Wednesday, August 2, 2017

চন্দনদাৰ ৰিটাৰ্ণ

অফিচলৈ যোৱাৰেপৰা চন্দনদা পুৰা সলনি হৈ গৈছে । এতিয়া চন্দনদা আমাৰ মৰমৰ চন্দনদা হৈ থকা নাই । চন্দনদা পুৰা বছ টাইপৰ কামোৰ চন্দনদা হৈ গৈছে । চন্দনদাৰ কামোৰৰ ত্ৰাসত শ্যামলদাও হাৰ মানি গৈছে । আজিকালি শ্যামলদা ৰেগুলাৰ টাইমত ডিউটিলৈ আহে । দীৰুদাও চন্দনদাৰ ওপৰত নাৰাজ হৈ গৈছে । চন্দনদাই দীৰুদাৰ কামৰ ওপৰতো সন্দেহ কৰিবলৈ লৈছে । চাইটত চন্দনদাই দীৰুদাৰ লগত নতুন লৰা এজন পঠিয়াইছিল। দীৰুদা বহুত আনন্দিত হৈছিল যে চন্দনদাই এক্সট্ৰা মেনপাৱাৰ এজন দিছে । কিন্ত লৰাজন আছিল চন্দনদাৰ ইনফৰমাৰ । দীৰুদাই চাইটত কি কি কৰে বা নকৰে চন্দনদাই পুৰা ইনফৰমেচন লৈ এদিন দীৰুদাৰ পুৰা চলিড ক্লাছ লৈ ললে । চন্দনদাৰ এনে এটিটিউডত দীৰুদা পুৰা ইমচনেলি হাৰ্ট হৈ গল ।

চন্দনদাই মোৰো ক্লাছ লও লও কৰি আছে । এতিয়ালৈ কিন্তু লব পৰা নাই ।

ডে শ্বিফট, ড্ৰিলিং চলি আছে । চাইট গৈ পালো । মাদ লেবাৰ এটাক টেংকৰ ওপৰলৈ পঠিয়ালো ।
- ছাৰ ভলিউম অলপ কমি আছে......... লেবাৰটোৱে চাই আহি কলে
- পানী খুলি দে যা, টেংক ভৰ্তি হলে বন্ধ কৰি দিবি, আৰু চাই থাকিবি, কিবা প্ৰব্লেম হলে মাতি দিবি...... মই কলো
বাংক হাউছৰ এচি অন কৰি প্লেন এটা বনালো । দুঘন্টা শুই লও, তাৰ পাছত লান্সৰ আগত এখন চিনেমা, লান্সৰ পাছত এখন ।

দুঘন্টাৰ টোপনি কমপ্লিট কৰাৰ পাছত লেপটপটো অন কৰি ললো । বুদ্ধা ইন এ ট্ৰেফিক জাম ষ্টাৰ্ট কৰিলো । মাওবাদী সমস্যাক লৈ কৰা চিনেমা। লেপটপত বুদ্ধা চলি আছে। অৰুনোদই সিঙে অনলাইন মাৰ্কেটিঙৰ আইডিয়াটো থ্ৰ কৰিছে ।
সেই সময়তে চন্দনদাৰ ফোন আহিল ।
- হেই বিকু, কি চলি আছে...... চন্দনদাই সুধিলে
- ড্ৰিলিং
- চব ঠিকে চলি আছে তো
- আছে
- আচ্ছা শুনা, শ্বেলত ড্ৰিলিং চলি আছে, কম্লিকেটেড আৰু ইম্পৰটেন্ট জন, প্ৰতিটো কানেচনত হাই ভিচ দিব লাগিব আৰু আচফাল্ট পিল দিব দিব লাগিব ছঘন্টাৰ মুৰে মুৰে
- হয় চন্দনদা
- আৰু এতিয়া ৱেইট-ভিচকচিটি বঢ়াব লাগিব, সন্ধিয়ালৈ মোক ৱেইট ১.৩৩ লাগিব, এতিয়া ১.২৯ আছে, প্ৰায় ১৫ টন বেৰাইট লোডিং কৰিব লাগিব, লোডিং ষ্টাৰ্ট কৰি দিয়া, আবেলিলৈ হবই লাগিব, ওপৰৰ কাঢ়া অৰ্ডাৰ...... চন্দনদাই কলে
- অকে চন্দনদা..... মই কলো

ধুৰ, দিমাগ কা দহী । কামোৰ চন্দনদা । কোন কাহানিবাই পিল-চিল বনোৱা বাদ দিছো । এইবোৰ এক্সট্ৰা হেডেক কোনে লব । আবেলি পঠিয়াবলগীয়া মেচেজটোত ৱেইটটোত এডিট কৰি ১.২৯ ৰ ঠাইত ১.৩৩ কৰি বুদ্ধাত মনোনিবেশ কৰিলো ।

এজ পাৰ প্লেন লান্সৰ পাছত ৰেংগুন ফিনিচ কৰি অলপ টোপনি মাৰো বুলি চোফাখনত আউজিবলৈ লৈছো ।
সেই সময়তে চাইততবাংক হাউছত চন্দনদাই এন্ট্ৰি মাৰিলে । বহুদিনৰ পাছত চন্দনদাৰ আনএক্সপেকটেড চাইট ভিজিট ।
- বিকু, কি চলি আছে...... চাইটত শুই থকা অৱস্থাত হাতে লোটে ধৰা পেলাই চন্দনদাই কঠোৰ মাতেৰে সুধিলে
মই থতমত খাই গলো । দিনটো চিনেমা চাই কটালো, এটা বেগো ধলা নাই । আজি চন্দনদাই মোক বজাব ।
- মানে চন্দনদা...... মই সেমেনা সেমেনিকৈ কলো
- টেংকৰ ওপৰলৈ বলা...... চন্দনদাই কলে

টেংকৰ ওপৰলৈ গলো । চন্দনদাই কেমিকেল ষ্টৰ চাই অনুমান আৰু মাদ লেবাৰ এটাক শুধি কনফাৰ্ম কৰিলে যে আজি একো কেমিকেল ধলা নাই । চন্দনদাই মোৰ ফালে চাই তীক্ষ্ণ চাৱনি এটা দিলে । মোৰ দিল কপি গল ।

চন্দনদাই মনে মনে ভাবিলে যে আজি বুঢ়াৰ হাতত চেঙেলী পৰিল । শ্যামল, দীৰুৰ পাছত এইবাৰ বিকুক বজাব লাগিব । চাইট শুবলৈ নহয় কাম কৰিবলৈ, এইবোৰৰ কাৰণেই ডিপাৰ্টমেন্টৰ বদনাম, চেলাৰী জাষ্টিফাই কৰিব লাগে আদি কেইটামান ডাইলগ চন্দনদাই মনে মনে আওঁৰাই ললে । এতিয়া পেৰামিটাৰ চেক কৰি ৱেইট কম পালেই বিকুক বজাব লাগিব । চন্দনদাই মোৰ ফালে চাই ক্ৰুৰ হাহি এটা মাৰিলে । মই ভগবানক স্মৰণ কৰিলো ।

চন্দনদাই নিজহাতে মাদ পেৰামিটাৰ চেক কৰিলে । মুঠতে তিনিবাৰ । চন্দনদাই নিজকে বিশ্বাস কৰিব নোৱাৰিলে । ৱেইট ১.৩৩ , পুৰা একুৰেট ।

চন্দনদাৰ ক্ৰুৰ চাৱনি মোলায়ম হাঁহিলৈ সলনি হল ।
- ৱেইটতো ঠিকেই আছে..... চন্দনদাই কলে
এইবাৰ মোৰ পাল । চন্দনদাৰ পজিচন অলপ উইক হৈ গৈছে ।
- চন্দনদা, আপোনাক আচলতে আৰু অলপ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা...... মই চন্দনদাক মিহিকে এটা দি দিলো

বি. দ্ৰ.
চন্দনদাই এতিয়াও ভাৱি আছে যে, চাইটত একো নকৰাকে, দিনটো চাইটত শুই বহি চিনেমা চাই থকাৰ পাছতো মাদ ৱেইট বাঢ়িল কেনেকে ?

দীৰুদাৰ মতে এইটো সাথৰ ভাঙিবলৈ এক্সপেৰিয়েন্সৰ প্ৰয়োজন, মানে অভিজ্ঞতা।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...