অহুকাণে পহুকাণে কথাবোৰ ওলাইছে । অফিচলৈ গৈ চন্দনদা সলনি হোৱা বুলি ৰাইজে
উমান পাইছিলেই , কিন্ত চন্দনদাৰ যে ড্ৰামেটিক পৰিবৰ্তন হৈছে সেইটো খৰব
শ্যামলদাই উলিয়াইছে ।
অফিচলৈ যোৱাৰ পাছত এই চাৰিমাহত চন্দনদাই চাৰিবাৰো ফোন কৰা নাই । অকল মোক বুলি নহয় , এসময়ৰ জিগৰী য়াৰ , চন্দনদাৰ ৰুম পাৰ্টনাৰ অমিত গ্ৰোভাৰেও য়ে চন্দন ক্যা চে ক্যা হো গয়া টাইপৰ ডায়লগো কবলৈ আৰম্ভ কৰিছে । দীৰুদাক মাজে মাজে ফোন কৰি খাকে , কিন্ত পিউৰলি অফিচিয়েল কামত , চেক কৰে, দীৰুদা ডিউটিলৈ ঠিকমতে গৈছে নে নাই । চন্দনদাৰ ত্ৰাসত শ্যামলদাইও ডিউটিলৈ নিয়াৰিকৈ যাবলৈ আৰম্ভ কৰি দিছে । আনকি মোৰ সাত বছৰীয়া কেৰিয়াৰত প্ৰথমবাৰৰ বাবে অনিশ্চাস্বত্তেও দুটাকৈ কেজুৱেল লিভ হাতৰপৰা গল । এই সকলোবোৰ কেচৰ পাছৰ মাষ্টাৰমাইন্ড বুলি আমি চন্দনদাকে ঠিৰাং কৰিছো । কাৰণ চন্দনদা অফিচলৈ যোৱাৰ আগতে আমাৰ বৰ ধুনীয়া বিন্দাছ দিন চলি আছিল ।
আমাৰ কথা বাৰু বাদ দিও । বৌয়েও বোলে চন্দনদাৰ পৰিবৰ্তন ধৰা পেলাইছে । আগতে চৈধ্যদিন ডিউটিলৈ যাওতে সৰু বেগ এটাত চাৰিটা চাৰ্ট লৈ যায় । চাৰিটা চাৰ্টেৰে কাম চলি যায় । আজিকালি বৌৱে কাপোৰ ধুই ধুই তত নাপাই । এদিন পিন্ধা কাপোৰ চন্দনদাই দুনাই নিপিন্ধে । চৈধ্য দিনত চৈধ্যযোৰ বেলেগ বেলেগ কাপোৰ পিন্ধে । আগৰ নন ব্ৰান্ডেড কাপোৰবোৰ এতিয়া ঘৰ মোচা কাপোৰ হৈছেগৈ । ৰেমন্ড, ব্লেকবেৰী, এলেন চলি বাদ দি আজিকালি চন্দনদাই কাপোৰ নিপিন্ধে । আৰু আগতে ৱাইল্ড ষ্টন ডিয় মৰা চন্দনদাই আজিকালি ডিয় নামাৰে , পাৰফিউম মাৰে , সুগন্ধি পাৰফিউম ।
( এইবোৰ অহুকাণ পহুৰকাণে ওলাইছে )
অফিচৰ বাহিৰত থকা ৰমেনৰ দোকানত শ্যামলদাই জৰ্দা পাণ এটা অৰ্ডাৰ দিলে । এনেতে খুব ধুনিয়া গোন্ধ এটা শ্যামলদাই ফিল কৰিলে
- বহুত ধুনীয়া চেন্ট এটা আহিছে দেই.... শ্যামলদাই কলে
- অ, চেন্ট পাইছে ন, মানে চন্দন ছাৰ ৰুমৰপৰা ওলাল ..... ৰমেন পানদেকানীয়ে কলে
শ্যামলদাই বিচুৰ্তি খালে । সচাকৈয়ে বেনেটনৰ চাৰ্ট, লীৰ জিনছ, এডিডাচৰ জোতা আৰু ৰে-বেনৰ ছানগ্লাছ পৰিহিত সেয়া আমাৰ চন্দনদা । চালিয়া , কুল, দেচিং , ষ্টাইলিচ, হেন্ডচাম আমাৰ চন্দনদা ।
- অই ৰমেন, পাণ বান্ধি ৰাখিছনে , আৰু শ্যামল , চাইতত অপেৰেচন কি চলি আছে, অ টেষ্টিং, ব্ৰাইন বনাব লাগিব , ১.০৭ ৱেইটৰ , আজি নাইটত চেঞ্জ অভাৰ কৰি দিবা ......... চন্দনদাই কলে
- মানে চন্দনদা আপোনাৰ লগত কাম এটা আছিল ..... শ্যামলদাই কলে
- চাম-অল , আজি, মই বহুত বিজি আছো, বহুত কামৰ প্ৰেচাৰ, বুজিচাই তো , অফিচিয়েল ৱৰ্ক, দুঘন্টামান পাছত মোক কল এটা কৰিবা , চাও ......... এইবুলি কৈ চন্দনদাই ৰমেনৰপৰা পাণ লৈ হাতৰ ঘড়ীটোত টাইম চাই পুনৰ অফিচলৈ খোজ ললে ।
মা কচম । লাইফত শ্যামলদাই এনেকুৱা বিচুৰ্তি খোৱা নাছিল । আমাৰ চন্দনদা আমাৰ হৈ খকা নাই ।
দুখী শ্যামলদা নেওগদাৰ কাষ পালেগৈ । নেওগদাক শ্যামলদাই নিজৰ দুখৰ কাহিনী কলে ।
- নকবা আৰু, চন্দন আজিকালি বহুত ব্যস্ত থাকে , অফিচৰ কামবোৰ আছিলেই , তাতে ইউনিভাৰচিটীৰ দহজনীয়া ষ্টুডেন্টৰ গ্ৰুপ এটা কিবা প্ৰজেক্টৰ কাৰণে আহিছে , চব চন্দনেই চম্ভালে ......... নেওগদাই তামোল চোবাই চোবাই কলে
ডি.এছ.এত আজিকালি এন্টি-চন্দনদা গেং এটা বনোৱা হৈছে । চন্দনদাৰ দ্বাৰা উপেক্ষিত, বিতুষ্ট, টৰ্চাৰিত লোকক অতি সাবধানেৰে এই চিক্ৰেট গেঙৰ মেম্বাৰ ভৰ্তি কৰা হয় । সদস্য এতিয়া বিশজন ক্ৰছ কৰিছে ।
গেঙৰ মিটিঙৰ পাছত চন্দনদাক এসেকা দিবলৈ ঠিক কৰা হল ।
শ্যামলদাই বৌক ফোন কৰি খবৰ খাতি ললে । বৌৱেও বোলে চন্দনদাৰ পৰিবৰ্তন লক্ষ্য কৰিছে । শ্যামলদাই ইউনিভাৰচিটিৰ ষ্টুডেন্টৰ গ্ৰুপটো আৰু তাত যে সাতজনী ধুনীয়া ছোৱালী আছে সেই কথাটো বৌৰ কাণত পেলাই দিলে । ধুনীয়া শব্দটোৰ ওপৰত শ্যামলদাই বেছিকৈ এমফেছিছ দিলে ।
ফোনটো থৈ শ্যামলদাই চেটিছফাইড হাহি এটা মাৰিলে । এন্টি চন্দনদা গেঙে সৰু পাৰ্টি এটা কৰিলো ।
বেচেৰা আমাৰ মৰমৰ চন্দনদা । এইবাৰ কত সাৰিব ।
এইবাৰ চন্দনদাৰ বাজিব ।

No comments:
Post a Comment