Thursday, May 15, 2014

কুল কেমিষ্ট

.কুল কেমিষ্ট...
(সকলো নন-কুল কলিগলৈ ক্ষমাপ্ৰাৰ্থনাৰে)

মই তেতিয়ালৈ নিজকে ডিপাৰ্টমেন্টৰ সকলোতকৈ কুল পাৰ্চন বুলি ভাবিছিলো
কিন্ত এদিন মই অৱনীদাদাক লগ পালো... অৱনীদা মোৰ চিনিয়ৰ
লাকুৱাৰ এটা ৰীগ, বছে অৱনীদাৰ লগত শ্বিফটত লগাই দিলে, মৰনিং শ্বিফটত যাবলৈ ৰাতিপুৱা ৫ বজাতে শ্বিফট বাছ ধৰিব লাগে, সময়ত বাছ ষ্টেচন গৈ পালো, অৱনীদা আহিল, হাতত দুটা ডাঙৰ মোনা
- ইমানকৈ কি লৈ আহিছে
- হে হে, কুল, চাইটত গম পাবাই..... অৱনীদাই কলে

চাইট গৈ পালো, অৱনীদাই মাদ টেংকৰ মনিটৰ কৰি আহিল, তাৰ পাছত বাংক হাউচৰ পৰা বাল্টি দুটা , আৰু চাৰ্ফ এক্সেল উলিয়ালে, এটা টোপোলা নিজে দাঙি মোক এটা টোপোলা দাঙিবলৈ কলে, আৰু ৱাটাৰ টেংকৰ ওচৰলৈ গল........
অৱনীদাই বাল্টিটোত পানী ভৰালে, তাৰ পাছত টোপোলা খুলিলে, চাৰ্ট,পেন্ট, বনিয়ান, মেখেলা., চাদৰ , শাড়ী...
প্ৰথমতে কাপোৰখিনি এটা বাল্টিত তিয়াই ললে..... আনটো বাল্টিত চাৰ্ফ মিক্স কৰিলে
তাৰপাছত কাপোৰখিনি চাৰ্ফত তিয়াই দিলে
- হৈ গল, কুল, বল বাংক হাউচত যাওগৈ

দুয়োটা বাংক হাউচ পালোগৈ, অলপ গাটো টঙাই লও বুলি অৱনীদা বাংক হাউচৰ বিচনাত পৰিল, চিনিয়ৰ কলিগক দেখি মইও চকীখনত আউজি চকু দুটা মুদি দিলো
প্ৰায় ১০ টা মান বজাত সাৰ পালো, অৱনীদা বাংক হাউচত নাই, বাহিৰ ওলালো, দেখিলো অৱনীদাই কাপোৰবোৰ মেলি আছে
- আপুনি ইয়াত কাপোৰ ধোৱে যে, কি কেচ.........মই সুধিলো
- এ নকবি আৰু, ৱৰ্কিং ওমেন বিয়া পাতিলো, এতিয়া ঘৰুৱা কামবোৰ ময়ে কৰিব লাগে, কুল
- কাম কৰা ছোৱালী নাৰাখে কিয়
- এ নকবি আৰু, ৰাখি চাইছিলো, কিন্ত কাম কৰা মানুহকলৈ বৰ প্ৰবলেম, একদম কুল নহয়

কাপোৰ মেলা হেৱাৰ পাছত অৱনীদা বাংক হাউচলৈ আহিল, তাৰ পাছত লেপটপটো অন কৰি কিবা কিবি টাইপ কৰাত লাগিল
- লেপিত কি কৰি আছে......মই সুধিলো
- এ নকবি আৰু, পি.এইচ.ডি কৰি আছো, পেপাৰ লিখিব লাগে, গাইডৰ প্ৰেচাৰ, ইফালে ঘৰত টাইম নাপাওৱেই নহয় , কুল

অৱনীদাই লেপিত পেপাৰ টাইপ কৰি আছে, ময়ো নিজৰ লেপি উলিয়াই ফেচবুকৰ বাবে আপদেট টাইপ কৰাত লাগিলো
দুপৰীয়া ভাত খাই অৱনীদাই আৰু এবাৰ গা টঙাই ললে...
আবেলি ৩ টা বজাত অৱনীদা উঠিল, লেপি ভৰাই থ, বল মাদ টেংকৰ ওপৰত যাও, অৱনীদা টেংকৰ ওপৰত উঠিল, কিছুসময় পাছত ওপৰৰপৰা ড্ৰিলাৰ সন্দিকৈয়ে টং টং কৈ কিবা চিগনেল দিলে
অৱনীদাই চিগনেল ইন্টাৰপ্ৰীট কৰি চিঞৰিলে..... লাল গাড়ী, লাল গাড়ী
টেংকৰ ওপৰত থকা চব মানুহ কামত বিজি হৈ পৰিল, চবেই কিবা নহয় কিবা কাম কৰি আছে, পানী মৰাই পানী মাৰিছে, কেমিকেল ঢলাই কেমিকেল ঢালিছে, কুল

ৰঙা ৰঙৰ বলেৰো এখন চাইটত সোমাল , বলেৰোখনৰপৰা বছ ওলাল, তীখী নজৰ চে ৩৬০ এংগোলত চালে, টেংকৰ ওপৰত উঠিল, বছ পুৰা খুচ, কাম দনাদন চল ৰহা হে
অৱনীদাক থামছ আপ এটা দি দিলে, মোৰ পিনে পেন্দোৱাকৈ চাই বছে ইংগিতৰে কলে.... কুচ চিখো ইনচে

আধাঘন্টা মান পাছত বছ গলগৈ, বছৰ লাল গাড়ী ডিচএপিয়াৰ হোৱাৰ লগে লগে টেংকৰ ওপৰৰ বিজি মানুহবোৰ ডিচএপিয়াৰ হৈ পৰিল, কুল
মোৰো কুল এক্সপেৰিয়েন্স এটা হৈ গল...

কেইদিনমান পাছত........
হাতত বেগ দুটা দাঙি শ্বিফট বাছত উঠিছো......... ড্ৰিলিঙৰ নতুনকৈ জইন কৰা মানস ৰাৱাটে সুধিলে.... আৰে চেকিয়া দা, য়ে বড়া বড়া পোটলী মে ক্যা লেকে জা ৰহে হে
- হে হে, কুল.......... মই কলো

ময়ো অৱনীদাক টক্কৰ দিব পৰাকৈ কুল কেমিষ্ট হৈ পৰিলো...

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...