(এক্সপাৰ্ট পেনেল)
বছৰটোৰ আৰম্ভনিৰ কেইমাহমান যাওতেই এজন শুভচিন্তকে গেলেকীৰ বৰা ধাবাৰ ভিতৰৰ টেবুল এখনত বহি থাকোতেই আৱিষ্কাৰ কৰিলে যে মোৰ ত্ৰিশ বছৰ হও হও আৰু আতি সোনকালে চিংগলৰ পৰা কাপল হোৱাৰ ব্যৱস্থা হব লাগে । মানে মোৰ বিয়া পাতিব লাগে ।
কিন্ত মুখৰ কথাতটো বিয়া পাতিব নোৱাৰি , ছোৱালী এজনী লাগিব , অহ ছৰী , ভাল ছোৱালী এগৰাকী লাগিব ।
১৪ দিন মই গেলেকী ডিএছ.এত থাকো , গতিকে এইখন ফিল্ডৰ মোৰ দৰে ভালা ভালা নতুন খিলাড়ীক প্ৰশিক্ষণ, শুদ্ধ পথ তথা পৰামৰ্শৰ বাবে ডি.এছ.এত এখন এক্সপাৰ্ট পেনেল গঠিত হল ।
পেনেলৰ চেয়াৰমেন চন্দনদা , চিনিয়ৰমষ্ট চিনিয়ৰ কেমিষ্ট উইথ ৱাইড এক্সপেৰিয়েন্স । ভেটেৰাণ এক্সপাৰ্ট দীৰুদা, ৰাশিফল, হস্তৰেখা , বডি লেংগুৱেজ ৰিডিঙত মাষ্টাৰ । হোৱাটছএপ এক্সপাৰ্ট শ্যামলদা । স্পেচিয়েল এক্সপাৰ্ট খঞ্জন, উতপল কোৱৰ । এডভাইজৰ হিচাপে ৰণদীপ-প্ৰজাপতি ।
পেনেলখনত প্ৰথম কেচটো আনিছিল খঞ্জনে । খঞ্জন আৰু মই একেটা ৰীগৰে , একেটা শ্বিফটত । ডে ডিউটি কৰি বাছত ডি.এছ.এ লৈ আহি আছো । খঞ্জন বাওফালৰ ছেকেন্ড ছীটত , মই খঞ্জনৰ সোফালে ।
- বিক্কাছদা , মই কি কব খুজিছিলো , মানে পাই গলো........ খঞ্জনে হঠাতে কলে
- পাই গলা , কি ...... মই সুধিলো
- ছোৱালী, আপোনাৰ কাৰণে ...... খঞ্জনে উতসাহিত হৈ কলে
- কত
- ডিব্ৰুগড়, মেডিকেল এম.ডি, এক্কেবাৰে মিলিব আপোনাৰ লগত
মই লাজ লাজকৈ হাহি এটা মাৰিলো ।
লগে লগে খঞ্জনে কাৰোবালৈ ফোন কৰি ফটো পঠিয়াই দিবলৈ কলে । কিছুদেৰিৰ পাছত খঞ্জনৰ মবাইলত হোৱাটছএপ মেছেজৰ টুং টাং শব্দ শুণা গল ।
বাছৰপৰা নামিয়েই খঞ্জনে মবাইলৰ স্ক্ৰীণত হোৱাটছএপ উনিয়ালে । স্ক্ৰীণত ছোৱালী এজনীৰ ফটো ।
- কেনেকুৱা লাগিছে ........ খঞ্জনে সুধিলে
- ভাল লাগিছে .... মই লাহেকে কলো
কথাটো হল যে আজিকালি যাকেই দেখো তাকেই প্ৰথম চাৱনিতে ভাল লাগি যায় ।
ভাল লাগিছে বুলি কোৱাৰ লগে লগে এক্সপাৰ্ট পেনেল একটিভ হৈ গল । ডিনাৰৰ আগে আগে মিটিং বহিল । ফেচ ৰিডিং কৰি দীৰুদাই অকে বুলি কলে । খঞ্জনৰ ফালৰপৰা অকে আছিলেই , উতপল কোৱৰৰ ফালৰপৰা গ্ৰীণ ছিগনেল আহিল । বাকী থাকিল চেয়াৰমেন চন্দনদা আৰু শ্যামলদা । দুয়োজনে ডিনাৰৰ টেবুলত খুব গহীন ডিছকাছ কৰিলে ।
ডিনাৰৰ পাছত আমি ডিএছ.এৰ ভিতৰত ৱাক কৰো । তিনিটা পাক ৱাকিঙৰ পাছত চন্দনদাই কলে
- বিকু, কথা এটা আছিল ....... চন্দনদাই কলে
- কি ....... মই সুধিলো
- ডাক্টৰ , তাতে এম.ডি , প্ৰবলেম হব...... শ্যামলদাই কলে
- কিয়, ভালহে, অসুখ-বিসুখ হলে টেনচন নাই
- নহয় মানে চোৱা.................
এইবুলি চন্দনদা প্লাছ শ্যামলদাই চাৰে-চৈধ্যমিনিট মোৰ ক্লাছ ললে ।
পাছদিনা এক্সপাৰ্ট পেনেলে প্ৰথম কেচটো ডিচমিছ কৰি দিলে ।

No comments:
Post a Comment