১৪ দিন ডিউটি শেষ হল । উৎপল কোঁৱৰে চাইটৰপৰা উঠাই যোৰহাটত ড্ৰপ কৰিলে । তাৰপৰা বৈকুণ্ঠ ট্ৰেভেলছৰ বাছেৰে গুৱাহাটীলৈ আহি আছো ।
বাছ আহি জখলাবন্ধাৰ ব্ৰহ্মপুত্ৰ হোটেলত ৰখাই দিলে । প্ৰচন্দ ভোক লাগি আছিল । মাংস ভাত অৰ্ডাৰ দিলো ।
ভাত খাই আছো । গোগ্ৰাসে । টেবুলখনত অকল মই ।
- মাংস জোল দিবছোন..... মই হোটেলৰ লৰা এজনক কলো

ভাত চোবাই আছো । হঠাৎ যুবতী এজনী মই বহি থকা টেবুলখনত মোৰ সমুখৰ চকীখনত
বহিল । গাঢ় নীলা টি চাৰ্ট, জিনছ, মৰমলগা ধুনীয়া ছোৱালী । মই ইফালে সিফালে
চালো । ওচৰৰ দুখনমান টেবুল খালী আছে ।
কিছুমান কথা লাইফত প্ৰথমবাৰৰ বাবে হয় । যোৱা সাত বছৰ ধৰি প্ৰতিমাহে দুবাৰকৈ শিৱসাগৰ-গুৱাহাটী জাৰ্নি কৰি আহিছো । এয়াই প্ৰথম, জখলাবন্ধাৰ হোটেলত কোনোবা যুৱতী মোৰ টেবুলত বহা ।
ছোৱালীজনীৰ ফালে চালো । চকুৱে চকুৱে পৰিল । ছোৱালীজনীয়ে চাহৰ কাপটোত চুমুক দি ধুনীয়া চাৱনি এটা দিলে । ময়ো ঠিক ঠাক চাৱনি এটা দিয়াৰ চেষ্টা কৰিলো ।
ছোৱালীজনীয়ে কাৰোবাক ফোন কৰিলে
- হেলো পাপা, মই জখলাবন্ধা পাইছো , যোৰহাট পাওঁতে ৪ টা মান বাজিব, মই বাইপাছত নামি দিম
ছোৱালীজনী বোধহয় গুৱাহাটীৰ পৰা যোৰহাটৰ ঘৰলৈ আহিছে । আকৌ এবাৰ ছোৱালীজনীৰ ফালে চালো । আকৌ চকুৱে চকুৱে পৰিল ।
তাৰ পাছত.........
.............
তাৰ পাছত কি হব আৰু । মই ভাত খোৱাত মনোনিবেশ কৰিলো । ভাত খালো, হোটেলৰ বাহিৰ ওলাই ডেইৰী মিল্ক এটা কিনিলো ।
এতিয়া সেই ডেইৰী মিল্কটো চোবাই চোবাই গুৱাহাটীলৈ আহি আছো ।

No comments:
Post a Comment