( কম্পিটিচন)
আচলতে ক্ৰেডিট দিব লাগিব অপুৰ্বক । অপূৰ্ব কলিতা, বৰ্তমান বি বৰুৱা কলেজৰ সহকাৰী অধ্যাপক ।
২০০৭ চন , ডিগ্ৰী পাছ কৰি ইউনিভাৰ্চিটিত এডমিচন লৈছো । ক্লাছটোত কটনৰ সাতজন, বি বৰুৱাৰ সাতজন । কিন্ত বি বৰুৱাৰ কেইটা আমাৰ লগত নিমিলে । আমি কটনৰ কেইটা বিন্দাছ টাইপৰ । ক্লাছৰ পাছত ক্ৰিকেট খেলো, আদ্দা মাৰো আৰু হোষ্টেল, ৰুম পাওগৈ । বি বৰুৱাৰ কেইজন ইউনিভাৰ্চিটিৰ ক্লাছৰ পাছত ঘুৰি পকি আকৌ বি বৰুৱা পায়গৈ । মানে আমাৰ মতে সিহতি অলপ বেছি দেখায় । লৰাকেইটা অলপ ৰিজাৰ্ভ টাইপৰ ।
ক্লাছতো নেক টু নেক কম্পিটিচন । ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট, ফৰ্থ সিহতৰ, ছেকেণ্ড, থাৰ্ড আমাৰ । আমি কটনৰকেইটা কটনিয়ান বুলি ইগো এটাও পুহি ৰাখিছো । আমাৰ মতে আমি সিহততকৈ বহুত বেছি টেলেন্টেড ।
ফাৰ্ষ্ট চেমিষ্টাৰ পাৰ হল । তেতিয়ালৈ আমি ক্লাছৰ বাকী লৰা ছোৱালী কেইটাৰ লগত ভালকৈ মিক্স আপ হৈ গৈছো । বি বৰুৱাৰ কেইটা তেতিয়াও ৰিজাৰ্ভ টাইপৰ হৈ আছে ।
ছেকেণ্ড ছেমিষ্টাৰৰ আৰম্ভনি । বি বৰুৱাৰ গোটেইকেইজনে GATE ৰ ফৰ্ম ফিলাপ কৰিছে । আমি হাঁহো । ছেকেণ্ড চেমত আৰু GATE ৰ দৰে টান এক্সাম দিয়ে নেকি। বি বৰুৱাৰ কেইটাই সচাকে বেছি দেখুৱায় ।
আমি ক্ৰিকেট খেলিলো, আদ্দা মাৰিলো, সিহতি GATE ৰ পৰীক্ষা দিলে ।
এপ্ৰিল ২০০৮, ৰিজাল্ট ওলাল । অপূৰ্বই ৯৫ পাৰ্চেন্টাইল লৈ GATE ক্লিয়াৰ কৰিলে । দিনটোৰ ভিতৰতে অপূৰ্ব ডিপাৰ্টমেন্টৰ ষ্টাৰ হৈ পৰিল । জুনিয়ৰ, চিনিয়ৰ, ৰিচাৰ্ছ স্কলাৰ সকলোৰে মুখে মুখে এটাই কথা । ছেকেণ্ড চেমৰ লৰা এটাই ৯৫ পাৰ্চেন্টাইল পাইছে, সাংঘাটিক লৰা, নাম অপূৰ্ব কলিতা ।
অপুৰ্বৰ সেই ৰিজাল্টটো আছিল আমাৰ বাবে টাৰ্নিং পইন্ট । আমাৰ বাবে সেই সময়ত GATE ক্লিয়াৰ মানে আছিল IIT বা CSIR লেৱত সোমোৱাৰ এখন দুৱাৰ আৰু আমি নেদেখা এটা বেটাৰ ফিউচাৰ ।
আমি উপলব্ধি কৰিলো যে ক্ৰিকেট খেলি সময় খেদালে নহব, অপূৰ্ব টাইপ হব লাগিব । অপূৰ্বই বেট ধৰিব নাজানিলে কি হল, আল্টিমেট চিক্সাৰটো সিয়েই মাৰিলে । আমি তাৰপাছত অপুৰ্বক অনুসৰণ কৰিবলৈ ললো । অপুৰ্বৰ আশে পাশে আমি ভ্ৰমিবলৈ ললো ।
জুন ২০০৮। এইবাৰ ত্ৰিপল চেঞ্চুৰী পৰিল । ছেকেণ্ড চেমত অপূৰ্ব, অশ্বিনী, প্ৰদুম্নৰ NET-JRF । আমি আশ্বৰ্যচকিত । স্পীচলেচ । কটনিয়ান বুলি যি অলপ ভেম বাকী আছিল সেয়া হাৱা হৈ উৰি গল । বি বৰুৱাৰ স্কৰ ৪, টেলেন্টেড কটনিয়ানচ ০
মোৰ আজিও মনত আছে, সেই ৰিজাল্টৰ দিনৰপৰা ডিপাৰ্টমেন্টত ক্ৰিকেট খেল সম্পূৰ্ণ বন্ধ গৈ গৈছিল । দা বিগেষ্ট টাৰ্ণিং পইন্ট ।
ফেব্ৰুৱাৰী ২০০৯ । GATE দিবলৈ গৈছো । ব্যক্তিগত এটা সমস্যাৰ কাৰণে যোৱা দুমাহ পঢ়া শুনা একো নাই। মানে GATE ৰ প্ৰিপাৰেচনৰ নামত জিৰো । প্ৰথমতে ভালকৈ জনাৰ ভিতৰত ৩৮ নম্বৰ কৰিলো । কিছুদেৰি এনেয়ে ইফাল সিফালে চাই কটালো । মনলৈ ভাৱ আহিল যে ৩৮ ৰে নহব, আৰু কৰিব লাগিব । টুক্কা মৰাত লাগিলো । ৮৫ কৰি বাদ দিলো । বাহিৰ ওলাই অপুৰ্বক লগ পালো। টুক্কা মৰা বাবে সি বেয়া পালে । তাৰ মতে টুক্কা মাৰিব নালাগিছিল ।
এপ্ৰিল ২০০৯ । GATE ৰ ৰিজাল্ট ওলাল । অপূৰ্বকে ধৰি বি বৰুৱাৰ তিনিজন । আমাৰ হৈ গণেশে নাকটো বচালে । ৭-১ ত বি বৰুৱা আগবাঢ়িল ।
আৰু মই । ৰিজাল্ট চাই মোৰ নিজৰ গালত চৰ কেইটামান দিও যেন লাগিছিল। কাট অফ ৩২, মই পালো ৩০। কিহে পাইছিল টুক্কা মাৰিবলৈ । বহুত অনুশোচনা হল । গেটত মই বিফল হলো।
কিছুদিন পাছত NET ৰ ৰিজাল্টত জীৱন আৰু মই কাম বেক কৰিলো । কিন্ত আকৌ অপূৰ্ব, প্ৰদ্যুম্ন, হেমন্ত ই স্কৰ কৰিলে । সামগ্ৰিকভাৱে ১০-৩ ৰ বিশাল ব্যৱধানত বি বৰুৱাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিলো ।
গণেশ, জীৱন,মই মিলি স্কৰ ৩, দুটা গেট, দুটা নেট মিলি অপুৰ্বৰ অকলেই স্কৰ ৪। আমি যদি ৰনাল্ডো, ৰিভাল্ডো, ৰণালডিনহো, তেন্তে অপূৰ্ব কলিতা হল মাৰাডোনা ।
আমাৰ মাজত সদায়েই প্ৰতিযোগিতাৰ ভাৱ আছিল । সুস্থ প্ৰতিযোগিতা । যত ইজনে সিজনক আগুৱাই যোৱাত সহায় কৰিছিল ।
(মিছা নো কি কম, আমিনো কি সহায় কৰিম, যি সহায় কৰিছিল অপুৰ্বহতেই কৰিছিল)
এই প্ৰতিযোগিতামূলক মনোভাৱৰ কাৰণেই আমি আমাৰ জোখাৰে বহুত ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিলো।
বৰ্তমান কটন বনাম বি বৰুৱাৰ আমাৰ ১০ জন লৰাৰ ৮ জনে ভাল ঠাইত চাকৰি কৰি আছে আৰু দুজন বিদেশত ভাল গৱেষণাগাৰত পোষ্ট ডক্টৰেট গৱেষণাৰত ।
সংযোজন:
আমাৰ দিনত GATE যিমান গুৰুত্বপূৰ্ণ আছিল, এতিয়া ইয়াৰ গুৰুত্ব আৰু বাঢ়িছে কাৰণ IIT, CSIR লেৱত এন্ত্ৰিৰ দুৱাৰ হোৱাৰ লগতে সকলো চৰকাৰী কোম্পানীৰ উচ্চ পদবোৰৰ ৰিক্ৰুইটমেন্ট আজিকালি GATE ৰ যোগেদি হয় ।
বি. দ্ৰ.
বৰ্তমান স্কৰ ৫০-৫০

No comments:
Post a Comment