Wednesday, August 2, 2017

দায়বদ্ধতা

হিমন্ত বিশ্ব শৰ্মাই জেৰা কৰিছে । শুন্য উৰ্তীৰ্ণ বিদ্যালয়ৰ শিক্ষকক জেৰা কৰিছে । কেমেৰাৰ সন্মুখত , ৰাজহুৱাভাৱে । ২০১৩ ৰ আগলৈকে ৰিজাল্ট ভাল আছিল , প্ৰাদেশীকৰণ কৰাৰ লগে লগে কিয় বেয়া হল । সকলোৱে কিবা নহয় কিবা অজুহাত দেখুৱাইছে । অজুহাত । এক্সকিউজ ।

- স্কুলখন এবুকু পানীত ডুবি থাকে ...... এজন শিক্ষয়ত্ৰীয়ে কলে
- বছৰৰ বাৰমাহে বানপানী হয়নে..... হিমন্ত বিশ্বৰ প্ৰশ্ন

- হিন্দী মেডাম নাছিল কাৰণে হিন্দীত ফেইল কৰিলে..... এজনৰ অজুহাত
- বাকী শিক্ষক কোনেও হিন্দী নাজানে নেকি ...... হিমন্ত বিশ্বৰ প্ৰশ্ন
- আমাক স্কুলৰ লৰা-ছোৱালীবোৰ গাধা.... অইন এজনৰ কথা
- দুই কিলমিটাৰ দুৰত থকা স্কুলখনৰ ৰিজাল্ট ভাল দেখোন , চব গাধা আপুনিয়ে পায় নে ...... হিমন্ত বিশ্বৰ প্ৰশ্ন
- আপুনি এইমাহত দৰমহা কিমান পালে.... হিমন্ত বিশ্বৰ প্ৰশ্ন
- বিয়াল্লিশ হাজাৰ ন টকা........ এজনৰ উত্তৰ
- আৰু আপুনি ইমান টকা দৰমহা চৰকাৰৰ পৰা লৈ কি কৰিলে, আমাৰ আঠটা লৰা-ছোৱালীৰ লাইফ বৰবাদ কৰি দিলে ...... হিমন্ত বিশ্বৰ তীৰ্যক মন্তব্য

দায়বদ্ধতা লাগে, জবাবদিহি হব লাগে, একাউনটিবিলিটি লাগে ।
অকল শিক্ষা বিভাগৰে নহয়, সকলো বিভাগৰে পাৰ্ফমেন্সৰ জবাবদিহি হব লাগে ।

ষ্টৰী ১-
পাচ বছৰ আগৰ কথা । লগৰ এজন । কলেজৰ লেকচাৰাৰ । কলেজখন গুৱাহাটীৰপৰা দুঘন্টাৰ বাট । সি গুৱাহাটীৰপৰা অহা-যোৱা কৰে । ৰাতিপুৱা ৮ টাত ঘৰৰপৰা ওলায় , আবেলি ২ বজাত গুৱাহাটী ৰিটাৰ্ণ পায় যায় । মন্তব্য নিষ্প্ৰয়োজন ।

ষ্টৰী ২-
২০১২ চনৰ কথা , মই তেতিয়া শিৱসাগৰত । বহুত ফ্ৰী টাইম । টাইম কিল কৰিবলৈ মই ফেচবুকত বিতৰ্কত অংশগ্ৰহন কৰো । অসমীয়া কথা বতৰা নামৰ গোটটোত এটা বিতৰ্কত টাইম কিল কৰি আছো ।
এনেতে এজনে মন্তব্য দিলে - অ.এন.জি.চিত মানুহে এনেয়ে লাখ লাখ টকা দৰমহা লৈ আছে ।
হাজাৰ হলেও গাত লাগিব । গগৈ উপাধিৰ তিনিচুকীয়াৰ কলেজ এখনৰ অধ্যাপিকা তেখেত ।
মই মন্তব্য দিলো- বাইদেউ , যোৱা দহ বছৰত আপোনাৰ বিভাগৰ কিমানজনে সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষাত উৰ্তীৰ্ণ হৈছে সেই তথ্য কওকচোন

উত্তৰত গগৈ বাইদেউৰ কথা
- আমাৰ ইয়ালৈ চোকা ষ্টুডেন্ট নাহে, যিখিনি আহে চব গাধা

- বাইদেউ, আপুনি ফেচবুকত চুপতি মৰাতকৈ সেই গাধা ষ্টুডেন্টবোৰকে ৰিমেডিয়েল ক্লাছ লব পাৰে দেখোন , সময়ৰ সদব্যৱহাৰ হব , আপোনাৰ চেলাৰীৰো জাষ্টিফিকেচন হব , ময়ো এটা সময়ত গাধাই আছিলো, কিন্ত ভাগ্যে ভাল শিক্ষক কেইজনমানৰ ছত্ৰছায়া পাইছিলে জীৱনৰ ক্ৰুচিয়েল টাইমত ................ মই মন্তব্য দিলো

চিনিয়ৰ দাদা এজন গগৈ বাইদেউ আৰু মোৰ কমন ফ্ৰেন্ড আছিল । দাদাৰপৰা গম পালো যে গগৈ বাইদেউৰ মতে শইকীয়া উপাধিৰ মক্কেলটো অসভ্য, অভদ্ৰ আৰু অহংকাৰী , শিক্ষকক কেনেকৈ ব্যৱহাৰ কৰিব লাগে নাজানে ।

হিমন্ত বিশ্ব শৰ্মাইও নাজানে ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...