Wednesday, August 2, 2017

অসমৰ কিয় উন্নতি নহয়

১৪ দিনৰ ডিউটি শেষ হোৱাৰ পাছত যোৰহাটলৈ গৈ আছো । লক্ষ্য ৰৰৈয়া । তাৰপৰা গুৱাহাটী । লগত গুজৰাটী কালালজী । হঠাৎ জাজীত বাছখন ৰৈ গল । আগত গাড়ীৰ শাৰী । পুলিচ এজনক সুধি গম পালো যে আগত জাতীয় সংগঠন এটাই চিলাপথাৰৰ ঘটনাৰ প্ৰতিবাদত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে ।

- হামাৰে গুজৰাট মে য়ে চব নৌটংকীবাজো কো দন্দা লেকে ভাগাতে হে, ক্যা মিলেগা ৰাস্তা ব্লক কৰকে, বেকাৰ পাবলিক কো পৰেচানী কৰতে হে......... কালালজী য়ে বিৰক্তিৰে কলে

মই বাছৰপৰা নামি গৈ চালো । জাতীয় সংগঠন এটাৰ বেনাৰত আদহীয়া কেইটামানে বেনাৰ কেইখনমান লৈ ঘাইপথত কাৰোবাৰ পুত্তলিকা দাহ কৰিছে, জংগী আন্দোলনৰ শ্লোগান দিছে আৰু পৰিবেশটো উত্তপ্ত কৰি তুলিছে । সেনা আৰু যথেষ্ট সংখ্যক আৰক্ষীকো দেখা গৈছে । ইফালে অৱৰোধৰ কাৰণে ঘাইপথৰ দুয়োফালে গাড়ীৰ শাৰী বাঢ়ি গৈ আছে । কিছুসময় পাছত চৰকাৰী গাড়ী এখনৰপৰা যুৱতী এগৰাকী নামিল । বোধহয় এডিচি । জাতীয় সংগঠনৰ নেতাই ঘাইপথৰ মাজত উচ্চস্বৰত নিজৰ দাবী সম্বলিত কাগজখন পাঠ কৰি এডিচি মেডামৰ হাতত অৰ্পণ কৰিলে । এডিচি মেডামৰ চেহেৰাত বিৰক্তি ফুটি উঠিল। সংগঠনৰ কৰ্মীৰ দাবীত ঘাইপথৰ মাজত স্মাৰকপত্ৰ গ্ৰহণ কৰা মুহুৰ্ত কেমেৰাত ধৰি ৰাখিবলৈ এডিচি মেডামে বিৰক্তিৰে আৰু অলপসময় পজ দিব লগাত পৰিল । আৰু কেইটামান জিন্দাবাদ ধ্বনিৰ পাছত অন্তত ঘাইপথৰ অৱৰোধ আতৰিল ।

- নৌটংকী চালা....... ওচৰত থকা মানুহ এজনৰ বিৰক্তি ৰে কোৱা কথাষাৰ মোৰ কাণত পৰিল

বাছ চলিবলৈ আৰম্ভ কৰিলে। এনেতে ৰণদীপৰ ফোন আহিল । সি কোম্পানীৰ বাছেৰে ডিব্ৰুগড়ৰ মোহনবাৰীলৈ গৈ আছিল ।
- বিকাচ দা অসমৰ পৰা ট্ৰেন্সফাৰ লৈ যাম দেই..... ৰনদীপে কলে
- কিয়, কি হল...... মই সুধিলো
- ইমান বন্ধ, পথ অৱৰোধ
- ডিব্ৰুগড়ো বন্ধ নেকি
- অ, চাল্লা, বাইক লৈ গুণ্ডা কেইটামান আছে, বাছ ৰখাই দিছে, আৰু অসমলৈ ঘুৰি নাহো দেই

ৰণদীপ এন. আই. টি ৰ পাছ আউট, ২৯ বছৰীয়া এক্সিকিউটিভ ইঞ্জিনিয়াৰ ৰণদীপৰ কোম্পানীত বহুত ভাল কাম কৰে বুলি নাম আছে ।

ৰৰৈয়া বিমানবন্দৰত বহি আছো । ফ্লাইটলৈ এঘন্টা বাকী । পাছত তেল-গেছ কোম্পানীৰ মহাপ্ৰৱন্ধক কেইজনমানে আলোচনা কৰি আছে । তেওঁলোকৰ কথাবতৰাৰ পৰা অনুমান কৰিলো যে কোনোবা অত্যুৎসাহী বিষয়াই অপাৰেচনেল এৰিয়াৰ কাষৰীয়া অঞ্চললৈ পাইপ গেছ যোগান ধৰাৰ প্লেন এটা বনাইছিল । এই গেছবোৰ পৰিবহনৰ ব্যয়বহুলতা আৰু উপভোক্তাৰ অভাৱত এনেয়ে জ্বলাই দিয়া হয় । সেই সংক্ৰান্তত অসম চৰকাৰৰ নিগম এটাৰ লগত যোগাযোগ কৰাৰ চেষ্টা কৰা হৈছিল । কিন্ত এমাহ ধৰি নিগমৰ চেয়াৰমেনে এপইন্টমেন্টৰ কাৰণে সময় উলিয়াব নোৱাৰিলে ।
অসমত এতিয়া জুই জ্বলাৰ বতৰ । কৰবাত ৰাজনীতিকে জুই জ্বলাই আছে, সৰ্বসাধাৰণ জ্বলি পুৰি মৰিছে, ৰণদীপহতৰ দৰে মানৱ সম্পদ জুইৰপৰা বাচিবলৈ নিৰাপদ ঠাইলৈ আতৰি যাব আৰু কৰবাত মুল্যবান প্ৰাকৃতিক সম্পদ এনেয়ে জ্বলি আছে, কাৰো পাছে খবৰ নাই ।

এই জুই জ্বলি আছে জ্বলিবই বোলে ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...