Wednesday, August 2, 2017

প্ৰস্ততি পৰাশৰৰ বিয়াত

কটনত হায়াৰ ছেকেন্ডাৰী পঢ়ি থকা সময়ৰ কথা । অসমৰ জনপ্ৰিয় অভিনেত্ৰী প্ৰস্ততি পৰাশৰৰ ভায়েক প্ৰবাহন পৰাশৰ আমাৰ লগত পঢ়ে । বায়েকৰ বিয়া । নিমন্ত্ৰণ পালো ।
তাৰিখটো পাহৰিলো । ঘৰৰ ওচৰৰ পাজৰৰ মানুহৰ আগত বুকু ফিন্দাই আছো । প্ৰস্ততি পৰাশৰৰ বিয়ালৈ যাম । বিশ্বাস নকৰা কেইটাক বিয়াৰ নিমন্ত্ৰণী পত্ৰ দেখুৱাইছো । মুঠৰ ওপৰত চেলিব্ৰেটি টাইপ ফিলিঙ আহি গৈছে ।

নিমন্ত্ৰণী পত্ৰত উল্লেখ থকামতে অভ্যৰ্থনাৰ সময় বিয়লি দুই বজাৰ পৰা । মই বহুত পানচুৱেল মানুহ । বেলতলাৰপৰা চিটিবাছত উঠি ১-৪৫ বজাত শিলপুখুৰী পালো । শিলপুখুৰীত থকা কালী মন্দিৰৰ ফিল্ডখনত বিয়াৰ পেন্ডেল । ১-৫০ ত পেন্ডেলত এন্ত্ৰি মাৰিলো ।

পেন্ডেলত সোমাই টেনচন হৈ গল । ভিতৰত বৰ বেছি মানুহ নাই । এজনক সুধি গম পালো যে অলপ আগতে জোৰোণ হৈ গৈছে , মানুহবোৰ কাপোৰ সলাবলৈ ঘৰাঘৰি গৈছে । প্ৰবাহন নাই । কাকো চিনিও নাপাও । ঘড়ীটোলৈ চালো , কাৰেক্ট আবেলি দুটা ।

- ঐ ভাইটি এইফালে আহ, এইখন ধৰি দে ....... হটঙা মানুহ এজনে মাতিলে

টেবুল এখন ধৰি দিলো । মই ইষ্ট্ৰি কৰা বগা চাৰ্ট, ক'লা পেন্ট, ক'লা জোতা পিন্ধি গৈছিলো । টেবুলৰ আনটো মুৰতো মোৰ দৰেই ড্ৰেছকোডত আন এটা লৰা ।

টেবুলখল যথাস্থানত থৈ মই হটঙা মানুহটোক কলো...... মই মানে প্ৰবাহনৰ লগৰ , কটনত পঢ়ো, বিয়া খাবলৈ আহিছিলো
- ইছ ৰাম ছৰি দেই, মই আকৌ কেটাৰিঙৰ লৰা বুলিহে ভাৱিছিলো ...... হটঙাই কলে
- মানে প্ৰবাহন কেতিয়াকৈ আহিব ...... মই সুধিলো
- কব নোৱাৰো, অলপ আগতে গৈছেহে, চাৰিটা-পাচটা বাজিব

তেতিয়া মবাইল ফোন নাছিল । পেন্ডেলত এনেকৈ থকাটো মোৰ স্বাস্থ্যৰ বাবে সুবিধাজনক নহয় বুলি চিন্তা কৰি বাহিৰ ওলালো । কিন্ত কথাটো হল যাম কত । পাহাৰত ওপৰত নৱগ্ৰহ মন্দিৰ । পাহাৰৰ ৰাস্তাত খোজ পেলালো । কিছুদেৰিৰ পাছত মন্দিৰ পালো । ঘড়ীটোলৈ চালো, এতিয়াও বহুত সময় আছে ।

খাৰঘুলিৰ ফালে নামি দিলো । অলপদুৰ যোৱাৰ পাছত মনত পৰিল যে লগৰ জ্যোতিৰ্ময় পাঠকৰ ঘৰ খাৰঘুলি পাহাৰত । অকাই পকাই জ্যোতিৰ্ময়ৰ ঘৰ ওলালো । খুড়ীয়ে লুচি-কাবুলী বুট খুৱালে । প্ৰস্ততি পৰাশৰৰ বিয়ালৈ অহা বুলি কোৱাত বিশ্বাস নকৰাত জ্যোতিৰ্ময়কো নিমন্ত্ৰণী পত্ৰখন দেখুৱালো । পাচটামান বজাত জ্যোতিৰ্ময়ৰ ঘৰৰপৰা ওলালো ।
এইবাৰ পাহাৰে পাহেৰে ৰিটাৰ্ণ জাৰ্ণি । এটা পইন্টত ৰৈ গলো । ৰাস্তা ভুল হল । এখন আঠফুট ওখ গাৰ্ড ৱাল । ৱালৰ সিফালে নৱগ্ৰহ মন্দিৰৰ পাছছোৱা । ইফালে সন্ধিয়াও হৈ আহিছে । কি কৰো ।
তেতিয়া ক্ষীণ আছিলো । এথেলেটিক । জপিয়াই গাৰ্ড ৱালত উঠিলো । তাৰ পাছত সিফালে জপিয়ালো । মন্দিৰৰ পুজাৰী এটাই কোন অ সেইটো বুলি চিঞৰা কাণত পৰিল । বেগাবেগিকৈ খোজ ললো ।
জপিওৱা প্ৰচেচটোত কলা পেন্টটোত অলপ মাটি লাগিল । মন্দিৰৰ পানীৰ টেপত ৰুমালখন তিয়াই পেন্টটো মচিলো । এইবাৰ শিলপুখুৰীৰ ফালে নামিলো । নামোতে অসুবিধা নহল ।

বাহিৰত পাৰ্ক কৰা গাড়ী এখনত চাই চুলি-তুলি ঠিক-ঠাক কৰি আকৌ পেন্ডেলত এন্ত্ৰি মাৰিলো । এইবাৰ প্ৰবাহনক পালো । সি ৱেলকাম কৰিলে । লগৰ অভীক বৰাকো বুকে এটাৰ সৈতে দেখা পালো । উশাহ আহিল, অন্তত চিনাকি লগৰ এটা আছে ।

কিছুদেৰিৰ পাছত প্ৰবাহনে বায়েক প্ৰস্ততি পৰাশৰক আমাৰ ওচৰলৈ লৈ আহিল । বাইদেৱে চফৰ বটাটো আগবঢ়াই মিচিকিয়াই হাহি এটা মাৰিলে । বাইদেউৰ হাহি দেখি নাৰ্ভাছ হৈ গলো । কপা কপা হাতেৰে মই চফ ললো ।
- বাইদেউ আপুনি ইমান ধুনীয়া ........ অকস্মাত মুখেৰে ওলাই গল
- হা , থেংক ইউ দেই...... প্ৰস্ততি বাইদেৱে ভালকৈয়ে হাহি এটা মাৰিলে ।

তাৰ পাছৰপৰা দুটা কথা মনত ৰৈ গল......
প্ৰথমতে....., বিয়াত ফৰমেল কলা-নীলা পেন্ট , প্লেইন চাৰ্ট পিন্ধি যাব নালাগে
দ্বিতীয়তে....... , আবেলি ছয় বজাৰ আগতে গুৱাহাটীৰ বিয়াৰ ৰিচিপচনত এন্ট্ৰি মাৰিব নালাগে ।

প্ৰস্ততি পৰাশৰ বাইদেউৰ বিয়াত উপহাৰ দিছিলো কিতাপ এখন ....
" সুখী দাম্পত্য জীৱনৰ কিটিপ "

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...