Wednesday, May 14, 2014

বিহু এন্ড বিহু

এইকেইদিন জুবিন নামৰ চিংগাৰটোৰ ওপৰত টেমা চুটি আছে, চাল্লা বাপতি সাহোন বিহুটোৰ মঞ্চত বিজতৰীয়া গান গাবলৈ আহে,
শিবসাগৰত তিনিবছৰ থকাৰ পাছত অসমীয়া চেন্টিমেন্টটো অলপ বেছিকৈয়ে বেছি হৈ গৈছে

ৰাজীবৰ ঘৰলৈ বিহু খাবলৈ গৈছো, ৰাজীৱে তেজপুৰ ইউনিভাৰচিটিত কালচাৰেল ষ্টাদিজত কিবা ৰিচাৰ্চ কৰি আছে, বৰাচাউলৰ জলপান খাই খাই নিউজ নাও চাই আছো, নিউজ নাওত জুবিনৰ জুবিনামি দেখুৱাই আছে

- ইয়াৰ বহুত দম্ভালি হৈছে, নিজকে বহুত ডাঙৰ ছিংগাৰ বুলি ভাৱে, আমাৰ বিহুক অপমান কৰিবলৈ সাহস কৰে........ মই কলো
- আচ্চা, কচোন অসমৰ কিমান মানুহে বিহু পালন কৰে..... ৰাজীবে সুধিলে
- আৰে , বিহু অসমৰ জাতীয় উতসৱ, চবেই বিহু পালন কৰে আকৌ
- বৰাক ভেলীত বিহু পালন কৰেনে
- নকৰে
- নেপালী, চাহ -বাগানীয়া
- নকৰে
- মুচলমানসকলে
- নাজানো
- বৰপেটা-ধুবুৰীৰ মুচলমানসকলে বিহু পতা দেখিছ
- নাই
- অসমত হিন্দু কিমান শতাংশ
- ৬৫
- এতিয়া কচোন অসমৰ ভাষিক গাঠনি কেনেকুৱা
- Assamese (48.8%), Bengali (27.5%), Bodo (4.8%), Nepali (2.12%), Hindi(5.88%), Other (11.8%)
- অসমীয়া বাদ দি বেলেগ ভাষাত তো বিহু গাব নোৱাৰি
- হয়
- তেন্তে অসমীয়াত বিহু গোৱা অসমীয়া থাকিল কিমান
- ধৰাহল দুই তৃতীয়াংশ বাংলাভাষী মুচলমান, তেতিয়া অসমীয়াত বিহু গোৱা অসমীয়া থাকিল ৩৫ শতাংশ
- মানে মুঠ অসমীয়াৰ ৩৫ শতাংশ
- ও
- আৰু সেই ৩৫ শতাংশৰ ৭০ শতাংশই গাও অঞ্চলত থাকে
- হয়তো থাকে
- গতিকে গুৱাহাটীৰ বিহু ফাংচন এখনত থকা দৰ্শকৰ "অসমীয়াত বিহু গোৱা অসমীয়া" কিমান , দহৰ চাৰিজন
- ও
- আৰু ৰাতি দৰ্শকবোৰে বিহু নহয়, জুবিনক শুনিবলৈ যায়
- ও
- গতিকে জুবিনে নিজৰ ইচ্ছানুযায়ী গান গাবই
- কিন্ত বিহুমঞ্চত বিহু গাব লাগিবই
- তেনেকৈ ভৱা মানুহ দহৰ চাৰিজনহে, বাকী ছয়জনেই নাভাৱে, বিহুতলীবোৰত যেতিয়া হুচৰি প্ৰতিযোগিতা চলি থাকে, তেতিয়া থকা দৰ্শকৰ সংখ্যা আঙুলিৰ মুৰত লেখিব পৰা
- ও
- দোভাগ নিশালৈ মেক্সিমাম মানুহে বিহুমঞ্চবোৰত বিহু চাবলৈ যায় নেকি, ফ্ৰী কালচাৰেল প্ৰগ্ৰামহে চাবলৈ যায়, ফ্ৰীতে জুবিন-পাপন-প্ৰিয়ংকা-জুবিলী
- মই কিন্ত বিহু চাবলৈ যাও
- ঠিক আছে , পপুলাৰ বিহু গান এটা গাচোন
- জোনবাই এ.. বেজী এটা দিয়া বুলি....
- ধুৰ, সেইটো বিহুসুৰীয়া আধুনিক গীত, বিহুগীত নহয়
- ঢোল বজাব জান, পেপা, গগনা, ভালকৈ বিহু নাচিব জান নে নাই
- সৰুৰেপৰা গুৱাহাটীত আছো, মানে কাম চলাই দিব পাৰো, মানে ইয়াত টাইম......
- দহৰ চাৰিজনৰ মাজত তিনিজনেই তোৰ নিচিনা
- ও
- সেইবাবেই জুবিনে হিন্দী গান গায়, য়া আলি, মদদ আলি , মানে আল্লাক মদদৰ কাৰণে মাতে

কথাৰ মাজতে বৰাচাউলৰ বাতিটো শেষ হল...
নিউজ নাওত দি আছে, জুবিনৰ জুবিনামি কিমান দিনলৈ..........

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...