(১) ......নষ্টালজিয়া.....
সকলোতকৈ ডাঙৰ প্ৰশ্নটো আছিল, বৈশালীয়ে চিনি পাব তো....... ১০ বছৰ আগতে কটনত হায়াৰ ছেকেন্ডাৰীত যি এৰা-এৰি হোৱা, তাৰ পাছত ফেচ টু ফেচ কেতিয়াও দেখাদেখি হোৱা নাই । অৱশ্যে ফেচবুকত ইটোৱে সিটোৰ ফটো-ষ্টেটাছত লাইক-কমেন্ট দি থাকো ।
সন্ধিয়া ৬ বাজিছে, ৱেডিং হললৈ সোমাই গলো । প্লেন আছিল সোনকালে গৈ সোনকালে ঘুৰি অহা । গিফটটো হাতত লৈ বৈশালীৰ পিনে আগুৱাই গলো । বৈশালীৰ পিনে চালো, উফ ৰক্ষা, বৈশালীয়ে চিনি পোৱা যেন লাগিছে ।
- আহা, অহাৰ বাবে বহুত ধন্যবাদ....... বৈশালীয়ে কলে
- চিনি পাইচা তো........ মই মুখস্থ কৰি অহা ডায়লগটো মাৰি দিলো
- কিয় নাপাম, ফেচবুকত ফটোৰ ওপৰত ফটো আপলোড কৰি বৰ কৰি দিছা
বৈশালীৰ হাতত থকা শৰাইখনৰপৰা চফ ললো ।ফটোৰ কাৰণে পজ দিলো, ফটোগ্ৰাফাৰৰ কেমেৰাই ক্লিক কৰিলে ।
অলপ পাছত ওপৰ মহলালৈ খাবলৈ উঠি গলো । ফ্ৰাইড চিকেনৰ আইটেম আছিল, লেগ পিচ কেইটামান পেটত সোমাল, তললৈ নামি আহিলো । ৱেডিং হলত বহিলো ।
আমি হায়াৰ ছেকেন্ডাৰী কটনত একেলগে আছিলো । সেই সময়ত ক্ষীণ-মীন, ডাঠ চশমা পিন্ধা বৈশালী চৌধুৰীৰ লগত বহুত বেছি মিলা-মিছা নাছিল । একে ক্লাছৰ ছোৱালী বুলি মাত্ৰ চিনাকি আছিল । আচলতে সীমান্ত, কুলদীপ, অমৰেন্দ্ৰ, বিবেকানন্দ, মাৰ্তন্দ আদিৰ আমাৰ গ্ৰুপ এটা আছিল, আমি ছোৱালী নামৰ আপদবোৰৰপৰা যিমান পাৰি দুৰত অৱস্থান লৈছিলো আৰু সেয়ে ফাৰ্ষ্ট ইয়াৰৰ শেষলৈকে দুই-এজনীৰ বাদে বহুতৰ নামেই নাজানিছিলো ।
মোৰ যিমানদুৰ মনত পৰে ছেকেন্ড ইয়াৰৰ শেষলৈকে বৈশালী চেন্ট মেৰীজ স্কুলৰপৰা পাছ কৰিছিল বোলা ইনফৰমেচনটোৰ বাদে এটা কথাই মনত আছে যে এবাৰ কেমেস্ত্ৰী প্ৰেক্টিকেলত মই বৈশালীৰ টেবুলৰপৰা টেষ্ট টিউব হল্ডাৰ এটা নোকোৱাকৈ লৈ আনিছিলো আৰু ঘুৰাই দিয়া নাছিলো । পাছত বৈশালীয়ে সেই হল্ডাৰ চোৰ জন ৰোল নং ৫০১, এ.আৰ.বি হোষ্টেলৰ অমৰেন্দ্ৰ বুলি সন্দেহ কৰিছিল.. (দুয়োজনৰ ওচৰত মই ক্ষমাপ্ৰাৰ্থী)
যেতিয়াই পুৰণা কথা মনত পৰে , মানুহ নষ্টালজিক হৈ যায় । হায়াৰ ছেকেন্দাৰীৰ কি দিন আছিল, আমি আছিলো ইয়ং , এন্থুৱাস্টিক, এনাৰ্জিৰে পৰিপুৰ্ণ টিনেজাৰ । এটা ক্লাছ শেষ হোৱাৰ পাছত আনটো ক্লাছলৈ দৌৰো, ক্লাচত উল্টা-পুল্টা প্ৰশ্ন কৰো, অফত ক্ৰিকেট খেলো, পাণবজাৰৰ কিতাপৰ দোকানত ঘুৰো, বেষ্ট টাইমচ অৱ আৱাৰ লাইভছ......আমাৰ ক্লাছৰ গোটেইকেইটা গ্ৰুপ আৰু প্ৰায় গোটেইকেইজন সহপাঠীৰ সৈতে মোৰ এটা সৌহাৰ্দ্যপুৰ্ণ ৰিলেচন হৈ পৰিছিল ।
কিন্ত....এটা কথাৰ বাবে মোৰ নিজকে কেতিয়াবা অপৰাধী যেন বোধ হয়.... সেই সময়খিনিৰ ভিতৰত আই হাৰ্ট চাম ফিলিংচ, মে বি আনইনটেনচনেলি, আনউইলিংলি, বাট ছি ৱাজ হাৰ্ট, তাই বৈশালীৰ একে স্কুলৰ আছিল, নীলাক্ষী............ নীলাক্ষী ডেকা, আই থিংক ছি লাইকড মি, নাজানো কিয়, মোক তাইৰ ভাল লাগিছিল..... কিন্ত মই, সেই সময়ত আই ৱাজ টেন য়াৰ্ডছ এৱে ফ্ৰম লাভ-এট্ৰাকচন এটচেট্ৰা এটচেট্ৰা........
সাধাৰণতে সেই সময়ত কোনো ছোৱালীৰ লগত মই বেছি কথা নাপাতিছিলো, একেবাৰে জুখি-মাখি কথা কৈছিলো আৰু সেয়ে মোৰ নিক নেম হৈছিলগৈ - চিৰিয়াচনেচাৰ
কিন্ত , এদিন..... বাছৰ কাৰণে পাণবজাৰত ৰখি আছো, বগা ৰঙৰ ডিলাক্স বাছ এখন আহিল । সেই সময়ত বাছবোৰত পাছৰ দৰ্জাখন নাছিল......বাছত উঠিলো, মোৰ আগে আগে ছোৱালী এজনী উঠিল । তাই গৈ লাষ্টৰ চিটটোত খিড়িকীৰ কাষত বহিল । লাষ্টৰ পাচজনীয়া চিটটোত তেতিয়া দুটা চিট খালী হৈ আছিল । মই খালী চিটটোত বহিম নে নবহিম ঠিৰাং কৰিব নোৱাৰি প্ৰথমতে মই থিয় হৈ যাম বুলিয়েই ভাবিছিলো ।
- চিট খালী আছে চোন, বহা আকৌ, লাজ কৰিছা নেকি....... তাই মোক কলে
মই গৈ তাইৰ কাষৰ চিটৰ বহিলো । কথা-বতৰা ষ্টাৰ্ট হল, যি ষ্টাৰ্ট হল, ক্লাছৰ পৰা আৰম্ভ কৰি লেটেষ্ট চিনেমালৈকে, পচন্ডৰ খেলৰপৰা সৰু মাছ ভজালৈকে, প্ৰায় ডেৰঘন্টা নন-ষ্টপ , বেলতলাত মই নমালৈকে কথা চলি থাকিল । মই নমাৰ পাছত তাই লাষ্ট চিটৰপৰা আহি আগৰ খালী চিট এটাত বহিছিল... জীৱনত প্ৰথমবাৰৰ বাবে কোনোবা ছোৱালীৰ লগত মই ইমান সময় কথা কৈছিলো । সিদিনা মই বহুত কথা কৈছিলো ।
ফ্ৰেংকলি স্পিকিং, আই ডন্ট হেভ এনি চাচ কাইন্ড অৱ ফিলিং ফৰ হাৰ, বাট ছি হেজ ফিলিংচ এন্দ ছি ৰিভেল্ড হাৰ ফিলিংচ ।
সেই সময়ত মোৰ একো আইডিয়া নাছিল, সাহস, পৰিকল্পনা একোৱেই নাছিল আৰু সেয়ে আই ডেনিড হাৰ ফিলিংচ এন্ড আই এভইডেড হাৰ । হায়াৰ ছেকেন্ডাৰীৰ দুবছৰত তাইক বাদ দি মই কাকো ইমচনেলি হাৰ্ট কৰা নাই । কিন্ত ইচ্ছা-অনিচ্ছাকৃতভাৱে তাইক দুখ দিয়াৰ বাবে........... আজিও মই এটা অপৰাধবোধত ভোগো....
আজিৰ বৈশালীৰ বিয়ালৈ নীলাক্ষী আহিবনে......
মবাইলটো উলিয়াই ফেচবুক চাৰ্চ কৰিলো, বৈশালী-ইন্দ্ৰনীলৰ ৱেডিং ইভেন্ট, নাই,.......আমাৰ বেটছৰ মই, অমৰেন্দ্ৰ, লীনা বাচ........ অমৰেন্দ্ৰক ফোন কৰিলো, সি ডিব্ৰুগড়ত আছে, নাহে, লীনাক ফোন কৰিলো....... অহাত দেৰি হব । নীলাক্ষী ডেকা , ফেচবুকত চাৰ্চ কৰিলো, হয় , মোৰ ভুল হব নোৱাৰে, একেই চেহেৰা, একেই হেয়াৰষ্টাইল, ওঠত লাগি থকা মিচিকিয়া হাহি, নীলাক্ষী একেবাৰে সলনি হোৱা নাই....
ময়ো হয়তো একো সলনি হোৱা নাই..... এঘাৰ বছৰ আগতে ঠিৰাং কৰিব পৰা নাছিলো, বাছখনৰ চিটটোত বহিম নে নাই, আৰু.....আজি ঠিৰাং কৰিব পৰা নাই, নীলাক্ষীলৈ ফ্ৰেন্ড ৰিকুৱেষ্ট পঠাম নে নাই.......
কফি খাব নেকি । হাটত ট্ৰে লৈ থকা কেটাৰিঙৰ লৰা এজনে সুধিলে । এটা নষ্টালজিয়াৰপৰা সাৰ পাই মই মুৰ জোকাৰিলো...ঘড়ীত ৭-৪৫ হল । বৈশালীক মাত লগাবলৈ উঠি গলো ।
- যাও দিয়া, আমাৰ লগৰ কোনো আহি পোৱাই নাই
- কন্টেক যাৰ যাৰ লগত আছে চবকে মাতিছিলো, তুমি অহাৰ বাবে থেংকচ..... বৈশালীয়ে কলে
- তোমাৰ বিয়াত আহিছো কিন্ত, মোৰ বিয়াতো আহিব লাগিব ..... মই কলো
- তোমাৰ বিয়া কেতিয়া হব ভগবানেহে জানে
- দুবছৰ মান লাগিব, তুমি কেচুৱা এটা কোলাত লৈ আহিব পাৰিবা
বৈশালীয়ে মোৰ পিনে ঘোপাকৈ চালে, ........ মই তেতিয়া এটা নষ্টালজিয়াৰ আৱৰ্তনত
(২) ......অপৰাধবোধ............
ছেপ্তেম্বৰ ২০০৩, কটন কলেজ কফি হাউচ । অমৰেন্দ্ৰ, বাবলু, কুলদীপ, প্ৰবাহন, হিৰণ্য, গুলেনুৰ, অংশু আমি একেটা প্ৰেক্টিকেল গ্ৰুপত আছিলো, প্ৰতি শুকুৰবাৰে আবেলি আমাৰ প্ৰেক্টিকেলৰ গ্ৰুপটোৰ ডেৰঘন্টা সময় অফ আছিল । তেনেকুৱা এটা শুকুৰবাৰতে আমি আঠজনে কফি হাউচত এটা পেপচি আৰু এটা ষ্প্ৰাইট শ্বেয়াৰ কৰি খাইছিলো.....তাৰ পাছত গ্ৰুপ ফটো উঠিছিলো , হায়াৰ ছেকেন্ডাৰীৰ মেমৰী হিচাপে সেই এখনেই ফটো মোৰ লগত আছে । বহুত কথা পাহৰি গৈছো, আৰু কিছুমান কথা থুপ খাই আছে মস্তিষ্কৰ চেৰিবেলাম নামৰ অংশটোৰ নিউৰণবোৰৰ শাখা-প্ৰশাখাবোৰত.......
সেইদিনাখনেই, হয়, সেই গ্ৰুপ ফটোখন উঠাৰ দিনাই অমৰেন্দ্ৰই মোক কামোৰ দি দি মোৰ মুখৰ পৰা নাম এটা উলিয়াইছিল...আশাপুৰ্ণা......তাৰ পাছৰেপৰা এটা ট্ৰাইএংগোল সৃষ্টি হৈছিল......আমি আছিলো ১৭-১৮ বছৰীয়া টিনএজাৰ, নীলাক্ষী-মই-আশাপুৰ্ণা........ নীলাক্ষী আৰু আশাপুৰ্ণা ফ্ৰেন্ড আছিল...... সেই সময়ত চিনেমা এখন ৰিলিজ হৈছিল, নাম ইস্ক-বিস্ক, আৰু আমাৰ ট্ৰাইএংগোলাৰ চিটুৱেচনটো প্ৰায় চিনেমাখনৰ ট্ৰাইএংগোলটোৰ দৰেই আছিল...
তিনিওজনে ইজনে সিজনৰ ফিলিংচবোৰ বুজি পোৱাত অলপো অসুবিধা হোৱা নাছিল । কিন্ত......আই নেভাৰ ডাইৰেক্টলি প্ৰপজড আশা, নীলাক্ষী নেভাৰ ডাইৰেক্টলি প্ৰপজড মি এন্ড আই নেভাৰ নিউ হোৱাট আশা থট..... নীলাক্ষী কনফিউজড, আশা কনফিউজড আৰু এবভ অল.... ময়ো কনফিউজড...দেট টাইপ অৱ চিটুৱেচন ইন ৰিয়েল লাইফ ৱাজ ভেৰি কনফিউজিং
ফাইনেলৰ আগত হোৱা কলেজৰ চিলেকচন পৰীক্ষা, ফিজিক্সৰ বিল্ডিঙৰ ফাৰ্ষ্ট ফ্লৰত থকা প্ৰেক্টিকেল ৰুম, ইন্টাৰনেল হিচাপে ড০ মহাদেৱ পাটগিৰি ছাৰ, মোৰ ভাগত বাৰ-মেগনেট পৰিল । ছাৰৰপৰা মেগনেট আৰু বিয়াৰাৰৰপৰা কম্পাছ আৰু পেপাৰ লৈ খালী টেবুল এখনৰ ফালে গলো । টেবুলখনৰ এটা পাৰ্টত ইতিমধ্যে নীলাক্ষীয়ে অলপ বস্ত থৈছিল । বাকী খালী ঠাইখিনিত মই মোৰ বস্ত ৰাখিলো ।
- কি পৰিছে.... নীলাক্ষীয়ে সুধিলে
- বাৰ-মেগনেট... মই কলো
নীলাক্ষীয়ে হাহি এটা মাৰিলে, টেবুলখনৰপৰা অলপ আতৰি গল আৰু কৰ পৰা জানো আশাপুৰ্ণাক লৈ আনিলে
- দুয়োজনৰে একে পৰিছে, বাৰ-মেগনেট, একেলগে কৰ...... নীলাক্ষীয়ে আশাক উদ্দেশ্যি কলে
নীলাক্ষীই নিজৰ বস্তখিনি লৈ বেলেগ এখন টেবুললৈ গল, আশাই বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত লাগিল
- ই ৰাম, মেগনেটটোৱে কি যে দেখাইছে, অলপ চাই দিয়া না...... আশাই মোক উদ্দেশ্যি কলে
মই আশাৰ পেপাৰখনত মেগনেটতো থৈ লাইন দুদালমান ড্ৰ কৰি দিলো
- থেংকচ, নকবা আৰু, মা জল্ডি কলেজ গল আজি, স্পৰ্টছ উইক চলি আছে .... আশাই কলে
- তোমাৰ মাই মানে খেলা-ধুলা কৰে নেকি...... বেলবুং টাইপৰ প্ৰশ্ন এটা মুখেদি ওলাই গল
- নহয়, মা আকৌ কিয় খেলিব, মা কলেজ উইকৰ কেইটামান গেমছৰ চুপাৰভাইজাৰ
তাৰ পাছত আশাই চাই দিয়ানা বুলি কয় আৰু মই লাইন ড্ৰ কৰি দিও....কিন্ত..... আশা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰাত এক্সপাৰ্ট আছিল, তাই লগৰ বহুতক প্ৰেক্টিকেল ক্লাছত সেই প্ৰেক্টিকেলটো কৰি দিছিল,.....মই তাই যে বাৰ-মেগনেটৰ এক্সপাৰ্ট সেইকথা জনা স্বত্তেও আশাক সেইদিনা প্ৰেক্টিকেলটোৰ প্ৰায় আধা বাৰ-মেগনেটৰ লাইন ড্ৰ কৰি দিছিলো.....
সেইদিনা...... প্ৰেক্টিকেলৰ ৰুমটোত মাজে মাজে হঠাত যেতিয়া মই নীলাক্ষীৰ ফালে চাইছিলো, প্ৰায়েই চকুৱে চকুৱে পৰিছিল,........ এন্ড দেট ফেচিয়েল এক্সপ্ৰেচন অৱ হাৰ.......জোৰকৈ ক্ষীণ হাহি এটা ধৰি ৰাখিবলৈ কৰা চেষ্টা...... আই ফেল্ট গিল্টি, ভেৰি ভেৰি গিল্টি.......
আৰু সেই অপৰাধবোধটো মই যোৱা এঘাৰ বছৰে কঢ়িয়াই লৈ ফুৰিছো.....
(৩)-....... জীৱনবিহীনতা..........
ৱেল , দিজ ৱাজ চাম টিনএজ ইভেন্টচ । হায়াৰ ছেকেন্ডাৰী শেষ হল, ইভেন্টবোৰো শেষ হল । এভৰিৱান ৱেন্ট দেয়াৰ অউৱ ৱে । অমৰেন্দ্ৰ, বাবলু মেডিকেল পঢ়িবলৈ গল । হিৰণ্য, প্ৰবাহন ইঞ্জিনাৰিং, কুলদীপ, নীলাক্ষী বেলেগ এখন কলেজলৈ গল, আশাপুৰ্ণা বাংগালোৰ পালেগৈ । হায়াৰ ছেকেন্ডাৰীৰ পাছত নীলাক্ষী, আশাপুৰ্ণাৰ লগত মোৰ একো যোগাযোগ নাথাকিল । আই নেভাৰ মেট দেম দেয়াৰআফটাৰ ।
কিন্ত এটা অপৰাধবোধ মই কঢ়িয়াই লৈ ফুৰিলো । ভাবিছিলো এদিন এই অপৰাধবোধৰ পৰা নিস্কৃতি পাম, সময়ৰ লগে লগে কথাবোৰ ধুৱলী-কুৱলী হৈ থাকিল, নীলাক্ষী, আশাপুৰ্ণা, কফি হাউচ, ফিজিক্স প্ৰেক্টিকেল স্মৃতিৰ কোনোবা গহ্বৰত নিমজ্বিত হৈ পৰিল ।
সেই সময়ত কলেজলৈ যাওতে মায়ে মোক পোন্ধৰটকা দিছিল, পাণবজাৰলৈ তেতিয়া ভাড়া আছিল পাচটকা, ৰিজাৰ্ভ বেংকলৈ চাৰিটকা, এটকা বচাবলৈ মই প্ৰায়েই ৰিজাৰ্ভ বেংকত নামি দিছিলো, কেন্টিনত পৰঠা এখন তেতিয়া ছয়টকা আছিল......সেই সময়ত দেউতাৰ নাৰ্ভাচ ব্ৰেকডাউন হৈছিল, ডাক্টৰ-হস্পিতালৰ ফীজ, ঔষধ, দৰমহা নাছিল, এটা সময়ত পোন্ধৰটকাটোৰপৰা পাচটকীয়া নোট এখন হেৰাই গৈছিল...
তেতিয়া আমি থকা দুশ স্কুৱেৰফুটৰ ভাড়াঘৰটোত দুটা কোঠালি আছিল আৰু কেম্পাছটোত থকা চৈধ্যঘৰ মানুহে দুটা বাথৰুম শ্বেয়াৰ কৰিছিল , কলেজলৈ যাবৰ জোখাৰে মোৰ তিনিটা চাৰ্ট আছিল, এটা বগা ৰঙৰ আন দুটা নীলা......
দুশ স্কুৱেৰফুটত থকা এই দুটা ৰঙৰ মাজত নীলাক্ষী ডেকা বা আশাপুৰ্ণা কাকতিৰ বাবে ঠাই থকাৰ কোনো প্ৰশ্নই নাছিল...... দেয়াৰ ৱাজ ন স্পেচ ফৰ এনি ফিলিংচ.......
বাহিৰত কিনকিনীয়া বৰষুণ এজাক আৰম্ভ হৈছে, খিড়িকীখন খুলি দিলো.......
চেচা বতাহ এজাক খিড়ীকিয়েদি সোমাই আহিল.... বতাহজাকে এটা ফিলিংচক কপাই তুলিলে
যোৱা এঘাৰ বছৰত ফিলিংচবোৰৰৰ বাবে কেতিয়াবা স্পেচ ক্ৰিয়েট হৈছিল নেকি...............
আশাপুৰ্ণা কাকতি বৰ্তমান অস্ত্ৰেলিয়াত চেটল কৰিছে, তাইৰ হাজবেন্ড চফটৱেৰ ইঞ্জিনিয়াৰ, হাজবেন্ড আৰু তাই বৰ্তমান অস্ত্ৰেলিয়াৰ চিটিজেন....নীলাক্ষী ডেকা, ৰিলেচনচিপ ষ্টেটাছ, এংগেজদ, মোৰ নটিফিকেচনত যোৱামাহত হৈ যোৱা তাইৰ এংগেজমেন্টৰ ফটো ওলাইছে, তাইৰ মুখত এটা ক্ষীণ হাহি........
অমৰেন্দ্ৰলৈ ফোন কৰিলো..
- কেইমাহমান আগতে তুমি মোক ফোন কৰিছিলা, মনত পেলোৱাচোন
- কেতিয়া............অমৰেন্দ্ৰই সুধিলে
- তুমি যে নীলাক্ষীৰ কথা উলিয়াইছিলা
- হয়, যোৱাবছৰ মাৰ্চত তোমাক ফোন কৰিছিলো
- নীলাক্ষীয়ে তোমাক ফোন কৰিব দিছিলনেকি
- য়েছ
- অহ, হে ভগবান............, জীৱনত বহুত ডাঙৰ ভুল হৈ গল, এন ইৰিভাৰচিবল মিচটেক, হু টু ব্লেম, মোৰ বাহিৰে কোনো দোষী নহয়
বাহিৰৰপৰা চেচা বতাহজাক বেছি জোৰেৰে সোমাই আহিল, খিড়িকীখন জপাই দিয়াৰ ইচ্ছা নগল......
অমৰেন্দ্ৰৰ ফোনটো কাটি মোৰ পোন্ধৰশ স্কুৱেৰফুটৰ ফ্লেটটোৰ বেলকনিলৈ ওলাই গলো....
যোৱা এঘাৰ বছৰত..... হোৱাট আই আৰ্ণড..... ফিউ স্কুৱেৰফুটছ.......
কিনকিনীয়া বৰষুণজাক, হিমশীতল চেচা বতাহ,
মই অনুভৱ কৰিলো...... হাহি এটা সংক্ৰমিত হৈছে, ফিজিক্সৰ প্ৰেক্টিকেল ৰুমত নীলাক্ষীৰ চেহেৰাৰ জোৰকৈ ধৰি ৰাখিব খোজা হাহিটো এঘাৰ বছৰ পাছত সংক্ৰমিত হৈছে ......... মোৰ মুখমন্ডললৈ...
বাহিৰত ঘোপমৰা এন্ধাৰ........পৃথিৱীখনত জীৱনবিহীনতাৰ নিৰ্জনতা
No comments:
Post a Comment