যেতিয়াই ONGCৰ অফিচাৰ পদৰ পৰীক্ষাৰ ৰিজাল্ট
দিয়ে তেতিয়াই মই ৰিজাল্ট লিষ্টখন চাও আৰু মনে মনে ভাৱো যাতে এটা বুজনসংখ্যক
অসমীয়া লৰা-ছোৱালীয়ে ইয়াত কৃতকাৰ্য হয় ।
২০১৪ চনত প্ৰায় ৮০ জন বাছনি হৈছিল Chemist পদৰ বাবে । লিষ্টখন চালো । হাজৰা, নন্দী, সিং, কুমাৰ, মীনা, শ্বেখাৱতৰে ভৰি আছে । মনটো কোচ খাই গল । মাত্ৰ এটা অসমীয়া টাইপৰ উপাধি । বৰুৱা , ভাগ্যশ্ৰী বৰুৱা । অলপ সকাহ পালো । অন্তত এজনী ছোৱালীয়ে তো পাইছে ।
পাছে এই সকাহ বেছিপৰ নিটিকিল । অলপ খবৰ খাতি লৈ গম পালো যে ভাগ্যশ্ৰী বৰুৱাৰ ঘৰ পশ্চিমবংগত । অসমৰ লগত কোনো সম্পৰ্ক নাই ।
মানে ভাৰতৰ ভিতৰতে অতি ভাল কেটেগৰৰীৰ চাকৰিকেইটাত সেইবছৰ অসমীয়াৰ সংখ্যা শূণ্য । বিগ বিগ জিৰো ।
সেইবছৰপৰা বাচনি GATE ৰ যোগেদি হৈছিলে । GATE মানে Graduate Aptitude Test for Engineering , সৰ্বভাৰতীয় পৰ্যায়ৰ এটা জনপ্ৰিয় পৰীক্ষা ।
মাত্ৰ এখন দুৱাৰ । GATE ৰ দুৱাৰ । যিখন খুলিব পাৰিলেই হয়তো কোনোবাই পাব পাৰে নিশ্চিত আৰ্থিক আৰু সামাজিক নিৰাপত্তা । সাধাৰণ মানুহৰ ভাষাত অইলৰ লাখটকীয়া চাকৰি । কিন্ত সেই দুৱাৰখন আমি কিয় খুলিব পৰা নাই ।
হাজৰা, নন্দী, সিং, কুমাৰ, মীনাহতে যিটো পাৰিছে সেইটো বৰা, শইকীয়া, দাস, কলিতা, বড়ো হতে কিয় পৰা নাই ।
ইয়াৰ উত্তৰ................ ????????
উত্তৰটো বিচাৰি মই কেইবছৰমান পিছুৱাই গলো । আৰু উত্তৰটো পালো । আৰু তাৰপাছত............... নিজৰ কামত মন দিলো ।
টিভিটো অন কৰি নিউজ পেপাৰখন হাতত ললো । টিভিৰ এটা চেনেলত আদহীয়া ছাত্ৰনেতাসকলে ৰেলৱেৰ চতুৰ্থ শ্ৰেণীৰ পদত ১০০% সংৰক্ষণ বিচাৰি এটা সমদল উলিয়াইছে, অইন এটাত কৃষকৰ স্বয়ম্ভু নেতা এজনে হাত-মুৰ জোকাৰি কিবা কিবি বলকিছে আৰু পেপাৰখনত আধাপৃষ্ঠা জুৰি অসমৰ কমিনিউষ্ট (যাৰ সতি-সম্ততি বৰ্তমান পুজিপতিৰ দেশত সু সংস্থাপিত) বুদ্ধিজীৱি এজনে জাতীয়তাবাদৰ ওপৰত এটা মনোগ্ৰাহী, চিন্তাকৰ্ষক প্ৰৱন্ধ লিখিছে ।

No comments:
Post a Comment