Wednesday, August 2, 2017

ষ্টপেজ

খানাপাৰা ষ্টপেজত ৰৈ আছো । আকাশৰপৰা এটোপ দুটোপকৈ বৰষুণ পৰিবলৈ আৰম্ভ কৰিছে । ষ্টপেজত মই অকলে আছো । আজি বাছবোৰো বহুত কম । প্ৰধানমন্ত্ৰী আহিব বাবে ৰিকুইজিচন চলিছে ।

কিছুদেৰিৰ পাছত এগৰাকী মহিলা আৰু এজনী যুৱতী ষ্টপেজৰ শ্বেডত সোমাল । বোধহয় মাক-জীয়েক হব ।
- ইয়াত ২১ নম্বৰ বাছ পাম নেকি....... যুৱতীগৰাকীয়ে সুধিলে
- হয় পাব... মই কলো
- কিমান সময় লাগিব
- এক্সুৱেলি আজি বাছ ট্ৰেকাৰ কম, তাতে বৰষুণো দি আছে, সময় লাগিব..... মই কলো

মাক জীয়েকে নিজৰ মাজতে কথা পতাত লাগিল ।
- আপোনালোক যাব কলৈ.... মই সুধিলো
- এক্সুৱেলি আমি যোৰহাটৰ পৰা আহিছো, ইউনিভাৰ্চিটিলৈ যাম, জালুকবাৰী.... যুৱতীগৰাকীয়ে কলে
- ২১ নং বাছ তো জালুকবাৰী নাযায়
- হয় জানো
- তেন্তে
- ২১ নং ৰে পানবজাৰ, তাৰ পাছত ৬ নং ৰে জালুকবাৰী
- আচ্ছা...... মই কলো

মাক জীয়েকে আকৌ কথা পতাত লাগিল ।
- এইফালে ট্ৰেকাৰ চলে, হাইৱে হৈ, ডাইৰেক্ট জালুকবাৰী, সহজতে আৰু সোনকালে গৈ পাব, ময়ো আচলতে জালুকবাৰীয়ে যাম....... মই কলো

মাকে মোৰ ফালে ঘোপাকৈ চালে । বিৰক্তিৰ চাৱনি । ছোৱালীজনীয়ে অৱশ্যে বিৰক্তিৰ চাৱনি দিয়া নাই।
- মানে ৰিকুইজিচন চলিছে তো, গাড়ী বহুত কম, পানবজাৰৰ পৰা কানেকটিং গাড়ী পোৱাত প্ৰব্লেম হব পাৰে, তাতে আজি বতৰটোও বেয়া, আপোনালোকৰ সুবিধা হব........ মই বিৰক্তিৰ চাৱনিৰ এগেইনষ্টত ক্লিয়াৰিফিকেচন দিয়াৰ চেষ্টা কৰিলো ।

মাকৰ মুখত বিৰক্তি লাগি থাকিল । ছোৱালীজনীয়ে মিচিকিয়া হাঁহি এটা মাৰিলে ।
মই দুখোজ পিছুৱাই ৰেলিঙত আউজি দিলো । মাক জীয়েকে নিজৰ মাজতে কিবা কথা পাতিলে । এপলেকত ছোৱালীজনীয়ে মোৰফালে ঘুৰি চালে । চেহেৰাত হাহি এটা ।
ময়ো পাতলকৈ হাহি এটা মাৰিলো ।
তাৰ পাছত কিছু সময় গল । অগাপিছাকৈ ২১ নং বাছ এখন আৰু জালুকবাৰী লিখা থকা ট্ৰেকাৰ এখন ষ্টপেজটোত ৰল ।
মই মাক-জীয়েকৰ ফালে লক্ষ্য কৰিলো । ইনিচিয়েল মুভমেন্টৰ পৰা বাছ নে ট্ৰেকাৰৰ ফালে যাব ধৰিব পৰা নাই ।
ময়ো অলপ কনফিউজনত আছো,
বাছ ধৰো নে ট্ৰেকাৰ ।

(৪)

বাছ নে ট্ৰেকাৰ ।
এইটোৱেই মুল প্ৰশ্নটো আছিল ।
মাক-জীয়েকে বাছখনৰ ফালে অগ্ৰসৰ হল।
মই দুখোজ আগুৱাই গলো ।
- এক্সুৱেলি ট্ৰেকাৰত গলে আপোনালোক সোনকালে জালুকবাৰী পাব, হাইৱেৰ ফ্ৰী ৰাস্তা, সহজ, সুবিধাজনক....... মই কলো

ছোৱালীজনীয়ে হয়তো ঘুৰি চাব খুজিছিল । কিন্ত মাকৰ চুড়ান্ত বিৰক্তিকৰ চাৱনিয়ে কৈ দিলে যে তেওঁলোকে বাছতেই যাব ।
ওচৰৰ ট্ৰেকাৰখনৰপৰা বিগ এফ. এম ত গান এটা ভাহি আহিল

তুমচা আগৰ কোই মিলে ৰেহগুজৰ
তো দুনিয়াচে কৌন ডৰে
চাৰ কদম........
মই চাৰিখোজ পিছুৱাই ষ্টপেজটোৰ ৰেলিঙত ভেজা দিলো ।

ফোনটো বাজিলে, চন্দনদাৰ ফোন
- কত আছা
- ষ্টপেজ এটাত আছো.... মই কলো
- বাছৰ ৱেইট কৰি আছা নেকি
- তেনেকুৱাই ঠিক
- ধুৰ, গাড়ীখন কি হল তোমাৰ...... চন্দনদাই সুধিলে
- আছে
- মই জালুকবাৰী পালোহিয়েই
- অকে, গৈ আছো..... মই কলো

মোৰ বাবে মই জীৱনৰ এনেকুৱা এটা ষ্টপেজত ৰৈ আছো যত জীৱনৰ প্ৰায়ভাগ অনুভুতি মই পাইছো, পৰিয়াল, আত্মীয়, বন্ধুত্ব, বিশ্বাস, অভিমান, জেদ, প্ৰায় সকলো । মোৰ আজি কোনো উচ্চাকাংক্ষা বা অলীক সপোন নাই ।
কেবল পোৱা নাই যদি কাৰোবাৰ সচা ভালপোৱা, যিহেৰে মই বাকীছোৱা জীৱন প্ৰেম-মৰমৰ মাজেৰে পাৰ কৰিব পাৰো ।

তাৰ বাহিৰে জীৱনৰ প্ৰতি মোৰ বেলেগ এক্সপেকটেচন নাই ।
এই ক্ষেত্ৰত মোৰ কোনো জয়-পৰাজয়, লাভ-লোকচানৰ অংক নাই । কোনো বেক আপ প্লেন নাই । জাষ্ট মই ৰৈ দিও কেতিয়াবা কোনোবা ষ্টপেজত । অপেক্ষা কৰো বাছলৈ ।

যেতিয়ালৈ জীৱনৰ ষ্টপেজত সেই বিশেষ বাছখন নাহে, মই অপেক্ষা কৰিম ।
যিদিনাখন আহে, সিদিনাখন উঠি দিম ।
বাচ সিমানেই ।

মই পকেটৰপৰা চাবিটো উলিয়াই মোৰ গাড়ীখনৰ ওচৰলৈ গলো । অল্টো, ২০১১ মডেল, পুৰণা যদিও বঢ়িয়া চলি আছে । ক্লাটছ দবাই গিয়েৰ শ্বিফট কৰি এক্সেলেটেৰত ভৰি দিলো ।

হাইৱেৰ ফ্ৰী ৰাস্তা ।
পাছত ৰৈ গল এটা ষ্টপেজ ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...