Thursday, May 15, 2014

উত্তৰ আধুনিকতাবাদত ফেমিলী প্ৰবলেমছ

(ইন্টাৰনেটৰপৰা অনুদিত)

ফ্লৰিডাৰ এখন বিয়েৰ বাৰত ভাৰতীয় মানুহ এজনে আমেৰিকান বন্ধু এজনৰ লগত হুইস্কী পান কৰি আছিল
ভাৰতীয়জনে আমেৰিকানজনক কলে, " মোৰ বহুত ফেমিলী প্ৰবলেম বুইছ l মা-দেউতা একেবাৰে আধুনিক নহয় l মোৰ বিয়া ঠিক কৰিছে কোনোবা এখন গাৱৰ গাৱলীয়া এজনীৰ লগত যাক মই কেতিয়াও দেখাই নাই l তইয়েই কচোন, যাক কেতিয়াও দেখাই নাই, তাইক কেনেকৈ বিয়া পাতো l এই সস্তীয়া ভাৰতীয় মানুহবোৰ মৰ্ডাৰ্ণ কেতিয়া হবগৈ l "
- হু................ আমেৰিকানজনে কলে
- এতিয়া মা-দেউতাক মোৰ সিদ্ধান্তৰ বিষয়ে কলো যে সেই গাৱলীয়াজনী মোৰ লগত কোনোপধ্যে নিমিলিব l গতিকে কেঞ্চেল, কিন্ত এতিয়া বুঢ়া-বুঢ়ীৰ যিহে কন্দা-কটা l ধেৰ প্ৰবলেম, কি যে আউটডেটেড ফেমিলীত জন্ম ললো l হে গড , আই হেভ লটছ অৱ ফেমিলী প্ৰবলেমছ l

এটা পেগ পি আমেৰিকানজনে কলে, "এতিয়া মোৰ কাহিনী শুন, মোতকৈ পাছবছৰ ডাঙৰ এজনী বিবাহ-বিচ্ছেদিতা মহিলাৰ সৈতে মোৰ প্ৰেম হল l তিনিবছৰ ডেটিঙৰ পাছত আমি বিয়া পাতিলো l কিন্ত এবছৰ পাছত তাইৰ আগৰফালৰ জীয়েকজনী মোৰ দেউতাৰ প্ৰেমত পৰিল l দেউতাইও প্ৰেম-বিবাহ কৰি ললে l নিয়মমতে এতিয়া মোৰ দেউতা মোৰ জোৱাই হৈ পৰিল আৰু মই মোৰ দেউতাৰ শহুৰ l "
- কি কৱ বে........... ভাৰতীয়জনে কলে
- তাৰ পাছত মোৰ এটা সন্তান জন্ম হল l বৰ্তমান পাৰিবাৰিক নিয়মমতে মোৰ সম্তান আৰু মোৰ দেউতাৰ ঘৈনীয়েক ভাই-ভনী l আৰু ইফালে চাবলৈ গলে মই মোৰ সন্তানৰ খুডাক l
- .................... ভাৰতীয়জনে পেগটো টেবুলত থলে
- সমস্যা আৰু জটিল হৈ পৰিল যেতিয়া মোৰ দেউতাৰ সন্তান এটা জন্ম হল l এতিয়া মোৰ দেউতাৰ সন্তানটো, অৰ্থাত মোৰ ভাইটি চাবলৈ গলে মোৰ নাতি l
-.................... ভাৰতীয়জনৰ নিচা ফাটি গল
- এতিয়া এফালৰপৰা চাবলৈ গলে, মই মোৰ নিজৰে ককা আৰু আনফালে মই মোৰ নিজৰে নাতি, আৰু তুমি কোৱা যে তোমাৰ ফেমিলী প্ৰবলেম আছে, গিমি এ ব্ৰেক ডুড ........আমেৰিকানজনে হুইস্কীৰ শেষ পেগটো শেষ কৰিলে

কেইদিনমান পাছতে ভাৰতীয়জন বিবাহৰ বাবে ভাৰত পালেহি

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...