Wednesday, August 2, 2017

হোৱাটছএপ

যোৱাবাৰ শিৱসাগৰ যোৱাৰ কথা । বাছৰ টিকত কাটিবলৈ ৰাতিপুৱা আই. এছ. বি. টি পালোগৈ । কাৰেন্ট নাই । কাৰেন্ট নাথাকিলে এ. এছ. টি. চি ৰ কাউন্টাৰত টিকেট দিব নোৱাৰে । কিছুদেৰি ৰৈ গুচি আহিলো ।
সাধাৰণতে মই পৰিবহন নিগমৰ বাছত যোৱাটো পৃফাৰ কৰো । চৰকাৰী নিগম বুলি টান এটা আছে । প্ৰাইভেট বাছত ৪০-৫০ টকা কম ভাড়া দিও যাব পাৰি, কিন্ত শিৱসাগৰলৈ গলে সাধাৰণতে মই আগতীয়াকৈ পৰিবহন নিগমৰ বাছত টিকট কাটি যাও।

দুপৰীয়া আকৌ গলো । এইবাৰো কাৰেন্ট নাই । মই কাউন্টাৰৰ মানুহজনক কলো যে পইচা দি যাওঁ, টিকট ৰাখি দিলেই হল । মানুহজনে কলে যে বাছত কি চিট খালী আছে কব নোৱাৰি, চিট আছে নে নাই সেইটোও কব নোৱাৰি ।
এ. এছ. টি. চি কাউন্টাৰত টিকট নাপাই বেছিভাগ যাত্ৰীয়েই প্ৰাইভেট বাছত টিকট লৈছে । অৱশ্যে কেইজনমান কাৰেন্ট অহালৈ ৰৈ আছে ।
- ইয়াত জেনেৰেটৰ নাই নেকি, থাকিবতো লাগে...... মই সুধিলো

কাউন্টাৰৰ মানুহজনে কলে যে জেনেৰেটৰ আছে কিন্ত কিবা কাৰণত চলোৱা নাই । কাৰণটো তেওঁ সঠিককৈ কব নোৱাৰিলে ।
হঠাৎ মোৰ মনত পৰিল যে ASTC ৰ বৰ্তমান চেয়াৰমেন আনন্দ প্ৰকাশ তিৱাৰী, IPS, আগতে কামৰূপৰ এছ. পি আছিল ।

আচলতে কেতিয়াবা মোৰ বেছি দিমাগ লগাই হিৰোগিৰি দেখুৱাব ইচ্ছা জাগে । TRUECALLER অত আনন্দ প্ৰকাশ তিৱাৰী চাৰ্চ কৰিলো । 9435351112 নম্বৰটোৰ এগেইনষ্টত তিৱাৰীৰ ফটোখন পালো । নম্বৰটো চেভ কৰিলো ASTC A. P. Tiwari IPS.

WhatsApp ট তিৱাৰী ডাঙৰীয়ালৈ মেছেজ দিলো
Respected sir
Presently in ISBT Guwahati
Not able to book tickets in ASTC counter due to no electricity for past half an hour.
Kindly provide back up generators for smooth operation and convenience of passengers.
Regds
B. Saikia

আঠ ছেকেণ্ডৰ পাছত তিৱাৰী ডাঙৰীয়াৰ ৰিপ্লাই আহিল
- OK

দহ মিনিটমান আৰু বহিব লগাত পৰিল । কাৰেন্ট আহিল । কাউন্টাৰৰ কম্পিউটাৰ চলিল ।
টিকট পালো ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...