকৌ ভৰিত পৰিল । দুটা ডিফেন্ডাৰ ক্ৰছ কৰিলো । গললৈ শ্বট লব পাৰি, কিন্ত সোফালে অমিত ভাল পজিছনত আছে, তাক পাছ দিলো । সি গলটো দি দিলে । জয়ানগৰে আৰু এটা গল দিলে । হাফটাইম স্কৰ ২-২ ।
- দাদা আপুনি ওলাই দিব নালাগে, খেল ঠিকে গৈ আছে....... অমিতে মোক কলে
ছেকেন্ড হাফ আৰম্ভ হল । খেল জমি উঠিছে । ৰকেটে বল লৈ আগুৱাই আছে, মই বাওফালে আছো , গলপোষ্টলৈ বেছি দুৰ নাই, গলকীপাৰ আগুৱাই আহিছে, সুযোগ বুজি ৰকেটে বলটো গললৈ মাৰিলে । বাৰত লাগি বলটো উভতি আহিল । কিন্ত উভতি বলটো মোৰ ভৰিত পৰিল, উন্মুক্ত গলপোষ্ট , মই মোৰ দ্বিতীয়টো গল দিলো । ৩-২
জয়ানগৰে আক্ৰমনৰ চোক বঢ়াই দিলে । অতি কম সময়ৰ ভিতৰতে সিহতে দুটা গল দিলে । ৩-৪
জয়ানগৰৰ গোটেইকেইটা প্লেয়াৰ এতিয়া ডিফেন্সত ব্যস্ত । খেল শেষ হবলৈ বেছি সময় নাই । বহুত চেষ্টা কৰিও আমি সিহতৰ ডিফেন্স ভেদ কৰিব পৰা নাই । যিমানে সময় গৈ আছে আমাৰ টেনচন বাঢ়ি আছে ।
বল লেফট উইঙত মোৰ ভৰিত পৰিল । সমুখত বহুতকেইটা ডিফেন্ডাৰ , ড্ৰিবলিং কৰাটো অসম্ভৱ । ওচৰে পাজৰে পাছ দিয়াৰো সুযোগ নাই । লাহেকৈ বলটো বক্সলৈ উঠাই দিলো । ৰকেট, হয় ৰকেট , কৰবাৰপৰা ৰকেট আহি জপিয়াই বলটো হেড দিলে আৰু বলটো গলত সোমাল । আমি স্বস্তিৰ নিশ্বাস কাঢ়িলো । ৪-৪
৭)
খেল এতিয়াও শেষ হোৱা নাই । কেইমিনিটমান বাকী আছে । বল আকৌ ভৰিত পৰিল । গলপোষ্টটো প্ৰায় ৩০ গজ আতৰত । সমুখত বিপক্ষৰ এঘাৰটা প্লেয়াৰ । বাওফালে মই কোণীয়াকৈ আছো । সোফালে অমিত শ্বট লব পৰাকৈ ভাল পজিচনত আছে , ৰকেটেও হাতখন জোকাৰি ইংগিত দিছে যে সি হেড দিবলৈ সাজু হৈ আছে । প্ৰতিপক্ষৰ প্লেয়াৰ দুটাই ৰকেটক ঘেৰিবলৈ লৈছে । ৰেফাৰীয়ে বাওহাতত থকা ঘড়ীটোৰ ফালে চাইছে ।
মাত্ৰ কেইটামান মাইক্ৰছেকেন্ড, নেনোছেকেন্ড , পিকোছেকেন্ড । এটা ডিচিচনৰ বাবে ।
মই গললৈ শ্বট ললো । বলটো বক্সত থকা প্লেয়াৰকেইটাৰ ওপৰৰে উঠিবলৈ ললে । অমিতে ককালত হাত দিলে, ৰকেটে জপিয়াবলৈ গৈ ৰৈ গল । বলটো ওপৰেৰে উৰি গৈ আছে ।
বিশ বছৰ ধৰি এইখন ফিল্ডত ফুটবল লঠিয়াই আহিছো । এই বিশ বছৰত মই বহুত গল দিছো । মোৰ লগৰ চুৰেণে বাহিৰৰপৰা খেল চাই আছে । মই শ্বট লোলাৰ পাছতেই সি দুয়োখন হাত ওপৰলৈ প্ৰসাৰিত কৰি দিলে । অমিত-ৰকেটহতে হয়তো দেখা নাই, কিন্ত চুৰেণে এনে গল বহুত দেখা পাইছে । এবাৰ- দুবাৰ নহয় , বহুবাৰ ।
ওপৰলৈ উঠা বলটো এটা কাৰ্ভ লৈ তললৈ নামিল । বাহিৰলৈ গৈ থকা বলটো আচম্বিতে এটা বক্ৰপথেৰে গলপোষ্টটোৰ ওপৰৰ চুকটোৰ ফালে গতি ললে । আৰু ওপৰৰ গলবাৰ দুডালৰ চুকটোত চোও-নোচোওকৈ বলটো গলত সোমাই গল ।

No comments:
Post a Comment