Wednesday, August 2, 2017

কালপ্ৰিট



ইউনিভাৰ্চিটিৰ দিনৰ কথা । থাৰ্ড চেম পাইছো। আমাৰ ডিপাৰ্টমেন্টত প্ৰায় ১৬ টা কম্পিউটাৰেৰে এটা ভাল কম্পিউটাৰ লেৱ আছিল । ১৬ টাৰ পাচটাত ইন্টাৰনেট আছিল। আমি অফ আৰু বৰিং ক্লাছ বাংক দিয়া টাইমখিনি কম্পিউটাৰ লেৱত পাৰ কৰো । অৱশ্যে দৰকাৰী কাম একো নকৰো । মেইনলি অৰকুট কৰো । তেতিয়ালৈ ফেচবুক ইমান পপুলাৰ হোৱা নাই । অৰকুট আছিল এক নম্বৰ ছচিয়েল নেটৱৰ্কিং ছাইট ।

কিন্ত প্ৰব্লেম হয় ৰিচাৰ্ছ স্কলাৰ কেইজনৰপৰা । আমাক দম চম দি কম্পিউটাৰৰপৰা উঠাই দিয়ে । তেওঁলোকৰ মেইন বাহানা যে জাৰ্ণেল চাৰ্চ কৰিব লাগে। বনানীবাই ঐ পোৱালী উঠ বুলি কলেই উঠি দিব লাগে । তাৰপাছত দুখনমান জাৰ্ণালৰ পেজ উলিয়াই বনানীবাই অৰকুটত লাগে । চিনিয়ৰ বুলি একো কবও নোৱাৰো । আমন জিমনকৈ আমি ৰৈ থাকো। বনানীবাই অৰকুট কৰি মেলি যাওতে আমাৰ ফালে চাই ধুনীয়া হাহি এটা মাৰি থৈ যায় ।

কিন্ত আমাৰ বাবে মেইন ভিলেইন হল পংকজ ঘোষ দা। অনবৰতে আমাক লেচন দি থাকে । কম্পিউটাৰত বহি অৰকুট খোলা দেখিলেই লেচন ষ্টাৰ্ট হৈ যায় । তেওঁৰ মতে ডিপাৰ্টমেন্টৰ এই ফেচিলিটি আমি জাৰ্ণেল চোৱা, জব চাৰ্চ, ইম্পৰটেন্ট আৰ্টিকল পঢ়া ইত্যাদি ভৱিষ্যতে কামত অহা কামত লগাব লাগে ।
আৰু পংকজদাৰ এইধৰণৰ লেচনবোৰ আমি বৈধ্যম কামোৰ পাও ।

ৰিচাৰ্ছ স্কলাৰে আমাক ইন্টাৰনেট থকা কম্পিউটাৰ কেইটাৰপৰা উঠাব পৰাৰ মুল অস্ত্ৰ আছিল সেই কম্পিউটাৰকেইটাত লগাই থোৱা " ৰিচাৰ্ছ স্কলাৰ এক্সক্লুচিভ" লিখা থকা স্টিকাৰকেইটা ।

সুব্ৰত নাথ, সুৰজ পাঠক আৰু মই ঠিক কৰিলো যে ৰিচাৰ্ছ স্কলাৰৰ মইমতালি আৰু আতিশয্যৰ বিৰুদ্ধে কিবা এটা কৰিব লাগিব ।
ভৱামতেই কাম ।

ইন্টাৰনেট থকা ৫ টাৰ ভিতৰত তিনিটাৰ কানেকচন সলনি কৰি স্টিকাৰ নথকা অইন তিনিটাত লগাই দিলো। আমাৰ বাহিৰে কেচটো সুকন্যাই জানে । তাৰ পাছত আমি বিন্দাচ অইন তিনিটাত বহি অৰকুট কৰো । স্টিকাৰ নলগোৱা বাবে কোনেও আমাক উঠাব নোৱাৰে। ইফালে স্টিকাৰ লগোৱা তিনিটাত লোডিং বুটাম ঘুৰি থাকে, ঘুৰিয়েই থাকে ।

পংকজদাৰ মাথা বেয়া হৈ যায়। চিপিউ টোত চাপৰ কেইটামানো মাৰে, কিন্তু ইন্টাৰনেট কাণেক্ট নহয়হে নহয় ।
দুসপ্তাহমান আমাৰ দিন চলিল।

এদিন কম্পিউটাৰ লেবত এনেয়ে আদ্দা মাৰি আছো। মই, সুব্ৰত, সুৰজ, সুকন্যা, মৃদু, স্বাতী । তেতিয়াৰ ডিপাৰ্টমেন্টৰ হেড পিজেডি ছাৰ সোমাই আহিল। ছাৰৰ পাছে পাছে পংকজদা ।
- এই কম্পিউটাৰবোৰ ওলট-পালট কোনে কৰিছে........ ছাৰে কঠোৰ মাতেৰে সুধিলে

কোনেও মুখৰে একো মতা নাই । সুব্ৰত আৰু মই ইটোৱে সিটোৰ ফালে চালো ।
- ডিপাৰ্টমেন্টত বদমাছ কেইটামান আছে । এইবোৰ কাম মই সহ্য নকৰো, আই উইল টেক স্ট্ৰিক একচন, কোনে কৰিছে এইবোৰ ............. ছাৰে আগতকৈ বেছি খঙেৰে কলে

ছাৰৰ খঙাল মূৰ্তি দেখি বহুত ভয় লাগিল । প্ৰভু যেনেতেনে বচাই দিয়া এইবাৰলৈ । আৰু বদমাচি নকৰো । নেদেখাজনক মই স্মৰণ কৰিলো ।
- আমি নাজানো ছাৰ, আমিটো কেতিয়াবা কেতিয়াবা চলাওহে.......... সুকন্যাই একো নজনা টাইপৰ নিমাখিত ফেচিয়েল এক্সপ্ৰেছন দিলে

ছাৰে আৰু কেইমিনিটমান কালপ্ৰিটটোক উদ্দেশ্যি গুৱাল গালি দিলে । পংকজদাৰ চেহেৰাত সন্তুষ্টিৰ হাঁহি বিৰিঙি আছে ।
- হেই বিকাচ........... PJD ছাৰে মোৰফালে চাই কলে

একেবাৰে নিষ্পাপ, নিষ্কলুষ, ভোলা-ভালা টাইপৰ চেহেৰাৰে ছাৰৰ ফালে চালো । চাল্লা পংকজদাইয়ে মোক ফচালে ।
- তুমি তো ডিপাৰ্টমেন্টেল ৰিপ্ৰেজেনটিভ, ডু ৱান থিং, ইনভেচটিগেচন কৰি উলিওৱা, এইবোৰ কাম কৰা কালপ্ৰিটটো কোন, আই উইল টেক ষ্ট্ৰিক একচন........... ছাৰে মোক দায়িত্ব দিলে

মই লক্ষ্য কৰিলো, সুকন্যাই হাতেৰে ওঠ ঢাকি হাহি ৰখাবলৈ আপ্ৰাণ চেষ্টা কৰিছে, সুব্ৰতে কোনোমতে দাঁতকেইটা নোলোৱাকৈ ৰাখিছে, মৃদু আৰু স্বাতীয়ে ভেবা লাগি চোৱাৰ দৰে চাই আছে । আৰু মই ভোলা-ভালা চেহেৰাৰ কোনো পৰিবৰ্তন নকৰাকৈ হব ছাৰ বুলি কৈ ছাৰক আশ্বস্ত কৰিছো যে কালপ্ৰিট সোনকালে জালত পৰিবই ।

কোৱা নিষ্প্ৰয়োজন যে সেই ইনভেচটিগেচনৰ ৰিজাল্ট আজিলৈকে ওলোৱা নাই ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...