চাইটত আজি পাৰ্টি আছে । খঞ্জনে চিকেন ৰান্ধি আছে । ৰীগৰ
ইনচাৰ্জ সুভাষ শইকীয়াই ককালত হাত দি মনতে দিনটোৰ কামৰ প্লেন বনাই আছে ।
উতপল কোৱৰে কাণত হেডফোন লগাই মবাইলত গেম খেলি আছে । মই মবাইলত ফেচবুক চাই
আছো । অলপ আগতে মোলৈ এটা মেচেজ আহিছে । মেচেজটো পঢ়ি মই অলপ চিন্তাত পৰি
গৈছো । অদুৰত ধুলি উৰুৱাই চাইটলৈ আহি থকা গাড়ীখন এৰিয়া মেনেজাৰ ৰমেশ
কালৰাৰ ।
স্নেপশ্বট ১-
একোতে মন বহাব পৰা নাই দিগন্তই । নয়নিকাক চাবলৈ গুৱাহাটীৰ পৰা মানুহ আহিছে । বহুত ডাঙৰ ঘৰৰ মানুহ , টকা-পইচা থকা মানুহ । নয়নিকাক ঘৰৰ মানুহে এইকেইদিন ঘৰৰ পৰা ওলাব দিয়া নাই । তাইৰ ফোনটোও কাঢ়ি খৈছে । দিগন্তই কি কৰিব ভাবি পোৱা নাই ।
সি নয়নিকাক ভাল পায় । তায়ো তাক ভাল পায় । স্কুলীয়া দিনৰে পৰা সিহত দুটা বন্ধু । এতিয়া একোখন কলেজতে দুয়োটা পঢ়ে । তাই চাইন্স, কেমেষ্ট্ৰী মেজৰ ফাইনেল চেমিষ্টাৰ । সি আৰ্টছত , পল চাইন্স ।
কিন্ত তাৰ মাজতো এটা কথা আছে । তাৰ ঘৰৰ অৱস্থা ভাল নহয় । তাৰ ওপৰত বায়েক দুজনী আছে । দেউতাকৰ সৰু গেলামালৰ দোকান । সি পঢ়াত ইমান চোকাও নহয় । মুঠৰ ওপৰত বি.এ টো কৰাৰ পাছত কি কৰিব সি নাজানে । কিন্ত এটা কথা সি জানে যে সি আৰু নয়নিকাই ইটোৱে সিটোক বহুত বহুত ভাল পায় ।
স্নেপশ্বট ২ -
- আব্বে দিগ্গু , তোৰ মালপিচৰ বাবে পাৰ্টি আহিছে বে ......... এইবুলি কৈ লৰাটোৱে বাইকখন ৰখাই ৰজনীগন্ধা পেকেট মুখত ধালি দিলে
- কোনপিচ ........ দিগ্গু যেন লগা লৰাটোৱে সুধিলে
- সেই যে তই বহুত চান্স মাৰিছিলি, তোক যে হাৱাই নিদিলে
- আব্বে নয়নিকা, এম.এন.চিৰ পিচটো...... দিগ্গুই হাতত থকা চিগাৰেটটো এবাৰ ফুকিলে
- অ বে , গুৱাহাটীৰ পাৰ্টি , ডাঙৰ পাৰ্টি , ৰিফাইনাৰীৰৰ পাৰ্টি বোলে , পচন্দ কৰি গৈছে বোলে ........... লৰাটোৱে ৰজনীগন্ধাৰ পিক পেলালে
- কে# মা%@& , চাই লম বে তাইক , মোক ইনচাল্ট কৰে , কি নাই বে মোৰ , চাল্লা @#$%& , *^%$##% ......... দিগ্গুৰ ভইচটো অলপ ডাঙৰ হৈ গল
দিগ্গুৰ পুৰা নাম দিগন্ত । কলেজলৈ সি সদায় যায় যদিও সি কি পঢ়ি আছে কোনেও নাজানে । বাপেক ৱাৰ্ড মেম্বাৰ । সোৱে বাৱে অগাধ সম্পত্তি । তাৰ চাৰিখনমান বাইক আছে , নতুনকৈ সি ডুকাটি এখন লৈছে । সি টাউনৰ ছোৱালীবোৰ তাৰ বাবে পাগল বুলি ভাৱে । সিও চোলা সলোৱাদি গাৰ্লফ্ৰেন্ড সলায় । কিন্ত নয়নিকা নামৰজনীক সি পতাব নোৱাৰিলে । সি বহুত ট্ৰাই কৰিছিল , বহুত দানা পেলালে, কিন্ত বৰশীত নয়নিকা নালাগিল । সেইটো সি লাইফৰ এটা ফেইলাৰ বুলি ভাৱে ।
----------------
এৰিয়া মেনেজাৰ ৰমেশ কালৰাৰ গাড়ীখন চাইটত সোমাইছে । ৰীগ ইনচাৰ্জ গাড়ীখনৰ ফালে আগুৱাই গৈছে । উতপল কোৱৰে মবাইলত গেম এৰি অলপ সতৰ্ক হৈছে । খঞ্জনে কিন্ত চিকেন এৰি দিয়া নাই ।
এৰিয়া মেনেজাৰ চাইট ভিজিটত অহা কথাটোতকৈ বেছি চিন্তাত পেলাইছে মোলৈ অহা মেছেজটোৱে । কোনোবা দিগন্ত নামৰ লৰাই মেচেজ দিছে । নয়নিকা নামৰ ছোৱালী এজনীৰ সৈতে তাৰ বহুদিনৰ ভালপোৱাৰ সম্পৰ্ক । দৰকাৰ হলে সি বোলে তাৰ বহুত প্ৰমাণো দিব পাৰে । মই বোলে ভালে ভালে আতৰি যোৱাই তিনিওজনৰ কাৰণেই ভাল ।
এৰিয়া মেনেজাৰ আহি চাইটত অন ডিউটি ফেচবুক কৰি থকা অৱস্থাত হাটে লোটে ধৰাৰ চিন্তাতকৈও ডাঙৰ চিন্তা টো হৈছে এই দিগন্ত বোলাটো দিগন্ত-১ টাইপৰ নে দিগন্ত-২ টাইপৰ ।

No comments:
Post a Comment