Wednesday, August 2, 2017

হোষ্টেল

(১)

প্ৰায় তিনিবছৰৰ পাছত বন্ধুৰ অজ্ঞাতবাসৰ অন্ত পৰিল । বন্ধুই প্ৰতিযেগিতামুলক পৰীক্ষা এটা দি ভাল চাকৰি এটা পালে । টেনচনফ্ৰী বন্ধুই এদিন মোক ইউনিভাৰচিটীৰ ফালে পাক এটা মাৰিবলৈ লগ ধৰিলে ।

মোৰ চৈধ্য দিন ডিউটি, চৈধ্য দিন অফ । অফৰ কেইদিন মোৰ সময়েই সময়, কৰিবলৈ কিন্ত একো নাই । লগে লগে বাইক ষ্টাৰ্ট দি বন্ধুক পাছছিটত উঠাই দিলো । প্ৰথমতে ইউনিভাৰচিটিৰ ডিপাৰ্টমেন্ট পালোগৈ । থিয়ৰী কৰা গেলাৰী, প্ৰেক্টিকেল ৰুম , বাহিৰৰ কৃষ্ণচুড়াজোপাৰ কাষৰ চিৰিকেইটা দেখি দুয়োটা নষ্টালজিক হৈ পৰিলো । পুৰনা কথা ৰোমন্ঠন কৰিলো । দুগৰাকী ছাৰকো লগ কৰিলো । বন্ধুই চাকৰিৰ মিঠাই লৈ গৈছিল । ছাৰসকলে আশীৰ্বাদ দিলে । বিয়াৰৰসকলকো মিঠাই খুওৱাৰ লগতে বেছ কিছুসময় আদ্দা জমিল ।

- বলা , হোষ্টেলত ভিজিট দি আহো ......... বন্ধুই কলে
বন্ধুই ইউনিভাৰচিটীত থাকোতে আৰচিচি বয়জ হোষ্টেল এটাত থাকি পঢ়িছিল । আৰ.চি.চি হোষ্টেল পালোগৈ ।

দুপৰীয়াৰ সময় । হোষ্টেল পাই বন্ধু আৰু বেছি আবেগিক হৈ পৰিল ।
- এই হোষ্টেলতে আমি কিমান এনজয় কৰিছিলো , সেই দিনবোৰ যদি ঘুৰাই পালোহেতেন...... বন্ধুই কলে

(২)

কৰিডৰেদি সোমাই তিনি নম্বৰ ৰুমটোৰ নাম খৰিকাজাই । এই ৰুমটোতে বন্ধু এম.এছ.ছি কৰি থকাৰ সময়ত আছিল । ৰুমটো ভিতৰৰপৰা বন্ধ হৈ আছিল । বন্ধুই দুৱাৰত টোকৰ মাৰিলে । খৰিকাজাই বেকগ্ৰাউন্ডত লৈ মই বন্ধুৰ ফটো এখন তুলিলো । বন্ধুই আৰু এবাৰ দুৱাৰত টোকৰ মাৰিলে ।

দুৱাৰখন সামান্য ফাক হৈ মুৰ এটাই ভিতৰৰপৰা ভুমুকি মাৰিলে । মুৰটোৰ গাত বনিয়ন আৰু হাফপেন্ট ।
- মই চিনিয়ৰ , ২০০৯ বেটছ, এইটো ৰুমতে মই আছিলো........বন্ধুই কলে
মুৰটোৱে অলপ সময় কিবা ভাৱিলে আৰু তাৰপাছত দুইমিনিট ৰবলৈ কৈ দৰ্জাখন বন্ধ কৰি দিলে ।
দহমিনিটমান পাছত দৰ্জাখন খোল খালে । মুৰটোৰ গাত এইবাৰ টি-ছাৰ্ট আৰু ট্ৰেক পেন্ট । অত্যুতসাহী বন্ধুু আবেগিক হৈ নিজৰ পুৰনা ৰুমটোলৈ সোমাই গল , পাছ পাছে মই ।

মাত্ৰ ত্ৰিশ ছেকেন্ড আমি ৰুমটোৰ ভিতৰত থাকিলো । ৰুমটোত বিছনা দুখন আছিল । তাৰে এখন বিচনাত ছোৱালী এজনী বহি আছিল । ছোৱালীজনীৰ চুলিবোৰ অবিনস্ত । এনেকুৱা পৰিস্থিতিত পৰিম বুলি আমি ভৱা নাছিলো ।
- ৰুমটো চাব আহিছিলো, চালো, হব একো নাই , নো প্ৰবলেম ........... বন্ধুই কৈ ৰুমটোৰপৰা ওলাই আহিল, আগে আগে মই । দৰ্জাখন আকৌ বন্ধ হৈ গল ।

(৩)

এইবাৰ আমি মনিটৰৰ ৰুমলৈ গলো । যিমানদুৰ মোৰ মনত আছে ৰুমটোত লৰা এটা আছিল । বন্ধুৱে নিজৰ পৰিচয় দি সোমাল । মনিটৰে বন্ধু আৰু মোক আঠেবেথে বহিবলৈ দিলে । বন্ধুই হোষ্টেলৰ পুৰনা পাৰ্টনাৰোৰৰ খবৰ ললে । কিছুসময় পাছত আৰু ৪-৫ টামান লৰা গোট খালে । বন্ধুই কল্ড ড্ৰিংকছ আনিবলৈ টকা পাচশ উলিয়াই দিলে । ১ম চেমৰ লৰা এটাক আৰ্টছ কেন্টিনলৈ পঠোৱা হল ।
- আছা বাৰু দাদা, আপুনি পোৱা চাকৰিটো কেনেকৈ পায়হে......... লৰা এজনে বন্ধুক সুধিলে

বন্ধুই কৈ গল,,,,,, পৰীক্ষা পদ্ধতি , জি.কে, কাৰেন্ট এফেয়াৰ, ইংলিছ, নোটছ, পেপাৰ চল্ভ , যি জানে বন্ধুই হিয়া উজাৰি কৈ গল । কিন্ত মই লক্ষ্য কৰিলো যিমান উতসাহেৰে বন্ধুই কৈ আছিল , লৰাকেইটাই কিন্ত শুনা নাই , এনেয়ে ইচাত বিছাট কৰি আছে, একমাত্ৰ মনিটৰটোৱে মন দি শুনাৰ অভিনয় কৰি আছে , বন্ধুই পাছে কৈয়ে আছে, ছিলেবাছৰ কথা, কিতাপৰ নাম ।
- দাদা সেইবোৰ বাৰু হব, খৰছ কিমান পৰিল সেইটো কওক, লিংকটো আমাক দি দিব , বাকী যোগাৰ কৰি লম............... তাৰে লৰা এজনে কলে

বন্ধু হঠাত ৰৈ গল । মোৰ বহুত খং উঠিছিল ।
- ভাইটি, ভালকৈ পঢ়িলে পইছা নোহোৱাকৈও চাকৰি পাই যায় , মানে অলপ চোকা হব লাগিব , অলপ কষ্ট কৰিলে আৰামত পাই যাবা । বাৰু চাকৰি বাদ দিয়া, এইবাৰ ভাৰচিটি উইকৰ প্ৰিপাৰেচন কেনে , আমাৰ টাইমত আৰ.চি.চি একেবাৰে টপত আছিল কিন্ত ................ মই কলো

ইতিমধ্যে শীতল পানীয় আহিল । শীতল পানীয় শেষ হোৱালৈকে অঞ্জনদা, ৰিতুদা আৰু ভপুদা নামৰ চিনিয়ৰ কেইজনমানৰ প্ৰেমকাহিনীৰ সৰস ডিছকাছন হল ।
শীতল পানীয় শেষ কৰিয়েই আমি বাহিৰ ওলালো । মনিটৰে বন্ধুৰ নাম-ঠিকনা-ফোন নং ৰাখি থলে । খৰিকাজাইৰ দুৱাৰখন তেতিয়াও ভিতৰৰপৰা বন্ধ ।

(৪)

বাইক ষ্টাৰ্ট দিলো ।
- ভাল কথাৰ ভেলুই নাই.......... বন্ধুই দুখেৰে কলে
- ইহতে ইমান এনজয় কৰি আছে, মদৰ সোৱাদ, চিগাৰেটৰ ধোৱা, যৌবনৰ আমেজ লৈ আছে, তাত তুমি পঢ়াৰ কথা কলে মানুহে আমনি পাবই দিয়াচোন, এতিয়া ইহতি কি শুনি ভাল পাব, লাভ- চেক্স-ধোকাৰ সস্তীয়া কথা, আৰু ৰাতিলৈ ৰঙীণ পানীয় স্পনচৰ কৰি আহিলেতো তোমাৰ সমান ভাল চিনিয়ৰ কোনো নাথাকিলেইহেতেন........... মই কলো
- তথাপিও, আমাৰ কিমান বেয়া ষ্টেজ গৈছিল
- সেইটো আমিহে বুজিছো, প্ৰেচাৰ কি, টেনচন কি বস্ত, তোমাক তিনিবছৰ লাগিল, মোক এবছৰ , বহুত এতিয়াও চেটেল হোৱাই নাই, তুমি আজি যি বুজি পাইছা বহুদিন আগতেই মই সেই পৰিস্থিতিৰ সন্মুখীন হৈছো , হোৱাট য়ু হেভ ইজ গল্ড, কিন্ত ফ্ৰীত দিলে সোণৰো মুল্য নাই ....... মই কলো
- চোকাকেইটা , ফেমিলী বেকিং থকাকেইটা বাচি যাব , বাকীবোৰ ......... বন্ধুই কলে
- মৰিব আকৌ, টেনচনত, ফ্ৰাচট্ৰেচনত । লুইতৰ পানী বৈ আছে বৈ থাকিব, বেছি মাথা মাৰিব নালাগে, আমি বাচি গলো, বাচ , জব দান .......... মই কলো
- হু
- অ , যদি কোনোবাই হেল্প বিচাৰি আহে , দেন ইউ হেল্প , ময়ো কৰো, উপযাচি কিন্ত একো নকৰিবা, য়ু উইল বি হাৰ্ট ......... মই বাইকৰ ক্লাটছ টানি গিয়েৰ বঢ়াই দিলো

( বি.দ্ৰ- ঘটনাটো কেইবছৰমান আগৰ । বন্ধুজনৰ নামটো লিখা নাই । সি বেয়া পাব পাৰে )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...