Wednesday, August 2, 2017

ডেষ্টিনী

২০০৪ চন । কটনৰপৰা হায়াৰ ছেকেণ্ডাৰী পাছ কৰি উঠিছো । ৭৩.৪ পাৰচেন্ট । মেডিকেল এন্ট্ৰেন্স দিছিলো । পাচ নম্বৰৰ কাৰণে নাপালো । এতিয়া কি কৰিম একো আইডিয়া নাই ।

মানুহে কয় জেনেৰেল পঢ়ি লাভ নাই । লাইন পঢ়িব লাগে । কিন্ত কি লাইন কেনেকৈ কত এইবোৰ গাইড দিয়া মানুহৰ অভাৱ ।
বি বৰুৱা আৰু কটনৰ পৰা ফৰ্ম আনিলো । বি বৰুৱাত প্ৰথমে এডমিচন ললো । এজনে কলে বি বৰুৱাত কেমেষ্ট্ৰী ভাল । কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত এপ্লাই কৰিলো । পালো । কেইদিনমান বি বৰুৱাত ক্লাছো কৰিলো ।

এসপ্তাহ পাছত কটনত নামভৰ্তিৰ দিন । প্ৰথম পৃফাৰেন্স ফিজিক্স, ছেকেণ্ড কেমেষ্ট্ৰী, থাৰ্ড মেথছ ।
প্ৰথমতে ফিজিক্সৰ এডমিচন হল । নম্বৰ কম হোৱাৰ বাবে নাপালো । তাৰ পাছত কেমেষ্ট্ৰী এডমিচন । ৫০ টা ছিট, ২৫ টা জেনেৰেলৰ বাবে ।

এডমিচন চলি আছে । ৰোল নং ৬০ ৰ পৰা আৰম্ভ। প্ৰথম নামটো জীৱন শইকীয়া, তাৰ পাছত ছাজাদুৰ হুছেইন, অলকেশ চন্দা । নাম মাতিলে যেতিয়া কোনো এডমিচন লবলৈ নাযায় তেতিয়া মনটো ভাল লাগে । কেইবাজনেও এডমিচন লোৱা নাই । ছিট পোৱাৰ আশাটো সজীৱ হৈ আছে ।

ছামিয়াৰা বেগমৰ পাছত লৰা এটাৰ নাম মাতিলে । দুয়োটা এডমিচনৰ বাবে গল । তাৰ পাছত বহুত সময় এনাউন্সমেণ্ট নাই ।
মনটো বেয়া লাগিবলৈ ধৰিলে । ফিজিক্সৰ পাছত কেমেষ্ট্ৰী ও গল । এতিয়া মেথছ বাকী আছে । কটনৰ মোহ ত্যাগ কৰিব লগীয়াও হব পাৰে । লুইতৰ পাৰৰ চিৰযৌবনা মৰমৰ কটন কলেজ ।

আশা । কটনত পঢ়াৰ আশা । কটনিয়ান হৈ থকাৰ আশা প্ৰায় নিৰ্বাপিত হোৱাৰ পথত ।
হঠাৎ এডমিচন ডায়াছৰ পৰা এনাউন্সমেণ্ট আহিল ।

- জেনেৰেল কেটেগৰীত এটা ছিট আছে, ক্ৰেডিট পইন্ট ৩৮৪ , ভাৰ্গৱ হাজৰিকা
আশা চুৰমাৰ হওঁ হওঁ । ইফালে সিফালে চালো । কোনো উঠি যোৱা নাই । বুকু ধান বানিবলৈ ধৰিলে ।
- ভাৰ্গৱ হাজৰিকা, নাই, নেক্সট ক্ৰেডিট পইন্ট ৩৮৩, বিকাশ শইকীয়া.......... ডাইছৰপৰা ঘোষণা শুণা গল ।

সেইজন ময়ে আছিলো ।
য়হী চায়দ ডেষ্টিনী থা ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...