কোৱান্টাম
(১)
ইউনিভাৰচিটি, চন ২০০৭, ফাৰ্ষ্ট চেমিষ্টাৰ, প্ৰথম পেপাৰ , ফিজি্কেল কেমেস্ত্ৰী ।
চেমিষ্টাৰটো কেনেকৈ পাৰ হৈ গল গমেই নাপালো । চিলেবাছৰ মাথা মুন্ডা একো আওভাও পোৱা নাই ।পাছদিনা পৰীক্ষা আছে, ষ্টেটিচটিকেল থাৰ্মডাইনামিক্স, কোৱান্টাম কেমেস্ত্ৰী, ইলেকট্ৰিকেল ডবল লেয়াৰৰ দীঘল-ডাঙৰ ডিৰাইভেচন, কোনোপধ্যে মাথাত নোসোমায় । ৰুমমেট মুখস্থ কৰাত ব্যস্ত, ইশ্বৰক চিন্তি বিচনাত বাগৰি দিলো ।
পাছদিনা এক্সাম হলত নৱনীতাকো বহুত টেনচনত দেখিবলৈ পালো । নৱনীতাক মোৰ ভাল লাগে, কিন্ত সেই ৰাজৰ্ষিটো, এনেয়ে লৰাটো ভাল, চাধা-চিধা, বেছি কথা-বতৰা নকয়, কিন্ত সিও নৱনীতাক খেপ দি আছে । চাল্লা, সি ক্লাছৰ টপাৰ, সেইটো সুবিধা লৈ সি কনচেপ্ট বুজোৱাৰ বাহানা মাৰি নৱনীতাৰ লগত চেনী খাই থাকে । এতিয়াও সি নৱনীতাক কিবা এটা ডায়েগ্ৰাম আকি বুজাই আছে ।
১০ টাৰ পৰা পৰীক্ষা আৰম্ভ । কুৱেচন পেপাৰ দিলে, চাৰিঘন্টাৰ পৰীক্ষা, ফুকন ছাৰ ইনভিজিলেটৰ, খুব কাঢ়া মানুহ, ৰুমত পায়চাৰি কৰি আছে । ইফালে সিফালে হিলিবৰ সাধ্য নাই, চবেই মুৰ তল কৰি লিখি আছে । ৮০ নম্বৰৰ ১৫ মান কৰিলো, ইপালে সিফালে চাই আছো কিজানি কৰবাৰপৰা কেইটামান নম্বৰ আহেই ।
- কি হল, ইফালে সিফালে কি চাই আছা, কমন পৰা নাই নেকি..... ফুকন ছাৰে সুধিলে
- কমন বহুতকেইটা পৰিছে, কোনটো আগতে কৰিম ভাবি আছো........ মই কলো
ফুকন ছাৰে আগৰ দৰেই বেঞ্চৰ শাৰীবোৰৰ মাজেদি পায়চাৰি কৰি থাকিল ।
(২)
এক ঘন্টা শেষ হল । চলিহা ছাৰ ফুকন ছাৰৰ ঠাইত আহিল । চলিহা ছাৰ ভাল মানুহ । ভাল মানে একো দিগদাৰি নিদিয়ে । পেপাৰ এখন লৈ চকীত বহি থাকে । মাজে মাজে চশমাৰ ওপৰেদি চকু উলিয়াই কয়.......... কীপ চাইলেঞ্চ
হাৰ্ডবৰ্ডত চাৰিটা কমন আছিল, মাৰি দিলো । স্ক্ৰডিংগাৰ নামৰ মক্কেলটোৱেনো ইমান টান টান ইকুৱেচন উলিয়াব লাগেনে, খালী ইন্টিগ্ৰেছন, ডেল্টা, থিটা, বিটা.... ধুৰ, একো বুজি নাপায় । হাৰ্ডবৰ্ডৰ মেটেৰিয়েলখিনি আনছাৰশ্বিটত তুলি ললো, ২০ আহি গল ।
ছিক্স পকেটটোৰ বটম জেপকেইটাত কেইটামান কমন আছে, সেইকেইটা হলে পাছ কৰি যাম ।
ছিক্স পকেটটোৰ বাও জেপৰপৰা সাবধানে কাগজ এখন উলিয়াই ললো । বাওহাতৰ তলুৱাত কাগজখন লুকুৱাই ললো । থাৰ্মডাইনামিক্সৰ ডিৰাইভেচন ষ্টাৰ্ট হল ।
দুঘন্টা শেষ হল । আহমেদ ছাৰ ইনভিজিলেটৰ হৈ আহিল । আহমেদ ছাৰ আমাৰ ফেভাৰিট । ছাৰে নোটছ নিদিয়ে, কিন্ত ছাৰৰ ক্লাছৰ মজাই বেলেগ, স্পষ্ট কথনভংগী, স্পেচিফিক কনচেপ্ট, টু ডা পইন্ট কনটেন্ট ডেলিভাৰী, মুঠৰ ওপৰত টপ ক্লাছ ।
ছাৰ মোৰ ফালে অহা দেখি কমনৰ টুকুৰাটো হাৰ্ডবৰ্ডৰ তলত লুকুৱাই ললো ।
- কিহে ডেকা লৰা, পেপাৰ কেনেকুৱা পাইছা....... আহমেদ ছাৰে সুধিলে
- টান হৈছে ছাৰ, ক্লাছত পঢ়োৱা একো কমনেই অহা নাই..... মই কলো
- ইউজ দা কনচেপ্টছ এন্দ ইউটিলাইজ এ লিটিল বিট আৱ ব্ৰেইন, ইচ কুৱেচন ইজ চিম্পল আহমেদ ছাৰে কলে
কতনো ব্ৰেইন আৰু কনচেপ্ট খটুৱাম, ছাৰ আতৰ হোৱাৰ পাছতেই কমনৰ টুকুৰা উলিয়াই কপি কৰাত লাগিলো ।
(৩)
তিনি ঘন্টা শেষ হল । আকৌ ফুকন ছাৰ ইনভিজিলেটৰ হলহি ।
কমনকেইটা প্ৰায় ইউজ কৰিলোৱেই, মাত্ৰ এটা বাকী । সময় বহুত আছে । বাথৰুমলৈ গৈ অলাগতিয়াল টুকুৰাবোৰ এলিমিনেট কৰি আহিলো । আৰু এটা লিখি বহী জমা দিব লাগিব । নেক্সট এক্সাম পৰহিলৈ, হাৰ্ডবৰ্ড আৰু কমনবোৰ ঠিকঠাক কৰিব লাগিব ।
বাথৰুমৰপৰা আহি ছিটত বহিলো । বিশেষ কাইদাৰে কমনৰ টুকুৰাটো হাৰ্ডবৰ্ড, আনছাৰচিট আৰু এডমিট কাৰ্ডৰ মাজত এনেকৈ ৰাখিলো যে মোৰ বাহিৰে আনে সহজতে ধৰিব নোৱাৰে ।
মুৰ তল কৰি কমনটো লিখিবলৈ ষ্টাৰ্ট কৰিলো ।
- হেই, হোৱাট য়ু আৰ ডুইং, চিটিং ইন দা এক্সাম, লাজ নালাগে....... ফুকন ছাৰৰ মাত শুনিবলৈ পালো
মোৰ মুৰ তল হৈ থাকিল । এতিয়ালৈ এটা ভাল লৰাৰ ইমেজ মেইনটেইন কৰি আহিছিলো । প্ৰথমবাৰৰ বাবে ধৰা পৰিছো, আৰু হয়তো শেষবাৰৰ বাবে, কাৰণ ফুকন ছাৰ কাঢ়া মানুহ । নকল কৰাৰ শাস্তিস্বৰুপে মোক পৰীক্ষাহলৰপৰা উলিয়াই দিয়া হব, ইউনিভাৰচিটিৰ নিয়মমতে তিনিবছৰলৈ চাচপেনচন । মানে কেৰিয়াৰ শেষ । হে ভগবান, মা-দেউতাক কি কম , কেনেকৈ মুখ উলিয়াম , আৰু নবনীতা, তায়ো মোক ভাল লৰা বুলিয়েই ভাৱে । এতিয়া মই নাপাত্তা হৈ যাম । তাই আৰু ৰাজৰ্ষি, উফ..... চব ফিনিছ হৈ গল ।
ৱাটাৰ ড্ৰপলেট কেইটামান চকুত গোট খালেহি.......,
যি হল হল, ফুকন ছাৰৰ হাতে ভৰিয়ে ধৰি হলেও এইবাৰলৈ বাচিব লাগিব । লাগিলে হুকহুকাই কান্দি দিম, ছাৰৰ ভৰিত পৰি দিম, চব ছাৰৰে ভৰিত পৰি দিম ।
কন্দনমুৱা চেহেৰাটো লৈ মুৰ তুলিলো । আগফালৰ কেইটাই মোৰফালে চাই আছে । চকুপানী এই ওলাও এই ওলাও আৰু............... কিন্ত
আগফালৰকেইটাই চাই থকা ডাইৰেক্সনতে পাছফালে ঘুৰি চালো । চকুৰ ৱাটাৰ ড্ৰপলেট ডিচএপিয়াৰ গৈ পৰিল......
ফুকন ছাৰ মোৰ ওচৰত নাই । ফুকন ছাৰ মোৰ দুখন বেঞ্চৰ পাছত । ইট ৱাজ চামৱান এলজ কট ৰেড হেনডেড...............
এক্সুৱেলি ইন ইউনিভাৰচিটি, মোৰ ৰুমমেটৰ বাদে কোনেও মোক ৰংগে হাথ ধৰিব পৰা নাছিল ।
(৪)
২ বছৰ পাছত,
এতিয়া মই কলেজ এখনৰ লেকচাৰাৰ । মই চলিহা ছাৰৰ দৰে অমায়িক, ফুকন ছাৰৰ দৰে তীক্ষ্ণ আৰু আহমেদ ছাৰৰ দৰে ডাইনামিক পাৰ্চনেলিটি একুৱাইৰ কৰিছো । এ মেন অৱ ডিচিপ্লিন এন্ড প্ৰিন্সিপলচ । অৰ্থাত মই ষ্টুডেন্টৰ মাজত যথেষ্ঠ পজিটিভলি পপুলাৰ ।
ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম ডিউটি পৰিছে । বেঞ্চৰ শাৰীৰ মাজে মাজে পায়চাৰী কৰি আছো, কিছুসময় পাছত চকী এখনত বহি পেপাৰ পঢ়াত লাগিলো । লৰা-ছোৱালীবোৰৰ ফুচফুচনি ষ্টাৰ্ট হল......... টেবুলত ঢকা এটা মাৰি চিঞৰিলো........ কীপ চাইলেঞ্চ
মোৰ শেনৰ দৰে তীক্ষ্ণ নজৰ লৰা এটাৰ ওপৰত পৰিল । হেই..... বুলি কৈ উঠি গৈ তাৰ ওচৰ পালোগৈ । লৰাটো ঘামিবলৈ আৰম্ভ কৰিছে, তাৰ বেঞ্চৰ তলত কেইটামান কাগজৰ টুকুৰা ।
- কি চাবজেক্টৰ....... মই সুধিলো
- ইকো ........ লৰাজনে সেপ ধুকি কলে
- ইউজ দা কনচেপ্টছ এন্দ ইউটিলাইজ এ লিটিল বিট আৱ ব্ৰেইন, ইচ কুৱেচন ইজ চিম্পল, আগলৈ ভালকৈ পঢ়া-শুনা কৰি আহিবা, বেকা ৰাস্তা সদায় ভুল ৰাস্তা
............ কপি থকা লৰাজনৰ পিঠিত লাহেকৈ চপৰিয়াই ক্ষীণ হাহি এটা মাৰি পুনৰ হলটোত পায়চাৰি কৰাত লাগিলো ।
দুবছৰৰ আগতে ফুকন ছাৰৰ আগত নৱনীতাই কান্দি থকা দিনটোলৈ মনত পৰিল......
আহমেদ ছাৰেও সিদিনা মোৰ কমনৰ টুকুৰাবোৰ দেখিছিল নেকি......

বিকাশ শইকীয়া
বেলতলা, জয়ানগৰ, গুৱাহাটী
পিন-৭৮১০২৮
ফোন-৯৮৬৪১৫৮০৭১,
No comments:
Post a Comment