বাৰ্থডে এটাৰ ইনভিটেচন আছে । আমাৰ ভাড়াঘৰৰ মালিকৰ লৰাৰ বাৰ্থডে । লৰা
ডি.পি.এছত পঢ়ে, ক্লাছ এইটত । মালিকৰ ঘৰ যথেষ্ঠ আঢ্যৱন্ত । যোৱাবাৰৰ
বাৰ্থডে চাৰিটা তৰা থকা হোটেল নক্ষত্ৰত দিছিল । এইবাৰ বাৰ্থডে পাৰ্টিটো
তেওলোক ঘৰৰ লনখনত হব । অৰ্থাত গাৰ্ডেন পাৰ্টি ।
পাৰ্টিটো গাৰ্ডেনত দিব সেইটো প্ৰবলেম নহয় । প্ৰবলেম হৈছে গিফট কি দিয়া যাব । যোৱাবাৰ মম্মীয়ে বোলে ফৰ ষ্টাৰ ষ্টেটাছ মিলাবলৈ গৈ য়নেক্সৰ দামী বেডমিন্টন ৰেকেট এখন বাৰ্থডে গিফট দিছিল । পাছত ৰেকেটখন বোলে তেওলোকৰ কামকৰা বাইৰ লৰাৰ হাতত দেখিবলৈ পালে । সেয়ে লৈ মম্মী আপচেট হৈ আছে । এতিয় মম্মীৰ ডায়লগ............ইমান ধনী মানুহ , গিফট দিয়া-নিদিয়া কথা একেই ।
এতিয়া কথাটো হল গিফট কিনাৰ দায়িত্ব মোৰ ওপৰত পৰিল যিটো মোৰ একেবাৰে পচন্দ নহয় । কলেজ-ইউনিভাৰচিটিত থাকোতে কিমান বিয়া বিনা গিফটত খালো ঠিকনা নাই । আৰু যত গিফটত যাও গ্ৰুপত গিফট কিনো, মানে বেলেগে চইচ কৰি কৰি দেখাত ডাঙৰ গিফট এটা কিনে, মই ৰিচেপচন হলৰ আগত গ্ৰুপত লগ হও, কন্ট্ৰিবিউচনটো দি দিও , বাচ । গিফটৰ পেকিঙৰ ভিতৰত কি আছে গমেই নাপাও ।
এই গিফটৰ জক্কৰৰ কাৰনেই বিয়া, বাৰ্থডে আদিতকৈ অন্নপ্ৰসন,ঘৰলোৱা, সত্যনাৰায়ন পুজা, এনিভাৰচাৰী আদি ইভেন্ট এটেন্দ কৰি ভাল পাও । গিফটৰ ঝামেলা নাই । যোৱাসপ্তাহত লগৰ এটাৰ মেৰেজ এনিভাৰচাৰী লগৰ কেইটামানৰ লগত দকচি খাই আহিলো । গিফট হল বিয়েৰৰ বটল এটা ।
বাৰ্থডেত কি গিফট দিয়া যায় । চফট টয়, পেঞ্চিল বক্স, কেডবাৰি চকলেট পেক । অপচন বহুত আছে ।
- কিতাপ এখনেই দিও নেকি............ মই মম্মীক সুধিলো
- বোপাই, চানাৱালাৰ তাত নেদেখিলেই হল....... ৰং চেনেলত শাহু-বোৱাৰী চিৰিয়েলত নজৰ দি থকা মম্মীয়ে ৰিপ্লাই দিলে
সচাকৈয়ে কিতাপৰ একো কদৰই নাই । বহুত বছৰ আগতে লগৰ এটাৰ বায়েকৰ বিয়ালৈ কিতাপ এখন গিফট হিচাপে লৈ গৈছিলো । বিয়াবোৰত এটা সমস্যা হল চাইজ অৱ গিফট মেটাৰছ । (বুজাই ছাগে বুজিছেই)
গিফট কিনিবলৈ সন্ধিয়া ঘৰৰপৰা ওলালো । বেলতলা তিনিয়ালিত থকা ষ্টাডি চেন্টাৰ নামৰ কিতাপৰ দোকানখনত সোমালো ।
- আব্দুল কালামৰ ইগনাইটেড মাইন্ডছ আছে নেকি...... মই সুধিলো
- অসমীয়াখন আছে, ইংৰাজীখন নাই...... দোকানৰ মানুহজনে কলে
লৰা ডিপি.এছত পঢ়ে । অসমীয়া পঢ়িব জানে নে নাই সন্দেহ আছে । পঢ়িব জানিলেও অসমীয়া কিতাপ পঢ়িবলৈ বেচেৰাই সময় পাব নে নাই সেয়াও সন্দেহ আছে । চেতন ভগত কিনো নেকি, ফাইভ পইন্ট, থ্ৰী মিচটেকচ....... নাই নজমিব । কিতাপৰ দোকানখনত কিতাপবোৰ চাই আছো । এখন কিতাপৰ ওপৰত চকু পৰিল ........ গালিভাৰচ ট্ৰেভেলছ । আৰিহন্টে প্ৰকাশ কৰা কিতাপখন হাতত লৈ মেলি চালো । ১৭৫ টকা । মম্মীয়ে যোৱাবাৰ কিনা ৰেকেটতকৈ সস্তা । কিতাপখন এখন ক্লাছিক শিশু সাহিত্য, তাতকৈয়ো মজাৰ কথা কিতাপখন ক্লাছ নাইনৰ ৰেপিড ৰীডাৰ । কুল । কামৱালী বাই বা চানাৱালাৰ হাতলৈ অন্তত গালিভাৰ নাযায় ।
গালিভাৰক গিফট পেকিং কৰাই ললো ।

No comments:
Post a Comment