চানমাৰিত গ্ৰন্থমেলা চলি আছে..... দুপৰীয়া বাইক ষ্টাৰ্ট দিলো, পিঠিত বেগ
এটা.......পাচ টকীয়া টিকট কাটি সোমালো, মানুহৰ ভীৰ এই সময়ত কম হয়, ভালেই,
বেচি মানুহত সমাগম মোৰ পচন্দ নহয়....প্ৰথমতেই আক-বাকত সোমালো........ চাংলট
ফেনলা, পপীয়া তৰাৰ সাধু....... তাৰ পাছত ষ্টুডেন্ট ষ্টোৰচত অজিত বৰুৱাই
অনুবাদ কৰা আলবাৰ্ট কেমুৰ প্লেগ কিনিলো.... বিভিন্ন বিপনীত ভিজিট দিলো,
অনুবাদ কৰা কিতাপ কেইখনমান কিনিলো......
পীকস্কীল,ও হেনৰীৰ গল্প, সময় যন্ত্ৰ, জেকিল-হাইড, কাইলৈ এনে ঘটিছিল.......
আলফাৰ ওপৰত ভিত্তি কৰি লিখা দিলীপ বৰাৰ কলিজাৰ আই.. পুৱতি তৰা, বাঘে টাপুৰ
ৰাতি.... পিঠিত বেগটো ভৰ্তি হৈ গৈ আছে .........
বিপনী এখনত সোমালো, কিতাপ এখন দেখিলো, ইচ্ছা- অনিচ্ছা স্বত্তেও কিছু কথা......লেখিকা প্ৰাক্তন বিপ্লৱী , কিতাপখনৰ বেটুপাতত থকা ইচ্ছাটোৰ ওপৰত ক্ৰছ চিন এটা আছে..... মেলি ললো, দাম তিনিশ টকা...... আৰম্ভনিৰ পেজটোত নাম এটা লিখা আছে.... প্ৰাক্তন বিপ্লৱী স্বামীৰ হাতত....... চাল্লা টেমা গৰম হৈ গল.......
এটা বিপ্লৱৰ নামত পয়ত্ৰিশ বছৰত হাজাৰ হাজাৰ মানুহ মৰিল, ঘুণীয়া হল, কিমান সম্ভাৱনাপুৰ্ণ জীৱন ছাই হৈ গল....আৰু সেই ছাইবোৰক লৈ আপুনি সাহিত্য কৰিছে, বিপ্লৱ বাদ দি কিতাপ লিখি লেখিকা হৈছে..... আৰু সেই কিতাপখন উচৰ্গা কৰিছে সুশৰীৰে আৰামত থকা নিজৰ জীৱিত স্বামীৰ নামত.... ইমান স্বাৰ্থপৰ ...... কথাটো একেবাৰে হজম নহল......
আৰু আপোনালোকে যদি সচাকৈয়ে বিপ্লৱ কৰিছিল আৰু সেই বিপ্লৱৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা আছে আৰু সেই আপুনি আদৰ্শ বুলি ভৱা কথাবোৰ ৰাইজক জনাব খুজিছে, তেনেহলে কিতাপৰ দাম তিনিশ টকা কিয়... আপোনালোকেতো সাধাৰণ মানুহৰ হকে বিপ্লৱ কৰিছিল.........এইখিনি কথা অন্তত বুজিব লাগিছিল যে.....দিনত এশ টকা উপাৰ্জন কৰা সাধাৰণ খাটি খোৱা মানুহ এজনৰ তিনিশ টকা দি কিতাপ কিনাৰ সামৰ্থ নাই, নিকিনে ..... হয়তো কোনোবা অভিজাত মানুহৰ ড্ৰয়িংৰুম শুৱনি কৰিব আপোনাৰ কিতাপৰ কভাৰটোৱে.....
- এইখন দিম নেকি...... বিপনীখনৰ লৰা এজনে সুধিলে
- চা ভাই, ৰাতি টোপনি ক্ষতি কৰি, চাহবাগান আৰু জংঘলৰ মাজত মহ-ডাহ-ড্ৰিলাৰ-বছৰ কামোৰ খাই মুৰৰ ঘাম মাটিত পেলাই পইচা উপাৰ্জন কৰো, আৰু সেই সত পথেৰে অৰ্জা পইচাৰ তিনিশটা টকা কোনোবাই স্বামীলৈ লিখা বিপ্লৱৰ কিতাপৰ নামত খৰচ নকৰো
বিপনীখনৰ লৰাজন আতৰি গল, মই আৰু দুখনমান কিতাপ বেগত ভৰাই গ্ৰন্থমেলাৰপৰা ওলালো..
সন্ধিয়া ঘৰ আহি পালো..... চাংলট ফেনলা মেলি ললো, কিতাপখনৰ বহুত চৰ্চা হৈছে, কি আছে কিতাপখনত... পঢ়ি গলো.... বঢ়িয়া কিতাপ, একে বহাই শেষ কৰিলো... এখন নিৰ্ভেজাল দস্তাবেজ....
চাংলট ফেনলাৰ শেষত এটা ব্ৰেকেটৰ মাজত ....... (চাংলট ফেনলাৰ প্ৰথম খন্ড সমাপ্ত)
হয়তো পৰাগ দাসে আৰু লিখিব খুজিছিল, কিন্ত তেও চাংলট ফেনলাৰ পাছৰ খন্ড লিখাৰ আগতেই হেৰাই গল....
চাংলট ফেনলাৰ শেষৰ বাক্যটো... বাহিৰত পোহৰ হবলৈ তেতিয়াও আৰু বহুপৰ বাকী...
আজি যদি পৰাগ দাস জীয়াই থাকিলেহেতেন, হয়তো তেওৰ কলমৰ আগেৰে ওলালহেতেন........ বাহিৰত এতিয়াও ঘোপ মৰা এন্ধাৰ আৰু এই এন্ধাৰবোৰ গ্ৰন্থমেলাত বিক্ৰী হয় তিনিশ টকাত, তিনিশ টকা আজিৰ তাৰিখত খাটি খোৱা মানুহৰ সাধ্যৰ বাহিৰত..........
বি.দ্ৰ. দুবছৰ আগতে লাকুৱাত মোৰ তলত কন্টিজেন্ট লেবাৰ এজনে কাম কৰিছিল, দৰমহা মাহে ২২০০ টকা, সি কাণেৰে কম শুনে, কেতিয়াবা কথা পাহৰি যায়, আন ফিজিকেল প্ৰবলেমো আছে....... যৌবনৰ আগছোৱাত তাৰ চব ঠিকে আছিল , সি সংগঠনলৈ গৈছিল, আৰ্মিয়ে বাটতে ধৰিলে.. তাৰ পাছত..... মই ভাৱো মাহে ২২০০ টকা পোৱা অজয় মহনে আজি ৩০০ টকীয়া কিতাপৰ বিলাসিতা নকৰে.......

No comments:
Post a Comment