২০০৮ মানৰ কথা । তেতিয়া ইউনিভাৰ্চিটিত পঢ়ি আছো।
ফৰেষ্ট স্কুলত মেছ কৰি থাকো । ৰুমমেট গণেশ । দুটা চেমিষ্টাৰ ঠিকেই আছিল ।
তৃতীয় চেমিষ্টাৰত গণেশ আৰ্ট অৱ লিভিঙৰ সদস্য হল। কিছুদিন পাছত সি অনবৰতে
ফোনত বিজি থকা হল । ভাত ৰান্ধোতে ফোন, খাই খাওঁতে ফোন , ক্লাছত ফোন, আনকি
বাথৰুমতো ফোন ।
ৰাতি ৯ টা মানত আমি ভাত খাওঁ । তাৰ পাছত মই বিচনাত বাগৰ দিও । গণেশে কিতাপ এখন মেলে, অলপ সময় পেজ কেইটামান লুটিয়ায় আৰু তাৰপাছত ফোনত ধৰে । ইমান সৰু মাতেৰে গণেশে কথা পাতে যে মই ২ মিটাৰ দুৰত থকা স্বত্তেও একো ধৰিব নোৱাৰো ।

ৰাতি ২ টা মান বাজিছে। মই টোপনিত লালকাল । হঠাত কোনোবাই গাটো জোকাৰিলে । খপজপকৈ মই বিচনাত বহিলো । সমুখত গণেশ ।
- কি হল....... মই সুধিলো
- ফোনত ৰিচাৰ্জ খটম হৈ গল....... গণেশে কলে
- মোৰ কেবল ১০ টকা বেলেঞ্চ আছে
- নহয় ৰে, তোৰ যে দোস্ত, তাক ফোন কৰ না, লাপু কৰি দিব
- ৰাতি দুটা বাজিছে ভাই
- পিলিজ য়াৰ, কথা অলপ থাকি গল
মা কচম, সেই সন্ধিয়াৰ পৰা এই ৰাতিলৈকে কথা পতাৰ পাছতো কথা থাকি যায়।
অগত্যা মই মোৰ বন্ধুজনক কৈ গণেশৰ ফোনত ৰিচাৰ্জ কৰাই দিলো । গণেশ বেক টু ফোন, মই বেক টু বেড ।
বহুত বছৰ পাছত
এতিয়াও মোৰ কিচমতৰ একো পৰিবৰ্তন হোৱা নাই । কোম্পানীয়ে স্মাৰ্টফোন দিছে, চীমকাৰ্ড দিছে, তাকো পষ্টপেইড, ৰিচাৰ্জৰ ঝনঝট নাই, বিল কোম্পানীয়ে দিয়ে। মাহত বিল হয় কাণে কাণ মাৰি তিনিশ টকা ।
আজিও মই বুজিব পৰা নাই সন্ধিয়াৰ পৰা ৰাতিলৈকে মানুহবোৰে এনেকুৱা কি কথা পাতে যে কথা থাকিও যায় ।

No comments:
Post a Comment