দেবাশীষ নন্দীৰ বিয়া । হোটেল পৰশুৰামত ।
ৰাতি ৯-৪৫ ত পৰশুৰাম হোটেলৰ সমুখ পালোগৈ । নন্দীক ফোন কৰিলো । সি
গোৱালপাৰাৰ পৰা বিবাহযাত্ৰীৰ লগত আহি আছে । এঘন্টামান লাগিব । গাড়ীখন অলপ
আতৰতে পাৰ্ক কৰি মবাইলটো উলিয়ালো । কেন্ডী ক্ৰাছ খেলিয়েই টাইম কিল কৰিব
লাগিব ।
- এই বিকাছ দা, কত চুকত সোমাই আছে ..... কোনাবাই মতা কাণত পৰিল

হালৈ , জোচিলা, চিয়েৰফুল, স্মাৰ্ট দীপু হালৈ । দেবাশীষৰ একে বেটছৰ, মোৰ
জুনিয়ৰ, চাণক্যদাৰ খাচ পাৰ্টনাৰ । প্ৰায় ডেৰবছৰমান পাছত তাক লগ পাইছো ।
যোৱাবাৰ লগ পাওতে তাৰ চেহেৰাটো বেচ চাফ চিকুণ আছিল । এতিয়া সি দাড়ি ৰাখিছে
। অবাইছ দাড়ি । নাকৰ তলত অনিল কাপুৰ , ওঠৰ তলত তাৰে জমীন পৰৰ আমিৰ খান
আৰু থুতুৰীত .... থুতুৰীত ভোবোলা ছাগলীৰ দৰে ঘন কলা জিলিকি থকা এগালমান
দাড়ি ।
হালৈ কাষ চাপি আহিল ।
- আৰে বাবা, ইমান দিনৰ মুৰত , চালিয়া দাড়ি বনাইছা দেখোন ....... মই কলো
হালৈয়ে কম্প্লিমেন্ট পাই হাহি এটা মাৰিলে ।
ঠান্ডাৰ দিন । মই জেকেট এটা পিন্ধিছো । হালৈয়ে ব্লেজাৰ, ছাৰ্ট আৰু তলত হাফ চুৱেটাৰ এটা । তথাপিও ঠান্ডা ফিলিং এটা আহি আছে ।
হালৈৰ সৈতে কথা বতৰা পাতিলো । ৰীগ, ড্ৰিলিঙ , ডি.আই.চি ইত্যাদি ।
কিছুসময় পাছত এগালবান বৰযাত্ৰীৰ সৈতে দেবাশীষ আহি পালে । কইনাঘৰীয়াৰ ফালৰ পৰা ঢোল-পেপা-নাচনী বাজি উঠিল । দেবাশীষৰ ফালৰপৰা ফটকা-আচছবাজী চলিল । হোটেল পৰশুৰাম ঢোল-পেপা-আতছবাজীৰে ৰজনজনাই উঠিল । ফটকাৰ ছিটিকনিৰপৰা বাচিবলৈ হালৈ আৰু মই অলপ দুৰলৈ আতৰিলো ।
শব্দ অলপ কমা যেন পোৱাত স্কৰপিয়ৰ মাজছিটত দৰাৰ সাজত বহি থকা দেবাশীষক মাত লগাবলৈ আগবাঢ়িলো । ইতিমধ্যে সৰু সুৰা ভীৰ এটাই দৰাৰ গাড়ীখন আগুৰি ধৰিছে ।
মই দেবাশীষৰ পৰা পাচফুট দুৰত । কিন্ত হালৈ, হালৈ কত । ভীৰৰ মাত চকু ফুৰাই হালৈক আবিষ্কাৰ কৰিলো । হালৈ পুৰা ষ্টেচনাৰী হৈ আছে । হালৈৰ সমুখত টাটু এটা । টাটুটো আছে পিঠি এখনত । পিঠিখনৰ ৯০ শতাংশ অনাবৃত । আৰু হালৈ , দিন-ৰাতি-পাহাৰ-ভৈয়াম নেওচি একেঠাইত স্থিৰ হৈ ৰোৱা হালৈ ।
- অই হালৈ, এইফালে........ মই চিঞৰি হালৈক মাতিলো
হালৈয়ে সম্বিত ঘুৰাই পালে । লগে লগে পিঠিৰ টাটুটোৰ পৰা চকু আতৰাই সি মোৰফালে আহিল । দেবাশীষক মাত লগাই আমি অলপ আতৰলৈ আহিলো ।
- বাপৰে বিকাছ দা ......... হালৈয়ে কলে
- কি হল
- এই জানুৱাৰী মাহৰ ৰাতি, ইমান ঠান্ডা, আপুনি জেকেট , মই কোট পিন্ধিও ঠান্ডা লাগিছে , আৰু সিফালে চাওক ........... হালৈয়ে টাটু খকা যুবতীগৰাকী, আশে-পাশে থকা ছোৱালী-যুবতী-মহিলাসকললৈ দেখুৱাই দিলে ।
মই আৰু এবাৰ চকু ফুৰালো । মাত্ৰ তিনিগৰাকী একেবাৰে বুঢ়ী আইতাৰ গাত শ্বল । বাকী যিমান যুবতী-মহিলা কাৰোৰে গাত না চুৱেটাৰ, না জেকেট, না শ্বল ।
প্ৰাইমাৰী স্কুলত গাত ৰদ নলগা আৰু বৰষুণ নপৰা মানুহৰ কথা পঢ়িছিলো , হালৈ আৰু মই এটা বস্ত পুনৰ হৃদয়ংগম কৰিলো ।
গাত ঠান্ডা নলগা মানুহ....... বিয়ালৈ অহা মহিলাসকল ।

No comments:
Post a Comment