মই ঘৰৰপৰা যেতিয়া ওলাবলৈ লৈছিলো তেতিয়া আকাশখনৰ এফালে গোমা হৈ আহিছিল ।
মই এটা অন্তদন্দত আছিলো । এটা ডাইলেমাত মাজত মই সিদ্ধান্ত লব পৰা নাছিলো ।
মই কি বিচাৰো, বিচাৰিছিলো, বিচাৰিম সেই সকলো কথা ধুঁৱলী কুৱলী হৈ পৰিছিল ।
দীৰুদাৰ নাৰেংগীৰ ঘৰলৈ যাবলৈ মই ওলাইছিলো । ঘৰৰ পৰা ওলাই মই লখৰা চাৰিআলি পাও পাও । স্কুটিখনত পেট্ৰল কম আছে । নাৰেংগীলৈ যাবলৈ বহুত ৰাস্তা আছে, এটা চিটিৰ মাজেৰে, আন এটা হাইৱে হৈ । লখৰা ক্ৰছ কৰি হাইৱেৰ কাষত থকা পেট্ৰল পাম্পটোত মই পেট্ৰল ভৰালো । তেতিয়ালৈ বৰষুণ নাই ।
হাইৱেত উঠিলো । বিপৰীত দিশৰপৰা আকাশখন ঘন ক'লা হৈ আহিছে, দুই এটোপ বৰষুণো পৰিছে । এঠাইত মই ৰ'ম বুলি ভাৱিছিলো, কিন্ত নৰলো । কিছুদেৰি মই আগুৱাই গলো । হঠাৎ বৰষুণজাক বেছি জোৰেৰে আহিল । অলপ তিতিলো । স্কুটিখন ৰখাই মই ইফালে সিফালে চালো । অলপ দূৰত ৰাস্তাৰ কাষত সৰু চালি এখন । মই দৌৰ মাৰি চালিৰ তলত সোমালো।
চালিখন আছিল তিনিআলি এটাত । হয়তো সন্ধিয়া তাৰ তলত কোনোবাই চাহ-তামোলৰ দোকান দিয়ে । সেইখিনি সময়ত চালিখনৰ তলত আৰু দুজন মানুহে আশ্ৰয় লৈছিল । কপালত ফোট লোৱা বাবাজী এজন আৰু এজন মলিয়ন কাপোৰ পিন্ধা মানুহ ।
বাবাজী টাইপৰ মানুহ মোৰ একেবাৰে পচন্দ নহয় । দুয়োজন মানুহৰ গাৰপৰা কেইবাদিনো নোধোৱা মলিয়ন কাপোৰৰ ভেকেটা ভেকেট গোন্ধ ভাহি আহিছিল কিন্ত তীব্ৰ বৰষুণৰ বাবে তাত থিয় হৈ থকাৰ বাহিৰে মোৰ হাতত একো উপায় নাছিল । তেওঁলোক মোৰ আগতেই চালিখনৰ তলত সোমাইছিল আৰু কিবা কথা পাতি আছিল ।
বাবাজীজনে মানুহজনক কৈ আছিল......
আমি গাওঁৰ পৰা চহৰলৈ যে আহিছো, কিয় আহিছো, পইচা উপাৰ্জন কৰিবৰ বাবে, পৰিয়ালৰ বাবে, মা, দেউতা, ঘৈণী, লৰা-ছোৱালীৰ বাবে, চহৰত শ্ৰম কৰি দুপইচা বেছিকৈ ঘটিব পাৰি, সেয়ে আমি চহৰলৈ আহিছো নিজৰ পৰিয়ালৰ সমৃদ্ধিৰ বাবে ।
বাবাজীৰ কাপোৰবোৰ ভেকেটা ভেকেট গোন্ধাইছিল যদিও মই তেওঁৰ ফালে দৃষ্টি নিক্ষেপ কৰিলো । মলিয়ন বগা কুৰ্তা, দীঘল ডাঢ়ি, কপালত এটা দীঘল ৰঙা ফোট।
বৰষুণজাকৰ তীব্ৰতা বাঢ়ি আহিছিল আৰু আমি আশ্ৰয় লোৱা চালিখনত থকা ফুটাবোৰেৰে টোপাটোপে পানী পৰিবলৈ ধৰিছিল ।
- আপুনি ইয়াত থিয় হওক........ বাবাজীজনে চালিৰ তলৰ শুকান ঠাই অকন দেখুৱাই কলে ।
মই থিয় দি থকা পজিচন সলালো । বাবাজী আৰু মানুহজনে নিজৰ মাজতে কথা কোৱাত লাগিল ।
বাবাজীজনে কৈ গল..........
মই তেতিয়া গাওঁত আছিলো, এনেকুৱাই বতাহ ধুমুহা আহিছিল, মই আমগছ এজোপাৰ তলত ৰৈছিলো । ধুমুহা দি আছিল । হঠাৎ কাষৰ আমগছডালৰপৰা আম এটা সৰি পৰিছিল । চকুৰ আগত সৰি পৰা আমটো দেখি মোৰ মনত খেলাইছিল যে ঘৰত থকা মোৰ সৰু লৰাটোৱে আমটো খাবলৈ পালে খুব ভাল পাব । ধুমুহা এৰালৈ মই ৰব পাৰিলোহেতেন, কিন্ত হঠাৎ কি নো হল মই আমটো বুটলিবলৈ গলো । আৰু ঠিক আমটো বুটলি হাতত লওতেই অকস্মাৎ মই আগতে ঠিয় হৈ থকা গছডাল ধুমুহাত বাগৰি পৰিছিল । আমটো বুটলিবলৈ নহা হলে হয়তো মোৰ অঘটন হলহেতেন । ঘটনাৰ আকস্মিকতাত হতভম্ব হৈ মই ধুমুহা বৰষুণৰ মাজেৰে প্ৰাণপণে ঘৰলৈ দৌৰিছিলো, আমটো কিন্ত তেতিয়াও মোৰ হাতত আছিল । ঘৰত সোমাই মই স্বস্তিৰ নিশ্বাস পেলাইছিলোঁ । ভগবানক মই ধন্যবাদ জনাইছিলো, পৰিয়ালৰ প্ৰতি থকা প্ৰেমে হয়তো মোক সিদিনা এটা অঘটনৰপৰা বচাই দিছিল । জীৱনত ঘি ঘটে সকলোৰে কিবা নহয় কিবা কাৰণ থাকে ।
বৰষুণ তেতিয়াও তীব্ৰ হৈ আছিল । আমি থিয় হৈ থকা চালিখনৰপৰা বেছিকৈ পানী পৰিবলৈ আৰম্ভ কৰিছিল ।
আমি তিনি আলিৰ চুকটোত হাইৱেৰ ফালে থকা চাইডটোৰ চালি এখনৰ তলত থিয় দি আছিলো । মই চুকৰ ফালে গৈ তিনিআলি টোৰ ভিতৰৰ ফালে চালো । আমাৰ ঠিক কাষতেই তিনিআলিটোৰ ভিতৰৰ চাইডত পানী নসৰকা টিঙৰ মজবুত চালি দেখিবলৈ পালো ।
মই টিঙৰ চালিখনৰ তললৈ আহিলো । মোক দেখি বাবাজী আৰু মানুহজন টিঙৰ চালিখনৰ তললৈ আহিল।
বাবাজীজনে মানুহজনক কলে.......
চোৱা, আমি তিনিওজনে কিমানসময় ধৰি বৰষুণত সেই ফুটা চালিৰ তলত কষ্টেৰে আছিলো অথচ কিমান ওচৰতে এখন মজবুত চালি আছিল । এওহে এই মজবুত চালিখন প্ৰথমতে লক্ষ্য কৰিলে । এওঁৰ দৃষ্টিৰ বাবে আমি ফটা চালিৰ তলত থিয় হৈ বৰষুণত আৰু তিতাৰপৰা বাচি গলো ।
ইতিমধ্যে বৰষুণৰ প্ৰাবল্যটো কমি আহিছিল । কিছুদেৰিৰ পাছত বৰষুণ নোহোৱা হল । মই স্কুটিৰ ফালে খোজ ললো । স্কুটিখন ষ্টাৰ্ট দি মই তিনিআলিৰ ফালে চালো । কোনো নাই । যেন পলকতে বতাহত মিলি গল বাবাজী আৰু মলিয়ন কাপোৰ পিন্ধা সেই মানুহজন ।
মোৰ লগত বহুতবাৰ এনেকুৱা হৈছে, যেতিয়াই কিবা এটা দুশ্চিন্তাত ভোগো, তেতিয়াই কিবা নহয় কিবা আকস্মিক ঘটনাই খুলি দিয়ে মনৰ জটবোৰ । বাবাজী ধুমুহা, আম, পৰিয়াল, প্ৰেম, দৃষ্টি........
দীৰুদাৰ ঘৰলৈ যাবলগীয়া নহল । দ্বিধা, শংকা,ভয় নেওচি মই বাট পোনালো চিৰন্তন লক্ষ্যলৈ ।

No comments:
Post a Comment