লগৰ এটাৰ বিয়া । আমি বৰযাত্ৰী । কইনাৰ ঘৰ পালোগৈ ।
দৰা নামিল । চাউল মৰামৰি হল । ঢোলৰ চেওত জীৱন, অলকেশ, সুব্ৰতে খুব নাচিলে ।
মই মবাইলত ফটো মাৰিলো।
কিছুদেৰিৰ নাচোন বাগোনৰ পাছত আমি ৰভাতলীত সোমালো । এফালে কফি পকৰাৰ ষ্টল । ষ্টাৰ্ট কৰি দিলো ।

- মেইন কৰ্চ আছেই, বেছি নদবাও..... সুব্ৰতে কলে
মই প্লেটত লোৱা দুটা পকৰা অলকেশলৈ পাচ কৰি দিলো। অলকেশ খঙাল চাৱনি এটা দিলে ।
অলপ সময় চুচুক চামাক কৰাৰ পাছত মেইন কৰ্চলৈ পোনালো ।
চালাড । ধুৰ । চাটনি, পাপড় বাইপাছ কৰিলো । প্লেইন ভাত আৰু ভেজ পোলাও । পোলাও এচামুচ ললো । কাষত সৰু আলুভাজি । অলপ লৈ ললো । দাইল অলপ ললো । ভেজ কোফটা । ভেজ আৰু বিয়াত খায় নেকি । কোফটাৰ কাষত চাহী পনীৰ । পনীৰ খোৱাৰ মুড নাই আৰু ।
- কি হল পেটলা, কোফটা পনীৰ লোৱা নাই যে...... লাইনত মোৰ পাছত থকা জীৱনে সুধিলে । সকলো আইটেম অলপ অলপ লৈ তাৰ প্লেটখন প্ৰায় ভৰ্তি ।
- সিংহই কেতিয়াবা ঘাঁহ বন খোৱা দেখিছা নেকি....... মই মোৰ টিপিকেল ডায়লগটো জীৱনক ডেলিভাৰ কৰি দিলো ।
মই নেক্সট আইটেমলৈ এখোজ দিলো ।
পনীৰৰ কাষত ৰসগোল্লা । ৰসগোল্লা । হিচাপমতে পনীৰৰ কাষত চিলি ফিচ বা ফিচ কালিয়া, তাৰ পাছত চিলি চিকেন, মাটন কাৰী থাকিব লাগে । নাই ।
ইফালে সিফালে চালো । কিবা মিছ কৰি আহিলো নেকি । ভুলতে ভেজ ষ্টলৰ লাইনত অহা নাই তো । নাই । অলপ চিন্তাত পৰি গলো ।
- ভাইটি চিকেন টিকেন নাই নেকি...... মই কেটাৰিঙৰ লৰাজনক সুধিলো
- দাদা, শংকৰী বিয়া হয়......... কেটাৰিঙৰ লৰাজনে বঢ়িয়াকৈ হাহি এটা মাৰি দিলে
প্লেটত সেই সময়ত মোৰ পোলাও, দাইল আৰু আলুভাজি ।

No comments:
Post a Comment