Thursday, May 15, 2014

ৱেডিং ৰিচেপচন (২) – অন্নপুৰ্ণা বিবাহ ভৱন

যোৱা চাৰি দিনত চাৰিখনকৈ ৰিচিপচন এটেন্দ কৰিছো.......
১৬ অক্টোবৰ..... এইখন ৰিচিপচনত মই ডাইৰেক্ট ইনভাইটি নহয়.. এক্সুৱেলি মম্মীৰ কোনোবা লগৰ মহিলাৰ জীয়েকৰ বিয়া.... স্থান অন্নপুৰ্ণা বিবাহ ভৱন, বেলতলা
প্ৰবলেমটো হল যে ভাৰত-অস্ট্ৰেলিয়াৰ মেচ চলি আছে..... গতিকে দেউতা টিভিৰ আগৰপৰা উঠিবলৈ নাৰাজ...... অগত্যা মোকে বলি কা বকৰা বনোৱা হল...

মম্মীৰ লগত ময়ে ওলালো... ফৰ্মেল চাৰ্ট, ফেডেড জিনচ, চেন্ডেল চু........
অন্নপুৰ্ণা বিবাহ ভৱনটো আমাৰ ঘৰৰপৰা বেছি দুৰত নহয়, খোজকাঢ়িয়েই গলো
বিবাহ ভৱনত সোমায়েই মম্মীয়ে লগৰ মহিলা পাৰ্টিৰ লগত মিটিং জমোৱাত লাগি গল.... মই চুক এটা কেপচাৰ কৰি বলি কা বকৰা হোৱাৰ আমেজকণ এনজয় কৰি আছো..... মানে কইনাৰ সোৱে-বাৱে বহি থকা তথা হলৰ ভিতৰত থকা বিউটিৰ ওপৰত নজৰ দি আছো........

কইনাৰ সোফালে থকাজনী ভাল লাগিছে.... তাই পিৰিক-পাৰাককে ইফালে সিফালে চাই আছে.... দুই এবাৰ চকুৱে চকুৱে পৰিল.... মই নজৰ দি আছো...
সেই সময়তে Drumil Baruah ই ফোন কৰিলে
- আৰে বিকাশ, ছুটী কেতিয়ালৈ, কেতিয়া আহিবা
- ধেই দ্ৰুমিল দা, আপুনি একেবাৰে অদ টাইমত ফোন কৰিছে, বিয়া এখনত আছো, এংগোল এটা মিলাই আছিলো
- হব দিয়া হে, আহিবা কেতিয়া
- মই অনিৰ্দিষ্টকালীন চেল্ফ লিভত আছো, ২১ তাৰিখে যাম
- ২১ তাৰিখ !!! বাপৰে, ৮ তাৰিখে গৈছিলা, ইমান ছুটী কেনেকে পোৱা
- ধেই.... থওক না হে, পিছত কথা পাতিম, আপুনিতো আগতেই এংগোল মিলাই থৈয়েই দিছে, আমাৰহে একো হোৱা নাই, নজৰ এটা মিলাই আছিলো, আপুনি কাবাব মে হাড্ডি হৈ আছে এতিয়া
- অকে, অকে, ছৰী, তুমি এংগোল মিলাই থাকা, গুড লাক

Drumil Baruahৰ ফোনটো কাটি কইনাৰ ফালে চালো, আৰে কাষৰজনী কত..... ইফালে চালো, কইনাৰ কাষৰজনী বেলেগ এজনৰ লগত হাহি মাতি কথাত ব্যস্ত
অলৰেডি বুকড... অকে...... বেলেগ পিনে নজৰ দিয়াত লাগিলো
ছেকেন্ড ৰো থাৰ্ড কলামৰ পিংক কালাৰজনী ভাল লাগিছে....... নজৰ চে নজৰ মিলোৱাৰ চেষ্টা কৰি আছো........

- আৰে, ইমান দিনৰ মুৰত, তোক ধৰিবই পৰা নাছিলো
কোনোবাই পিছফালৰপৰা ঢকা এটা মাৰিলে........ ঘুৰি চালো ৰিয়াজ.....

- এইটো কি হল, ওপৰপিনে কত গল...... ৰিয়াজে মোৰ বাঢ়ি অহা পেট আৰু কমি অহা চুলিখিনি দেখুৱাই সুধিলে

ৰিয়াজ মোৰ লগৰ স্কুলত একেলগে আছিল, তাৰ বৰ্তমান এখন কাঠৰ দোকান আছে..... স্কুলত থাকোতে মোৰ হাতৰ আখৰ ভাল আছিল, ৰিয়াজে আমিনালৈ দিয়া চিঠিবোৰ মোৰ দ্বাৰা লিখোৱাইছিল.......
ৰিয়াজে কয়, মই লিখি যাও........ ডিয়েৰ আমিনা... তই মোৰ দিলৰ ৰাণী..... মোৰ লাভ আমাৰ স্কুলৰ দমকলৰ পিউৰ পানী.... তোৰ মোৰ হব ৰাজ-চিমৰণৰ কাহিনী..... এবাৰ যদি কৈ দিয় আই লাভ ইউ বুলি............
মই কও.. তই টো তুমি কৰি দিও নেকি........
ৰিয়াজে কয়..... নালাগে.... তই টো বেছি নিজৰ লাগে
চিঠিখনৰ শেষত নামটো ৰিয়াজে নিজেই লিখে..... তোৰ মৰমৰ ৰিয়াজ

পাপা... পাপা...... মোৰ লগত ক্ৰিকেট খেলিব পৰাকৈ ডাঙৰ হোৱা বাচ্চা এটা দৌৰ মাৰি ৰিয়াজৰ কোচত উঠিলগৈ...... পাছে পাছে শকত মহিলা এজনী
- ই মোৰ লৰা, ৰিয়ন, আৰু এইকতো চিনি পাইচই ... আমিনা
আমিনা শকত হৈছে, এতিয়া ছোৱালী হৈ থকা নাই, মহিলা হৈ পৰিছে
- এতিয়া তই তো আমিনা আৰু মোৰ দুইফালৰে হয়, ৰিয়নে তোক খুড়া কব নে মামা কব, কনফিউজন ...... ৰিয়াজে হা হা কৈ হাহি কলে
ৰিয়াজৰ লৰাটোৱে বৰদেউতা বা জেঠা কোৱাৰ আগতেই মই কলো
.
.
.
- আংকল বুলি মাতিলেই হল

বি. দ্ৰ- ১৭ তাৰিখে লক্ষীনন্দন দাৰ বিয়া , ছয়মাইলত........ তাত কোনো ভতিজা-ভাগিন লগ নাপালেই হল........ শ্ৰী বিষ্ণু...........

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...