Wednesday, August 2, 2017

চান্দা

কেইবছৰমান আগৰ কথা। তেতিয়া চাকৰিত জইন কৰা বেছিদিন হোৱা নাই । ডেৰাডুনত ট্ৰেইনিঙৰ পাছত অসমত পোষ্টিং ।
সন্ধিয়া হোটেল এখনত চাহ খাই আছো । ৰাজস্থানী হোটেল । এনেতে তজবজীয়া লৰা কেইটামান হোটেললৈ সোমাই আহিল । জাতীয়তাবাদী সংগঠন এটাৰ লৰা, বিহু পাতিছে, চান্দা লাগে ।
- ঐ ইয়াৰ নামত দছ এটা কাটি দে....... অলপ লীডাৰ যেন লগা লৰাটোৱে কলে

দছ মানে দহ হাজাৰ টকা । বাপৰে, পইচা গছত লাগে নেকি, মই মনে মনে ভাৱিলো ।
হোটেলৰ মালিকে অলপ থেৰো গেৰো, কাবৌ কাকুতি কৰিলে । কিন্ত লৰাকেইটা আকোৰগোজ, দহ মানে দহ, কম নহব, বিহু ডাঙৰকৈ পাতিব, দামী আৰ্টিষ্ট মাতিছে, বাজেট বেছি, গতিকে পইচা লাগিবই।
- আমাৰ বায়ু পানী খাই তহতি বিজনেছ কৰিছ আৰু আমাৰ জাতীয় উৎসৱত চান্দা নিদিবি, এইচব নচলিব.......... লৰা এটাই উচ্চস্বৰত কলে
- চাওক ৰে বাবা, কিমান পাৰ্টি আহে চান্দা বিচাৰি, দছ তো বহুত বেছি হৈ যায়, আমাৰ বিচনেচে নহয় ইমান....... হোটেলৰ মালিকে কলে

ঠাআআচ.......

তীব্ৰ শব্দ এটা কাণত পৰিল । হোটেলৰ মালিকৰ গালত লৰা এটাৰ পুৰ্ণহতীয়া চৰ ।
- চান্দা নিদিবি, চাল্লা & #@%, কেনেকে ইয়াত দোকান চলাৱ চাওঁ, #&@%,&%@#

দিল কপি গল । কোম্পানীৰ লগো থকা টুপী এটা পিন্ধি আছিলো মুৰত । লগে লগে টুপীটো খুলি হাতৰ মুঠিত ললো । চান্দা পাৰ্টিৰ চকুত পৰাৰ আগতেই তাৰপৰা পলালো ।

মা কচম, তাৰ পাছত কোম্পানীৰ লগো থকা টুপী, জেকেট আদি পিন্ধাই বাদ দিলো । কি ঠিক কোনদিনা চান্দা পাৰ্টিয়ে কত, কেনেকৈ হামলা দিয়ে ।
কোনে ৰিক্স লব।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...