Wednesday, May 14, 2014

হৃদয়হীনতাৰ এদিন


(১)
ছাৰ বহুত ভাল মানুহ । ছাৰে নিশ্চয় সহায় কৰিব........ বাংক হাউচটোৰ ভিতৰত সোমাবলৈ লৈ বাবুল আলিয়ে মনে মনে ভাবিলে

বাবুল আলি বাংক হাউচটোলৈ সোমাই গল । ছাৰে লেপটপত কিবা টাইপ কৰি আছিল । বাবুল আলিয়ে দৰখাস্তখন ছাৰলৈ আগবঢ়াই দিলে । ছাৰে কাগজকেইখন চালে । এখন দৰখাস্ত, লগত অসম মেডিকেল কলেজৰ ডায়গনিচৰ ৰিপৰ্ট । ৰেডিয়লজিষ্টৰ আখৰকেইটা ছাৰে চিনি পালে । পলাশ বৰদলৈ, হায়াৰ ছেকেন্ডাৰীৰ ক্লাছমেট ।
- ছাৰ জানেইতো , মানুহজনীৰ অসুখ, ডাক্টৰে ব্ৰেইন হেমাৰেজ হৈছে বুলি কৈছে, বাহিৰলৈ নিব লাগিব বোলে....... বাবুলে কলে
- ব্ৰেইন হেমাৰেজ, অপাৰেচন কৰাব লাগিব, বহুত পইচা লাগিব, লাখৰ ঘৰত
- হয় ছাৰ, সেয়েহে ড্ৰিলিং ইনচাৰ্জ ছাৰলৈ এপ্লিকেচন কৰিছো, পইচা-পাতি নায়েই, অলপ সহায় পালে সকাহ পালোহেতেন
- বেয়া নোপোৱা যদি এটা কথা কও
- কওকচেন ছাৰ
- তোমাৰ আৰ্থিক অৱস্থা ভাল নহয়, তিনিজনীকৈ ছোৱালী আছে নহয় জানো
- হয় ছাৰ, এজনী হায়াৰ ছেকেন্ডাৰী, এজনীয়ে মেট্ৰিক দিছে, আনজনী এইট পাইছে
- মানুহজনীৰ বেমাৰৰ নামত বহুত পইচা খৰচ হৈছে, মাটি-বাৰীও বিক্ৰী হৈছে ছাগে
- হয় ছাৰ, ভেটিটোহে বাকী আছেহি
- লাখ টকা ভৰি মানুহজনীৰ চিকিতসা কৰোৱাতকৈ সেইখিনি টকা ছোৱালী তিনিজনীৰ পঢ়া-শুনাত খৰচ কৰা, নিজৰ ভৰিত নিজে থিয় হব পৰাকৈ সিহতক শিক্ষিত কৰি তোলা
- কিন্ত মোৰ মানুহজনী
- ঢুকাই থাকিব, কিন্ত চিকিতসাৰ নামত বাটৰ ভিকহু হৈ যাবা, তেতিয়া তোমাৰ ছোৱালী তিনিজনীৰ কি হব । মই তোমাক নিৰাশ কৰিব খোজা নাই । বি প্ৰেক্টিকেল । জীৱনত কিছুমান সিদ্ধান্ত কষ্টকৰ হয়, কিন্ত ভৱিষ্যতৰ কথাও চিন্তা কৰিব লাগিব । মানুহজনী যিমানদিন জীয়াই থাকে ভালকৈ ৰাখা । বাচ
- কিন্ত ছাৰ
- চোৱা, তোমাৰ অৱস্থাটো মই বুজি পাইছো । এপ্লিকেচনখন ৰীগৰ ড্ৰিলিং ইনচাৰ্জক দিবা, তেও যি কৰে কৰিব, আৰু মোৰপৰা এই ক্ষেত্ৰত একো আশা নকৰাই ভাল ।

এটা বিষন্ন মন লৈ বাবুল আলি বাংক হাউচৰপৰা ওলাই আহিল । ইমানদিনে ছাৰক বহুত ভাল বুলি ভাবিছিল । কিন্ত আচল ৰুপটো আজিহে ওলাই পৰিল । তেও যে প্ৰকৃততে এজন হৃদয়হীন মানুহ । ছাৰৰ প্ৰতি অতদিনে থকা শ্ৰদ্ধাবোৰ নিমিষতে আকাশত মিলি পৰিল ।

(২)

বাবুল বাংক হাউচটোলৈ সোমাই অহাৰ সময়ত মই লেপটপত এটা পাৱাৰপইন্ট বনাই আছিলো , হাও টু কোৱালিফাই নেট । বাবুল আলিয়ে দিয়া মেডিকেল ৰিপৰ্টটো ডা. পলাশ বৰদলৈয়ে চহী কৰা । ৰিপৰ্টটো পঢ়িলো । ব্ৰেইন হেমাৰেজ, কন্ডিচন ক্ৰিটিকেল, নিড টু অপাৰেট চুন ।
বাবুল আলি বহুত আশাৰে মোৰ ওচৰলৈ আহিছিল । তাৰ সলনি নিৰুতসাহিত কৰি মই পঠিয়াই দিলো ।

বাবুল আলি যোৱাৰ এঘন্টামান পাছত ৰফিক মোৰ বাংক হাউচলৈ আহিল । বাবুল, ৰফিক একেটা শ্বিফটৰে মাদ লেবাৰ ।
- ছাৰ আপুনি বাবুলকাক বোলে অলপ বেয়াকৈ কলে....... ৰফিকে সুধিলে
- তুমি কি শুনিছা
- আপুনি বোলে তাৰ ঘৈণীয়েকক মৰি যাব লাগে বুলি কৈছে

লেপটপৰপৰা মুৰ তুলি মই ৰফিকৰ ফালে চালো । ৰফিকে মোৰ ফালে চাই আছে । মই হাহিলো ।
- মই বাৰু তেনেকৈ কলো নেকি..... মই সুধিলো
- বাবুলকাই তো তেনেকৈয়ে কৈছে..... ৰফিকে কলে
- আচ্ছা ৰফিক , তোমাৰ মই এটা ঘটনা কও....

দুবছৰ আগৰ কথা, মই তেতিয়া লাইপালেঙৰ ৰীগ এটাত । মোৰ শ্বিফটত লৰা এটা আছিল, প্ৰশান্ত গগৈ । তাক কিছুদিন অবজাৰ্ভ কৰি ধাৰণা কৰিলো যে সি চোকা বুদ্ধিৰ লৰা, সুযোগ-সুবিধা পালে সি পঢ়া-শুনাত ভাল ফল দেখুৱালেহেতেন । প্ৰশান্তৰ লগত কথা বতৰা পাতি গম পাল যে প্ৰশান্তৰ দেউতাক খেতিয়ক আছিল । কিন্ত খেতিয়ক হলেও ঢেৰ মাটিবাৰী আছিল, ধান-মাহ বেচি যথেষ্ঠ ধন পায় । প্ৰশান্তৰ এজন ককায়েক আৰু ভনীয়েক এজনী আছিল । প্ৰশান্ত যেতিয়া ক্লাছ চিক্সত তেতিয়া ককায়েকৰ কেঞ্চাৰ ধৰা পৰিল । ককায়েক আছিল মাক-দেউতাকৰ অতি মৰমৰ । তাৰ পাছত চিকিতসা চলিল । খৰচী চিকিতসা । মাটিবাৰী বিক্ৰী গল, অলপ অলপকৈ ঘৰখন ধাৰত পোত গল । চাৰিবছৰমান চিকিতসা চলাৰ পাছত এদিন ককায়েক ঢুকাই থাকিল । প্ৰশান্তই মেট্ৰিকত দুটা লেটাৰ পাই ফাৰ্ষ্ট ডিভিজন পাইছিল, কিন্ত ঘৰৰ অৱস্থা এনেকুৱা হল যে কলেজৰ ফীজৰ বাবে পইচা নাই । সেই সময়তে বাপেকৰো অসুখ হল । খেতিমাটি বোৰ ককায়েকৰ চিকিত্সাৰ নামত বিক্ৰী হৈছিলেই । তাৰ পাছত প্ৰশান্তৰ ওপৰত ঘৰৰ দায়িত্ব পৰিল । প্ৰশান্তই ৰীগত কন্টিজেন্টৰ কাম কৰা কৰিলে আৰু আজিও কৰি আছে ।
এতিয়া চোৱা, কোনোবাই ৰীগত লেবাৰৰ কাম কৰে, মানে পইচা-পাতিৰ প্ৰবলেম আছে । তোমাৰো আছে, বাবুলৰ আছে, চবৰে আছে । কিন্ত যদি প্ৰশান্তহতৰ পইচা-পাতিৰ অভাৱ নহলহেতেন, তেতিয়া আজি কিজানি প্ৰশান্তই পঢ়া-শুনা কৰি ডাক্টৰ-ইঞ্জিনিয়াৰ-প্ৰফেচাৰ এইধৰণৰ কিবা এটা নিশ্চয় হব পাৰিলেহেতেন ।
- হব পাৰে ছাৰ....... ৰফিকে কলে
- এই যে ড্ৰিলিং ডিপাৰ্টমেন্টৰ বৰকাকতি, লৰা যে বাহিৰত পঢ়ি আছে বুলি কৈ থাকে
- অ, সেই যে চাপৰকৈ
- বৰকাকতিৰ লৰাই গুৱাহাটীত দুবছৰ কচিং ললে, কিন্ত এন্ট্ৰেন্স ক্লিয়াৰ কৰিব নোৱাৰিলে, তাৰ পাছত বাহিৰত প্ৰাইভেট ইঞ্জিনাৰিং কলেজত নাম লগালে, তাৰ প্ৰতিভা তোমাৰ টেলেন্টতকৈ বহুত গুণে কম, কিন্ত সি সুযোগ সুবিধা পাইছে, গতিকে আগুৱাই গৈ আছে, আৰু তোমাৰ টেলেন্তক সাৰ-পানী দিব পৰাকৈ তোমালোক আৰ্থিকভাৱে সবল নহয়, গতিকে তুমি আজি ইয়াত আছা, হয় নে নহয়
- হয় ছাৰ
- মই বাবুলক কৈছিলো যে যিহেতু পইচা-পাতিৰ অভাৱ, গতিকে চিকিতসা কৰাই সৰ্বস্বান্ত হোৱাতকৈ সেইখিনি পইচাৰে ছোৱালী তিনিজনীক খুটি খাব পৰা কৰক । চিকিতসা নকৰালে ঘৈনীয়েক সোনকালে ঢুকাই থাকিব সচা কিন্ত যদি ছোৱালীকেইজনীৰ ভৱিষ্যত ভাল হয় তেন্তে সেইটোৱেই উচিত বুলি মই ভাৱো ।
- ও
- আৰু এনেকৈ ভৱাৰ বাবে যদি পৃথিৱীৰ কোনো মানুহে মোক বেয়া মানুহ বুলি ভাৱে, তেন্তে মই এজন বেয়া মানুহ ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৩)

আজিৰেপৰা কেইবছৰমান আগতে হোৱা হলে চিধাচিধিকৈ প্ৰেক্টিকেল কথা কোৱা বাবে বাবুল, ৰফিকৰ মনত মই এটা হৃদয়হীন মানুহ হৈ পৰিলোহেতেন ।

বাবুল আলি মোৰ বাংক হাউচলৈ এপ্লিকেচন লৈ অহাটো সচা আৰু হয়তো মই প্ৰেক্টিকেল কথাই কলোহেতেন ।
কিন্ত প্ৰবলেম আছে, যোৱা কেইবছৰৰ অভিজ্ঞতাই মোক শিকাইছে যে এনেকুৱা ক্ষেত্ৰত ডিপ্লমেটিক হোৱাটো প্ৰয়োজন, নহলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা ।
মই বাবুল আলিৰ হাতত থকা মেডিকেল ৰিপৰ্টটো চালো, ব্ৰেইন হেমাৰেজ, ক্ৰিটিকেল কন্ডিচন, বচাৰ আশা যথেষ্ঠ কম ।
বাবুল আলিৰ চেহেৰাত ঘৈনীয়েকৰ প্ৰতি থকা চেনচিটিভনেচ বিদ্যমান ।
আই ষ্টাৰটেড ডিপ্লমেচি..........
- বাবুল, অসুখটো গুৰুতৰ , কিন্ত বচাব পাৰিলে ভাল আছিল, আল্লাৰ ওপৰত ভৰষা ৰাখা, ওপৰৱালাই চব চাই আছে, ড্ৰিলিং ইনচাৰ্জক দৰখাস্তখন দিয়াচোন, কিবা সহায় হয়েই
- ছাৰ আপুনিও কিবা এটা........ বাবুল আলিয়ে কলে

বাবুলক একো উপদেশ দিয়াৰ চেষ্টা নকৰিলো । এনেয়ে ঝামেলাত পৰাৰ ইচ্চা নাই । ড্ৰিলিং ইনচাৰ্জলৈ লিখা দৰখাস্তখনত কাইন্ডলি কনচিডাৰ বুলি লিখি চহী মাৰিলো । পকেটৰপৰা মানিবেগটো উলিয়ালো, চাইটলৈ যাওতে মই বেছিকৈ পইচা-পাতি লৈ নাযাও । কেইটামান টকা বাবুলৰ হাতত দিলো ।
- বাবুল, এইকেইটা ৰাখা, মোৰো কন্ডিচন বৰ্তমান ভাল নহয়, বেংকৰ ডাঙৰ লোন মাৰি আছো. পইচা-পাতি যিকেইটা পাও হাতত নাথাকেই, জানাই নহয় গুৱাহাটীত চলিবলৈ কিমান পইচা লাগে
- হয় ছাৰ, মই ড্ৰিলিং ইনচাৰ্জ ছাৰৰ ওচৰৰ পৰা আহোগৈ

বাবুল আলি ওলাই গল । কিছুসময় পাছত ৰফিক আহিল । ৰফিকেও বাবুলৰ প্ৰসংগ উলিয়ালে । মই বাবুল লগত সহমৰ্মিতা প্ৰকাশ কৰিলো । ভগবানৰ ওপৰত ভৰষা ৰাখিবলৈ উপদেশ দিলো । মোৰ শুনি ভাল লগা ডিপ্লমেটিক কথাবোৰ শুনি ৰফিকৰ মনত মই আৰু ভাল মানুহ হৈ পৰিলো ।

ৰফিক মোৰ বাংক হাউচৰপৰ ওলাই গল । বাংক হাউচৰ খিড়িকীয়েদি দেখিলো, বাবুল আৰ্থিক সহায়ৰ দৰখাস্তখন হাতত লৈ ড্ৰিলিং ইনচাৰ্জৰ ৰুমৰ ফালে গৈ আছে ।

(৪)

বহুত এনেকুৱা মানুহ লগ পাইছো যি আপোনাৰ প্ৰবলেমৰ লগত সহমৰ্মিতা প্ৰদৰ্শন কৰে, সহানুভুতিৰে ওপচাই পেলায়, এনেকুৱা দেখুৱায় যে আপোনাৰ দুখত তেওতকৈ দুখী আৰু কোনো নাই । কিন্ত প্ৰকৃতাৰ্থত তেওলোকে আপোনাৰ একো সহায় নকৰে । নানান অজুহাতৰে গা এৰা দিয়ে । কিন্ত তথাপিও আমি তেওলোকক ভাল পাবলৈ নেৰো, কাৰণ ডে স্পীক ভেৰি ডিপ্লমেটিক, ডে কেন স্পীক ভেৰি চুইট । আৰু সেইবাবেই তেওলোকক আমি বহল হৃদয়ৰ ভাল মানুহ বুলি ভাবো ।

বাবুলৰ প্ৰবলেমটোৰ মোৰ হাতত একো চলুচন নাই । বিশেষ সমস্যা নোহোৱাকৈ ডিপ্লমেটিক কথাৰে মই ভাল ইমেজটো ৰাখিবলৈ সক্ষম হলো । ড্ৰিলিং ইনচাৰ্জে বাবুলক সাহাৰ্য হিচাপে দুটা ৰীগত থকা দুটা খালী ড্ৰাম দিলে । ড্ৰাম দুটা বিক্ৰী কৰি বাবুলে খুব বেছি তিনিশ টকা পাব । বাকী মানুহখিলিয়েও মিলি কেইশমান টকা বাবুলৰ হাতত তুলি দিলে । প্ৰেক্টিকেলি চাবলৈ গলে বেমাৰী এজনক গেলেকীৰপৰা ডিব্ৰুগড় মেডিকেললৈ নিবলৈ তাতকৈ বেছি ধনৰ প্ৰয়োজন হব ।

শ্বিফট শেষ হোৱাৰ পাছত কোম্পানীৰ বাছেৰে গৈ আছো । মানুহ আশাতেই জীয়াই থাকে । নিশ্চিত মৃত্যু বুলি জানিও মানুহে আশা নেৰে । যেতিয়ালৈকে হাতত পা-পইচা থাকিব, তেতিয়ালৈ ডাক্তৰী চিকিত্সা, এলপেথিক ঔষধ । তাৰ পাছত পইচা পাতি নোহোৱা হৈ আহিব , বেজ, কবিৰাজ, গাৱলীয়া চিকিত্সা । তাৰ পাছত এদিন...............
অস্থায়ী শ্ৰমিক বাবুল, বেমাৰী ঘৈনীয়েক, তিনিজনী ছোৱালী । লাইপালেঙৰ প্ৰশান্ত গগৈ । ৱৰ্ল্ড ইজ এ স্মল প্লেচ । হয়তো এদিন প্ৰশান্তৰ দৰেই কৰবাত আচিফা, আমৰিণ বা ৰাবিয়াক দেখা পাম ।
তেতিয়া হয়তো ভাবিম.........
সিদিনাখন ডিপ্লমেটিক হৈ ভাল হৈ থকাৰ সলনি অলপ হৃদয়হীন হৈ বেয়া হৈ থাকিলেই কিজানি ভাল আছিল ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...