২০০৭ চন । ডিগ্ৰী থাৰ্ড ইয়াৰৰ পৰীক্ষা শেষ
হৈছে । ৰিজাল্ট দিবলৈ তিনিমাহমান লাগিব । ফিজিকেল কেমেষ্ট্ৰী পেপাৰখন বেয়া
হৈছে । পাছ কৰিম যদিও ইউনিভাৰ্চিটিত ছিট পাম নে নাই সন্দেহ আছে ।
সেই সময়তে খবৰ পালো যে কেম্পাছ প্লেচমেন্টৰ বাবে HSBC আহিব । BPO ৰ চাকৰি ।

কটন কলেজ পালোগৈ । কেমেষ্ট্ৰী ডিপাৰ্টমেন্টত ইন্টাৰভিউবোৰ হব । প্ৰথমেই
গৈ চাই ললো যে অৰ্চনা গোস্বামী মেডাম আছে নে নাই । মেডামে গম পালে খুব গালি
দিব । ভাগ্যে সিদিনা মেডাম নাই ।
প্ৰথমতে আমাক গেলাৰীত বহিব দিলে । HSBC ৰ এজনে প্ৰথমে কৰ্পৰেট ষ্টাইলত ইন্ট্ৰো এটা দিলে । চাকৰিটোৰ দৰমহা ৮ হাজাৰ টকা । কল চেন্টাৰত শ্বিফটত কাম কৰিব লাগিব ।
৮ হাজাৰ টকা মোৰ বাবে তেতিয়া বহুত টকা । মনে মনে ভাবিলো চাকৰিটো পাই গলে লাইফ উদ্ধাৰ হৈ যাব ।
প্ৰথমতে জিকে, ৰিজনিং, ডায়েগ্ৰাম আৰু মেথেমেটিকেল নিউমাৰিকেলৰ লিখিত পৰীক্ষা এটা হল । সেইবোৰত ভালেই আছিলো । পাছ কৰিলো ।
তাৰ পাছত আকৌ গেলাৰীত বহাই কোম্পানীটোৰ বিষয়ে লেকচাৰ এটা শুনালে । মন দি শুনিলো । তাৰ পাছত ৰুম এটালৈ মোক আৰু আন এজনক মাতিলে ।
ৰুমটোত মহিলা এগৰাকী আছিল । মোৰ লগত মতাজন জিয়লজি ডিপাৰ্টমেন্টৰ। আমাক চকী দুখনত বহিবলৈ দিলে ।
- নাও য়ু ডিচকাচ অন এ টপিক অৱ ইয়ৰ চইচ...... মহিলাজনীয়ে কলে
মানে গ্ৰুপ ডিচকাচন । ইংৰাজীত কথা পাতিব লাগে । মই জিয়লজিৰ লৰাজনৰ ফালে চালো । কোনেও একো কোৱা নাই । মানুহজনীয়ে আমাৰ ফালে চাই আছে ।
- হোৱাট ইজ ইয়ৰ নেম..... জিয়লজিয়ে সুধিলে
- মাই নেম ইজ...... মই নামটো কলো
তাৰ পাছত অলপ সময় নীৰৱতা।
- হোৱাট আৰ য়ু ডুইং...... এইবাৰ মই সুধিলো
- আই এম ডুইং জিয়লজি....... জিয়লজিয়ে কলে
তাৰ পাছত অলপ সময় নীৰৱতা।
- টুডে স্কাই ইজ ব্লু........ জিয়লজিয়ে কলে
- য়েছ য়েছ...... মই কলো
- য়েছটাৰডে স্কাই ৱাৰ নট ব্লু.... জিয়লজিয়ে কলে
- য়েছ য়েছ, ব্লু.... মই সন্মতি দিলো
তাৰ পাছত আকৌ নীৰৱতা।
মহিলাগৰাকীয়ে বিৰক্তিৰে আমাৰ ফালে চাই আছে ।
ৰুমটোৰপৰা বিষন্নমনে দুয়োটা বাহিৰ ওলালো । কিছুসময় পাছত ফলাফল দিলে । দুয়োটা ৰিজেক্ট হলো ।
দুইটা ৰিজেক্টেড পিচ দুখমনেৰে কফি হাউছৰ মুখেৰে কাছাৰী বাছষ্টপলৈ আহি আছো
- স্কুল কৰ আছিল...... জিয়লজিয়ে সুধিলে
- কলেজিয়েট...... মই কেমেষ্ট্ৰী ডিপাৰ্টমেন্টৰ পাছফালৰ স্কুলখন দেখুৱালো
- মোৰ বেংগলী হাইস্কুল..... জিয়লজিয়ে ক্ষীণ হাহিঁ এটা মাৰি কলে ।
জিয়লজিয়ে জিয়লজি জানে, মই অলপ অচৰপ কেমেষ্ট্ৰী । ইংৰাজী ভালকৈ লিখিব পাৰো, বুজিও পাওঁ, কোৱাত সমস্যা।
ইংৰাজীত কেতিয়াও ফ্লুৱেন্সি নাহিল । লিখিব পাৰো, সলসলীয়াকৈ কব পৰা কেতিয়াও নহলো ।
সেই জিয়লজিৰ লৰাজন এতিয়া জিয়লজিকেল চাৰ্ভে অৱ ইণ্ডিয়াৰ জিয়লজিষ্ট ।

No comments:
Post a Comment