Thursday, May 15, 2014

ৰীগৰ লেবাৰ


এ মেন ইজ এ শ্লেভ অৱ চাৰকামষ্টেনচেচ........

" আমি মানুহ হয়, গৰু-গাধ নহয়, ইমান কাম কেনেকৈ কৰিম, শিক্ষিত নিবনুৱা এজনক আপুনি জন্তৰ দৰে কামত খটুৱাইছে, আপুনি এজন পাগল, ননচেন্স, মানুহৰ তেজ শুহি খোৱা শোষক, আপোনাৰ সাহস আছে যদি কামৰ পৰা উলিয়াই দেখুওৱাক, মেহনত কৰি জীয়াই আছো , যদি মোক কামৰ পৰা খেদি দিয়ে হাতত দা লৈ দেওপানী চাৰিয়ালিত ৰখি থাকিম, ডিঙি কাটি দিম, চিনি পোৱা নাই মোক, চাও কোনে আপোনাক বচাব পাৰে "
........... ৰীগৰ কন্টিজেন্ট লেবাৰ বাবুল আলিয়ে এক্সেক্টলি এইখনি কথাই মোক উদ্দেশ্য কৰি কৈছিল

মই একো নকৈ টেংকৰ পৰা নামি আহিছিলো, মাদ টেংকৰ ওপৰৰপৰা বাংক হাউচলৈ বিশ ছেকেন্ড লাগে, বিশ ছেকেন্ডত এটা ডিচিচন লোৱাৰ প্ৰয়োজন আছিল, বাবুল আলি নামৰ কন্টিজেন্ট লেবাৰজনক কামত ৰাখিম নে খেদি দিম

২ মাৰ্চ ২০১৪, গেলেকী , ৰীগ বি.আই-১০০, ডে শ্বিফট, কন্টিজেন্ট লেবাৰ দুজন আহিল, বাবুল আলি, সুৰেশ ঘাটোৱাৰ
মেচিন এটাৰ কাপলিং এটা ঢিলা হৈ আছিল, খুলিবলৈ দিলো, তাৰ পাছত বেলেগ কাপলিং এটা লগাবলৈ দিলো, নাই, কামত নাহিল, আকৌ কাপলিংটো খুলিবলৈ কলো
- বাৰে বাৰে একেটা কাম কৰাই থাকে...... সুৰেশে মুখৰ ভিতৰত ভোৰভোৰালে

তাৰ পাছত দুয়োটাকে কেমিকেল ষ্টৰলৈ লৈ গলো, কেইটামান বস্তা খেলিমেলি হৈ আছিল
- বিছটামান বস্তা খেলিমেলি হৈ আছে, ভালকৈ চিজিল কৰি থোৱা...... মই কলো
- এইবোৰ আমাৰ কাম নহয়...... বাবুল আলিয়ে কলে
- মই যেতিয়া কৈছো, মানে কৰা, কৰিবই লাগিব
- নকৰো
- নকৰা যদি লেবাৰ কন্ট্ৰেকটৰক কৈ দিও, কাম নকৰা মানুহ মোক নালাগে, বেলেগ কাম কৰা মানুহ আহিব

কন্ট্ৰেকটৰক কৈ দিম বুলি কোৱাত দুয়োজনে বেগবোৰ চিজিল কৰাত লাগিল....
যেতিয়া এটা শ্বিফটত কাম বেছি হয় আৰু আন এটাত কাম কম হয়, তেতিয়া যিটো শ্বিফটত কাম বেছি হয় সেই শ্বিফটৰ ইনচাৰ্জজন বাই দিফল্ট লেবাৰকেইটাৰ দৃষ্টিত এজন বেয়া মানুহ হৈ পৰে , এইটো অনুসিদ্ধান্তমতে মই এজন সাংঘাটিক বেয়া মানুহ, আৰু বাবুল আলিয়ে আগতেও আপত্তি প্ৰকাশ কৰিছিল যে বেলেগ ইনচাৰ্জে কাম নকৰায় আৰু মই বহুত বেছি কাম কৰাও

বাবুল আৰু সুৰেশ বেগবোৰ চিজিল কৰি আহিল
- যদি কাম কৰিবলৈ ইচ্ছা নাই কৈ দিয়া, আপত্তি কৰি নাথাকিবা, কাম কৰিবই লাগিব ......... মই বাবুল আলিক কলো

তাৰ পাছতেই বাবুল আলিয়ে মোক দম দিলে, গালি পাৰিলে আৰু ভাবুকি দিলে
বাবুল আলিৰ মুৰ্তি দেখি মই টেংকৰপৰা নামি আহিছিলো

(২)
বাবুল আলি আশীৰ দশকতে হায়াৰ ছেকেন্ডাৰীলৈ পঢ়া, ঘৈণীয়েক বেমাৰী, জীয়েক দুজনী, এজনী কলেজত পঢ়ি আছে, আনজনী ক্লাছ নাইনত , এই লেবাৰৰ কামটোৰপৰাই বাবুল আলিয়ে ঘৰখন চলাই আছে, এইখিনি কথাই মই জানো..

আজি বাবুল আলিয়ে মোক অপমান কৰিছে, দম দিছে, কন্ট্ৰেকটৰৰ হতুৱাই বাবুল আলিক মই কামৰ পৰা খেদি দিব পাৰো, আজি যদি মই দয়া পৰবশ হৈ বাবুল আলিক এৰি দিও তেতিয়া আন লেবাৰকেইটাও কথা নমনা হৈ পৰিব, তেতিয়া বহুত প্ৰবলেম হব

মোৰ ভিতৰত থকা ভাল মানুহটোৱে কৈ উঠিল..... কথা ধৰি থাকিব নালাগে, মানুহ মাত্ৰ্ৰেই ভুল হয়, বেচেৰা কিবা টেনচনত আছিল ছাগে, কৈ দিলে আৰু, পাছত বুজাই দিলেই হল

মোৰ ভিতৰত থকা বেয়া মানুহটোৱে কৈ উঠিল..... চাল্লা, সামান্য লেবাৰ হৈ মোক ৰঙা চকু দেখুৱায়, খাবলৈ নোপোৱাৰ জাত, মৰম কৰো কাৰণে মুৰত উঠিছ, দুদিন লঘোণে থাকিলে চিধা হৈ যাবি, চাল্লা

অৱশেষত মই লেবাৰ কন্ট্ৰেকটৰলৈ ফোন কৰিলো, কন্ট্ৰেকটৰৰ মানুহ আহি বাবুল আলিক ৰীগৰপৰা উলিয়াই দিলে, যোৱাৰ সময়ত বাবুল আলিয়ে হাত জোকাৰি কৈ গল........ৰীগৰপৰা বাহিৰ ওলাচোন , চাই লম

কন্ট্ৰেকটৰৰ লেবাৰ চুপাৰভাইজাৰে অভয় দি কলে, মোক এই এৰিয়াত চবেই দাদা বুলি জানে, ই আপোনাক একো কৰিব নোৱাৰে, মই আছো, চিন্তা নকৰিব

শ্বিফট চেঞ্জ হোৱাৰ সময় হল, বাছখন ৰীগৰ গেটৰ ভিতৰত সোমাল, মোৰ ৰিলিভাৰ লক্ষীনন্দন দেউৰী দা বাছৰপৰা নামিল, বাবুল আলিক উলিয়াই ভাল কৰিলো নে বেয়া কৰিলো চিন্তা কৰিবলৈ ধৰিলো, যদি কামটো হেৰুওৱাৰ পাছত বাবুল আলিৰ বেমাৰী ঘৈণীয়েক, গাভৰু জীয়েকসহ পৰিয়ালটোৰ আলৈ-আথানি হয় আৰু সেই ভৱিষ্যতৰ আলৈ-আথানিৰ কাৰকৰুপে মোক চিহ্নিত কৰি যদি বাবুল আলি ৰাস্তাত দা লৈ প্ৰতিশোধ লবলৈ ৰৈ থাকে....
কিন্ত বাবুল আলিয়ে মোক বেয়াকৈ কৈছে, দেট ইজ অলচো ইমপৰটেন্ট.......

ফিয়েৰ, ৰিপেন্ট আৰু এংগাৰ মিশ্ৰিত ককটেইলৰ মাজত শ্বিফট বাছখনৰ মাজৰ চিট এটাত মই বহি পৰিলো

বাছ চলিবলৈ ধৰিলে, সমুখত দেওপানী চাৰিয়ালি, চাৰিয়ালিটোত চাৰি-পাচটামান মানুহ, সন্ধিয়াৰ সময়, মানুহকেইটা ভালদৰে ধৰিব পৰা নাই, এজনে হাত দাঙি বাছখন ৰখাবলৈ চিগনেল দিলে.......................
বাছৰ ড্ৰাইভাৰে ব্ৰেক মাৰিলে.....গাড়ীৰ হেডলাইটৰ পোহৰত দেখিলো... এটা মানুহৰ ককালৰ খোচনিত... চিকমিকাই থকা...........এখন দা

.. এটা পৰিস্থিতিৰ বাবে মই সাজু হলো....

(৩)

মানুহ চাৰিজন বাছখনলৈ উঠি আহিল, প্ৰথম মানুহজন মোৰ ওচৰত ৰলহি, কিচকিচিয়া কলা, ডঢ়ীয়া , দেখিলেই গুন্ডা যেন লগা মানুহ এজন, মোৰ হাতৰ মুঠি টান হৈ আহিল

- আগত নহয়, পাছফাললৈ যা, আগত শ্বিফটৰ মানুহ বহিব...... ড্ৰাইভাৰে চিঞৰি কলে

ড্ৰাইভাৰৰ কথা শুনি মানুহ চাৰিজন একেবাৰে পাছৰ শাৰীত বহিলগৈ, উহ ৰক্ষা, কিছুসময়ৰ পাছত বাছ ডি.এছ.এ পালেহি, বাছৰপৰা নামি কলনিত সোমালো, মই স্বস্তিৰ নিশ্বাস পেলালো

পাছদিনা আকৌ ডে শ্বিফট, এইবাৰ ৰফিক, ৰকিবুল আৰু পুতুল নামৰ লেবাৰ কেইজন আহিল
- ছাৰ, কালি বোলে বাবুলকাক উলিয়াই দিলে........ ৰফিকে শুধিলে
- অ, সি মোক বেয়াকৈ কৈছিল... মই কলো
- ছাৰ, এইবাৰলৈ মাফ কৰি দিয়ক আৰু, সি দুখীয়া মানুহ, বেলেগ কাম-কাজো নাই, ঘৈণীয়েক বেমাৰী, ছোৱালী দুজনীও পঢ়ি আছে
- ইয়াত কাম কৰাৰ বাহিৰেও তেও কি কৰে
- বেলেগ একো নকৰে, আগতে মাটি-বাৰী বহুত আছিল, বেচি বেচি শেষ হল
- ঠিক আছে, তেও যদি নিজৰ ব্যৱহাৰৰ বাবে অনুতপ্ত হয়, তেন্তে কিবা এটা হব পাৰে ...... মই কলো

দুপৰীয়া বাবুল আলি আহিল,
- ছাৰ, কালি যি হল হল, মাফ কৰি দিয়ক, কালি বহুত টেনচনত আছিলো, মুখেদি বহুত কিবা কিবি ওলাই গল..........বাবুল আলিয়ে কলে
- ঠিক আছে, যিহেতু তুমি ক্ষমা খুজিছা, কন্ট্ৰেকটৰলৈ মই তোমাক কামত পুনৰ ৰাখিবলৈ বিবেচনা কৰিব লাগে বুলি এখন চিঠি লিখি দিম, তাৰ পাছত তোমাক কামত ৰখা-নৰখাটো কন্ট্ৰেকটৰৰ ওপৰত, তাতকৈ বেছি মই একো কৰিব নোৱাৰো, আৰু এটা কথা, ইয়াত কাম কৰিবলৈ আহিছা, কাম কৰিব লাগিব, নহলে নহব

কন্ট্ৰেকটৰলৈ চিঠি এখন লিখি চহী কৰিলো, চিঠিখন লৈ বাবুল আলিয়ে ধন্যবাদ জনাই গুচি গল

তাৰ পাছত-------
কন্টিজেন্ট লেবাৰকেইটাৰ মাজত ভয় এনেদৰে সোমাল যে মই যিটো কাম কৰিবলৈ কও তাকেই কৰা হল, এটা লেবাৰ অনিয়মীয়া আছিল, সিও ৰেগুলাৰ টাইমত আহিবলৈ ধৰিলে
বেয়া মানুহৰ ইমেজটোৰপৰা মোৰ ইমেজ অলপমান ভাল হল--- চইকীয়া ছাৰ বহুত ভাল মানুহ দেই, ইমান বেয়াকৈ কোৱা স্বত্তেও বাবুলকাক মাফ কৰি দিলে, সচাকে বহুত ভাল মানুহ

মৰেল অৱ দা ষ্টৰী-
দেখো য়াৰ, কোনো ভাল মানুহ-বেয়া মানুহৰ কথা নাই, বেছি ঝামেলা কৰিব গলে প্ৰবলেম হৈ যাব পাৰে , বুদ্ধি-চুদ্ধি নথকা লেবাৰ, কত কেতিয়া কি কৰে ঠিকনা নাই, ৰাস্তাত ধুলাই পৰি যাব, গতিকে এইচব জেং কেচ ঠান্ডা মাইন্ডৰে চেটল কৰিব লাগে,
বটমলাইন ইজ.........জান হে তো জাহান হে......

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...