দিপাংকৰৰ বিয়া পৰহিলৈ । খবৰ লবলৈ ৰাতিপুৱা ফোন এটা কৰিলো । নতুনকৈ লোৱা জিয়ৰ নাম্বাৰটোৰে ফোন কৰিলো ।
- হেলো দিপাংকৰ
- হেলো
- বিয়াৰ যা যোগাৰ কেনে চলিছে
- ভালেই, কিন্তু কোনে কৈছে বাৰু
- কিয় মাতটো চিনি পোৱা নাই নেকি
- নাই
- হেলো দিপাংকৰ
- হেলো
- বিয়াৰ যা যোগাৰ কেনে চলিছে
- ভালেই, কিন্তু কোনে কৈছে বাৰু
- কিয় মাতটো চিনি পোৱা নাই নেকি
- নাই
চাল্লা তিনিবছৰ কটনত একেলগে পঢ়িলো, ধুৰ।
- মই বিকাশ
- কোন বিকাচ
মা কচম, বিয়ন্ড লিমিট । ইগো হাৰ্ট হৈ গল । চাল্লা বিয়াত গিফ্ট দিম বুলি ভাবিছিলো, নিদিও যা । ইমান হিউমিলিচন ।
আৰু দুবাৰমান চিনাকি দিয়াৰ পাছত দীপাংকৰে চিনি পালে ।
এইটো সচা যে যোৱা বেচ কিছুদিনৰপৰা লগৰবোৰৰ লগত টাচ নাইকিয়া হৈ গৈছে। মানুহবোৰে কি মোক পাহৰি গল নেকি বাৰু ।
এইবাৰ জিয়ৰ নাম্বাৰটোৰে অলকেশলৈ ফোন কৰিলো ।
অলকেশে মাতটো শুনিয়েই মোক মই বুলি চিনি পালে । উফ ৰক্ষা । অলকেশে ঢেকিয়াজুলিৰ পৰা গুৱাহাটীলৈ আহি আছে।
কিছুসময় পাছত দীপাংকৰে ফোন কৰি বহুত বাৰ ছৰী খুজিলে । দুলীয়াজানৰ পৰা গুৱাহাটীলৈ আহি আছে বাবে ফোনত আৱাজটো চিনাত অসুবিধা হল বোলে। মাফ কৰি দিলো আৰু। বিয়াত ভাল গিফট এটা দি দিম আৰু।
সন্ধিয়াৰ সময় । চোতালত জুই ধৰি মাছ পুৰি আছো। ধনিয়া, পিয়াজৰ পাত আৰু অলপ পেৰা তেলৰ সৈতে পোৰা মাছৰ পিটিকা। অপূৰ্ব সোৱাদ ।
সোৱাদৰ কথা ভাবিয়েই জিভাৰ পানী পৰি আছে।
এনেতে ফোনটো বাজিল । অজীব টাইপৰ নাম্বাৰটো। বোধহয় দিল্লীৰ নাম্বাৰ । ইন্সুৰেন্স কোম্পানী, বা কাষ্টমাৰ কেয়াৰৰ হব । টিঙিচকৈ খং এটা উঠি আহিল । চাল্লা । গালি দিয়াৰ মনেৰে ফোনটো ধৰিলো ।
- অ বিকাশ, মই আহি পালো......... সিফালৰপৰা পুৰুষ কন্ঠস্বৰ এটা শুনিবলৈ পালো ।
দীপাংকৰেই হব । সি গুৱাহাটী পালে মানে ।
- বঢ়িয়া, ঠিকে ঠাকে আহি পালা তো..... মই শুধিলো
- ৪ টা মান বজাত পালো
- বাকী প্ৰিপাৰেচন ঠিকে আছে তো
- আছে
- এতিয়া যাব নোৱাৰিম দেই ভাই, বহুত ইম্পৰটেন্ট কাম এটাত ফচি আছো....... মই পুৰি থকা মাছ দুটা লুটিয়াই দিলো
- হব একো নাই
- আচ্ছা লকেচনটো ৱাটছএপ কৰি দিবা, কাইলৈ ৰাতিপুৱাই ভিজিট দিম
- অকে
- কিন্ত ৰাতিপুৱা কিন্ত মোক বহুত দুখ দিলা দেই, চিনি নাপালা, ধুৰ, ইগো হাৰ্ট হৈ গৈছে দেই ভাই
- মানে
- মানে চানে বাদ দিয়া, অলকেশক ফোন কৰিছিলো, সি ঢেকীয়াজুলিৰ পৰা আহি আছে, জীৱনক কিন্ত কন্টেক কৰিব পৰা নাই
- এক মিনিট, মই কোনে কৈছো ধৰিব পৰা নাই নেকি
মোৰ তীক্ষ্ণ মগজুৱে এবাৰ ৰিফ্ৰেছ মাৰিলে ।
- আব্বে জীবন, ইমান দিনৰ মুৰত, দীপাংকৰ টাইপ লাগিল আৱাজটো...... মই কলো
- ধুৰ, কি যে হব......... সিফালৰপৰা হতাশাজনক সুৰ এটা কাণত পৰিল।
বহুত গিল্টি ফিলিং আহিল ।
ফোনৰ সিপাৰে অলকেশ আছিল ।

No comments:
Post a Comment