Thursday, May 15, 2014

কনফেচন

কনফেচন

কেইবছৰমান আগতে, ডে আফটাৰ ভেলেনটাইন ডে, তেতিয়া জালুকবাৰীৰ অভাৰব্ৰীজৰ ফাউন্ডেচন ষ্টাৰ্ট হোৱা নাই, ভুপেন হাজৰিকা তেতিয়া জীৱিত, শিৱসাগৰলৈ এ.এছ.টি.চি ৰ এ.চি বাছ নচলে , তেতিয়া অৰকুট কৰো, ফেচবুকত একাউন্ট নাছিল

দুপৰ নিশা, বিচনাখনত ইলুটি-সিলুটি মাৰি আছো, টোপনি অহা নাই, বাহিৰত ফৰিংফুটা জোনাক, কিবা এটাৰ চিন্তাত মন-মগজু ভাৰাক্ৰান্ত, কিবা এটা কথা ডিচাইড কৰিব পৰা নাই .........

ওচৰৰ বিচনাখনত মম্মী, গভীৰ নিদ্ৰাত,
- মা........ মই মাতিলো
কোনো সাৰসুৰ নাই
- মা...... মই আকৌ মাতিলো
- ও........ এটা ৰিপ্লাই আহিল
- লগৰ ছোৱালী এজনীক মই ভাল পাও......... আধা ছেকেন্ডৰ এটা বাক্য

তাৰ পাছত অলপ নিস্তব্ধতা, বাহিৰত জোনাক, ভিতৰত জিৰো পাৱাৰ বাল্বৰ ক্ষীণ পোহৰ,
ধহমহকৈ এটা শব্দ হল, জিৰো পাৱাৰৰ পোহৰত দেখিলো মম্মী হঠাতে টোপনিৰপৰা উঠি বিচনাত বহিছে, কিন্ত মোৰ পিনে চোৱা নাই, খিড়িকীখনেদি জোনাক এচমকা টেবুল এখনত পৰিছে, মম্মীয়ে টেবুলখনলৈ চাই আছে, টেবুলখনৰ এপৰত এজাপ কিতাপ, ৰুমটোৰ ভিতৰত নিস্তব্ধতা

- কিন্ত তাই মোক ভাল নাপায়.......... নিস্তব্ধতা ভাঙি আৰু এটা আধা ছেকেন্ডৰ বাক্য

বাহিৰত জিলিৰ মাত , ফৰিংফুটা জোনাক, ভিতৰত নিস্তব্ধতা, তাৰ পাছত নিস্তব্ধতা ভংগ নহল,
মম্মী আকৌ বিচনাত শুই পৰিল
.................................
উচকে বাদ না মম্মী নে কভী পুচা, না মেনে কভী কাহা, ৱ কৌন থী.....
(মই সেই মেমৰীটো এটা ড্ৰীম বুলি ভাৱিছিলো)
................................................
জালুকবাৰীৰৰ লাচিত চক নোহোৱা হল, ভুপেন হাজৰিকা ইজ ন মৰ, গুৱাহাটীত কে.এফ.চি দুখন হলগৈ........
ডে আফটাৰ ভেলেনটাইন ডে, ফেচবুকত চাৰ্ফ কৰি টাইম পাচ কৰি আছো,
- এইজনীয়ে সেইজনী আছিল নেকি......... মোৰ কান্ধত মম্মীৰ হাত এখন, মম্মীৰ আনখন হাতত একাপ চাহ, লেপটপৰ স্ক্ৰীণত বিউটিফুল ছোৱালী এজনী

কালি ৰাতি জোনটো আকাশত ওলোৱা নাছিল..............

.......................................

( বি.দ্ৰ. লেপটপৰ স্ক্ৰীণৰ ফটোখন আছিল পৰিণীতিৰ, সেই যে প্ৰিয়ংকা, চিনেমা কৰে যে, তাইৰ ভনীয়েক )

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...