চাকৰিৰ এপইন্টমেন্ট হৈ যোৱাৰ পাছত পুলিচ ভেৰিফিকেচন হয়, নিয়মমতে কোম্পানীৰ
অফিছৰপৰা ডিচি অফিছ, তাৰপৰা এছ.পি অফিছ, তাৰপৰা পুলিচ থানালৈ কাগজ এখন
যায়........ তাৰ পাছত পুলিছ থানাৰপৰা মানুহ ভেৰিফিকেচনৰ বাবে যায়....
মানুহটো ভেৰিফাই হোৱাৰ পাছত ৰিপৰ্টসহ ওলোটা বাটৰে কোম্পানীৰ অফিছলৈ ঘুৰি
যায়....যেতিয়ালৈ পুলিচ ভেৰিফিকেচন নহয়, তেতিয়ালৈ প্ৰবেচন ক্লিয়াৰ নহয়,
ইনক্ৰিমেন্ট নহয়.....
কিন্ত মোৰ ভেৰিফিকেচন হব নে নাই তামাম টেনচন হৈছিল...... নহবনো কিয়, কোম্পানীৰ ৰেকৰ্ডত মোৰ যিটো এড্ৰেছ আছে, সেইটোত বৰ্তমান মই নাথাকো, আৰু যিটো এড্ৰেছত মই থাকো সেইটোৰ সমৰ্থনত মোৰ একো ডকুমেন্ট নাই, এক্সুৱেলি বৰ্তমান থকা ভাড়াঘৰৰ মালিকে চাইন কৰিবলৈ বিৰাট টান পায়, টান পায় মানে নকৰেই, গতিকে তেওৰ ভাড়াঘৰত যে মই থাকো আৰু কিবা কাম কাজত তেওৰ এড্ৰেছ ব্যৱহাৰ কৰিবলৈ এন.অ.চি ত তেও দস্তখত নকৰে....
নিয়মমতে পুলিছ আহিল আগৰ এড্ৰেছত, আহি গম পালে যে মোৰ নামৰ কোনো মানুহ তাত নাই, আগৰ মালিকক সুধিলে, বুঢ়া মালিকটোৱে মগজুত বহুত জোৰ দি চিন্তা কৰি কলে যে এবছৰমান আগতে শইকীয়া উপাধিৰ মানুহ এঘৰ আছিল, বৰ্তমান মানুহঘৰ সৌ তাত থাকে.... বুঢ়াই বিহুফিল্ডখনৰ সিপাৰে থকা বিল্ডিং এটা দেখুৱাই দিলে
যিয়েই নহওক বৰ্তমানৰ এড্ৰেছত পুলিছ আহিল, আৰু পাছদিনা চাপৰ্টিং ডকুমেন্টসহ থানালৈ মাতিলে
পাছদিনা বেগ এটা পিঠিত লৈ থানালৈ গলো, পুলিছ বিষয়াজনে বহিবলৈ কলে
- আচ্ছা আপোনাৰ আইডেনটিটি আৰু এড্ৰেছৰ চাপৰ্টত ডকুমেন্ট দেখুওৱাক
- কি কি ডকুমেন্ট লাগিব
- ইলেকট্ৰিচিটি বিল, ড্ৰাইভিং লাইচেন্স, ফোনৰ বিল, ভোটৰ লিষ্ট, পি.আৰ.চি, বেংক পাছবুক আদি
যি যি লৈ গৈছিলো দিলো, পুলিছ বিষয়াজনে তন্ন তন্নকৈ চেক কৰিলে, তেও এবাৰ মোৰ ফালে চায়, এবাৰ ডকুমেন্টৰ ফালে....
- আপোনাৰ পি.আৰ.চি মতে আপুনি সাউকুচিৰ বাসিন্দা, ড্ৰাইভিং লাইচেন্স নুনমাটিৰ, ফোনৰ পষ্টপেইড বিল আহে হাতীগাৱলৈ, বেংক পাছবুকৰ এড্ৰেছ জালুকবাৰীৰ, ৰেচন কাৰ্ড চান্দমাৰীৰ
- হয়...... মই লাহেকে কলো
- ভোটৰ লিষ্টত আপোনাৰ নাম আছে বনগাৱত আৰু বৰ্তমান আপুনি থাকে বেলতলাত, পেন কাৰ্ড আছে নে নাই
- আছে কিন্ত পেন কাৰ্ডত এড্ৰেছ লিখা নাথাকে
- ধেৰ জেং দেখোন, ভুপেন হাজৰিকা বিশ্বনাগৰিক আছিল, আপুনি দেখোন পাক্কা গুৱানাগৰিক
- আচলতে কি জানে, মেট্ৰিকৰ সময়ত সাউকুচিত আছিলো, তাৰে পি.আৰ.চি বনালো, হায়াৰ ছেকেন্ডাৰী ফাৰ্ষ্ট য়াৰত ৰেচন কাৰ্ড, ছেকেন্ড য়াৰত ভোটৰ লিষ্টত নাম সোমাল, ডিগ্ৰী ফাৰ্ষ্ট য়াৰত ড্ৰাইভিং লাইচেন্স, ছেকেন্ড য়াৰত মোবাইলৰ ছীম ললো, থাৰ্ড য়াৰত পেন কাৰ্ড বনালো, তাৰ পাছৰ বছৰ বেংকত একাউন্ট, যোৱা বাৰ বছৰত চৈধ্যতা ভাড়াঘৰ সলনি কৰিছো আৰু প্ৰতিটো এড্ৰেছতে এখনকৈ ডকুমেন্ট হৈ গৈ আছে
- আপোনাৰ পাৰ্মানেন্ট এড্ৰেছ কি, মানে গাও-চাও
- গাও, এখন গাও আছিল, গাওখন এতিয়া ব্ৰহ্মপুত্ৰৰ দুই কিলমিটাৰ ভিতৰত, কেতিয়াবা নাও লৈ যাও, খৰালি ব্ৰহ্মপুত্ৰ যেতিয়া শুকাই যায়, বালিৰ ঢিপবোৰ ওলাই পৰে, সেই ঢিপবোৰৰ কোনোবা এটা ঢিপত... এটা এড্ৰেছ আছিল...এদিন মোৰ এটা পাৰ্মানেন্ট এড্ৰেছ আছিল........
পুলিছ বিষয়াজনলৈ চালো, তেওচোন অলপ ইমচনেল হৈ পৰিছে....তেওৰ চকু তেতিয়া থানাৰ ভগা খিড়িকীখনদি দেখা পোৱা গছডালৰ ফেৰেঙনিত থকা চৰাইৰ বাহটোত..
- ৰহমহীয়া নেকি...... ইমচনেল চাৱনিৰে তেও সুধিলে
- নহয় মাতমৰা...... ময়ো ইমচনেল চাৱনিৰে উত্তৰ দিলো
- মোৰো এসময়ত মাজুলীত এটা এড্ৰেছ আছিল..চিৰিং গাও..এসময়ত এখন গাও আছিল.. পুলিছ বিষয়াজনে আগতকৈয়ো বেছিকৈ ইমচনেল হৈ কলে
- আই কেন ফিল য়ৰ ফিলিংচ........ মই তেওক সমবেদনা দিলো
পুলিছ বিষয়াজনে কনিষ্টবল এজনক মাতিলে, গাখীৰ চাহ আৰু ৰসগোল্লা খাই থানাৰপৰা ওলাই আহিলো
তাৰ পাছৰ সপ্তাহতে পুলিচ ভেৰিফিকেচনৰ ৰিপৰ্ট আহি কোম্পানীৰ অফিছ পাই গল

No comments:
Post a Comment