(খঞ্জু বাবা)
ডি.এছ.এ এক্সপাৰ্ট পেনেলৰ অন্যতম আৰু একমাত্ৰ বেচেলৰ সদস্য হল খঞ্জন ওৰফে খঞ্জু । কি কি স্পেচিয়েল গুণৰ বাবে খঞ্জন এক্সপাৰ্ট পেনেললৈ মনোনীত হল সেইটো পাছত আলোচিত হব ।

এক্সপাৰ্ট পেনেললৈ শেহতীয়া কেচটো আনিছিল দীৰুদাই । লাষ্ট ফৰটিন ডেইজৰ
ষ্টৰী । ৰীগত কেমিষ্টৰ কাম একো নাই । চন্দনদা , দীৰুদা, মই দিনে-ৰাতিয়ে
ডি.এছ.এ তে থাকো , চেচ, কেৰম, বেডমিন্টন , ক্ৰিকেট খেলি টাইম পাছ কৰো ।
কিন্ত বেচেৰা খঞ্জু সদায় ডিউটিলৈ যাব লাগে ।
দীৰুদাই অনা কেচটো পুৰা ৰাশি-নক্ষত্ৰ মিলা । বৃশ্চিক ৰাশি, দীৰুদাৰ মতে পাৰফেক্ট মেটছ উইথ বৃষ ৰাশি । দীৰুদাৰ মতে কন্যা একেবাৰে শান্ত, সৌম্য চব ফালৰপৰা অকে ।
- তুমি কেনেকৈ জানিলা ....... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মই মানে স্কুলত থাকোতে টিউচন কৰিছিলো , আমাৰ ঘৰৰ কাষতে আছিল, এতিয়া দিছপুৰৰ ফালে থাকে , চব ফালৰপৰা অকে , ৰাশি- নক্ষত্ৰ মিলিলে বেলেগ চোৱাৰ প্ৰয়োজনেই নাথাকে ...... দীৰুদাই পুৰা কন্ফিডেনচত কলে
দীৰুদাই ফটো দেখুৱালে । দুই-তিনিটা ফোন কৰি আৰু ডিটেইলছ ললে । ছোৱালীয়ে এমবিএ কৰি এক্সিচ বেংকত চাকৰি কৰি আছে ।
- প্ৰচেচ আগবঢ়াব পাৰি.......... চন্দনদাই অলপ চিন্তা চৰ্চা কৰি মত দিলে
- মোৰ ফালৰপৰাও অকে....... শ্যামলদাই কলে
- আমাৰ এই খঞ্জুক ফোন এটা কৰি দিও, আজি সন্ধিয়া পাৰ্টি এটা হব লাগে ....... দীৰুদাই কলে
খঞ্জন তেতিয়া ডিউটি কৰি চাইটৰপৰা আহি আছিল । পাৰ্টিৰ নাম শুনি খঞ্জন যথেষ্ঠ আনন্দিত হল ।
- আপোনালোকে আৰম্ভ কৰক , মই ফ্ৰেছ হৈ গৈ আছো...... খঞ্জুই কলে
পাৰ্টিৰ যা যোগাৰ কৰা হল । সন্ধ্যা নমাৰ লগে লগে চাৰি নম্বৰ ৰুমত পাৰ্টি আৰম্ভ হল । পাৰ্টি আৰম্ভ হোৱাৰ কিছুসময় পাছত খঞ্জুই এন্ত্ৰি মাৰিলে ।
- এই খঞ্জু , ইমান দেৰি কৰিলা ...... চন্দনদাই কলে
- নাই মানে মই কি কব খুজিছিলো ....... খঞ্জন্ কলে
- সেই চকীখন টানি বহি ল, একো কব নালাগে, এইবাৰ ইয়াৰ চব মই কৰি দিম, ৰাশি-নক্ষত্ৰ চব অকে আছে....... দীৰুদাই কলে
- বঢ়িয়া তেনেহলে , চাও ফটো চাও ....... খঞ্জনে কলে
দীৰুদাই ফটো দেখুৱালে ।
ফটোখন চাই খঞ্জনে এবাৰ চন্দনদা, তাৰ পাছত শ্যামলদা, তাৰ পাছত মোৰফালে চাই কলে
- গুৱাহাটীৰ নেকি
- অ ..... মই কলো
- এক্সিছত কৰে
- অ
- দিছপুৰত ঘৰ
- অ
- এই খঞ্জু বাবা, কেনেকে ইমান জানা ......... চন্দনদাই ক্ৰছ কুৱেচন কৰিলে
- মানে মই কি কম বুলি ভাৱিছিলো, ছোৱালীজনী অলপ মডাৰ্ণ নেকি ...... খঞ্জুই কও নকওকৈ কলে
- কি কব খুজিছ, আমাৰ বিকু কি মডাৰ্ণ নহয়ে নেকি..... শ্যামলদাই মোৰ ফালে চাই কলে
- মানে
- কেনেকে চিনি পাৱ, কত লগ পাইছ ..... চন্দনদাই সুধিলে
- পেলেচিয়াত ...... খঞ্জনে কলে
- সেই যে পল্টনজাৰত আছে, ছাদত যে চুইমিং পুল আছে , সেইখন বাৰত ..... শ্যামলদাই সুধিলে
- অ
অফত খঞ্জু কেতিয়াবা গুৱাহাটীলৈ যায় । গুৱাহাটীত খঞ্জুৰ ক্লাছ ফ্ৰেইন্ডৰ ডাঙৰ গেং এটা চেটেল হৈ আছে । খঞ্জু গলে তামাম পাৰ্টি চলে । নাইট, লেট নাইট, আৰলি মৰনিং পাৰ্টি চলে । আৰু পাৰ্টিবোৰ সাধাৰণতে অবিবাহিত ডেকাসকলৰ পাৰ্টিৰ লিচিনাই হয় ।
এক্সপাৰ্ট পেনেলে খঞ্জুৰ মতক বিষেয গুৰুত্ব দি সুদীৰ্ঘ আলোচনা কৰে আৰু বিভ্ৰান্তিমুলক তথ্য দিয়াৰ বাবে দীৰুদাক তীব্ৰ ভতসনা কৰে । দীৰুদাই ইনচাফিচিয়েন্ট ডাটাৰ বাবে এক্সপাৰ্ট পেনেলৰ ওচৰত ক্ষমা খুজিবলৈ বাধ্য হয় । এক্সপাৰ্ট পেনেলে শাস্তিস্বৰুপে পাৰ্টিটোৰ সমস্ত খৰচ দীৰুদাৰপৰা আদায় কৰে ।
(ডি.এছ.এ এক্সপাৰ্ট পেনেল এতিয়া পৰবৰ্তী কেচৰ অপেক্ষাত )

No comments:
Post a Comment