জুবিন গাৰ্গ । ভূপেন হাজৰিকাৰ পাছত কবলৈ গলে
অসমৰ আটাইতকৈ জনপ্ৰিয় গায়ক । জুবিনে ১৬ হাজাৰ গান গাইছে । অসমত জুবিন
বৰ্তমান গায়ক বা শিল্পী হৈ থকা নাই । জুবিন এটা ব্ৰান্ড, এটা আবেগ। জুবিন
এজন জীৱন্ত কিংবদন্তি । জুবিন আহিছে বুলি শুনিলে হিল দল ভাঙি ওলাই আহে
মানুহ । একক, অনবদ্য, মহান জুবিন ।
বহুত বছৰ আগৰ কথা । বেলতলা বিহু । মঞ্চত জুবিন । তেতিয়া গেংষ্টাৰ ৰিলিজ হৈছে । য়া আলি গানটো জনপ্ৰিয় হৈছে ।

অসমত হাজাৰ হাজাৰ মঞ্চ বিহু হয় । তাৰ মাজত কেইখন বিহুত হিন্দী গান গাবলৈ
দিয়া নহয় । সেইকেইখনৰ মাজত বেলতলা বিহুও আছিল । স্থানীয় পূবেৰুণ সংঘৰ
উদ্যোগত অনুষ্ঠিত হোৱা বেলতলা বিহুই গতি লাভ কৰিছিল স্বৰ্গীয় মৃগাংক চলিহাৰ
দিনত ।
বেলতলা বিহুত হিন্দী গান নচলে । এই কথাষাৰ তেতিয়া সত্য আছিল আৰু বেলতলা বাসী হিচাপে আমি ইয়াকে লৈ গৰ্বিত আছিলো যে অন্তত বেলতলা অইনবোৰতকৈ পৃথক । লোকেল মানুহখিনিৰ এটা চেন্টিমেন্ট আছিল ।
কিন্ত সিদিনা মঞ্চত জুবিন । জুবিনে য়া আলী গাবলৈ আৰম্ভ কৰিলে । ৰাইজে চাপৰি বজাই, সুহুৰি মাৰি আৰু কেইটামান চেঙেলীয়াই বান্দৰৰ দৰে জপিয়াবলৈ আৰম্ভ কৰিলে ।
আয়োজক সমিতিৰ পুৰণা সদস্যসকলৰ মাজত উচপিচনিৰ আৰম্ভ হল। বহুতেই য়া আলীৰ তালে তালে সুৰ মিলাব নোৱাৰিলে ।
জুবিনে য়া আলী শেষ কৰিলে । আয়োজক সমিতিৰ ফালৰপৰা ঘোষণা কৰা হল
"বেলতলা বিহুত হিন্দী গান গাবলৈ দিয়া নহয় কিন্ত যিহেতু জুবিন গাৰ্গ অসমৰ এজন শিল্পী, অসমৰ উজ্বল ৰত্ন, গতিকে তেওঁক নিজৰ হিন্দী গান গোৱাত আপত্তি কৰা হোৱা নাই। "
বহুত বছৰৰ এটা পৰম্পৰা, ঐতিহ্য, আবেগক জুবিনে সিদিনা তচ-নচ কৰি পেলালে ।
এটা চেন্টি ধ্বংস হৈ পৰিল ।
সিদিনা বেলতলা বিহুত মৃগাংক চলিহা নাছিল কাৰণ তাৰ বহুবছৰ আগতেই তেওঁ আততায়ীৰ হাতত নিহত হৈছিল ।
মই তেতিয়া বিহুত ভলন্টিয়াৰৰ ৰূপত । সৰুৰেপৰা বেলতলাৰ ডাঙৰ দীঘল হৈছো । বেলতলা বুলি কলে এটা টান আছে । কেইবছৰমান আগতে বেলতলালৈ প্ৰবজন কৰা বা বিহুৰ ফাংচন চাবলৈ অহা অস্থায়ী মানুহবোৰে এই টানটোৰ কথা নুবুজিব ।
তাৰ পাছৰপৰা মই বিহুত জুবিনৰ প্ৰগ্ৰাম চোৱা নাই ।
জুবিনে হাজাৰ হাজাৰ গান গাইছে । হিন্দী গান হাতৰ আঙুলিত লেখিব পৰা । যা আলী বাদ দি বাকী হিন্দী গানকেইটা কাৰোবাৰ যে মনত আছে সন্দেহ । য়া আলীৰ সুৰকাৰ প্ৰীতম, সুৰটোও কোৰিয়ান চিনেমা এখনৰ পৰা চুৰ কৰা । জুবিনৰ ইমানসোপা অতুলনীয় গান থকাৰ পাছতো হিন্দী গান গাবলৈ ইমান উত্ৰাৱল কিয় । নে এইটো জুবিন গাৰ্গৰ জেদ, অহামিকা, অহংকাৰ । মই যি ইচ্ছা তাকে কৰিম কাৰন মই জুবিন, মই নহলে মঞ্চ বিহুৰ গ্লেমাৰ নাথাকে, হু কেয়াৰচ ।
তেতিয়াই মই ভাৱিছিলো, জুবিনক ৰোধিব কোনে । জুবিন বাদ দি তেতিয়া কোনো গ্লেমাৰাছ ছিংগাৰ নাই । জুবিন নাহে মানে বিহুখনত গ্লেমাৰ নাই। বিহু পেন্দেল হাউচফুল নহয় । কেইবছৰমান পাছত অংগৰাগ ওলাল । জুবিনে অশ্বমেধ ঘোৰা চলাই গৈ থাকিল ।
জুবিনক ৰোধিব কোনে ।
কালি টিভিত দেখিলো নুনমাটিত জুবিনক বাধা দিয়া হৈছে, জুবিনে মঞ্চ ত্যাগ কৰিছে । অন্তত কোনোবাই জুবিনৰ অহামিকা, অহংকাৰৰ অশ্বমেধ ঘোঁৰাটোক বাধা দি খেদিবলৈ সক্ষম হৈছে ।
নুনমাটিৰ চশমা পৰিহিত লোকজনৰ সচাকৈয়ে দম আছে ।
বৰ্তমান মই জুবিনৰ লগত নাই ।
বৰ্তমান মই নুনমাটি বিহু কমিটীৰ লগতো নাই ।
বৰ্তমান মই ঘৰত আছো।
(কোনোবাই ইচ্ছা কৰিলে বিহু খাবলৈ মাতিব পাৰে
:p )

No comments:
Post a Comment