Showing posts with label ব্যংগ কাহিনী. Show all posts
Showing posts with label ব্যংগ কাহিনী. Show all posts

Thursday, May 15, 2014

ইজ্জতৰ ফালুডা

কেতিয়াবা ইজ্জতৰ ফালুডা হৈ যায় ।
১৪ দিনৰ অফত কৰিবলৈ একো নাই । আই.আই.টিত লগৰ কেইবাটাইও গৱেষণা কৰি আছে । সিহতৰ লগতে কেতিয়াবা আদ্দা দিবলৈ যাও ।
যোৱা পৰহিৰ কথা । আই.আই.টি-গুৱাহাটীলৈ গৈছো । আই.আই.টিৰ মাৰ্কেট গেটেৰে সোমালো । একাডেমিক বিল্ডিঙলৈ বাওফালে টাৰ্ণ লৱ লাগে । বাইকখনৰে টাৰ্ণটো লওতেই দেখিলো চিনাকি জুনিয়ৰ এজনী । ওপৰত প্ৰচন্ড ৰ'দ । জুনিয়ৰজনীয়ে ছাতি এটা মুৰত ওপৰত লৈ ৰুমাল এখনৰে মুখৰ ঘাম মচি খোজকাঢ়ি আছে । জুনিয়ৰজনীৰ অৱস্থা দেখি বেয়া লাগিল । জুনিয়ৰজনীৰ ওচৰ পাই বাইকখন ৰখালো ।
- ভন্টি কলৈ যোৱা....... মই সুধিলো
- অ দা, চিটি গৈছিলো, এতিয়া হোষ্টেল যাও.... ভন্টিয়ে কলে
- হোষ্টেলটো বহু দুৰ আছে, বলা ড্ৰপ কৰি দিও
-নাই দা , হৱ, পাৰিম
- ধেই, ইমান গৰমত ৱাকিং কৰি গৈ পোৱা মানে তিতি জুৰুলি-জুপুলি হৈ যাবা

অগত্যা ভন্টি বাইকত উঠিল ।
(লাইন চাইন মৰা বুলি মিচআন্ডাৰষ্টেন্দ কৰিব নালাগে দেই । মই এনেয়েও বহুত হেল্পফুল মানুহ । আগতেও বহুত মানুহক মোৰ বাইকেৰে লিফ্ট দি ডেষ্টিনেচন পোৱাই দিছো )

বাইকৰ পাছৰ চিটটো অকুপাই কৰি ভন্টিয়ে কলে........ বলক দা
বাইকত চেল্ফটো বেয়া হৈ আছে । হেলমেটটো পিন্ধি কিক মাৰিলো.......
......
এবাৰ
....
দুবাৰ
......
তিনিবাৰ
.......
.......
.......
বাইক ষ্টাৰ্ট নহয়হে নহয় । ওপৰত টিকাফটা ৰ'দ । ঘাম আৰু টেনচনত তিতি জুৰুলি জুপুলি হৈ গলো । ভৰি বিষাই গল । বাইক ষ্টাৰ্ট হোৱাৰ কোনো উমঘামেই নাই । কটা ঘাত চেঙাতেল দি ওচৰৰে পাৰ হৈ যোৱা চেঙেলীয়া এজাকে কেৰাহিকৈ চাই হাহি কেইটামান দি গল ।

মোৰ অৱস্থা দেখি ভন্টিৰ বেয়া লাগিল ছাগে । ছাতিটো মেলি ভন্টিয়ে কলে......
- দা মই ৱাক কৰিয়েও যাও দিয়ক, আপুনি বাইকখনৰ এবাৰ ভালকৈ চাৰভিচিং কৰাই লৱ

ইজ্জতৰ ফালুডা হৈ গল । ভন্টি খোজকাঢ়ি গৈ আগৰ টাৰ্ণিংটোত নেদেখা হৈ পৰিল ।
বাইকখনৰ ওপৰত বহুত খং উঠিল ।
আৰু চাল্লা................ভন্টি নেদেখা হোৱাৰ পাছত মৰা প্ৰথম কিকটোতে বাইকখন ষ্টাৰ্ট হল ।

ৱেডিং ৰিচিপচন (1) - এটা লিফ্ট


আজি অংশুমান দাৰ ৱেডিং ৰিচিপচন আছিল..... শিৱম মেৰেজ হল, গীতানগৰ
Dhiraj Kalita দাৰ লগত প্লেন ফিক্স হল..... ৫ বজাত মই বেলতলাৰ পৰা ওলাম, ৫-৩০ ত হলত দুয়ো একেলগে এন্ত্ৰি মাৰিম.... Chanakya Choudhury দাও আহিব............ ধীৰাজদা গীতানগৰ পুলিচ থানাৰ সন্মুখত ৰৈ থাকিব, মই পিক আপ কৰিব লাগিব.........

বেলতলাৰপৰা গীতানগৰ যোৱাৰ দুটা ৰাস্তা আছে... এটা গনেশগুৰি হৈ চিটিৰ মাজেদি, আনটো চয়মাইল, নাৰেংগী হৈ........ মই ছয়মাইল হৈ যোৱাটো ঠিক কৰিলো...... এইফালে ট্ৰেফিক কম হয়.........

ছয়মাইল পাৰ হৈ চচল পাইছো......... এনেতে........
আৰে এইয়া কি.... ধুনীয়া অৰেঞ্জ চুৰিদাৰ পিন্ধা ছোৱালী এজনীয়ে দেখোন ৰবলৈ হাত জোকাৰিছে, মানে লিফ্ট বিচাৰিছে...... ছোৱালীজনীক আগতে কৰবাত দেখিছিলো নেকি মনত পেলাবলৈ চেষ্ট কৰিলো.... নাই মনত পৰা নাই.....
যিয়েই নহওক লাইফত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীয়ে মোৰপৰা লিফট বিচাৰিছে..... দিল বাগ বাগ হৈ গল...... পাচ বছৰ ধৰি গুৱাহাটীৰ ৰাস্টাত বাইকৰ চকা ঘুৰাই আছো, পিছে বাইকৰ পাছৰ চিটটো খালীয়ে হৈয়ে আছে.......
ৱেডিং ৰিচিপচনলৈ বুলি একদম চালিয়া পাৰ্টিৱেৰ চাৰ্ট আৰু নিউ ব্ৰান্ডেড জিনচ মাৰি ওলাইছো, ৰিবকৰ স্পৰ্টচ চু আৰু য়াৰ্ডলি পাৰফিউমৰ কথা নকওৱেই........

ব্ৰেক এটা মাৰি দিলো.......
- এনি প্ৰবলেম.......... একদম ষ্টাইলত সুধিলো
- মানে আজি ট্ৰেকাৰ কম, বহুতসময় হল , এখনো অহা নাই, ইফালে সন্ধিয়াও হৈ আহিছে, কাইন্ডলি অলপ আগলৈ ড্ৰপ কৰি দিব নেকি
- মই এক্সুৱেলি নাৰেংগী হৈ গীতানগৰলৈ যাম
- মোক নাৰেংগী তিনিআলিত ড্ৰপ কৰিলেই হৱ
- অকে

অৰেঞ্জ চুৰিদাৰ মোৰ বাইকৰ পাছৰ চিটত....... ৩০-৪০ ৰ ভিতৰত স্পীড ৰাখিছো, জল্ডি পাই গলে মমেন্টবোৰ মিচ হৈ যাব...... বাইকৰ ওপৰতে ড্ৰীম দেখা ষ্টাৰ্ট কৰিলো....... নাৰেংগী পোৱাৰ লগে লগে অৰেঞ্জ চুৰিদাৰে আকৌ কাইন্ডলি বুলি অলপ ওচৰতে থকা ঘৰত ড্ৰপ কৰাৰ কথা কৱ, মই অৰেঞ্জ চুৰিদাৰৰ ঘৰৰ ফ্ৰন্টৰ গেটৰ ওচৰত ব্ৰেক মাৰিম..... তাৰ পাছত ইমান হেল্প কৰাৰ বাবে অৰেঞ্জ চুৰিদাৰে একাপ চাহ খাবলৈ জোৰ কৰিব..... চাহ খাম.......... এটা বিউটিফুল ষ্টৰী ষ্টাৰ্ট হবলৈ গৈ আছে.......

(অংশুমান দাৰ ৱেডিং ৰিচিপচন আছে, ধীৰাজদা ৰৈ আছে........ বাদ দে..... অৰেঞ্জ চুৰিদাৰৰ কাৰণে অংশুমানদা, ধীৰাজদাৰ কুৰবানী দি দিম )

নাৰেংগী তিনিয়ালিত বাইক ৰখালো.....
অৰেঞ্জ চুৰিদাৰ নামিল.....
অৰেঞ্জ চুৰিদাৰে মৌসনা মাতেৰে কলে........
.
.
.
থেংক ইউ আংকল.......... থেংকচ এ লট

সোৱে-বাৱে- পাছফালে একদম নাচালো........ যিমান পাৰি এক্সিলেটৰ দবাই দিলো.... শিৱমত অংশুমান দাৰ ৱেডিং ৰিচিপচন, ধীৰাজদা ৰৈ আছে....

ৱেডিং ৰিচেপচন (২) – অন্নপুৰ্ণা বিবাহ ভৱন

যোৱা চাৰি দিনত চাৰিখনকৈ ৰিচিপচন এটেন্দ কৰিছো.......
১৬ অক্টোবৰ..... এইখন ৰিচিপচনত মই ডাইৰেক্ট ইনভাইটি নহয়.. এক্সুৱেলি মম্মীৰ কোনোবা লগৰ মহিলাৰ জীয়েকৰ বিয়া.... স্থান অন্নপুৰ্ণা বিবাহ ভৱন, বেলতলা
প্ৰবলেমটো হল যে ভাৰত-অস্ট্ৰেলিয়াৰ মেচ চলি আছে..... গতিকে দেউতা টিভিৰ আগৰপৰা উঠিবলৈ নাৰাজ...... অগত্যা মোকে বলি কা বকৰা বনোৱা হল...

মম্মীৰ লগত ময়ে ওলালো... ফৰ্মেল চাৰ্ট, ফেডেড জিনচ, চেন্ডেল চু........
অন্নপুৰ্ণা বিবাহ ভৱনটো আমাৰ ঘৰৰপৰা বেছি দুৰত নহয়, খোজকাঢ়িয়েই গলো
বিবাহ ভৱনত সোমায়েই মম্মীয়ে লগৰ মহিলা পাৰ্টিৰ লগত মিটিং জমোৱাত লাগি গল.... মই চুক এটা কেপচাৰ কৰি বলি কা বকৰা হোৱাৰ আমেজকণ এনজয় কৰি আছো..... মানে কইনাৰ সোৱে-বাৱে বহি থকা তথা হলৰ ভিতৰত থকা বিউটিৰ ওপৰত নজৰ দি আছো........

কইনাৰ সোফালে থকাজনী ভাল লাগিছে.... তাই পিৰিক-পাৰাককে ইফালে সিফালে চাই আছে.... দুই এবাৰ চকুৱে চকুৱে পৰিল.... মই নজৰ দি আছো...
সেই সময়তে Drumil Baruah ই ফোন কৰিলে
- আৰে বিকাশ, ছুটী কেতিয়ালৈ, কেতিয়া আহিবা
- ধেই দ্ৰুমিল দা, আপুনি একেবাৰে অদ টাইমত ফোন কৰিছে, বিয়া এখনত আছো, এংগোল এটা মিলাই আছিলো
- হব দিয়া হে, আহিবা কেতিয়া
- মই অনিৰ্দিষ্টকালীন চেল্ফ লিভত আছো, ২১ তাৰিখে যাম
- ২১ তাৰিখ !!! বাপৰে, ৮ তাৰিখে গৈছিলা, ইমান ছুটী কেনেকে পোৱা
- ধেই.... থওক না হে, পিছত কথা পাতিম, আপুনিতো আগতেই এংগোল মিলাই থৈয়েই দিছে, আমাৰহে একো হোৱা নাই, নজৰ এটা মিলাই আছিলো, আপুনি কাবাব মে হাড্ডি হৈ আছে এতিয়া
- অকে, অকে, ছৰী, তুমি এংগোল মিলাই থাকা, গুড লাক

Drumil Baruahৰ ফোনটো কাটি কইনাৰ ফালে চালো, আৰে কাষৰজনী কত..... ইফালে চালো, কইনাৰ কাষৰজনী বেলেগ এজনৰ লগত হাহি মাতি কথাত ব্যস্ত
অলৰেডি বুকড... অকে...... বেলেগ পিনে নজৰ দিয়াত লাগিলো
ছেকেন্ড ৰো থাৰ্ড কলামৰ পিংক কালাৰজনী ভাল লাগিছে....... নজৰ চে নজৰ মিলোৱাৰ চেষ্টা কৰি আছো........

- আৰে, ইমান দিনৰ মুৰত, তোক ধৰিবই পৰা নাছিলো
কোনোবাই পিছফালৰপৰা ঢকা এটা মাৰিলে........ ঘুৰি চালো ৰিয়াজ.....

- এইটো কি হল, ওপৰপিনে কত গল...... ৰিয়াজে মোৰ বাঢ়ি অহা পেট আৰু কমি অহা চুলিখিনি দেখুৱাই সুধিলে

ৰিয়াজ মোৰ লগৰ স্কুলত একেলগে আছিল, তাৰ বৰ্তমান এখন কাঠৰ দোকান আছে..... স্কুলত থাকোতে মোৰ হাতৰ আখৰ ভাল আছিল, ৰিয়াজে আমিনালৈ দিয়া চিঠিবোৰ মোৰ দ্বাৰা লিখোৱাইছিল.......
ৰিয়াজে কয়, মই লিখি যাও........ ডিয়েৰ আমিনা... তই মোৰ দিলৰ ৰাণী..... মোৰ লাভ আমাৰ স্কুলৰ দমকলৰ পিউৰ পানী.... তোৰ মোৰ হব ৰাজ-চিমৰণৰ কাহিনী..... এবাৰ যদি কৈ দিয় আই লাভ ইউ বুলি............
মই কও.. তই টো তুমি কৰি দিও নেকি........
ৰিয়াজে কয়..... নালাগে.... তই টো বেছি নিজৰ লাগে
চিঠিখনৰ শেষত নামটো ৰিয়াজে নিজেই লিখে..... তোৰ মৰমৰ ৰিয়াজ

পাপা... পাপা...... মোৰ লগত ক্ৰিকেট খেলিব পৰাকৈ ডাঙৰ হোৱা বাচ্চা এটা দৌৰ মাৰি ৰিয়াজৰ কোচত উঠিলগৈ...... পাছে পাছে শকত মহিলা এজনী
- ই মোৰ লৰা, ৰিয়ন, আৰু এইকতো চিনি পাইচই ... আমিনা
আমিনা শকত হৈছে, এতিয়া ছোৱালী হৈ থকা নাই, মহিলা হৈ পৰিছে
- এতিয়া তই তো আমিনা আৰু মোৰ দুইফালৰে হয়, ৰিয়নে তোক খুড়া কব নে মামা কব, কনফিউজন ...... ৰিয়াজে হা হা কৈ হাহি কলে
ৰিয়াজৰ লৰাটোৱে বৰদেউতা বা জেঠা কোৱাৰ আগতেই মই কলো
.
.
.
- আংকল বুলি মাতিলেই হল

বি. দ্ৰ- ১৭ তাৰিখে লক্ষীনন্দন দাৰ বিয়া , ছয়মাইলত........ তাত কোনো ভতিজা-ভাগিন লগ নাপালেই হল........ শ্ৰী বিষ্ণু...........

বাংক স্পেচিয়েলিষ্ট

বাংক এটা মাৰি দিলো আৰু, ১৪ দিন অন-অফৰ লাষ্ট শ্বিফট, নাইট ডিউটি আছিল, চাইটত গৈ পালো, টনেজাই কলে, কাম তো কুচ ভী নহী হোগা, লগে লগে বাংকৰ লালসা জাগি উঠিল, ফটাফট ৰেজিষ্টাৰত চাইন মাৰিলো আৰু যিখন গাড়ীত গৈছিলো সেইখনতে ৰিটাৰ্ণ আহি গলো....

বাংক মৰাটো কলেজত থাকোতে বেয়া কাম বুলি ভাবিছিলো, কিন্ত যেতিয়া ইউনিভাৰচিটিৰ এঘন্টীয়া ক্লাছত দহমিনিটতে চকু পতা মেলি ৰাখিবলৈ প্ৰচন্ড সংগ্ৰাম কৰিব লগা হল, তেতিয়াই বাংকিং ষ্টাৰ্ট কৰি দিছিলো, তেতিয়া যি আৰম্ভ হল হলেই আৰু, প্ৰেক্টিকেল বাংক, কোম্পানীৰ ট্ৰেইনিং বাংক, আৰু এতিয়া ডিউটি বাংক.
বাংক মৰাটো এতিয়া এটা হবি হৈ পৰিছে, ডিউটি বাংক মাৰি বিয়া, বাৰ্থডে, অন্নপ্ৰসন, বিহুৰ ফাংচন এটেন্ড কৰিছো...কিন্ত আজিলৈকে বাংক মাৰি হাতে লোটে ধৰা পৰা নাই

চাইটৰপৰা আহি শিৱসাগৰ পালোহি, উতপলক ফোন কৰিলো, ৰাতি বাছ ষ্টেচনত থৈ আহিব লাগে, চাৰে আঠ বজাত উতপল আহি পালে, বয় বস্ত পেক কৰি উতপলৰ বাইকত উঠিলো, পুল অভাৰটোৰে মুৰটো ঢাকি লোৱাৰ উপৰিও মাফলাৰ এখনৰে মুখখন ঢাকি ললো
- আব্বে ইমান ঠান্দা লাগিছেনে, চব ঢাকি লৈছ যে... উতপলে সুধিলে
- ঠান্দা নহয় বে, বছে ৰাতি কলনিত ৱাকিং কৰে, কেনেবাকে দেখিব লাগিলে ৱাট লাগি যাব.... মই কলো

বাছত উঠিলো, ১২ নম্বৰ চিংগল চিংগল চিট, ১৩ আৰু চৈধ্য নম্বৰ চিটত দুজনী ধুনীয়া ছোৱালী, বাহ, আজি দিনেই ভাল, বাছখন ষ্টাৰ্ট দিবলৈ লৈছে আৰু, আৰু আঠঘন্টাৰ পাছত গুৱাহাটী গৈ পাম, হেডফোনটো কাণত লগালো.... চুহানা চফৰ অউৰ য়ে মৌচম হাচি, হমে ডৰ হে হাম খো না জায়ে কহী....

কউনচা টিকট হে..... মাতটো কৰবাত শুনা যেন লাগিল....বাওফালে খিড়িকীখনেদি চালো.... আব্বে চাল্লা..... হাতত মিডিয়াম চাইজৰ ট্ৰলী এটা লৈ ..... মোৰ বছ
লগে লগে পুল অভাৰ, মাফলাৰ আৰু লগতে মম্মীয়ে দি পঠিওৱা এৰী চাদৰখনোৰে গা-মুৰ-চকু চব ঢাকি ললো, বছ বেলেগ এখন গাড়ীত উঠিলেই হল, কিন্ত.... বছ আহি ৯ নম্বৰ অৰ্থাত মোৰ আগৰ চিংগল চিটত বহিল, চুহানা চফৰৰ গান অফ কৰি থলো, হে ভগ্গু, আজি বচাই দিয়া আৰু, কচম খাইছো জিন্দেগীত ভৱিষ্যতে বাংক নামাৰো

- চিট থোৰা পিচে কৰ লেতা হু, কোই প্ৰবলেম হোগা ক্যা..... বছে ছাগে মোকেই কৈছিল, কিন্ত বাৰীৰ কাঠৰ দৰে অকনো হিলা হিলি নকৰিলো, মুখেদি কিবা কোৱা দুৰৰ কথা.... বছে ভইচ টোন বা বডী মুভমেন্ট আইডেনটিফাই কৰিলে জেং হৈ যাব
বাছ চলিবলৈ আৰম্ভ কৰিলে, এৰী চাদৰ আৰু মাফলাৰখনৰ মাজেৰে এক মিলিমিটাৰ মান ফাক এটা কৰি চালো, বছে টাচস্ক্ৰীণ মোবাইলটো টিপ টপ কৰি আছে, মই সাৰ সুৰ নকৰি চিটত আউজি দিলো

আলবিদা আলবিদা... প্ৰচন্ড শব্দ কৰি মোৰ মোবাইলটো বাজি উঠিল, এৰী চাদৰখনৰ এক মিলিমিটাৰ ফাকটোৰে দেখিলো বছে পিছফালে ঘুৰাৰ দৰে কৰিছে, চাল্লা বছে ছাগে মোক ফোন কৰিছিল আৰু, জেং হৈ গল, হে ভগ্গু, এশ গৰু মাৰিলে বাঘৰো মৰণ, আজি ফচি গলো....
ফোনটো পকেটৰপৰা উলিয়ালো .... উফ...... ৰক্ষা, চাণক্যদাৰ ফোন, চাল্লা এই চাণক্যদাডালে সদায় ভুল টাইমত ফোন কৰে, অকনো শান্তি নাই, ফোনটো চুইচ অফ কৰি থলো, তাৰ পাছত ভাবিলো, চাণক্যদাক এনেয়ে গালি দিলো, চাণক্যদাৰ সলনি বছৰ ফোন হোৱা হলে.... আজি চাণক্যদাই ভুল টাইমত ফোন কৰি বচাই দিলে

বাছ গৈ জখলাবন্ধাৰ ৰখিল, ৰাতি একো খাই অহা নহল, ভোক লাগিছে, ইফালে সৰুপানীৰো টেনডেন্সি এটা হৈছে.....কিন্ত বছ নামি যোৱাৰ কোনো লক্ষণেই নাই, অৱশ্য এই পৰিস্থিতিত নামি গলে জেং হব, নানামিলো
বাছ গৈ আছে, নগাও, ৰহা, জাগীৰোড.......ৰাতি পুৱাও পুৱাও হৈছে....বাছ ৰখিল... কন্ডাক্টৰে কলে..কাৰোবাৰ পেচাব-চেচাব লাগিছে যদি কৰি লৱ.. বছ নামি গল....
কৰবাত পাইছিলো, যদি মনটো ডাইভাৰ্ট কৰি দিব পাৰি তেন্তে সৰুপানী-বৰপানীৰ টেনডেনচি মনলৈ নাহে.... বাছৰপৰা আধাসজা বিল্ডিং এটা দেখিলো... তাতে মনটো এডজাষ্ট কৰি ললো.. এটা ষ্টৰী এটা ইমাজিন কৰিলো... এজন মানুহ, ৰিটায়াৰমেন্টৰ আগতেই তেও ঘৰটো ষ্টাৰ্ট কৰিছিল , ভাৱিছিল গ্ৰেচুৱেটি আৰু চি.পি.এফৰ টকাৰে তেও এই ঘৰটো কমপ্লিট কৰিব, ঘৰটোৰ ফাউন্ডেচনৰ এমাহৰ পাছত তেও অৱসৰ ললে, কিন্ত অৱসৰৰ পাছত পেঞ্চন অফিচৰৰ চক্কৰ লগাই লগাই তেও ভাগৰি গল, এখন টেবুলৰ পৰা আনখন টেবুল........

বাছ আহি খানাপাৰা পালেহি, নৰমেলি মই খানাপাৰাত নামি দিও, খানাপাৰৰপৰা বেলতলালৈ ৱাকিং ডিচটেন্স.....কিন্ত, চাল্লা... বছ নানামিল... মোৰো নমা নহল

সৰুপানীৰ টেনডেনচিটো বাঢ়ি গৈ আছে....মই আধাসজা ঘৰৰ ষ্টৰীটো এড কৰিলো... মানুহজনৰ এহাল লৰা ছোৱালী আছিল, মানুহজনে ভনীয়েক কেইজনীক উলিয়াই দিয়াৰ পাছত নিজৰ কথা ভাৱিছিল, সেয়ে ৰিটায়াৰমেন্টৰ সময়তো লৰা-ছোৱালীহাল কলেজৰ দেওনা পাৰ হোৱা নাছিল.. এফালে এটা আধাসজা ঘৰ, আনফালে কলেজৰ বাঢ়ি আহা ফীজ... আৰু পেঞ্চনৰ অফিছৰ যন্ত্ৰণা...

বশিষ্ঠ চাৰিয়ালি পালো, নাই বছৰ সাৰ সুৰেই নাই, ইফালে মোৰ অৱস্থা তথৈবছ, কিমান ডাইভাৰ্ট কৰিম আৰু...
মানুহটোৰ ঘৰটো আধাসজা হৈ আছে, পেঞ্চনৰ অফিছৰ কেৰাণীটোৰ লগত তৰ্কাতিকি কৰিছে আৰু ইফালে মোৰ টেনডেনচিটো পিক পজিচনত আহি পাইছেগৈ...

এট লাষ্ট..... বছ নামিল, লখৰাত... উফ ৰক্ষা....
লখৰাৰপৰা বাছখন দুশমিটাৰমান গৈছেহে... বেগটো পিঠিত লৈ চিটৰপৰা উঠিলো
- ৰখা ভাই, ৰখা ইয়াত
- দাদা আই.এছ.বি.টি. পালোৱেই, চবেই ঘৰৰ আগত নামিব খুজিলে কেনেকৈ হৱ... ড্ৰাইভাৰজনে কলে
- আব্বে বুজ বে, ঘৰ-চৰ নহয়, চিটুৱেচন টো বুজ, পিলিজ, জেং হৈ যাব নহলে

ড্ৰাইভাৰে চিটুৱেচনটো বুজি হাহি এটা মাৰি ব্ৰেক মাৰি দিলে....
বাছৰপৰা জপিয়াই নামি চিধাই কাষৰ জংঘলৰ পিনে দৌৰিলো ....

দুপৰীয়া বছে ফোন কৰিলে
- আৰে চেইকীয়া, তুম গোহাটী কা হো না
- হা ছাৰ
- এক্সুৱেলি মে গোহাটী আয়া থা, অভী হোটেল ডাইনেষ্টী মে হু, চাম কো নিকল জাউংগা, য়ে গোহাটী মো অচ্চা মিঠাই কহা মিলেগা

বছক দল-দোপৰ এড্ৰেছ দিলো, তাৰ পাছত সুধিলো.... ছাৰ য়ে গোহাটী কা মউচম অভী কেইচা হে
- য়হা কা তো চহী মউচম হে, লেকিন কল বাছ মে অজীব বাত হুৱা, এক আদমী পুৰা কম্বল-ৱম্বল অউৰকে পুৰা ৰাত বিনা হিলে দুলে বইঠা ৰাহা, মে তো চচ মে পৰ গয়া থা কহী মৰ না গয়া হো
- অৰে নহী চাৰ, কুচ লোগ হোতে হে এইচে
- লেকিন মেৰে উতৰনে কে বাদ মেইনে দেখা , ৱহ বাছ চে কম্বল অউৰকে হি উতৰ গয়া অউৰ জংঘল কী তৰফ এইচা ভাগা, এইচা ভাগা, কে মে হেৰান হো গয়া
- ছাৰ ক্যা আপ এইচে লোগো পৰ ভী ধ্যান দেতে হে, গোহাটী কা মিঠাই কা মজা লিজিয়ে

ভাগ্য ভাল, জংঘলৰপৰা ওলাই অটোত উঠি ঘৰ সোমোৱালৈকে পুল-অভাৰ,মাফলাৰ আৰু এৰীচাদৰখন মোৰ গায়ে-মুৰে ইনটেক্ট হৈ আছিল.........

পুলিছ ভেৰিফিকেচন

চাকৰিৰ এপইন্টমেন্ট হৈ যোৱাৰ পাছত পুলিচ ভেৰিফিকেচন হয়, নিয়মমতে কোম্পানীৰ অফিছৰপৰা ডিচি অফিছ, তাৰপৰা এছ.পি অফিছ, তাৰপৰা পুলিচ থানালৈ কাগজ এখন যায়........ তাৰ পাছত পুলিছ থানাৰপৰা মানুহ ভেৰিফিকেচনৰ বাবে যায়.... মানুহটো ভেৰিফাই হোৱাৰ পাছত ৰিপৰ্টসহ ওলোটা বাটৰে কোম্পানীৰ অফিছলৈ ঘুৰি যায়....যেতিয়ালৈ পুলিচ ভেৰিফিকেচন নহয়, তেতিয়ালৈ প্ৰবেচন ক্লিয়াৰ নহয়, ইনক্ৰিমেন্ট নহয়.....

কিন্ত মোৰ ভেৰিফিকেচন হব নে নাই তামাম টেনচন হৈছিল...... নহবনো কিয়, কোম্পানীৰ ৰেকৰ্ডত মোৰ যিটো এড্ৰেছ আছে, সেইটোত বৰ্তমান মই নাথাকো, আৰু যিটো এড্ৰেছত মই থাকো সেইটোৰ সমৰ্থনত মোৰ একো ডকুমেন্ট নাই, এক্সুৱেলি বৰ্তমান থকা ভাড়াঘৰৰ মালিকে চাইন কৰিবলৈ বিৰাট টান পায়, টান পায় মানে নকৰেই, গতিকে তেওৰ ভাড়াঘৰত যে মই থাকো আৰু কিবা কাম কাজত তেওৰ এড্ৰেছ ব্যৱহাৰ কৰিবলৈ এন.অ.চি ত তেও দস্তখত নকৰে....

নিয়মমতে পুলিছ আহিল আগৰ এড্ৰেছত, আহি গম পালে যে মোৰ নামৰ কোনো মানুহ তাত নাই, আগৰ মালিকক সুধিলে, বুঢ়া মালিকটোৱে মগজুত বহুত জোৰ দি চিন্তা কৰি কলে যে এবছৰমান আগতে শইকীয়া উপাধিৰ মানুহ এঘৰ আছিল, বৰ্তমান মানুহঘৰ সৌ তাত থাকে.... বুঢ়াই বিহুফিল্ডখনৰ সিপাৰে থকা বিল্ডিং এটা দেখুৱাই দিলে

যিয়েই নহওক বৰ্তমানৰ এড্ৰেছত পুলিছ আহিল, আৰু পাছদিনা চাপৰ্টিং ডকুমেন্টসহ থানালৈ মাতিলে
পাছদিনা বেগ এটা পিঠিত লৈ থানালৈ গলো, পুলিছ বিষয়াজনে বহিবলৈ কলে
- আচ্ছা আপোনাৰ আইডেনটিটি আৰু এড্ৰেছৰ চাপৰ্টত ডকুমেন্ট দেখুওৱাক
- কি কি ডকুমেন্ট লাগিব
- ইলেকট্ৰিচিটি বিল, ড্ৰাইভিং লাইচেন্স, ফোনৰ বিল, ভোটৰ লিষ্ট, পি.আৰ.চি, বেংক পাছবুক আদি

যি যি লৈ গৈছিলো দিলো, পুলিছ বিষয়াজনে তন্ন তন্নকৈ চেক কৰিলে, তেও এবাৰ মোৰ ফালে চায়, এবাৰ ডকুমেন্টৰ ফালে....
- আপোনাৰ পি.আৰ.চি মতে আপুনি সাউকুচিৰ বাসিন্দা, ড্ৰাইভিং লাইচেন্স নুনমাটিৰ, ফোনৰ পষ্টপেইড বিল আহে হাতীগাৱলৈ, বেংক পাছবুকৰ এড্ৰেছ জালুকবাৰীৰ, ৰেচন কাৰ্ড চান্দমাৰীৰ
- হয়...... মই লাহেকে কলো
- ভোটৰ লিষ্টত আপোনাৰ নাম আছে বনগাৱত আৰু বৰ্তমান আপুনি থাকে বেলতলাত, পেন কাৰ্ড আছে নে নাই
- আছে কিন্ত পেন কাৰ্ডত এড্ৰেছ লিখা নাথাকে
- ধেৰ জেং দেখোন, ভুপেন হাজৰিকা বিশ্বনাগৰিক আছিল, আপুনি দেখোন পাক্কা গুৱানাগৰিক
- আচলতে কি জানে, মেট্ৰিকৰ সময়ত সাউকুচিত আছিলো, তাৰে পি.আৰ.চি বনালো, হায়াৰ ছেকেন্ডাৰী ফাৰ্ষ্ট য়াৰত ৰেচন কাৰ্ড, ছেকেন্ড য়াৰত ভোটৰ লিষ্টত নাম সোমাল, ডিগ্ৰী ফাৰ্ষ্ট য়াৰত ড্ৰাইভিং লাইচেন্স, ছেকেন্ড য়াৰত মোবাইলৰ ছীম ললো, থাৰ্ড য়াৰত পেন কাৰ্ড বনালো, তাৰ পাছৰ বছৰ বেংকত একাউন্ট, যোৱা বাৰ বছৰত চৈধ্যতা ভাড়াঘৰ সলনি কৰিছো আৰু প্ৰতিটো এড্ৰেছতে এখনকৈ ডকুমেন্ট হৈ গৈ আছে
- আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ কি, মানে গাও-চাও
- গাও, এখন গাও আছিল, গাওখন এতিয়া ব্ৰহ্মপুত্ৰৰ দুই কিলমিটাৰ ভিতৰত, কেতিয়াবা নাও লৈ যাও, খৰালি ব্ৰহ্মপুত্ৰ যেতিয়া শুকাই যায়, বালিৰ ঢিপবোৰ ওলাই পৰে, সেই ঢিপবোৰৰ কোনোবা এটা ঢিপত... এটা এড্ৰেছ আছিল...এদিন মোৰ এটা পাৰ্মানেন্ট এড্ৰেছ আছিল........

পুলিছ বিষয়াজনলৈ চালো, তেওচোন অলপ ইমচনেল হৈ পৰিছে....তেওৰ চকু তেতিয়া থানাৰ ভগা খিড়িকীখনদি দেখা পোৱা গছডালৰ ফেৰেঙনিত থকা চৰাইৰ বাহটোত..
- ৰহমহীয়া নেকি...... ইমচনেল চাৱনিৰে তেও সুধিলে
- নহয় মাতমৰা...... ময়ো ইমচনেল চাৱনিৰে উত্তৰ দিলো
- মোৰো এসময়ত মাজুলীত এটা এড্ৰেছ আছিল..চিৰিং গাও..এসময়ত এখন গাও আছিল.. পুলিছ বিষয়াজনে আগতকৈয়ো বেছিকৈ ইমচনেল হৈ কলে
- আই কেন ফিল য়ৰ ফিলিংচ........ মই তেওক সমবেদনা দিলো

পুলিছ বিষয়াজনে কনিষ্টবল এজনক মাতিলে, গাখীৰ চাহ আৰু ৰসগোল্লা খাই থানাৰপৰা ওলাই আহিলো

তাৰ পাছৰ সপ্তাহতে পুলিচ ভেৰিফিকেচনৰ ৰিপৰ্ট আহি কোম্পানীৰ অফিছ পাই গল

কেফে কফি ডে

মই তেতিয়া কটনত পঢ়ি আছো, দীঘলীপুখুৰীৰৰ পাৰত নতুনকৈ দোকান এখন খুলিছে, বাহিৰৰ পৰা একেবাৰে চালিয়া দোকান, মানুহে তাত বোলে টেষ্টি কফি খাবলৈ যায়, নাম কেফে কফি ডে, দোকানখনৰ নেমপ্লেটত টেগলাইন এটা আছে..... এ লট কেন হেপেন অভাৰ এ কাপ অৱ কফি

গিৰিৰাজ আৰু মই প্লেন কৰিলো, এদিন তাৰ কফি খাই চাব লাগিব
এদিন ক্লাছ এটা বাংক মাৰি দুয়ো সোমালো, একেবাৰে নীট আৰু ক্লীন ভিতৰখন, টেবুল এখনত দুয়ো বহিলো, লৰা এজনে হাহি এটা মাৰি মেনু এখন লৈ আহিল
-দুইকাপ কফি...... গিৰিৰাজে কলে
লৰাজনে কিবা কিবি ভেৰাইটি আৰু ফ্লেভাৰৰ কথা কবলৈ ধৰিলে
- বেলেগ একো নালাগে, অকল দুইকাপ ভাল গৰম কফি...... গিৰিৰাজে স্পষ্টকৈ কলে

দুয়ো চাৰিওফালে চালো, অকল আমিহে হমজেনিয়াছ পেয়াৰ, আমাৰ আশে-পাশে বাকা গেটেইকেইটা হেটেৰোজেনিয়াছ কাপল, চবেই কফি পি পি ইন্টিমেট কনভাৰচেচনত ব্যস্ত
কিছু দেৰিৰ পাছত কফি আহিল, ট্ৰে এখনৰ ওপৰত কাপ দুটা, কাপৰ কাষত এটা প্লাষ্টিকৰ টোপোলা
- এইটো কি দিছে.... গিৰিৰাজক লাহেকৈ সুধিলো
- কমপ্লিমেন্টৰি ছাগে, এনেকুৱা দোকানত কাষ্টমাৰক গিফটো দিয়ে বোলে, পকেটত ভৰা, পাছত চাম, এতিয়া কফি খাই লও ....... গিৰিৰাজে কলে

চি.চি.ডিৰ কফিনো কেনেকুৱা চাবলৈ কাপত চুমুক দিলো, একেবাৰে কাঢ়া কফি, গিৰিৰাজলৈ চালো, গিৰিৰাজ চি.চি.ডিৰ কফিৰ সোৱাদ লোৱাত ব্যস্ত, চেহেৰাত প্লীজেন্ট স্মাইল...
প্লীজেন্ট স্মাইল দি দি আধাঘন্টাত কফিকাপ শেষ কৰিলো
বিল আহিল...... ১৫৮ টকা
পঞ্চাছটকীয়া দুখন, বিছটকীয়া দুখন আৰু দহটকীয়া এখন টেবুলত থৈ প্লীজেন্ট স্মাইল দি ৱেটাৰজনক গিৰিৰাজে কলে.. কীপ দা চেঞ্জ
ৱেটাৰজনে ঘোপাকে আমালৈ চালে....

মই পাচটকীয়া কইন দুটা জেপৰপৰা উলিয়াই নোটকেইখনৰ লগত ৰাখিলো...
দুটকা টিপছ দিয়াৰ পাছত হিৰোৰ দৰে ফিলিং এটা লৈ বাহিৰ ওলালো.... হেন্ডিকৰ ছোৱালী কেইজনী মান ৰাষ্টাৰে গৈ আছিল, গিৰিৰাজৰ প্লীজেন্ট স্মাইল কন্টিনিউ হৈ থাকিল....

দীঘলীপুখুৰীৰ পাৰে পাৰে ছোৱালী গ্ৰুপটোৰ পাছে পাছে দুয়োটা ৱাক কৰি আছো........ গিৰিৰাজে কলে.... পেকেটটো উলিয়াচোন, কি কম্প্লিমেন্টৰী গিফট দিছে চাও
পকেটৰপৰা পেকেটটো উলিয়ালো.........
পেকেটটোত সৰুকৈ লিখা আছিল, হাইলি পিউৰিফাইড চুগাৰ

কফিকাপৰ সচাই বৰ কাঢ়া আছিল, মানে সোৱাদটো তিতা টাইপৰ আছিল, গিৰিৰাজৰ দৰে ময়ো আকৌ সেইটো চি.চি.ডিৰ স্পেচিয়েল টেষ্টি ফ্লেভাৰ বুলি ভাৱিছিলো..

ৱেডিং ৰিচেপচন(৩)

চৈধ্য দিন অফৰ নৱম দিন, কাম বন একো নাই, লেপটপত এজ অৱ এম্পায়াৰচ গেমটো খেলি টাইম পাচ কৰি আছো, মম্মীয়ে কলে, বৰুৱানীহতৰ বিয়ালৈ যাব লাগিছিল, মোৰ গাতো ভাল লগা নাই, তয়ে যা...

মম্মীয়ে এড্ৰেছটো দিলে, হাতীগাও, চম্পক নগৰ, নৰনাৰায়ণ পথ, হাউচ নং-৪
জিনচ আৰু পুল অভাৰ লগাই ৰেডি হৈ গলো, ঘৰত বৰ হৈ আছো, অলপ টাইম পাচ কৰি আহো, গিফট পেক কৰাই আছিল, বাইকত ওলমাই ললো....
বৰুৱানী মম্মীৰ বান্ধৱী, মম্মীৰ এগালমান বান্ধবী আছে, কিছুমানক চিনি পাও, কিছুমানক নাপাও, এই নোপোৱাকেইগৰাকীৰ মাজত বৰুৱানীও আছে, বিয়া তেওলোকৰ ঘৰতেই পাতিছে

বেলতলা তিনিয়ালি পালো, ট্ৰেফিক চিগনেল, বাইকৰ গীয়েৰ নিউট্ৰেল কৰি হেলমেট খুলি ৰিয়াৰভিউ মিৰৰত চেহেৰাটো চাই ললো, ঠিকেই আছে,
ট্ৰেফিক পুলিছজনে যাবলৈ চিগনেল দিলে, মা কচম , পাচ বছৰ ধৰি বাইকখন চলাই আছো, তেল মবিল ঠিকেই ভৰাই আছো, আজিলৈকে মোক ধোকা দিয়া নাছিল, কিন্ত কিক মাৰোহে মাৰো ষ্টাৰ্ট নহয়হে, ইফালে পাছফালে গাড়ীৰ হৰ্ণ,পে পু পে পু, নট কুল
ঐ চাল্লা নাযাৱ কিয়........ পিছফালৰপৰা কোনোবাই চিঞৰিলে, লগতে কেইটামান আনচেনচৰড শব্দ
হিউমিলেট হৈ গলো, বাইকৰপৰা নামিলো...... কি কৰিম আৰু , ট্ৰেফিকৰ মাজেৰে বাইক ঠেলি ঠেলি ৰাস্তাৰ সিটোমুৰে পাই গলো, ইফালে সিফালে চালো, কোনোবাই দেখিলে নেকি, আফটাৰ অল ৰেপুটেচনৰ কথা আছে..

এক ডৰ্জন কিক আৰু কেইটামান ঘোচা মৰাৰ পাছত বাইকখন ষ্টাৰ্ট হল, হাতীগাও চাৰিআলি পালো, দোকান এখনত সুধিলো, চম্পক নগৰ কোন ফালে...... দোকানীয়ে দেখুৱাই দিয়া ফালে বাইকৰ চকা ঘুৰালো.......
কিছুদুৰ যোৱাৰ পাছত পেন্ডেল এটা দেখিলো, পেন্ডেললৈ যোৱা গলিটোৰ ফলকখন চালো, ঠিকেই আছে, নাৰাযণ পথ.... জলি এটিটিউড আৰু নাইচ এক্সপ্ৰেচন এটা লৈ বিয়াঘৰত সোমালো, ধুনীয়া ছোৱালী এজনীয়ে ধুনীয়া হাহি এটাৰে আহক বুলি মাতিলে..... কুল স্মাইল এটা নিজে নিজেই আহি গল......
কুল স্মাইলটো কন্টিনিউ কৰি কইনাক গিফটটো দি দিলো, ফটো উঠিলো
কইনাৰ মাক আহিল, শইকীয়ানীৰ লৰা বুলি চিনাকি দিলো, বৰুৱানীয়ে মম্মীৰ খবৰ সুধিলে, ময়ো খবৰ খাতি ললো..... মই চিনি নোপোৱা বৰুৱানী এন্ড ফেমিলী একেবাৰে নিজৰ মানুহৰ দৰে হৈ পৰিল...
খোৱাৰ চিষ্টেমটো বুফে নাছিল, ন প্ৰবলেম, তিনিবাৰকৈ মাংস খুজি ভাত খাই দিলো, খোৱা-বোৱাত মই কেতিয়াও কম্প্ৰমাইজ নকৰো........

এক্সুৱেলি মই মানুহটোৱে তেনেকুৱা , একেবাৰে কুল টাইপৰ, হম জাহা জাতে হে মাহল আপনে আপ বন জাতে হে.... মাহল বনি গল, কইনাৰ ফ্ৰেন্ড কেইজনীমানে লৰা কেইটামানৰ লগত অন্তাক্ষৰী খেলি আছিল, ময়ো কন্ত্ৰি কৰি দিলো, আধাঘন্টামান অকলে লৰাৰ টীমটো চম্ভালিলো, কুল মাহল এটা এষ্টাব্লিছ হৈ গল......
হ আখৰৰে গান এটা গাব লাগে........ ন প্ৰবছ..... হামকো তুমছে প্যাৰ হে,জিয়া বেকৰাৰ হে, আজা মেৰে বুলবুল..

সেই সময়তে মম্মীয়ে ফোন কৰিলে, ৰিচিভ কৰিলো
- কত আছ... মম্মীয়ে সুধিলে
- ইয়াতে, বিয়াঘৰত
- তই কিন্ত দৰাৰ লগত নাযাবি, কাইলৈ মোক হস্পিতাল লৈ যাব লাগিব
- দৰা, কিন্ত ইয়াততো কইনা.....

আপোনাৰ মা আহিছে, আপোনাক মাতিছে........বৰুৱানীৰ লৰাজনে আহি কলে.....বৰুৱানীৰ লৰাজনে বিয়াঘৰত উপস্থিত হোৱা শইকীয়ানীৰ ফালে দেখুৱাই দিলে, শইকায়ানী কইনাৰ লগত ফটো উঠি আছে, মোৰ মম্মী অলপ শকত, পিছে এই চাইজ জিৰোৰ নিচিনা...

অলপ মাইনাছ কৰি আহো বুলি পেন্ডেলৰ পাছফালে গলো, চাৰিফুট ওখ ৱালখন একেজাপে পাৰ হলো, একেটা কিকতে বাইকখন ষ্টাৰ্ট কৰিলো, মা কচম.......দুঘন্টাৰ ভিতৰত দ্বিতীয়বাৰ হিউমিলেট হোৱাৰ আগতেই ফুটি দিলো

নিৰাপদ দুৰত্বলৈ গৈ থকা সময়তে কাষৰ ৰাষ্টাৰ এখন দোকানৰ চাইনবৰ্ডত চকু পৰিছিল
সৰুবাপু হোটেল, ভেটাপাৰা, চন্দন নগৰ

চাল্লা.. চন্দন আৰু চম্পক, দুয়োখন নগৰেই হাতীগাৱত থাকিব লাগেনে....

বাংকিং ৰিলোডেড

আচলতে যেতিয়াই এটা হিন্ট পাও যে ৰীগত কাম নাই, তেতিয়াই এটা টেনডেন্সি আহি যায়, টেনডেন্সিৰ লগতে জোচ এটা আহি যায় আৰু মই একেবাৰে কুল আৰু কেয়াৰ ফ্ৰী হৈ যাও.... টেনচনফ্ৰী, প্ৰেচাৰফ্ৰী আৰু ৰেচপনচিবিলিটিফ্ৰী হৈ তিনি বছৰ জব লাইফ পাৰ হোৱাৰ ফলত এই টেনডেন্সিটো বাঢ়ি গৈ গৈ আছে........ এই টেনডেনচি টোৱেই হল বাংকিং টেনডেন্সি..........

যোৱা ছয়টা ডিউটিৰ দুটা চান্স পাই বাংক মাৰি দিছো.... লাষ্ট নাইট শ্বিফ্ট ডিউটি আছিল, দিনত অফিছ গলো, কথাই কথাই বছৰপৰা গম লৈ ললো যে তেওৰ গুৱাহাটী যোৱাৰ কোনো প্লেন নাই, জইনিং কৰিব অহা দুজনী জুনিয়ৰৰ লগত আদ্দা দিলো, চিনাকি লৰা এজনৰ পৰা বুকে অৱ হেপিনেচ লৈ গেলেকীৰ ড্ৰিল চাইট একমডেচনলৈ উভতি আহিলো
আবেলি ডে শ্বিফটৰ ডিউটিত খকা অনন্ত কুমাৰলৈ ফোন কৰিলো
- ক্যা চল ৰহা হে
- আৰে কুচ নহী, মেইনটেনেন্স কা কাম চালু হে
- ৰাত মে ক্যা হোগা
- কুচ নহী, কম্বল-ৱম্বল লেকে আনা, আৰাম চে চো জানা

বাংকিং টেনডেনচি ইনিচিয়েট হৈ গল, লগালগ কাপোৰ কানি পেক কৰিলো, প্ৰকান্ড বেগ এটা পিঠিত বান্ধি শ্বিফট বাছৰ বাবে ৱেইট কৰি আছো
- আৰে চইকীয়া দা, আপুনি কাইলৈ যোৱাৰ কথা আছিল, আজিয়েই যায় নেকি....... ড্ৰিলাৰ এজনে সুধিলে
- ৰীগৰ পৰা বাহিৰে বাহিৰে ওলাই যাম...... মই কলো

শ্বিফট বাছ আহিল, উঠি ৰীগ পালোহি, অলপ গমি পিতি চাই দেখিলো যে বাংকটো দি দিব পাৰি, কোনো জেং নাই.....বছক ফোন কৰি আৰু এবাৰ কনফাৰ্ম কৰি ললো যে বছক কাইলৈ অফিচতে পাম..... কুল
যিখন বাছত গৈছিলো সেইখনতে শিৱসাগৰ পালোহি, যিখন নাইট চুপাৰ গুৱাহাটীলৈ প্ৰথমতে এৰিব সেইখনতে উঠি দিলো , চেফটি প্ৰিকউচন হিচাপে বান্দৰ টুপী ইন্সটল কৰাৰ পাছত অকল চকু দুটা গেটেই প্ৰচেচটোত ভিজিবল হৈ আছিল...... বাছ ষ্টাৰ্ট দিলে... ফিলিং ফ্ৰি........

জখলাবন্ধাত বাছ ৰখিল, নামিলো, ফ্ৰেছ হৈ ললো
- আৰে চইকিয়া, আজি ডিউটি নাছিল নেকি
দেখিলো মোতকৈ চিনিয়ৰ ধুমিল বৰুৱা, দাত নিকটাই হাহি আছে
- নাই, এক্সুৱেলি এডজাষ্টমেন্ট এটা কৰি দিলো..... মই কলো
- তোমাৰে ভাল হে, আমাৰ বছে আকৌ এডজাষ্টমেন্ট কৰিব নিদিয়েই... ধুমিল দাই দুখৰে কলে
এইবাৰ মই দাত নিকটাই দিলো....... কুল

শেহ ৰাতি বাছৰ ভিতৰত এজাক চেচা বতাহ বলিছিল, থৰ থৰকৈ কপিছিল মোৰ দেহ.....
চাল্লা বাছৰ খিড়িকী এখন বেয়া, বতাহ সোমায়.... ফৰ লেয়াৰ প্ৰটেকচন লৈ আহিছো, তথাপিও ঠান্ডা লাগিছে, ফৰ লেয়াৰ মানে গেঞ্জী,তাৰ ওপৰত চাৰ্ট, তাৰ ওপৰত হাফ চুৱেটাৰ, তাৰ ওপৰত পুল অভাৰ...... পুৰা চাৰিটা লেয়াৰ....... দৌৰাদৌৰিত এৰী চাদৰখন আনিব পাহৰিলো....নহলে প্ৰবলেমে নাছিল.....
বাছৰ কন্ডাক্টৰক মাতি আনিলো, পেচেঞ্জাৰৰ সা-সুবিধাৰ প্ৰতি একো ভ্ৰুক্ষেপ নাই বুলি গালি দিলো, দম দিলো, বাছৰ বাকী পেচেঞ্জাৰ কেইটামানেও মোৰ পক্ষ ললে, লাইক মাৰিলে, কমেন্ট দিলে....... কন্ডাক্টৰে দম খাই কিবা কিবি কৰি খিড়িকীখন ঠিক কৰিলে.....
কালি ৰাতি কিন্ত তামাম ঠান্ডা পৰিছিল দেই, মোৰ নিচিনা কুল মানুহৰো কুলনেচ চাফল কৰি দিছিল ইয়াৰ এন্ডিঙৰ প্ৰচন্ড ঠান্ডাই...........

ৰাতিপুৱা বাছৰপৰা খানাপাৰাত নামিলো, পোহৰ হোৱাই নাই, ঘন কুৱলি, সাধাৰনতে খানাপাৰৰপৰা বেলতলালৈ মই খোজকাঢ়ি মৰনিং ৱাক কৰি যাও, কিন্ত এই ঠান্ডাত নোৱাৰি, অটো ললো, ঘৰ সোমালো, মম্মীয়ে গেছ জ্বলাই পানী গৰম কৰিলে, হাত-মুখ ধুই বিচনাত পৰিলো.....বাংকিং একমপ্লিচড....... কুল টোপনি এটা আহি গল

কুল টোপনিত ধুনীয়া ড্ৰীম এটা দেখি আছো...... মোবাইল ৰিং কৰিলে.... বছৰ ফোন.....ড্ৰীমটো অলপ ৰিচাফল হৈ গল
- গুড মৰনিং চাৰ........ যিমান পাৰো মিহি ভইচৰে কলো
- হা চইকীয়া, কাহা মে হো
- চো ৰহা হু ছাৰ, ৰাত মে বহত ঠান্ডা থা, বহত প্ৰবলেম হুৱা, হাড়-মুৰ তক কপা দিয়া, এক আদমীকে চাথ ঝগৰা ভী হো গয়া, আপ নহী চমঝেগা .... ভইচ টোনটো অলপ চেঞ্জ কৰিলো
(আচলতে চাইটত লজিকেল কথাত জেং কৰা, ইলজিকেল মানুহৰ লগত দুৰ্বাদল কাজিয়া কৰা বুলি ডিপাৰ্টমেন্টত মোৰ এটা জেং টাইপৰ ইমেজ আছে)
- হা, ঠিক হে, এক্সুৱেলি আজ মে চাইট মে জাউংগা, অফিছ মে নহী মিলুংগা, তুম আজ অফিচ আনেৱালা থা না, ইচিলিয়ে বতা দিয়া
- অকে চাৰ, মে অগলা অন-অফ মে আ জাউংগা
- ৰাত মে বহত ঠান্ড থা ক্যা , নীন্দ খাৰাব হুৱা হোগা..... বছে প্যাৰ চে সুধিলে
- হা চাৰ, ঠান্ডা নে নীন্দ কা মা-বেহেন কৰ দিয়া.... ময়ে প্যাৰ চে উত্তৰ দিলো
- আচ্চা ঠিক হে, চাইট পে এক অচ্চা চা হিটাৰ ভিজৱা দুংগা, আভী অউৰ টেনচন নহী লেনা, আৰামচে কুল হোকে আচ্চে চে চো যাও

ৰীগত নে বাছত ঠান্ডাই মোক কপাই দিলে বছে এক্সুৱেলি ধৰিব নোৱাৰিলে ছাগে ...
যিয়েই নহওক, বছ ইজ বছ, বছৰ কথা শুনিব লাগে, গতিকে ফোনটো চুইচ অফ কৰি বছৰ কথামতে কুল হৈ আৰামত শুই দিলো.......ফিলিং কুল এন্ড কেয়াৰ ফ্ৰী.

বুক ফেয়াৰ

(১)

কেতিয়াবা অফৱাৰ্ড চিটুৱেচনত পৰি যাও, না ঘৰ কা হও না ঘাট কা, কিন্ত কিছুদেৰিৰ পাছত গম পাও যে , মোৰ নিচিনা ধোবী কা ডগ বহুত আছে, তেতিয়া মনতো একেবাৰে পাতলি যায়

বুক ফেয়াৰলৈ গৈছো, চাণক্য দা অহাৰ কথা আছে, একেলগে কিতাপ চিলেক্ট কৰি কিনিম, ১৪ দিন অনত পঢ়িম...... বুক ফেয়াৰ পাই চাণক্য দা লৈ ফোন কৰিলো
- কত
- আৰ্ৰে, তই পালিয়েই নেকি, ইমান জলদি, মোৰ অলপ দেৰি হব
- কিমান দেৰি
- এঘন্টামান লাগিব

ঘড়ীটোলৈ চালো, ৪ বাজি পঞ্চলিশ মিনিট, ৫ টা বজাত টাইম আছিল, এতিয়া চাণক্যদা এঘন্টা দেৰিকৈ আহিব, কি কৰিম, বাহিৰত বৰ হৈ যাম, পাচ টকীয়া টিকট কাটি সোমাই দিলো....
বুক ফেয়াৰত ইফালে সিফালে চকু ঘুৰাই আছো, কোনোবা চিনাকি ওলায়নেকি, নাই, চিনাকি চেহেৰা নাইয়েই, বুক-ফেয়াৰত ডাo পলচ ৰ ষ্টল এখন আছে, তাতেই টাইম পাছ কৰো বুলি খোজ দিলো.......
- আৰে চইকীয়া নহয়নে.... কোনোবাই পিছফালৰপৰা মাতিলে
ঘুৰি চালো, প্ৰশান্ত বৰ্মন, বৰ্মনদাক মই কোম্পানীৰ ট্ৰেইনিং এটাত লগ পাইছিলো, চিৰিয়াচ গহীন-গম্ভীৰ মানুহ
- আৰে বৰ্মন দা, কি খবৰ,
- ভাল, বলা অলপ চাহ-কফি খাওগৈ

ভালেই পালো, অন্তত অলপ টাইম পাচ হব, বৰ্মনদা গহীন মানুহ, বৰ্মনদাৰ আগত মোৰো চিৰিয়াছ ইমেজ এটা আছে.....
বুক ফেয়াৰত থকা ৰেষ্টোৰেন্টত বহিলো, চিৰিয়াছ ডিচকাচন ষ্টাৰ্ট হৈ গল, কোম্পানীৰ মাৰ্কেটিং পলিচি, শ্বেয়াৰ ভেলু, অইল ইন্দ্ৰাষ্ট্ৰিৰ লেটেষ্ট টেকনোলজি, একেবাৰে টেকনিকেল ডিচকাচন, কফি আহিল, টপিক চেঞ্জ হল, আম আদমী পাৰ্টি, কেজৰিৱালে দিল্লীত লাইটৰ বিল কেনেকৈ কমাব, কনজিউমাৰ ইকনমি, ডিচকাচন কিন্ত একদম চিৰিয়াচ, কোনো বাজে কথা নাই....

কফিকাপৰ আধা শেষ হল, সময় পাচ বাজি বিশ মিনিট, বৰ্মনদাই কোম্পানীৰ বিদেশৰ জইন্ট-ভেঞ্চাৰৰ লাভালাভৰ প্ৰজেকচনৰ বিষয়ে এনালাইচিচ কৰি আছে, ময়ো চিৰিয়াছ এক্সপ্ৰেচন দি মনোযোগৰে শুনি আছো

- আৰে, আপুনি বিকাচদা নহয় জানো
ভইচটোৰ পিনে চালো, য় টাইপৰ ৰকষ্টাৰ এপিয়াৰেন্সৰ লৰা এটা, দীঘল কেকোৰা চুলি, হাফ-ফ্ৰেন্সকাট ডাঢ়ি, কাণফুলি
- হয়, কিন্ত তুমি... মই কলো
- মই ৰক্কি, আপোনাৰ ফেচবুক ফ্ৰেন্ড.
-আচ্ছা, ৰক্কি , মানে ৰাজকমল গগৈ, ডুলিয়াজানৰ নহয়জানো
- হয় হয়, আপুনি কিন্ত তামাম ফানি দেই, তামাম ফানি ফানি আপদেট দিয়ে, ঝাক্কাছ, একদম ফানি লাগে, চিল হৈ যাও.......... কাণফুলিয়ে উতসাহিত হৈ কলে

কাণফুলিয়ে ফানি কেইটা অলপ জোৰ দিয়ে কৈছিল, বৰ্মনদাৰ আগত মোৰ চিৰিয়াছ ইমেজ আৰু তামাম ফানি... একেবাৰে নিমিলিল
- আকি, বিত্তু, এইফালে আহি যা, এইয়া বিকাচ দা, ফানি পাৰ্চন, মই যে কৈ থাকো, ফানি ফানি ষ্টৰী আপদেট দিয়ে যে...... কাণফুলিয়ে তাৰ জি.এফ আংকিতা আৰু ফ্ৰেন্ড বিতুপনক চিনাকি কৰাই দিলে....... বিতুপনে ৰজনীগন্ধা প্লাছ তুলচীৰ মিক্সাৰ মুখত ভৰাই নাইচ টু মিট ইউ বুলি মোৰপিনে হাতখন আগবঢ়াই দিলে, বিত্তুৰ থুতুৰিতো এটা ফুলি......

ইমানদিনে মেইনটেইন কৰি থকা চিৰিয়াছ ইমেজটোৰ বৰ্মনদাৰ সমুখত মা বহিন হৈ গল......

(২)

বৰ্মনদাৰ সমুখত মোৰ চিৰিয়াছ ইমেজৰ ধজ্জিয়া উৰাই কাণফুলি, নাকফুলি আৰু থুতুৰিফুলি গলগৈ..... মই সেমেনা সেমেনিকৈ বহি থাকিলো, নিজৰ ওপৰতে খং উঠিল, চাল্লা কি দৰকাৰ ফেচবুকত জকচ লিখিবলৈ, এতিয়া মোৰে জকচ বনি গল, ধেই, আজিৰেপৰা ফেচবুক ডি এন্ড, ইমেজ ৰিক্ৰিয়েট কৰিবলৈ বহুত দিন লাগিব.........

- ফেচবুক নেকি..... বৰ্মনদাই নীৰবতা ভাঙি সুধিলে
- মাজে মাজে কিবা-কিবি এনেয়ে আপদেট দি থাকো, মানুহে লাইক মাৰে , কমেন্ট দিয়ে
- সুৰাঞ্জনা দি. বৰ্মনক চিনি পোৱানে

আৰ.ডি.বৰ্মন, এছ.ডি.বৰ্মনৰ নাম শুনিছো ....... কিন্ত সুৰাঞ্জনা দি. বৰ্মন, গান চান গায় ছাগে
- নামটো শুনা শুনা লাগিছে, কিন্ত চিনি নাপাও....... মই কলো
- কিয় ফেচবুকৰ ফ্ৰেন্ডলিষ্টত নাই নেকি
- নাই...... বহুত ভাৱি চিন্তি উত্তৰ দিলো
- কোনো কথা নাই........ এইবুলি বৰ্মনদাই বেগটো খুলিলে

বেগৰপৰা বৰ্মনদাই কিতাপ দুখন উলিয়ালে,
-এইদুখন লোৱা, কবিতাৰ কিতাপ, সুৰাঞ্জনাই লিখিছে, ৰাতিৰ জোনাকী, পুৱাৰ হেঙুল

কিতাপ দুখন মোক হেন্ড ওভাৰকৰি বৰ্মনদাই কলে...... নকবা বুজিছা, প্ৰথমতে ঠিকেই আছিল, সুৰাঞ্জনাৰ কুকিংৰ হবি আছিল, সদায় নতুন নতুন ডিছ বনায়, ইটালিয়ান, ফ্ৰেন্স,চাইনিজ..... নিমখ-চেনী কম-বেছি হলেও মৰমত কমপ্লিমেন্ট দি থৈ দিও, কিন্ত এই ফেচবুকডাল, সুৰাঞ্জনাই কলেজত থাকোতে কবিতা লিখিছিল বোলে, এদিন কবিতা এটা পোষ্ট কৰি দিলে, কিবা লাইক আৰু কমেন্ট আহিল বোলে, তাৰ পাছত সদায় কবিতা লিখে, আপদেট দিয়ে, মোৰ ইটালিয়ান-চাইনিজ ডিচৰ মুদা মৰিল ....... বৰ্মনদা অলপ চিৰিয়াছ হৈ পৰিল

-তাৰ পাছত......... ময়ো তেতিয়া চিৰিয়াছ মুডত
- তাৰ পাছত , এদিন সুৰাঞ্জনাই কলে যে সকলোৱে তাইৰ কবিতা এপ্ৰিচিয়েট কৰে, ভাল পায়, কবিতাৰ কিতাপ উলিয়াব, মোক কথা পাত্তাই নিদিলে, এই যে অলপ আগতে অহা কাণফুলি, মানে ৰকি, সিও সুৰাঞ্জনাৰ ফ্ৰেন্ড, তাইৰ চব কবিতাতে লাইক-কমেন্ট মাৰে....ৱাও, নাইচ, মাষ্টাৰ পিচ......এইধৰণৰ কমেন্ট দি মানুহবোৰে তাইক জেক দি দি উঠাই দিলে জানানে...... মই কলো, ঠিক আছে কিতাপ উলিয়াম, দুশমান কপি চপাও, কিন্ত সুৰাঞ্জনা নাচোৰবোন্দা, তাইৰ আপদেটত দুশ-তিনিশ লাইক আহে বোলে, প্লাছ বাকী ফ্ৰেন্ড আৰু জেনেৰেল পাবলিক আছেই, এহেজাৰ কপিকৈ প্ৰিন্ট কৰিলো, ভাল কোৱালিটিৰ পেপাৰত, পইচা পাতি দি সাহিত্যিক এজনক মাতি প্ৰেছ ক্লাৱত উন্মোচন কৰালো, ভাড়াতীয়া দৰ্শক গোটালো, পেপাৰত এড...... চাৰিমাহৰ দৰমহা চেটেপ ................. বৰ্মনদা আৰু অলপ চিৰিয়াচ হৈ গল

- চেল কেনেকুৱা........ মই লাহেকে সুধিলো
- বিছ কপিও বিক্ৰী হোৱা নাই, কিন্ত সুৰাঞ্জনাই মনত দুখ পাব বুলি তাইক বিক্ৰী ভাল বুলিয়েই কৈছো , হাজাৰ হলেও মোৰেই ৱাইফ দিয়াছোন, কিতাপদুখন ৰাখা, পইচা পিছত দিলেও হব............ বৰ্মনদাৰ চেহেৰাত চিৰিয়াছনেচৰ চাপ

ইতিমধ্যে কফিকাপ শেষ হল, কিতাপ দুখন ললো, চাণক্য দাই ফোন কৰিলে, আহি পালে বোলে, মোক বিদায় দি বৰ্মনদাই আশে পাশে অইন চিনাকি মানুহ বিচৰাত লাগিল

ঘৰলৈ আহি ফেচবুক খুলিলো, সুৰাঞ্জনা. দি. বৰ্মন,....... ফ্ৰেন্ড ৰিকুৱেষ্ট পঠালো, লগে লগে একচেপ্ট, ৱালখন চালো, সুৰাঞ্জনা বাইদেৱে গল্প এটা আপদেট দিছে....... কুল......পাছত টাইম পালে পঢ়িম....... লাইক এটা মাৰিলো, কমেন্ট দিলো....... মাৰভেলাছ, ব্ৰিলিয়ান্ট ডেপিকচন........ মোৰ কমেন্টত লগে লগে লাইক পৰিল, মোক টেগ কৰি সুৰাঞ্জনা দি. বৰ্মনে কমেন্ট দিলে........ থেংক ইউ

অহাবাৰ বুক ফেয়াৰত সুৰাঞ্জনা দি. বৰ্মনৰ এখন গল্প সংকলন আৰু বৰ্মনদাৰ চিৰিয়াছ এক্সপ্ৰেচন........কম্বিনেচনটোৰ ইমাজিনেচন এটা কৰি ললো......

ভোগালী উইচেচ



- শ্ৰাৱণীৰ বয়ফ্ৰেন্ড আছে নেকি........ পাৰ্থই ফোন কৰি সুধিলে
- কোন শ্ৰাৱণী বে....... মই কলো
- এই যে ইউনিভাৰচিটিত আমাৰ জুনিয়ৰ আছিল, কে.জি.বি ছাৰৰ লেৱৰ
- নাজানো, থাকিবও পাৰে, কিন্ত দোস্ত, ৱ মে নহী হু
- খবৰ লৈ দে না
- কেনেকে লম বে
- আব্বে তোমাৰ জুনিয়ৰবোৰ চিনাকি দেখোন, লৈ দিয়া না
- ৰক্তিমক ফোন কৰ আকৌ, সিতো কেজিবিৰ লেৱৰে
- ৰক্তিম জেং আছে, চবকে কৈ দিব, ইনফৰমেচন এটা লৈ দিব নোৱাৰা, কাম নাই তোৰ, এনেয়ে ফালি থাকা
- জেক নিদিবা, মই সুধি কৈ আছো

পাৰ্থই বিয়াৰ বাবে ছোৱালী চাই আছে, আচলতে যোৱা তিনিবছৰমান হল, চাইয়েই আছে, প্ৰথম প্ৰথম পাৰ্থই ছোৱালী চাব গৈছে বুলি খবৰ পালে তামাম থ্ৰীল ফিল কৰিছিলো, কিন্ত বৰ্তমান এইটো এটা কমন কথা হৈ পৰিছে, এতিয়ালৈ পাৰ্থই চাবলৈ যোৱা ছোৱালীৰ সংখ্যা হাফচেঞ্চুৰী পাৰ কৰিলে, কিন্ত একো হোৱাগৈ নাই

এইবাৰ ছাগে শ্ৰাৱণী নামৰ আমাৰ জুনিয়ৰজনী পাৰ্থৰ ৰাডাৰত আছে, শ্ৰাৱণীক মই জানো, আমাৰ কলেজৰ জুনিয়ৰ, কলেজত থাকোতে জুনিয়ৰকেইটাই নোটছ মোৰপৰাই লৈছিল, তাৰ পাছত ইউনিভাৰচিটিতো মই দীপাংকৰদাৰপৰা লোৱা নোটছবোৰ শ্ৰাৱণীহতক পাছ কৰি দিছিলো, এতিয়া কিবা কামত ইউনিভাৰচিটি গলে শ্ৰাৱণীহতক হাই-হেলো কৰো, মোটামুটি এটা সৌহাৰ্দ্যপুৰ্ণ ৰিলেচন আছে

কিন্ত প্ৰবলেম হল যে শ্ৰাৱণীক কেনেকে সুধিম, মই চিধা চিধি কথা কোৱা মানুহ, চিধাই যদি সুধি দিও বয়ফ্ৰেন্ড আছে নে নাই, জেং হৈ যাব, মিচআন্ডাৰষ্টেন্ডিং হৈ ইমপ্ৰেচন খাৰাব হৈ যাব, বেলেগৰ থ্ৰু সুধিলে...., নাই, তেতিয়া আৰু বেয়া হব, বেটাৰ ফ্ৰী এন্ড ফ্ৰেংক, চিধাই শ্ৰাৱণীক ফোন কৰো, ডাইৰেক্ট টু দা পইন্ট কথা পাতো যে মোৰ বন্ধু এজনে তোমাক পচন্দ কৰে, বন্ধুই চৰকাৰী চাকৰি কৰে, ত্ৰিশমান দৰমহা পায়, যোৰহাটৰ টাউনত নিজৰ ঘৰ আছে , তুমি যদি এংগেজ হৈ থকা নাই মাই ফ্ৰেন্ড উইল ইনিচিয়েট দা প্ৰচেচ, বাচ, হৈ যাব, টু দা পইন্ট
লাইফত বহুত ৰোল প্লে কৰিছো, এইবাৰ ঘটকৰ ৰোল প্লে কৰিবলৈ মেন্টেলি প্ৰিপেয়াৰ হলো

শ্ৰাৱণীলৈ ফোন লগালো
- হেলো, শ্ৰাৱণী নহয় জানো
- আৰে দা , ইম্মান দিনৰ মুৰত মনত পৰিল যে, কি খবৰ আপোনাৰ
- ভাল, তোমাৰ কেনেকুৱা
- ভাল ভাল, পিছে বিয়া কেতিয়া আপোনাৰ, বিয়াত মাত্তিব কিন্তু, ছোৱালী ঠিক হল নে নাই

চাল্লা এইটোৱেই প্ৰবলেম, শ্ৰাৱণীয়ো মোক কামোৰ দিলে, ৰীগ, অফিছ, পাৰ্টি, চচিয়েল গেদাৰিং, ৰিয়ুনিয়ন মীট, চবতে একেটাই কামোৰ, কিন্ত এট দিচ মমেন্ট অবজেকটিভ বেলেগ, পাৰ্থক ইনফৰমেচন দিব লাগে

- মোৰ বাৰু হৈ থাকিব, তোমাৰ কোৱা, বিয়া-বাৰুৰ কথা চলি আছে বোলে ঘৰত.... কনভাৰচেচন ষ্টাৰ্ট কৰিলো
- মোৰ বিয়া, নহয়, কোনে কলে আপোনাক.....শ্ৰাৱণীয়ে আচৰিত হোৱাদি কলে
- মোৰ আৰু ইনফৰমাৰৰ অভাৱনে
- এনেকুৱা একো চলা নাই, আপোনাক কোনে মিছইনফৰমেচন দিছে
- যোৱাবাৰ গুৱাহাটী যাওতে চিনেমাহল এটাৰ সন্মুখত দেখিছিলো তোমাক, কুল ডুড এজনৰ লগত বেয়া হাহি হাহি কথা কৈ আছিলা, কি বয়ফ্ৰেন্ড আছিল নেকি , নাম কি............... মই আন্দাজত ফৰমুটি এটা মাৰি কলো
- চিনেমাহল, কেতিয়া, কত, মই একো বুজা নাই

বহুত এৱে দা পইন্ট কথা হল, চিধা পইন্টত আহিলো, নহলে বেচেৰী কনফিউজ হৈ যাব

- এক্সুৱেলি তোমাক কথা কেইটামান সুধিব লাগে, ডন্ট মিছ আন্ডাৰষ্টেন্দ......মই কলো
- কওকচেন
- মানে মোৰ ফ্ৰেন্ড এটা আছে, হি ৱান্ট টু এপ্ৰোচ য়ু ফৰমেলি, যদি তুমি অলৰেডি এংগেজ হৈ আছা তেতিয়াতো সি এপ্ৰোছ কৰি লাভ নাই, গতিকে আই ৱান্ট টু ন হোৱেডাৰ হি কেন এপ্ৰোচ য়ু অৰ নট
- অকে, আপোনাৰ বন্ধুক এপ্ৰোচ কৰিব কওক......শ্ৰাৱণীয়ে অলপ সময় ভাবি কলে
- মানে তোমাৰ ফালৰপৰা একো প্ৰবলেম নাই তো
- নাই
- ঠিক আছে, মই বাৰু তাক জনাই দিও
- অকে

শ্ৰাৱণীৰ ফোনটো কাটি পাৰ্থৰ নম্বৰ ডায়েল কৰিলো, পাৰ্থক ইনফৰ্ম কৰিলো যে সি আগবাঢ়িব পাৰে, কোনো ইচু নাই, তাক আৰু কলো যে ভাই মোক আৰু ঘটকালি কৰিবলৈ কামোৰ নিদিবি, এইবাৰেই প্ৰথম, এইবাৰেই লাষ্ট, নাই বুলিলেও মোৰ ইমেজ এটা আছে

দিন কেইটামান পাৰ হল, মাঘ বিহুৰ বতৰ, কলিগ কেইজনমানৰ শুভেচ্ছামুলক এচ.এম.এছ আহিছে, বাকী পুৰনা বন্ধু-বান্ধৱ কাৰো এচ.এম.এছ নাই, চব বিজি চিডিউলত ব্যস্ত, কাৰো সময় নাই
পাৰ্থকে ফোন কৰি শ্ৰাৱণী আৰু তাৰ কেচটো কি হল সুধিলো, সি দুখৰে কলে যে শ্ৰাৱণীয়ে বোলে পি.এইচ.ডি শেষ কৰিহে এইবোৰ চিন্তা কৰিব বুলি প্ৰচেচটোৰ লিংক-ওমেনগৰাকীক জনাইছে, গতিকে শ্ৰাৱণী কেঞ্চেল

পাৰ্থৰ ফোনটো ডিচকানেক্ট কৰিছোহে, এচ.এম.এছ এটা আহিল..............
মাটি মাহৰ সোৱাদেৰে, মিঠা আলুৰ মিঠাৰে, বৰা চাউলৰ আঠাৰে, জহা চাউলৰ সুগন্ধৰে জীৱন ভোগালী হৈ পৰাৰ কামনাৰে ভোগালী বিহুৰ ওলগ জনালো !!!! উইথ লাভ এন্ড এফেকচন.....ইণী
চেন্দাৰ নেম........Shravani.jr.univ

জানে-অনজানে কনফিউজন এটা ক্ৰিয়েট হৈ গল নেকি, ময়ো ভাবি ভাবি কনফিউজ হৈ গলো
আৰু এটা কথাই মোৰ কনফিউজন বঢ়াই তুলিলে, মই নোটছ দিয়া জুনিয়ৰ দুজনীৰ শকতজনীৰ নাম শ্ৰাৱনী আছিল নে ক্ষীণজনীৰ নাম আছিল, দুয়োজনীয়েইতো কেজিবি ছাৰৰ লেৱৰ, কনফিউজন

কাৰ্ড এলিমিনেচন

DSA ৰপৰা অনা কাজু-পিস্তা-কেক-বিস্কুটৰ কনচাইনমেন্টৰ বেগটো বাছৰ চিটৰ তলত সুমুৱাই চিটত বহি ললো, বাছ চলিবলৈ ধৰিলে, নাইট ডিউটিত শুই অহা স্বত্তেও চিলমিলিয়া টোপনিৰ ভাৱ এটা আহিল, কেইঘন্টামান পাছতে গুৱাহাটী পামগৈ, চিটটো হাওলাই চকু দুটা মুদি দিলো

কিবা এটা গন্ডগোলৰ শব্দত সাৰ পাই গলো, বাছৰ কন্ডাক্টৰে মানুহ দুজনৰ লগত তৰ্কাতৰ্কি কৰিছে, কেচটো কি বুজিবলৈ কথাবোৰত কাণ দিলো, মানুহ দুজনৰ আগদিনাই টিকট লোৱা আছিল, ৬,৭ নং চিট, কিন্ত কন্ডাক্টৰে ৰাস্তাতে দুজন মানুহ উঠাই বহাই দিলে, এতিয়া বহি থকা মানুহ দুজনৰ উঠাৰ প্ৰশ্নই নাহে, এবাৰ যি চিটত বহিল, বহিলেই,
এতিয়া আগতে টিকট লোৱা মানুহ দুজনৰ বাবে চিট নাই, মানুহ দুজনে ভাড়া ঘুৰাই বিচাৰিলে, ভাড়া ঘুৰাই দিয়াতো প্ৰবলেম আছে, মানুহ দুজনে টিকট এজেন্টক ৩০০ কৈ ৬০০ টকা দিছিল, এজেন্টে কন্ডাক্টৰক প্ৰটিটো টিকটত ৫০ টকা কমিচন কাটি ৫০০ টকা দিছে,
এতিয়া কন্ডাক্টৰৰ মতে যিহেতু সি ৫০০ টকা পাইছে, গতিকে সি ৫০০ টকাহে ঘুৰাই দিব বাকী ১০০ টকা এজেন্টে দিব, কিন্ত মানুহদুজনৰ বাবে মানুহদুজনে যিহেতু টিকটৰ বাবে ৬০০ টকা পে কৰিছে, আৰু কন্ডাক্টৰেই খেলিমেলি কৰিছে, গতিকে ৬০০ টকা কন্ডাক্টৰেই ঘুৰাই দিব লাগিব

বাছৰ আন মানুহখিনিয়ে খেলখনৰ মজা লৈ আছে, কোনেও মাত মতা নাই, আনৰ জেং চপাই লোৱাৰ কাৰো মতলৱ নাই
মোৰো বেলেগৰ জেং চপাই লোৱাৰ মতলৱ নাছিল, আনৰ জেঙত সোমাবলৈ গৈ অতদিনে নিজৰে বহুত সময়-ধন-এনাৰ্জি খৰচ হৈছে, গতিকে আজিকালি নিউট্ৰেল ফিলিং এটা আনি লও, যাৰ যি হয় হওক, মোৰ কিনো যায়.....

কিন্ত দেৰী হৈছে, গুৱাহাটী সোনকালে গৈ পাব লাগে, মম্মীয়ে চিকেন ৰান্ধি আছে বুলি ফোনত খবৰ দিছে, দুৰৰপৰাই চিকেনৰ গোন্ধ নাকত ফিল কৰিলো, নাই আৰু কন্ট্ৰল নহয়
গন্ডগোলটো বাঢ়ি গৈছে আৰু মোৰ দেৰী হৈছে, চাৰ্টৰ হাত দুটা কোচাই দাত মুখ কৰচি উঠি গলো
- কি কেচ বে, ইমান গোলমাল কিয় কৰি আছ........ বাছৰ কন্ডাক্টৰক কলো

কন্ডাক্টৰে তাৰ কেচটো আৰু মানুহ দুজনে তেওলোকৰ কেচটো নিজৰ ভাযাত কলে, শুনিলো, বুজি ললো, তাৰ পাছত কন্ডাক্টৰৰ পিনে চাই কলো
- তই জাননে , এই মানুহদুজনৰ হাতত অথৰাইজড টিকট আছে আৰু সেই টিকটৰ এগেইন্ষ্টত তহতে চিট দিব পৰা নাই, এই লৈ এই মানুহদুজনে যদি এখন এফ.আই.আৰ দিয়ে তেতিয়া কি হব, চিট এন্দ ফ্ৰডৰ কেচত ইন্ডিয়ান পেনেল কোডৰ ধাৰামতে, টিকট ইচু কৰোতা, বাছৰ মালিক, কন্ডাক্টৰ আৰু ড্ৰাইভাৰ সকলোৰে অতি কমেও দহ হাজাৰ টকা জৰিমনা আৰু তিনি মাহৰ সশ্ৰম কাৰাদন্ড আৰু জৰিমনা অনাদায়ে আৰু দুমাহৰ কাৰাদন্ড হব

কন্ডাক্টৰ অলপ থতমত খাই গল, তাৰ পাছত মই মানুহ দুজনৰ ফালে চাই কলো
- আপোনালোকে ভয় নকৰিব, আপোনাৰ হাতত টিকট আছে, মানে আইন আপোনাৰ পক্ষত আছে, আপোনালোকে ইচ্ছা কৰিলে ইহতক বিহু দেখুৱাই দিব পাৰে
- কিন্ত আপুনি....... মানুহ দুজনৰ এজনে সুধিলে

মই পকেটৰপৰা মানিবেগটো উলিয়ালো, মানিবেগৰপৰা কাৰ্ড এখন উলিয়াই মানুহজনক দি কলো........... ধ্ৰুব কমল দত্ত, এডভোকেট, গুৱাহাটী হাইকৰ্ট, কাৰ্ডত ফোন নং দিয়া আছে

মানুহ দুজনৰ মুখত হাহি বিৰিঙি উঠিল, আগফালৰপৰা ড্ৰাইভাৰে কন্ডাক্টৰক কলে, ইয়াতে মামলা ক্লিয়েৰ কৰি ল, পাছত জেং-চেং নালাগে

কন্ডাক্টৰে ভাড়া ৬০০ টকা আৰু মানসিক আতিশয্যৰ ক্ষতিপুৰণৰুপে ৪০০ টকা মুঠ ১০০০ টকা ঘুৰাই দি মামলা ৰফা-দফা কৰিলে

পাচ মিনিটতে কেচ চেটল, হিৰোৰ টাইপৰ ফিলিং এটা আহি গল, ফিলিংটো এনজয় কৰি চিটত আউজি দিলো, বাছ চলিবলৈ ধৰিলে,ফুল স্পীডত

খানাপাৰা পালোহি, বাছৰপৰা গধুৰ বেগটো পিঠিত লৈ নামি দিলো
- এক্সকিউজ মি....... পাছফালৰপৰা মানুহ এজনে মাতিলে
- কওক
- আপুনি হাইকৰ্টত প্ৰেকটিছ কৰে ন, আজি কিন্ত আপুনি ভাল শিক্ষা দিলে ইহতক

মই একো নকৈ মাত্ৰ হাহিলো, মানুহজনে হেন্ডশ্বেক দি আকৌ লগ পাম বুলি কৈ গুচি গল

চাৰিমাহমান আগতে হাইকৰ্টৰ ওচৰৰে বাইকৰে গৈছিলো, কলা কোট পিন্ধি থকা লগৰ এটা দেখা পাই বাইক ৰখাইছিলো, সি কিন্ত তেতিয়া বহুত কামোৰ দিলে আৰু তাৰ কাৰ্ড এখন দি কেচ-চেচ থাকিলে তাক কন্টেক কৰিব কলে, তাৰ কামোৰ খাই তেতিয়া তাৰ কাৰ্ডখন তাক দেখুৱাই আগ্ৰহৰে মানিবেগত ভৰাই থৈছিলো..............

যিয়েই নহওক, আজি চান্স পাই এডভোকেট ধ্ৰব কমলৰ কাৰ্ডখন মানিবেগটোৰপৰা এলিমিনেট কৰিলো

এশ গৰু, এটা বাঘ, অকনমান টোপনি

কোৱা হয়, এশ গৰু মাৰিলে বাঘৰো মৰণ..... অইনে নাভাবিলেও মই ইমানদিনে নিজকে বাঘ বুলিয়েই গণ্য কৰি আহিছো, কিন্ত প্ৰমান কৰিব পৰা নাছিলো.....

৩০ জানুৱাৰী ২০১৪, অফৰ লাষ্ট দিন, ৰাতি গুৱাহাটীত নাইট চুপাৰত উঠি শিৱসাগৰত ৰাতিপুৱা শ্বিফটৰ বাছ ধৰিলো, এনেয়ে অহা-যোৱাৰ নামত দুটা দিন যায়গৈ, এইবাৰ এটা সম্পুৰ্ণ ডে-লাইট চেভ কৰি দিলো, সময়মতে চাইট গৈ পালো ঠিকেই, কিন্ত সমস্যা হল ৰাতি নাইট চুপাৰত টোপনি একেবাৰে নহল

ৰাতিপুৱা ৬-৩০ বজাত চাইট পালোগৈ, গৈয়ে কামত লাগি গলো, মাদ বনালো, পেৰামিটাৰ চালো, লিগনাইট চলুচন ৰেডি কৰি আৰু বাকী ঝামেলা মাৰোতে দহটা বাজিল

বাংক হাউচত সোমালো, এচি টো অন কৰিলো, বাংক হাউচত বিচনা এখন আছে, বাগৰি দিলো, চিলমিলিয়া টোপনি এটা আহি গল.......

টক.টক...... কোনোবাই কৰবাত নক কৰিলে, টোপনি ভাঙিলে

বিচনাখনত বহি চকুটো মেলিছোহে, চব টোপনি ফাটি গল........
- আপ ক্যা কৰ ৰহে থে......... ড্ৰিলিং ইন চাৰ্জে খঙেৰে সুধিলে
- ছাৰ মে চো ৰহা থা........ মই বিনম্ৰভাৱে কলো
- আপ কিউ চো ৰহে থে
- ছাৰ জোৰ কা নীন্দ আ ৰাহা থা...... মই আগতকৈও বিনম্ৰভাৱে কলো
- আপ ফিফটিন মিনিটছ বাদ মেৰে অফিছ মে মিলিয়ে.......... এইবুলি কৈ ড্ৰিলিং ইন চাৰ্জ ওলাই গল

পোন্ধৰ মিনিট পাছত মোৰ ৱাট লাগিব, আজিলৈকে কিমান ডিউটি বাংক দিলো, কিমান অতপালি কৰিলো, ৰুমত শুই ডেইলী ৰিপৰ্ট দিলো, বিদ্যা শপত, আজিলৈকে কোনেও হাটে লোটে ধৰিব পৰা নাছিল, আজি ফচি গলো, বেয়াকৈ ফচি গলো, জোৰ কা ঝটকা লাগি গল

জোৰ কা ঝটকাটো পাতলাবলৈ চাণক্য দা লৈ ফোন কৰিলো...... মোৰ দুখ ভৰি কাহানী শুনালো, ভাবিছিলো, এক কেমিষ্ট হি চমঝেগা এক কেমিষ্ট কি বাত
কিন্ত চাণক্য দাই মোক চিমপেথি দিয়াৰ সলনি হো হোৱাই হাহিবলৈ ধৰিলে.... ভালেই পাইছো, কেনে মজা, অজি ড্ৰিলিং ইন চাৰ্জে সুদাই নেৰে , এশ গৰু মাৰিলে বাঘৰো মৰণ...... তাৰ পাছত ফোনৰ সিটোমুৰত এটা ৰাৱণ টাইপ অটহাস্য

পিপল চুড বি পজিটিভ....ইমানবোৰ বেড ফিলিঙৰ মাজত এটা গুড ফিলিঙ আহিল...
আজি অন্তত মোৰ বাঘ টাইপৰ অনুভৱটোৰ সত্যতা প্ৰমাণিত হল.......
...............................
অকনমান টোপনিৰ কাৰণে আজি.... ময়ো এশটা গৰু মৰা এটা বাঘ


(২)

চাণক্য দাৰ অটহাস্যৰ পাছত দহ মিনিট মাইন্ড কুল কৰাত খৰচ কৰিলো, নেকি কৰ দৰিয়া মে দাল ফিলচফি লৈ লাইফত বহুত ভাল ভাল কামো কৰিছো, দৰিয়াৰপৰা দুই এটা নেকি ৰিজুভিনেট কৰাৰ চেষ্টা কৰিলো.........

পুৰা পোন্ধৰ মিনিট পাছত ড্ৰিলিং ইন চাৰ্জৰ অফিচত এন্ত্ৰি মাৰিলো, মেকুৰি টাইপ ফিলিং এটা ফিল কৰিলো (বাঘ আৰু মেকুৰী অৱশ্যে বায়লজিকেলি একেটা গোত্ৰৰে)

-মে আই কাম ইন ছাৰ
- আইইয়ে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰ চকী এখনত বহিলো
- আপকো মে নটিছ কৰ ৰহা হু, পিছলে বাৰ ভী পেহলা দিন আপ ডি.এছ.এ মে ব্ৰেকফাষ্ট কিয়া থা........ ড্ৰিলিং ইনচাৰ্জে কলে
- হা ছাৰ
- অউৰ লান্স ভী কিয়া থা
- হা ছাৰ,
- আফটাৰনুন চায় ভী পিয়া থা
- হা ছাৰ
- অউৰ তব আপকা ডে শ্বিফট চল ৰহা থা
- হা ছাৰ
- কিউ
- তব ৰীগ পে কাম নহী থা, চো ব্ৰেকফাষ্ট-লান্স কে চাথ ডিনাৰ ভী ডি.এছ.এ মে কিয়া থা
- ইচ বাৰ ভী আজ আপ ব্ৰেকফাষ্ট ডি.এছ.এ মে কিয়া
- হা ছাৰ
- লেকিন ইচবাৰ ড্ৰিলিং চল ৰহা হে
- হা ছাৰ, আজ লান্স অউৰ আফটাৰনুন চায় চাইট পে কৰুংগা........ মই বিনম্ৰতাৰে কলো

ড্ৰিলিং ইন চাৰ্জে কিবা এটা ভাবিলে, তাৰ পাছত কলে
- আপ নাইট বাছ মে আয়া হে না
- হা ছাৰ, আপকো কেইচে পতা চলা
- আজ আপ জব ব্ৰেকফাষ্ট কৰ ৰহে থে মে ভী কৰ ৰহা থা
- অচ্ছা
- আপ জব হচ হচ কে অপনে দোস্ত চে বাত কৰ ৰহে থে, মে চুন লিয়া থা, আপনে জো ড্ৰিলাৰ কে উপৰ চুটকুলা চুনায়া থা ৱ অচ্চা লগা থা
- হা ছাৰ
- বাছ মে নীন্দ অচ্চী নহী হোতী, মেৰা ভী এক্সপেৰিয়েন্স হে
- হা ছাৰ
- আপ চাহে তো এক-দো ঘন্টা ৰেষ্ট কৰ চকতে হে
- কাহা অভী নীন্দ আয়েগা চাৰ, চাৰী নীন্দ তো উৰ গয়া হে , আব তো জগনা হী পৰেগা, ড্ৰিলিং কৰানা হে
- হা, ঠিক হে, ৰাত মে অচ্চী তৰহ চো লিজিয়ে, নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে........ ড্ৰিলিং ইন চাৰ্জে নম্ৰভাৱে কলে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰপৰা বাহিৰ ওলালো, চাণক্য দা লৈ ফোন কৰিলো.
- চাণক্য দা কি হালচাল
- কি হল , মোৰ অকে আছে, তোৰ হালচাল কি, ড্ৰিলিং ইন চাৰ্জে কি কলে
- নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে
- কি কৱ বে, বাচি গলি
- হা
- কি কৱ বে, কেনেকে
- আৰে চাণক্য দা, চেৰ তো হমেচা চেৰ হী হোতা হে, চাহে ঘৰ মে হো,জংঘল মে হো চাহে চাইট পে হো, বাঘ ইজ অলৱেজ টাইগাৰ

চানক্য দাই আৰু এবাৰ ‘কি কৱ বে’ বুলি কোৱা কাণত পৰিল.....

কনফেচন

কনফেচন

কেইবছৰমান আগতে, ডে আফটাৰ ভেলেনটাইন ডে, তেতিয়া জালুকবাৰীৰ অভাৰব্ৰীজৰ ফাউন্ডেচন ষ্টাৰ্ট হোৱা নাই, ভুপেন হাজৰিকা তেতিয়া জীৱিত, শিৱসাগৰলৈ এ.এছ.টি.চি ৰ এ.চি বাছ নচলে , তেতিয়া অৰকুট কৰো, ফেচবুকত একাউন্ট নাছিল

দুপৰ নিশা, বিচনাখনত ইলুটি-সিলুটি মাৰি আছো, টোপনি অহা নাই, বাহিৰত ফৰিংফুটা জোনাক, কিবা এটাৰ চিন্তাত মন-মগজু ভাৰাক্ৰান্ত, কিবা এটা কথা ডিচাইড কৰিব পৰা নাই .........

ওচৰৰ বিচনাখনত মম্মী, গভীৰ নিদ্ৰাত,
- মা........ মই মাতিলো
কোনো সাৰসুৰ নাই
- মা...... মই আকৌ মাতিলো
- ও........ এটা ৰিপ্লাই আহিল
- লগৰ ছোৱালী এজনীক মই ভাল পাও......... আধা ছেকেন্ডৰ এটা বাক্য

তাৰ পাছত অলপ নিস্তব্ধতা, বাহিৰত জোনাক, ভিতৰত জিৰো পাৱাৰ বাল্বৰ ক্ষীণ পোহৰ,
ধহমহকৈ এটা শব্দ হল, জিৰো পাৱাৰৰ পোহৰত দেখিলো মম্মী হঠাতে টোপনিৰপৰা উঠি বিচনাত বহিছে, কিন্ত মোৰ পিনে চোৱা নাই, খিড়িকীখনেদি জোনাক এচমকা টেবুল এখনত পৰিছে, মম্মীয়ে টেবুলখনলৈ চাই আছে, টেবুলখনৰ এপৰত এজাপ কিতাপ, ৰুমটোৰ ভিতৰত নিস্তব্ধতা

- কিন্ত তাই মোক ভাল নাপায়.......... নিস্তব্ধতা ভাঙি আৰু এটা আধা ছেকেন্ডৰ বাক্য

বাহিৰত জিলিৰ মাত , ফৰিংফুটা জোনাক, ভিতৰত নিস্তব্ধতা, তাৰ পাছত নিস্তব্ধতা ভংগ নহল,
মম্মী আকৌ বিচনাত শুই পৰিল
.................................
উচকে বাদ না মম্মী নে কভী পুচা, না মেনে কভী কাহা, ৱ কৌন থী.....
(মই সেই মেমৰীটো এটা ড্ৰীম বুলি ভাৱিছিলো)
................................................
জালুকবাৰীৰৰ লাচিত চক নোহোৱা হল, ভুপেন হাজৰিকা ইজ ন মৰ, গুৱাহাটীত কে.এফ.চি দুখন হলগৈ........
ডে আফটাৰ ভেলেনটাইন ডে, ফেচবুকত চাৰ্ফ কৰি টাইম পাচ কৰি আছো,
- এইজনীয়ে সেইজনী আছিল নেকি......... মোৰ কান্ধত মম্মীৰ হাত এখন, মম্মীৰ আনখন হাতত একাপ চাহ, লেপটপৰ স্ক্ৰীণত বিউটিফুল ছোৱালী এজনী

কালি ৰাতি জোনটো আকাশত ওলোৱা নাছিল..............

.......................................

( বি.দ্ৰ. লেপটপৰ স্ক্ৰীণৰ ফটোখন আছিল পৰিণীতিৰ, সেই যে প্ৰিয়ংকা, চিনেমা কৰে যে, তাইৰ ভনীয়েক )

উত্তৰ আধুনিকতাবাদত ফেমিলী প্ৰবলেমছ

(ইন্টাৰনেটৰপৰা অনুদিত)

ফ্লৰিডাৰ এখন বিয়েৰ বাৰত ভাৰতীয় মানুহ এজনে আমেৰিকান বন্ধু এজনৰ লগত হুইস্কী পান কৰি আছিল
ভাৰতীয়জনে আমেৰিকানজনক কলে, " মোৰ বহুত ফেমিলী প্ৰবলেম বুইছ l মা-দেউতা একেবাৰে আধুনিক নহয় l মোৰ বিয়া ঠিক কৰিছে কোনোবা এখন গাৱৰ গাৱলীয়া এজনীৰ লগত যাক মই কেতিয়াও দেখাই নাই l তইয়েই কচোন, যাক কেতিয়াও দেখাই নাই, তাইক কেনেকৈ বিয়া পাতো l এই সস্তীয়া ভাৰতীয় মানুহবোৰ মৰ্ডাৰ্ণ কেতিয়া হবগৈ l "
- হু................ আমেৰিকানজনে কলে
- এতিয়া মা-দেউতাক মোৰ সিদ্ধান্তৰ বিষয়ে কলো যে সেই গাৱলীয়াজনী মোৰ লগত কোনোপধ্যে নিমিলিব l গতিকে কেঞ্চেল, কিন্ত এতিয়া বুঢ়া-বুঢ়ীৰ যিহে কন্দা-কটা l ধেৰ প্ৰবলেম, কি যে আউটডেটেড ফেমিলীত জন্ম ললো l হে গড , আই হেভ লটছ অৱ ফেমিলী প্ৰবলেমছ l

এটা পেগ পি আমেৰিকানজনে কলে, "এতিয়া মোৰ কাহিনী শুন, মোতকৈ পাছবছৰ ডাঙৰ এজনী বিবাহ-বিচ্ছেদিতা মহিলাৰ সৈতে মোৰ প্ৰেম হল l তিনিবছৰ ডেটিঙৰ পাছত আমি বিয়া পাতিলো l কিন্ত এবছৰ পাছত তাইৰ আগৰফালৰ জীয়েকজনী মোৰ দেউতাৰ প্ৰেমত পৰিল l দেউতাইও প্ৰেম-বিবাহ কৰি ললে l নিয়মমতে এতিয়া মোৰ দেউতা মোৰ জোৱাই হৈ পৰিল আৰু মই মোৰ দেউতাৰ শহুৰ l "
- কি কৱ বে........... ভাৰতীয়জনে কলে
- তাৰ পাছত মোৰ এটা সন্তান জন্ম হল l বৰ্তমান পাৰিবাৰিক নিয়মমতে মোৰ সম্তান আৰু মোৰ দেউতাৰ ঘৈনীয়েক ভাই-ভনী l আৰু ইফালে চাবলৈ গলে মই মোৰ সন্তানৰ খুডাক l
- .................... ভাৰতীয়জনে পেগটো টেবুলত থলে
- সমস্যা আৰু জটিল হৈ পৰিল যেতিয়া মোৰ দেউতাৰ সন্তান এটা জন্ম হল l এতিয়া মোৰ দেউতাৰ সন্তানটো, অৰ্থাত মোৰ ভাইটি চাবলৈ গলে মোৰ নাতি l
-.................... ভাৰতীয়জনৰ নিচা ফাটি গল
- এতিয়া এফালৰপৰা চাবলৈ গলে, মই মোৰ নিজৰে ককা আৰু আনফালে মই মোৰ নিজৰে নাতি, আৰু তুমি কোৱা যে তোমাৰ ফেমিলী প্ৰবলেম আছে, গিমি এ ব্ৰেক ডুড ........আমেৰিকানজনে হুইস্কীৰ শেষ পেগটো শেষ কৰিলে

কেইদিনমান পাছতে ভাৰতীয়জন বিবাহৰ বাবে ভাৰত পালেহি

পদুমপুখুৰীৰ সন্ধিয়া

ইউনিভাৰচিটিৰ কথা, ফাৰ্ষ্ট চেমিষ্টাৰত এডমিচন লোৱা বেছিদিন হোৱা নাই, লগৰ এজনীয়ে কলে, পদুমপুখুৰীৰ পাৰলৈ আহিবা , সন্ধিয়া
প্ৰথমবাৰৰ বাবে কোনোবাই মাতিছে, তাকো সন্ধিয়া !!!

অকলে যাবলৈ ভয় লাগিল, লগৰ এটাক লৈ পদুমপুখুৰীৰ পাৰ পালোহি...
১০-১২ জনীমান ছোৱালী হোষ্টেলটোৰপৰা ওলাই আহিছিল, ধুনীয়া , ক্ষীণাংগী, লাস্যময়ী গাভৰুৰ জাক........

তাৰ পাছত............

অই মাইনা, হাড়কেইদাল ওলাই আছে দেখোন
অই মাইনা, সৰুতে হৰলিক্স খাবলৈ নেপালা নেকি
অই মাইনাকেইটাৰ ক্ষীণোৱা অসুখ হৈছে পায়

লেডিজ গেংটোৱে চিঞৰি থাকিল, মাজে মাজে শূৰ্পনখা টাইপত অটহাস্যৰ মিক্সাৰ......
বৈধ্যম বেয়াকৈ জোকালে, বহুত বেইজ্বতি হল.....
বচা-খুচা ইজ্বত লৈ দুয়োটা হস্পিতালৰ কাষেৰে পলালো.........
............................
.......................
- অলপ ধেমালি কৰিলো, ডন্ট মাইন্ড..........পাছদিনা লগৰজনীয়ে কলে
- ক্ষীণ মানুহৰো এখন চেনচিটিভ হৃদয় থাকে...... মই কলো

- হাড়- হৰলিক্স বুজি পালো, কিন্ত এই ক্ষীণোৱা অসুখটো কি বস্ত.... মই সুধিলো
- ধেই , মই কব নোৱাৰো..... লগৰজনীয়ে দুষ্ট হাহি এটা মাৰি কলে

বেলেগ এজনীক সুধিলো.... তায়ো দুষ্ট হাহি এটা মাৰিলে

ক্ষীণোৱা অসুখ কি জানিবলৈ মন ইচাট-বিচাট কৰিবলৈ ধৰিলে, কি বস্ত এইটো...
লগৰ কেইবাজনীকো সুধিলো, সকলোৰে মুখত দুষ্ট হাহি........

অৱশেষত চিনিয়ৰ এটাই বুজাই দিলে..... ক্ষীণোৱা অসুখ কি বস্ত, লগত দুষ্ট হাহি এটা

ক্ষীণোৱা অসুখ..........
বুজি পাই গলো, কিন্ত ছোৱালীকেইজনীয়ে মোৰো সচাকৈয়ে ক্ষীণোৱা অসুখ হৈছে বুলি ভাবি লৈছে নেকি, টেনচন হৈ গল.......
(কি বুজিছিলো ৰাজহুৱাভাৱে কব নোৱাৰিম)

তাৰ পাছত..........
শকত হব লাগে, সদায় ৰাতি এপোৱা ব্ৰইলাৰ খাও, লগত একাহী ভাত.... কাৰ্বহাইড্ৰেট, প্ৰটিন, ফেটছ চব একেলগে
বহুদিন ব্ৰইলাৰ খালো, ব্ৰইলাৰ নহলে ভাত পেটলৈ নোযোৱা হৈ পৰিল......

এতিয়া........
মানুহে মোক মৰমতে পেটুৱা বুলি মাতে

( ধেমালি নহয়.....আপোনালোকে পেটুৱা বোলা মানুহবোৰৰো এখন চেনচিটিভ হৃদয় থাকে )

ডে বিফৰ টুমৰু

আচলতে মই এটা কুল মানুহ l বেলেগে যিয়েই নাভাবক মই নিজকে কুল বুলি ভাবো l

আৰে এয়া কি, মোৰ হাতত দুটা বেগ দেখোন, আৰু মই দেখোন শ্বপিং মলত, মোৰ আগে আগে এজনী মহিলা, মহিলাই মোক ডেবিট কাৰ্ডখন খুজিছে, আৰু মই দি দিছো....... কি হৈছে মোৰ, বেংক বেলেন্সৰ চত্যানাচ হোৱাৰ পাচতো মই দেখোন স্মাইল হে কৰি আছো !
মহিলাগৰাকীয়ে কলে....... বলা এতিয়া
বেগ দুটা দাঙি গাড়ীত উঠিলো...... চিধা কোৱাটাৰলৈ
কোৱাটাৰত সোমাই আচৰিত হৈ গলো... পুৰা হোলিয়া হী বদলি হৈ গল দেখোন
যোৱাবছৰ গ্ৰীণ কালাৰ কৰিছিলোহে, কোৱাটাৰটো দেখোন, ৰঙা, কমলা, বেঙুনীয়া ৰঙৰ ভেৰাইটিজ হৈ গৈছে l আৰু বাওফালৰ ৱালখনত চে গুৱেভাৰাৰ ফুল চাইজদ পষ্টাৰখন ......কত

চে গুৱেভাৰা কত বুলি সুধিছিলোহে, মহিলাগৰাকী ভেকাহি মাৰি উঠিল l
মোক আচৰিত কৰি ভেকাহিৰ উত্তৰত মই মৌন হৈ থাকিলো l

কি খাবা আজি...... মহিলাগৰাকীয়ে সুধিলে
- চিকেন আকৌ, মই চিকেন খাই ভাল পাও বুলি জানাই দেখোন....... মই কলো

কামৱালী বাইৰ হতুৱাই মহিলাগৰাকীয়ে মোৰ বাবে দুখন শুকান ৰুটি আৰু একাপ নিমখ-চেনী একো নিদিয়া ৰঙা চাহ বনোৱালে
- তোমাৰ পেটটো ওলাই গৈছে, মিচেচ চলিহাই মিচেচ গোহাইৰ আগত সিদিনা মিচেচ বৰুৱাৰ এনিভাৰচিৰি পাৰ্টিত কৈছিল, মই কিমান লাজ পাইছো জানা, এয়াই খাব লাগিব........ মহিলাগৰাকীয়ে মোক উদ্দেশ্য কৰি কলে

মই মোৰ পেটৰ পিনে চালো...... কতা, পেট চোন নাইয়েই
আৰু ......মই দেখোন ৰুটি চোবাই আছো.....মা কচম......... কি হৈ গল মোৰ

এদিন দীৰুদাই মোক আচাৰ আৰু পদিনাৰ চাটনিৰে জুতি লগাই নিৰামিষ ভাত খুৱাম বুলি কৈছিল...... মই কৈছিলো, সিংহই কেতিয়াবা ঘাহ-বন খোৱা দেখিছে নেকি, মোৰ ডায়লগ শুনি দীৰুদাই মাটন কাৰী বনাইছিল l সেইদিন আৰু আজি এই দিন !

মা কচম, কি হৈ গল, কেনেকে.......... ভাবি আছো

একদম ৱেল ডেকৰেটেড ৰুম, ৰুম ফ্ৰেচনাৰেৰে আমোলমোলাই আছে, মই দেখোন এতিয়া বিউটি পাৰ্লাৰ এখনত আছো.....
- ইয়াক চম্ভালিবা, মই মেনিকিউৰ, পেডিকিউৰ, থ্ৰেডিং চব কৰাই লও, কাইলৈ মিচেচ কলিতাৰ পাৰ্টি আছে নহয় ......... এইবুলি কৈ মহিলাগৰাকী পাৰ্লাৰলৈ সোমাই গল

ইয়াক মানে...আব্বে.... মোৰ হাতত... এটা বাচ্চা দেখোন !.. কি কেচ !.. কাৰ কেচ !
বাচ্চাটোক নচুৱাই আছো... পে.পে.পে.. বাচ্চাটোৱে কান্দিবলৈ ষ্টাৰ্ট কৰিছে, কি কৰো এতিয়া

- বটলৰপৰা গাখীৰ খুৱাই দে....... বাওফালৰপৰা কোনোবাই কলে

চিনাকি মাত দেখোন....... বাওফালে চালো, আব্বে চাল্লা, দীৰুদা দেখোন, দীৰুদাই এজ ইউজুৱেল স্মাইল কৰি আছে, কিন্ত সেই স্মাইলটো খোলা নহয়...... দীৰুদাৰ কোলাতো... মা কচম..... এটা বাচ্চা ! এটা ফুল চাইজড বাচ্চা !!

- কি হল দীৰুদা, এনেকুৱা কেনেকুৱা....... মই সুধিলো
- কি কৰিবি দোস্ত, ৰিলেটিভছবোৰে ফচাই দিলে, চাদী কা লাড্ডু..... দীৰুদাই হতাশ চাৱনিৰে কলে

মা কচম..... কি দুনীয়া কি হৈ গল, কত চিবচাগৰত এইচ কৰি আছিলো, দুদিনৰ মুৰে মুৰে হলত ফিলিম, আউটিং, ট্ৰেভেলিং... আৰু এতিয়া... বাচ্চা আৰু.........

পে.পেএপেএ.....বাচ্চাটোৱে কান্দিছে...... টি.টিংটি.টিং.লা.লা....... আব্বে ফোনটোও এইসময়তহে বাজিব লাগেনে...... ফোন ধৰো নো বাচ্চাক গাখীৰ খুৱাও....... গাখীৰৰ বটলটো কেচুৱাটোৰ মুখত লগোৱাৰ চেষ্টা কৰিলো...... ধেই ....বটলটো পৰি গল.......পে.পে.পে. ...টি.টিংটি.টিং.লা.লা.......পে.পে.পে.
বাচ্চাই কান্দি আছে..... ফোন বাজি আছে... বাচ্চাই কান্দি আছে.........পেএএএএএএএএএএ

মা কচম, এই জালিম দুনিয়াত মই থাকিব নিবিচাৰে..... ইমান জেং, ইমান টেনচন !
মা কচম, নট কুল... একদম কুল নহয়, হে ভগ্গু গিভ মি এ ব্ৰেক
একেজাপে বিচনাৰপৰা জপিয়াই দি উচেইন বল্টৰ দৰে পজিচন ললো, যিমান সোনকালে পাৰি পলাব লাগিব .....

চে গুৱেভাৰাক দেখি বল্টৰ ৰাণিং হল্ট কৰি দিলো, ৰুমটোৰ ৱালৰ ৰং সেউজীয়া, ৱালখনত চে গুৱেভাৰাৰ পষ্টাৰখন ঠিকেই আছে......মা কচম....লেপটপত ডাউনলড এটা দি থৈছিলো....... লেপটপটোও চলি আছে......

উফ ৰক্ষা ! দুনিয়াখন এতিয়াও জালিম হোৱা নাই I খিৰিকিখনেদি ৰাতিপুৱাৰ ৰদ এচমকা সোমাই আহিল l

কুল কেমিষ্ট

.কুল কেমিষ্ট...
(সকলো নন-কুল কলিগলৈ ক্ষমাপ্ৰাৰ্থনাৰে)

মই তেতিয়ালৈ নিজকে ডিপাৰ্টমেন্টৰ সকলোতকৈ কুল পাৰ্চন বুলি ভাবিছিলো
কিন্ত এদিন মই অৱনীদাদাক লগ পালো... অৱনীদা মোৰ চিনিয়ৰ
লাকুৱাৰ এটা ৰীগ, বছে অৱনীদাৰ লগত শ্বিফটত লগাই দিলে, মৰনিং শ্বিফটত যাবলৈ ৰাতিপুৱা ৫ বজাতে শ্বিফট বাছ ধৰিব লাগে, সময়ত বাছ ষ্টেচন গৈ পালো, অৱনীদা আহিল, হাতত দুটা ডাঙৰ মোনা
- ইমানকৈ কি লৈ আহিছে
- হে হে, কুল, চাইটত গম পাবাই..... অৱনীদাই কলে

চাইট গৈ পালো, অৱনীদাই মাদ টেংকৰ মনিটৰ কৰি আহিল, তাৰ পাছত বাংক হাউচৰ পৰা বাল্টি দুটা , আৰু চাৰ্ফ এক্সেল উলিয়ালে, এটা টোপোলা নিজে দাঙি মোক এটা টোপোলা দাঙিবলৈ কলে, আৰু ৱাটাৰ টেংকৰ ওচৰলৈ গল........
অৱনীদাই বাল্টিটোত পানী ভৰালে, তাৰ পাছত টোপোলা খুলিলে, চাৰ্ট,পেন্ট, বনিয়ান, মেখেলা., চাদৰ , শাড়ী...
প্ৰথমতে কাপোৰখিনি এটা বাল্টিত তিয়াই ললে..... আনটো বাল্টিত চাৰ্ফ মিক্স কৰিলে
তাৰপাছত কাপোৰখিনি চাৰ্ফত তিয়াই দিলে
- হৈ গল, কুল, বল বাংক হাউচত যাওগৈ

দুয়োটা বাংক হাউচ পালোগৈ, অলপ গাটো টঙাই লও বুলি অৱনীদা বাংক হাউচৰ বিচনাত পৰিল, চিনিয়ৰ কলিগক দেখি মইও চকীখনত আউজি চকু দুটা মুদি দিলো
প্ৰায় ১০ টা মান বজাত সাৰ পালো, অৱনীদা বাংক হাউচত নাই, বাহিৰ ওলালো, দেখিলো অৱনীদাই কাপোৰবোৰ মেলি আছে
- আপুনি ইয়াত কাপোৰ ধোৱে যে, কি কেচ.........মই সুধিলো
- এ নকবি আৰু, ৱৰ্কিং ওমেন বিয়া পাতিলো, এতিয়া ঘৰুৱা কামবোৰ ময়ে কৰিব লাগে, কুল
- কাম কৰা ছোৱালী নাৰাখে কিয়
- এ নকবি আৰু, ৰাখি চাইছিলো, কিন্ত কাম কৰা মানুহকলৈ বৰ প্ৰবলেম, একদম কুল নহয়

কাপোৰ মেলা হেৱাৰ পাছত অৱনীদা বাংক হাউচলৈ আহিল, তাৰ পাছত লেপটপটো অন কৰি কিবা কিবি টাইপ কৰাত লাগিল
- লেপিত কি কৰি আছে......মই সুধিলো
- এ নকবি আৰু, পি.এইচ.ডি কৰি আছো, পেপাৰ লিখিব লাগে, গাইডৰ প্ৰেচাৰ, ইফালে ঘৰত টাইম নাপাওৱেই নহয় , কুল

অৱনীদাই লেপিত পেপাৰ টাইপ কৰি আছে, ময়ো নিজৰ লেপি উলিয়াই ফেচবুকৰ বাবে আপদেট টাইপ কৰাত লাগিলো
দুপৰীয়া ভাত খাই অৱনীদাই আৰু এবাৰ গা টঙাই ললে...
আবেলি ৩ টা বজাত অৱনীদা উঠিল, লেপি ভৰাই থ, বল মাদ টেংকৰ ওপৰত যাও, অৱনীদা টেংকৰ ওপৰত উঠিল, কিছুসময় পাছত ওপৰৰপৰা ড্ৰিলাৰ সন্দিকৈয়ে টং টং কৈ কিবা চিগনেল দিলে
অৱনীদাই চিগনেল ইন্টাৰপ্ৰীট কৰি চিঞৰিলে..... লাল গাড়ী, লাল গাড়ী
টেংকৰ ওপৰত থকা চব মানুহ কামত বিজি হৈ পৰিল, চবেই কিবা নহয় কিবা কাম কৰি আছে, পানী মৰাই পানী মাৰিছে, কেমিকেল ঢলাই কেমিকেল ঢালিছে, কুল

ৰঙা ৰঙৰ বলেৰো এখন চাইটত সোমাল , বলেৰোখনৰপৰা বছ ওলাল, তীখী নজৰ চে ৩৬০ এংগোলত চালে, টেংকৰ ওপৰত উঠিল, বছ পুৰা খুচ, কাম দনাদন চল ৰহা হে
অৱনীদাক থামছ আপ এটা দি দিলে, মোৰ পিনে পেন্দোৱাকৈ চাই বছে ইংগিতৰে কলে.... কুচ চিখো ইনচে

আধাঘন্টা মান পাছত বছ গলগৈ, বছৰ লাল গাড়ী ডিচএপিয়াৰ হোৱাৰ লগে লগে টেংকৰ ওপৰৰ বিজি মানুহবোৰ ডিচএপিয়াৰ হৈ পৰিল, কুল
মোৰো কুল এক্সপেৰিয়েন্স এটা হৈ গল...

কেইদিনমান পাছত........
হাতত বেগ দুটা দাঙি শ্বিফট বাছত উঠিছো......... ড্ৰিলিঙৰ নতুনকৈ জইন কৰা মানস ৰাৱাটে সুধিলে.... আৰে চেকিয়া দা, য়ে বড়া বড়া পোটলী মে ক্যা লেকে জা ৰহে হে
- হে হে, কুল.......... মই কলো

ময়ো অৱনীদাক টক্কৰ দিব পৰাকৈ কুল কেমিষ্ট হৈ পৰিলো...

Wednesday, May 14, 2014

অকনমান টোপনিৰ পাছত

১৪ ডেইজৰ অন চলি আছে,
চাৰি দিন আগতে...............
Drill site accommodation (DSA) বাংক হাউচ নং ১৬(A), গেলেকী
DSAৰ কেমিষ্ট পল্টনৰ মাজত ডিচকাচন .....
- ৰীগত ইমান কাম থাকে, ৰেষ্ট লবলৈ টাইমেই নাপাও.... চিচিদাই কলে
- মে টাইম নিকালকে এক-ডেৰ ঘন্টা ৰেষ্ট লে লেতা হু.... ৰাম সতীশ
- মোৰ ৰীগততো কামেই নাই, stuck-up হৈ আছে...... দীৰুদা

ময়ো ডায়লগ এটা মাৰি দিলো... “যোৱা আগষ্টৰ পৰা এনে এটা নাইট শ্বিফট নাই যত মই কম চে কম চাৰিঘন্টা শোৱা নাই”

- কি কৱ বে, ড্ৰিলিং চলি থাকিলেও.. দীৰুদাই সুধিলে
- অ, ন প্ৰবলেম, লেবাৰ কেইটাক ট্ৰেইন কৰি লৈছো, বাচ, কুল
- চাবি এদিন টেংক খালী হৈ যাব, তেতিয়া গম পাবি..... চিচিদাই ৰজনীগন্ধা চোবাই চোবাই কলে
- হে হে, আপোনাতকৈ মোৰ এবছৰৰ বেছি এক্সপেৰিয়েন্স আছে, এই এক্সট্ৰা এক্সপেৰিয়েন্সৰ ওপৰত বেচ কৰি মই ৰীগত ৰেষ্ট কৰো, একদম কুল......... মই উত্তৰ দিলো

দুদিন আগতে.....
নাইট শ্বিফট, ড্ৰিলাৰে ৰীগত পাইপ উলিয়াই আছে, মোৰ কাম বন একো নাই, কিনকিনীয়া বৰষুণ এজাক পৰি আছে, ডিনাৰ কৰি আৰামত শুই দিলো, টেন টু ফাইভ, পুৰা সাত ঘন্টা, ব্ৰেক ফ্ৰী শ্লীপ.......
ৰাতিপুৱা পাচ বজাত এলাৰ্ম বাজিল, ব্ৰাচত কলগেট লগাই দাত মাজি টেংকৰ ওপৰলৈ গলো, ই কি, গোটেই ফিল্ডত মাদ বিয়পি আছে, তলে ওপৰে চালো, কোনফালে লিকেজ হল ধৰিব নোৱাৰিলো, টেংকত চালো, ভলিউমো ঠিকেই আছিল যেন লাগিল

ৰাতিপুৱা মহন্তদাক শ্বিফট হেন্ড ওভাৰ কৰি DSA পালোহি
চিচিদাৰ লগত ডাইনিং হলত ব্ৰেকফাষ্ট কৰি আছো, এনেতে মহন্তদাই ফোন কৰিলে
- হে হে চইকীয়া, ফিল্ডত চোন মাদেই মাদ হৈ আছে, ড্ৰিলিং ইন চাৰ্জ পুৰা গৰম, ৰাতি কৰবাত লিকেজ হল নেকি
- আৰে মহন্ত দা, ৰাতি টেন টু ফাইভ শুলো, ড্ৰিলাৰে পাইপ ইলিয়াই আছে, গতিকে কত কি হল নাজানো

ফোনটো কাটি ব্ৰেডত বাটাৰ লগোৱাত লাগিলো
- কি কেচ হল বে........ চিচিদাই সুধিলে
চিচিদাক কেচটো কলো
- হা হা , এইবাৰ ড্ৰিলিং ইন চাৰ্জে তোক সুদাই নেৰে, খুব দায়লগ মাৰিছিলি, এইবাৰ মজা পাই যাবি........ চিচি দাৰ চেহেৰাত এটা কুল স্মাইল

চিচিদাৰপৰা দীৰুদা, দীৰুদাৰপৰা শ্যামলদা, শ্যামলদাৰ পৰা সতীশ আদি কৰি চেইন ৰিয়েক্সন এটা ইনিচিয়েট হৈ পৰিল
বিভিন্ন চৰ্চ আৰু চেনেলেৰে কেচটো স্প্ৰেড হবলৈ ধৰিলে

দুপৰীয়া লান্স কৰি থাকোতেই জিয়লজিষ্ট এজনে ফোন কৰিলে
- কি হে চইকীয়া , কালি ৰাতি চাইটত মাদৰ বানপানী আনি দিলা বোলে

টেনচন হৈ গল, কেচটো বেয়াকৈ স্প্ৰেড হৈ গলগৈ নেকি, ড্ৰিলিং ইন চাৰ্জে ৱাট লগাই দিব এতিয়া, বছেও কামোৰ দিব, জেং হৈ গল কেচটো, আৰু দুটা নাইট ডিউটি বাকী আছে, সেইকেইটা কোনোমতে ভালে কুশলে পাৰ হলেই হল আৰু, তাৰ পাছত পুৰা ১৪ দিন অফ, বিহুত ঘৰলৈ যাম

টু টেকল এ প্ৰবলেম , দা বেষ্ট ৱে ইজ............ এভইড ইট

এভইডিং ষ্টাৰ্ট কৰি দিলো.......
দুৱেল ছীমৰ চেমচাঙৰ ফোনটোত কোম্পানীৰ ছীমখন চুইচ অফ কৰিলো, এতিয়া কোনেও ফোন কৰি টেনচন দিব নোৱাৰে, দিনটো বাংক হাউচৰ পৰা নোলালো, ৰাতি চাইটত কেতিয়া সোমালো কোনেও গম নাপালে, মানুহটো নট ৰিচেবল হৈ থাকিলো, ৰাতিপুৱা ড্ৰিলিং ইন চাৰ্জক এভইড কৰিবলৈ লেবাৰৰ বাইকৰে চাইটৰপৰা ফুটি দিলো....

টাইম হিলছ এভৰিথিং, কেচটো হোৱাৰ ৩৬ ঘন্টা পাৰ হল

যোৱা সন্ধিয়া,
নাইট শ্বিফটত যাবলৈ ওলাইছো, সমুখৰপৰা ড্ৰিলিং ইন চাৰ্জ অহা দেখি মোবাইলটো টিপা টিপি কৰা যেন দেখুৱাই বেলেগ ৰাষ্টাত উঠিছো আৰু..
- ক্যা চকীয়া কাহা যা ৰহে হো.... ড্ৰিলিং ইন চাৰ্জে মাতিলে
- নহী চাৰ , চোটাপানী কা ৱ আয়া হে হে
- আজকাল হামচে বাত কৰনা চোৰ দিয়া ক্যা
- এইচা তো নহী হে
- ১ বজে কা logging কা টাইম হে, অভী পুল আউট হো ৰাহা হে, স্মুথ পুল আউট হে, মাদ কা আচ্চা ট্ৰিটমেন্ট হে, অচ্চা মাদ বনা হে
- হা চাৰ

ড্ৰিলিং ইন চাৰ্জে চিল মুড এটা লৈ নিজৰ বাংক হাউচৰ ফালে খোজ ললে
ময়ো চিল মুড এটা লৈ ফোনটোত কোম্পানীৰ ছীমখন এক্টিভেট কৰিলো

ৰাতি চাইটত logging হল, মই টেন টু ফাইভ....... মানে ৰেষ্ট অলপ লৈ ললো

চেন্টি আৰু ইলেকচন

ইলেকচনৰ বতৰ । হাটে-বাটে, কাগজে-পত্ৰই সতেচন নাগৰিকসকলৰ দপদপনি, পৰিবৰ্তন, বিবেক ভোট, দিছ দেট এটচেত্ৰা, এটচেত্ৰা
কেতিয়াবা হাহি উঠে, হাহি উঠাৰো কাৰণ আছে ।

চন ২০০৮, ইউনিভাৰচিটিৰ কথা, তেতিয়া আমি থাৰ্ড চেমিষ্টাৰত । ইউনিভাৰচিটিৰ ইলেকচনৰ সময় ।
সেই সময়ৰ জি.এছ পদৰ ষ্ট্ৰং কেন্ডিডেট এজন কেম্পেইনিংৰ বাবে ডিপাৰ্টমেন্টলৈ আহিল ।
(ষ্ট্ৰং কেন্ডিডেট মানে বেকগ্ৰাউন্ডত ছাত্ৰ সংগঠন এটা আছে)

গেলাৰীত বহি আছো । কেন্ডিডেটক এজনে চিনাকি কৰি দিলে । তাৰ পাছত কেন্ডিডেটে ভাষণ দিলে । অলপ সময় পাছত কেন্ডিডেটে কলে
- এতিয়া আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমাৰ কালচাৰেল গ্ৰুপ আছে

লৰা এটাই আহি গীটাৰত টিউন দিছিলহে, মই ইন্টাৰফেয়াৰ কৰি দিলো
- এক মিনিট, মোৰ এটা কুৱেচন আছে

গীটাৰিষ্ট ৰৈ গল, কেন্ডিডেটে মুখত হাহি এটা লৈ আগুৱাই আহিল
- মানে গান-চান তো শুনিমেই, কিন্ত যিহেতু আপুনি জি.এছ. হব যেনেই লাগিছে, আপোনাক প্ৰশ্ন এটা সোধো......... মই কলো
- কওকচোন
- মানে, আমাৰ ইউনিভাৰচিটিৰ বৰ্তমান আৰ্থিক সংকট চলি আছে, ইয়াৰ বাবে আপোনাৰ কিবা প্লেন আছে নেকি
- আমি চৰকাৰৰ সৈতে যোগাযোগ কৰিম, প্ৰয়োজন হলে সকলো ছাত্ৰ-ছাত্ৰী মিলি জংগী আন্দোলন গঢ়ি তুলিম
..............কেন্ডিডেটৰ পাছফালে থকা চাপৰ্টাৰ অৰ্থাত হোষ্টেলীয়ান গ্ৰুপৰ হাতচাপৰি, কেন্ডিডেটৰ মুখত হাহি

- আচ্ছা, সেইটো বুজিলো, কিন্ত পৰত আশ-বনত বাস , কথাটোতো জানেই , আপুনিও জানে, আমিও জানো, আনৰ আগত হাত পতাতকৈ ইউনিভাৰচিটি আৰ্থিক দিশত স্বনিৰ্ভৰশীল হবপৰা কিবা প্লেন আছে নেকি..... মই আকৌ সুধিলো
- মানে কেনেকুৱা প্লেনৰ কথা কৈছে, আপুনিয়ে কওকচোন
- মানে ধৰক ইউনিভাৰচিটিৰ ওচৰতে হাইৱেটো আছে, চো হাইৱেত ঠায়ে ঠায়ে হৰ্ডিং লগাবলৈ দি ইউনিভাৰচিটিয়ে দুটকামান পাব পাৰে দেখোন, অন্তত পি.জি.এছ.ইউৰ খৰচটো ওলাব, তাৰ উপৰি ইউনিভাৰচিটিত ইমান জলাশয় আছে, তাতে মীন পালন কৰিব পাৰি দেখোন, হোষ্টেলৰ লৰাই ফ্ৰীতে মাছো খাবলৈ পাব, ৰাহি হোৱা মাছকেইটা বেচি পোৱা টকাৰে হোষ্টেলত দেখোন চুণ তেলো দিব পৰা যাব

মাছ বেপাৰৰ আইডিয়া শুনি চবেই হাহি দিলে, ওচৰতে প্ৰদ্যুম্ন বহি আছিল
- কিমান কামোৰ দিয়া হে, ইলেকচনত জিকাৰ পাছত চব নাপাত্তা হৈ যাব , চব ফান্ডাবাজি, নাচ-গান এনজয় কৰি টাইম পাছ কৰিব লাগে

মই হাহি এটা মাৰিলো, কেন্ডিডেটেও হাহি এটা মাৰি কলে, "আইডিয়াকেইটা ভালেই, মই জিকিলে এইবোৰৰ ওপৰত নিশ্চয় বিবেচনা কৰা হব "

তাৰ পাছত গেলাৰীত গান-বাজানা ষ্টাৰ্ট হৈ গল । কেন্ডিডেটেও আমাৰ অনুৰোধত গান এটা গাই দুপাকমান নাচি দিলে ।

মৰেল অৱ দা ষ্টৰী-
কলেজ-ইউনিভাৰচিটিৰ সময়ত আমি সৰহভাগ শিক্ষিত যুব নাগৰিকেই হোষ্টেল চেন্টি, বন্ধুত্বৰ খাতিৰত, গাৰ্লফ্ৰেন্ডৰ চেন্টিত , যিয়ে বেছিকৈ খুৱায় তাক ভোট দিও........
আৰু আমিয়েই এক্সপেক্ট কৰো যে দেশৰ ডাঙৰ ইলেকচনত অশিক্ষিত, অৰ্ধশিক্ষিত নাগৰিকসকলে তেওলোকৰ "চেন্টি" বোৰ বাদ দি সকলোতকৈ যোগ্য প্ৰাৰ্থীজনক নিৰ্বাচিত কৰিব
ভাল কৌতুক নহয়নে !!!!

কুল ভোটিং

চিচিদাই কেতিয়াবা বহুত টেনচন দিয়ে । যোৱা সপ্তাহৰ কথা । চিচিদাৰ হাল-চালৰ খবৰ লবলৈ চিচিদাৰ ঘৰলৈ গলো । কথাই কথাই ইলেকচনৰ কথা ওলাল ।
- এইবাৰ ভোট দিবিনে নাই........ চিচিদাই সুধিলে
- মানে কথাটো হল, ২৫ ৰ পৰা ডিউটি আছে, ২৪ তাৰিখে ৰাতিপুৱা ওলাব লাগিব, কত নো দিব পাৰিম, গতিকে ..... মই লাহেকে কলো
- কি গতিকে-চতিকে , আমাৰ নিচিনা পঢ়া লিখা মানুহেই যদি ভোট নিদিয়ে কেনেকৈ হব, মই গাড়ীত তেল ভৰাই গাৱলৈ গৈ ভোট দিমগৈ, কিয়, কাৰণ মই এজন দায়বদ্ধ চিটিজেন, প্ৰতিজন সচেতন নাগৰিকে সংবিধানপ্ৰদত্ত ভোটৰ অধিকাৰৰ মুল্য হৃদয়ংগম কৰিলেহে দেশ সলনি হব, সমাজ সলনি হব

মুঠৰ ওপৰত চিচিদাই আধাঘন্টামান তামাম লেকচাৰ দি চিৰিয়াচ ফেচিয়েল এক্সপ্ৰেচনেৰে শেষত কলে, “এইবাৰ যদি তই ভোট নিদিয় তেন্তে তোৰ-মোৰ দোস্তি খতম ।“

বৈধ্যম কামোৰ খাই মই কলো, “হব দিয়ক, লাগিলে ছুটীয়েই লম কিন্ত ভোটটো দিহে যাম”

২৪ এপ্ৰিল, ৰাতিপুৱা ৬ টাত উঠিলো । গা-পা ধুই বস্তু পেকিং কৰি ৬-৫০ ত বেলতলাৰ পলিং বুথ পালোগৈ ।
চাল্লা, তামাম দীঘল লাইন । মানুহবোৰ আগৰেপৰা শাৰী পাতি আছে । কৰবাত চিনাকি মানুহ আছে নেকি চালো । কথা পতাৰ চলেৰে লাইনত সোমাই দিব পৰা যাব । নাই, ৰিক্স নলও আৰু, এতিয়া লাইনত থিয় হলে কমেও এক-ডেৰ ঘন্টা, মানে চাৰে আঠটা, তাৰ পাছত বাছ ধৰোতে নটা বাজিব । শিৱসাগৰ পাও মানো শ্বিফটৰ বাছ ওলাই যাব । আবেলি আকৌ গেলেকীলৈ বাছ-টেম্পো একো নাপায় । মিচামিছি কামোৰ খাই যাম ।
কেলকুলচন এটা কৰি খানাপাৰালৈ পোনাই দিলো । প্ৰাইভেট বাছ এখনত ভাল চিট এটা পালো । কানত হেডফোন লগাই চিটত আউজি দিলো ।

ৰাতিপুৱা দহটা বজাতে চিচিদাই ফোন কৰিলে
- ভোট দিলি নে নাই
- দিলো
- এতিয়া কত
- বাছত
- কি পালি
- নগাও
- নগাও পালিয়েই নে, ভোট নিদিলি যেন পাও
- কিয় নিদিম, ৰাতিপুৱাই লাইন পাতি ভোট দি দৌৰাদৌৰিকৈ বাছ ধৰিলো কোনোমতে
- সচাই কৈছ তো, চাবি কিন্ত, ৰিস্তা খতম হৈ যাব

অকে বুলি কৈ ফোনটো কাটি দিলো । মাজে মাজে মোৰ মুখেৰে মিছা কথা অটমেটিকেলি ওলাই যায় । চিচিদাকো গাজা মাৰি দিলো । নহলে আকৌ ফোনত কামোৰ দিব ।

পাৰফেক্ট টাইমত শিবসাগৰ পালো । শ্বিফটৰ বাছ ধৰি আৰামত ড্ৰিল চাইট একমোডেচনত সোমালো ।
ৰীগত মৌজ-মস্তিৰে ডিউটি চলি আছে । এইবাৰ নতুন টেনচন এটা হৈ গল । তিনিদিন পাছত চিচিদা ড্ৰিল চাইট একমোডেচন পাবহি । তেতিয়া যদি গম পায় যে মই মিছা কথা কৈছো আকৌ জেং হৈ যাব । যেনে-তেনে চিচিদাক চলিড প্ৰুফ দি কলভিন্স কৰাব লাগিব যে মই ভোট দিহে আহিছো ।

ভোট দিয়া মানুহৰ তৰ্জনী আঙুলিত চিঞাহীৰ দাগ এটা থাকে । মোৰতো আঙুলিত দাগেই নাই । চিচিদাৰ নিচিনা এক্সপেৰিয়েন্সড মানুহে লগে লগেই গম পাই যাব । কি কৰা যায় চিন্তা কৰাত লাগিলো ।
নেটত চাৰ্চ কৰিলো......... হাউ টু প্ৰিপেয়াৰ ইংক
লিংক কেইটামান ওলাল, আধাঘন্টামান লিংক কেইটাৰ মেটেৰিয়েল পঢ়িলো, চিয়াহীৰ বাবে লাগে চিলভাৰ নাইট্ৰেট, মেটেল কমপ্লেক্স, পিগমেন্ট........
ড্ৰিল চাইটৰ লেৱত চিলভাৰ নাইট্ৰেট থাকেই । লেবাৰ কেইটাক কৈ আৰু কেইটামান বস্ত অনাই হিট এন্ড ট্ৰায়েল কৰাত লাগি গলো । কেইবাবাৰো অসফল হোৱাৰ পাছত ডাঠ কলা বস্ত এটা বনিল । আঙুলিত লগাই ট্ৰায়েল মাৰি চালো । পানীৰে ঘহি ধোৱাৰ পাছতো ক'লা ৰংটো যোৱা নাই.......... কুল

২৭ এপ্ৰিল, চিচিদা অহাৰ দিন ।
ড্ৰিল চাইট একমোডেচনৰ গেটত চিচিদাক ৰিচিভ কৰিবলৈ ৰৈ আছো । শ্বিফট বাছ আহি পালেহি । কান্ধত মস্ত ডাঙৰ বেগ এটা দাঙি ৰজনীগন্ধা চোবাই চিচিদা বাছৰপৰা নামিল ।
- চিচিদা........... মই চিঞৰি মাতিলো

ৰজনীগন্ধাৰ পিক পেলাই চিচিদাই মোৰ ফালে চালে ।
মই হাতখন দাঙি তৰ্জনী আঙুলিটোৰ কলা চিয়াহীৰ দাগটো চিচিদাক দেখুৱালো ।
চিচিদাই স্মাইল এটা দি বুঢ়া আঙুলি দাঙি থামছ আপ দিলে ।

মই হাতৰ দুটা আঙুলি আকাশৰ ফালে দেখুৱাই V ফৰ ভিক্টৰী চিম্বলটো বনাই দিলো........

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...