গাম্পুৰ অন্নপ্ৰাশন । গাম্পু মানে জুনিয়ৰ দীৰুদা । চুইট, লিটল , কিউট
গাম্পু । অন্নপ্ৰাশনৰ ভেনু উগ্ৰতাৰা মন্দিৰ । দুপৰীয়া উগ্ৰতাৰা পালোগৈ ।
ইতিমধ্যে অন্নপ্ৰাশনৰ কিবা কিবি নীতি নিয়ম চলি আছিল । গাম্পুৰ গিফট অৰ্থাত
চেৰেলেকৰ পেকেট এটা গাম্পুক হেন্দ অভাৰ কৰি দিলো । প্ৰত্যুত্বৰত গাম্পুই
মুখ মেলি হাহি এটা মাৰি হাত দুখন জোকাৰিলে । মানে গাম্পু পুৰা হেপী ।
গাম্পুক হেপী কৰাৰ পাছত চকী এখনত বহি দিলো । মন্দিৰটোত একেলগে লগুনদানিৰ প্ৰগ্ৰেম এটা গৈ আছিল । দীৰুদা অলপ ব্যস্ত হৈ আছে । মই মানুহবোৰকে চকু ফুৰাই আছো ।
- আব্বে বেলুন নহয়নে , ইমান দিনৰ মুৰত , একদম ফুলি গলি দেখোন
কথাখিনিৰ উত্স বিচাৰি চকু ফুৰালো । শকত আৱত মোৰ বয়সৰে লৰা এটা , মোৰফালে চাই আছে ।
তাৰ চেহেৰাটো ঠিক ধৰিব পৰা নাই । মোক সি বেলুন বুলি কৈছে । কোন হব পাৰে সি । মই মনে মনে ভাৱিবলৈ ধৰিলো ।
- আব্বে ধৰিব পৰা নাই নেকি, মই ছলাসুৰ ....... লৰাজনে কলে
ছলা- সুৰ আৰু বেলুন , মানে স্কুল । ছলাসুৰ মানে.....
- আৰে চালা , ইমান দিনৰ মুৰত, কৈলাশ , চিনিবই পৰা নাছিলো দেই, বহুত বছৰ হল নহয় ............ মই কলো
স্কুলৰ দিনৰ বন্ধু, কৈলাশ গোস্বামী । কৈলাশৰ খা খবৰ ললো । সি বৰ্তমান মুম্বাইত থাকে । কাজিনৰ লগুনদানিলৈ আহিছে । দুবছৰ আগতে বিয়া পাতিলে , তাৰ কোম্পানীতে একেলগে চাকৰি কৰা মাৰাঠী ছোৱালী এজনীক ।
- আৰু কি বে, বিয়া চিয়া কেতিয়া........ কৈলাশে সুধিলে
- ছোৱালী চাই আছে ঘৰৰ পৰা ...... মই কলো
- গাৰ্লফ্ৰেন্ড
- নোৱাৰিলো ভাই , তোৰ নিচিনা স্মাৰ্ট নহয় নহয় ....... মই কলো
কৈলাশে অলপ কিবা ভাবিলে । তাৰ পাছত কলে
- কাজিন এজনী আছে মোৰ, এম.বি.বি.এছ কৰি আছে
- ডাক্টৰ এফৰ্ট কৰিব নোৱাৰিম ভাই....... মই কলো
- আৰু এজনী আছে , উইপ্ৰত চফটৱেৰ ইঞ্জিনিয়াৰ
- মোৰ সাধ্যৰ বাহিৰত , অলপ কমত নাই নেকি ..... মই সুধিলো
কৈলাশে আৰু অলপ ভাবিলে ।
- ইউনিভাৰচিটীৰ পৰা এম. এ, বি.এড কৰি আছে
- এম.এ, বি এড , চলিব ........... মই কলো
কৈলাশ আৰু মই লগুনদানিৰ হলটোত এন্ত্ৰি মাৰিলো । কৈলাশে কাৰোবাক হাত বাউল দি মাতিলে । ছোৱালী এজন আমাৰ কাষ পালেহি ।
- এয়া পল্লবিকা, মোৰ আজাৰাত থকা মাহীৰ ছোৱালী আৰু এয়া মোৰ স্কুলৰ টাইমৰ একেবাৰে জিগৰী দোস্ত....... কৈলাশে চিনাকি কৰি দিলে
মই সৌজন্যমুলক হাহি এটা মাৰিলো । পল্লবিকাইও হাহিৰে প্ৰত্যুত্বৰ দিলে ।
- পল্লবিকা কিন্ত পঢ়াত তামাম দেই , মেট্ৰিকত আঠ নম্বৰ, হায়াৰ ছেকেন্ডাৰীত কটনৰপৰা চাৰি নম্বৰত ষ্টেন্ড, ইউনিভাৰচিটিৰপৰা এডুকেচনত ফাৰ্ষ্ট ক্লাছ ফাৰ্ষ্ট ............. কৈলাশে উতসাহেৰে কলে
- আচ্ছা, বঢ়িয়া, পাছে তুমি চাইন্স কিয় নপঢ়িলা, বেছিভাগে তো চাইন্সে লয়...... মই সুধিলো
- মানে ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাৰ ইচ্চা নাছিল ... পল্লবিকাই হাহি এটা মাৰি কলে
- তেন্তে, কি হোৱাৰ ইচ্ছা আছিল
- মানে , মোৰ টিচাৰ হোৱাৰ খুব ইচ্ছা
- শিক্ষক, বহুত বঢ়িয়া , নাইচ, মোৰো শিক্ষক হোৱাৰ ইচ্ছা আছিল, কিন্ত ভাগ্যই টানি বেলেগত পেলাই দিলেগৈ ........ মই কলো
মই মনে মনে হিচাপ এটা কৰিলো । চোকা ছোৱালী , ঠিকেই আছে , লগতে স্মাৰ্টো, ঠিকেই আছে, দেখাতো ভালেই , ঠিকেই আছে । কিন্ত প্ৰবেলেমটো হল চাকৰি কৰিব । ইমান কোৱালিফাইড হোৱাৰ পাছত চাকৰি নকৰাৰ প্ৰশ্নই নাই ।
- জব এপ্লাই কৰি আছা ছাগে ...... মই সুধিলো
- এক্সুৱেলি নেট ক্লিয়াৰ হোৱা নাই, এইবাৰ জুনত ভালকে দিম, শ্লেট আছে, বি.এডটো কৰি আছো এতিয়া ...... পল্লবিকাই কলে
- চাকৰি তো পাবাই, আৰু পালে তো কৰিবাই, নহয় জানো
- সেইটো তো হয়েই দিয়কচোন..... পল্লবিকাই কলে
আকৌ হিচাপ এটা কৰিলো । যদি মই মোৰ চাকৰিটো এৰি দিও । চলি যাব । এই চাকৰিটো এৰি দিলেও মই আৰামত চলিব পাৰিম । ৱাইফে চাকৰি কৰিলে তেতিয়া প্ৰবলেম নাই । এনেও মই আৰামপ্ৰিয় জীৱ, ঘৰত টিভি চাই , কম্পিউটাৰত গেম খেলি ভালেই পাও, ৰন্ধা বঢ়াও মোৰ এটা চখ । আৰু কবলৈ গলে মোৰো মোটামোটি টেলেন্ট আছে । মইও টাইম পাচ কৰিবলৈ অইন কিবা কিবি কৰিব পাৰিম । কিবা ষ্টাৰ্ট আপ, ব্যৱসায় , টিউচন, কচিং । চলিব । আৰামত চলিব ।
কিন্ত ইয়াত প্ৰবলেম এটা আছে । কোম্পানীৰপৰা লোৱা লোণটো । চল্লিছ লাখৰ লোণ লৈ ঘৰ বনাইছো । মোটামোটি কোম্পানীৰ সৈতে বন্ড চাইন কৰাৰ নিচিনাই । অংকটোত এইখিনিতে অলপ ভেজাল আছে ।
টিপ টপ বঢ়িয়া লাইফ চলি আছে, ভেজালত সোমোৱাটো বুধিয়কৰ কাম নহব ।
কিছুদেৰিৰ পাছত লগুনদানি বাদ দিলো । অন্নপ্ৰাশনলৈ ৰিটাৰ্ণ আহি গলো । গাম্পু তেতিয়া আইতাকৰ কোলাত । গাম্পুৰ গালখন লাহেকে পিটিকি দিলো । গাম্পুই মুখখন মেলি হাহি এটা মাৰি হাত দুখন জোকাৰিলে । মানে গাম্পু পুৰা হেপী হৈ আছে ।

No comments:
Post a Comment