Thursday, May 15, 2014

এশ গৰু, এটা বাঘ, অকনমান টোপনি

কোৱা হয়, এশ গৰু মাৰিলে বাঘৰো মৰণ..... অইনে নাভাবিলেও মই ইমানদিনে নিজকে বাঘ বুলিয়েই গণ্য কৰি আহিছো, কিন্ত প্ৰমান কৰিব পৰা নাছিলো.....

৩০ জানুৱাৰী ২০১৪, অফৰ লাষ্ট দিন, ৰাতি গুৱাহাটীত নাইট চুপাৰত উঠি শিৱসাগৰত ৰাতিপুৱা শ্বিফটৰ বাছ ধৰিলো, এনেয়ে অহা-যোৱাৰ নামত দুটা দিন যায়গৈ, এইবাৰ এটা সম্পুৰ্ণ ডে-লাইট চেভ কৰি দিলো, সময়মতে চাইট গৈ পালো ঠিকেই, কিন্ত সমস্যা হল ৰাতি নাইট চুপাৰত টোপনি একেবাৰে নহল

ৰাতিপুৱা ৬-৩০ বজাত চাইট পালোগৈ, গৈয়ে কামত লাগি গলো, মাদ বনালো, পেৰামিটাৰ চালো, লিগনাইট চলুচন ৰেডি কৰি আৰু বাকী ঝামেলা মাৰোতে দহটা বাজিল

বাংক হাউচত সোমালো, এচি টো অন কৰিলো, বাংক হাউচত বিচনা এখন আছে, বাগৰি দিলো, চিলমিলিয়া টোপনি এটা আহি গল.......

টক.টক...... কোনোবাই কৰবাত নক কৰিলে, টোপনি ভাঙিলে

বিচনাখনত বহি চকুটো মেলিছোহে, চব টোপনি ফাটি গল........
- আপ ক্যা কৰ ৰহে থে......... ড্ৰিলিং ইন চাৰ্জে খঙেৰে সুধিলে
- ছাৰ মে চো ৰহা থা........ মই বিনম্ৰভাৱে কলো
- আপ কিউ চো ৰহে থে
- ছাৰ জোৰ কা নীন্দ আ ৰাহা থা...... মই আগতকৈও বিনম্ৰভাৱে কলো
- আপ ফিফটিন মিনিটছ বাদ মেৰে অফিছ মে মিলিয়ে.......... এইবুলি কৈ ড্ৰিলিং ইন চাৰ্জ ওলাই গল

পোন্ধৰ মিনিট পাছত মোৰ ৱাট লাগিব, আজিলৈকে কিমান ডিউটি বাংক দিলো, কিমান অতপালি কৰিলো, ৰুমত শুই ডেইলী ৰিপৰ্ট দিলো, বিদ্যা শপত, আজিলৈকে কোনেও হাটে লোটে ধৰিব পৰা নাছিল, আজি ফচি গলো, বেয়াকৈ ফচি গলো, জোৰ কা ঝটকা লাগি গল

জোৰ কা ঝটকাটো পাতলাবলৈ চাণক্য দা লৈ ফোন কৰিলো...... মোৰ দুখ ভৰি কাহানী শুনালো, ভাবিছিলো, এক কেমিষ্ট হি চমঝেগা এক কেমিষ্ট কি বাত
কিন্ত চাণক্য দাই মোক চিমপেথি দিয়াৰ সলনি হো হোৱাই হাহিবলৈ ধৰিলে.... ভালেই পাইছো, কেনে মজা, অজি ড্ৰিলিং ইন চাৰ্জে সুদাই নেৰে , এশ গৰু মাৰিলে বাঘৰো মৰণ...... তাৰ পাছত ফোনৰ সিটোমুৰত এটা ৰাৱণ টাইপ অটহাস্য

পিপল চুড বি পজিটিভ....ইমানবোৰ বেড ফিলিঙৰ মাজত এটা গুড ফিলিঙ আহিল...
আজি অন্তত মোৰ বাঘ টাইপৰ অনুভৱটোৰ সত্যতা প্ৰমাণিত হল.......
...............................
অকনমান টোপনিৰ কাৰণে আজি.... ময়ো এশটা গৰু মৰা এটা বাঘ


(২)

চাণক্য দাৰ অটহাস্যৰ পাছত দহ মিনিট মাইন্ড কুল কৰাত খৰচ কৰিলো, নেকি কৰ দৰিয়া মে দাল ফিলচফি লৈ লাইফত বহুত ভাল ভাল কামো কৰিছো, দৰিয়াৰপৰা দুই এটা নেকি ৰিজুভিনেট কৰাৰ চেষ্টা কৰিলো.........

পুৰা পোন্ধৰ মিনিট পাছত ড্ৰিলিং ইন চাৰ্জৰ অফিচত এন্ত্ৰি মাৰিলো, মেকুৰি টাইপ ফিলিং এটা ফিল কৰিলো (বাঘ আৰু মেকুৰী অৱশ্যে বায়লজিকেলি একেটা গোত্ৰৰে)

-মে আই কাম ইন ছাৰ
- আইইয়ে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰ চকী এখনত বহিলো
- আপকো মে নটিছ কৰ ৰহা হু, পিছলে বাৰ ভী পেহলা দিন আপ ডি.এছ.এ মে ব্ৰেকফাষ্ট কিয়া থা........ ড্ৰিলিং ইনচাৰ্জে কলে
- হা ছাৰ
- অউৰ লান্স ভী কিয়া থা
- হা ছাৰ,
- আফটাৰনুন চায় ভী পিয়া থা
- হা ছাৰ
- অউৰ তব আপকা ডে শ্বিফট চল ৰহা থা
- হা ছাৰ
- কিউ
- তব ৰীগ পে কাম নহী থা, চো ব্ৰেকফাষ্ট-লান্স কে চাথ ডিনাৰ ভী ডি.এছ.এ মে কিয়া থা
- ইচ বাৰ ভী আজ আপ ব্ৰেকফাষ্ট ডি.এছ.এ মে কিয়া
- হা ছাৰ
- লেকিন ইচবাৰ ড্ৰিলিং চল ৰহা হে
- হা ছাৰ, আজ লান্স অউৰ আফটাৰনুন চায় চাইট পে কৰুংগা........ মই বিনম্ৰতাৰে কলো

ড্ৰিলিং ইন চাৰ্জে কিবা এটা ভাবিলে, তাৰ পাছত কলে
- আপ নাইট বাছ মে আয়া হে না
- হা ছাৰ, আপকো কেইচে পতা চলা
- আজ আপ জব ব্ৰেকফাষ্ট কৰ ৰহে থে মে ভী কৰ ৰহা থা
- অচ্ছা
- আপ জব হচ হচ কে অপনে দোস্ত চে বাত কৰ ৰহে থে, মে চুন লিয়া থা, আপনে জো ড্ৰিলাৰ কে উপৰ চুটকুলা চুনায়া থা ৱ অচ্চা লগা থা
- হা ছাৰ
- বাছ মে নীন্দ অচ্চী নহী হোতী, মেৰা ভী এক্সপেৰিয়েন্স হে
- হা ছাৰ
- আপ চাহে তো এক-দো ঘন্টা ৰেষ্ট কৰ চকতে হে
- কাহা অভী নীন্দ আয়েগা চাৰ, চাৰী নীন্দ তো উৰ গয়া হে , আব তো জগনা হী পৰেগা, ড্ৰিলিং কৰানা হে
- হা, ঠিক হে, ৰাত মে অচ্চী তৰহ চো লিজিয়ে, নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে........ ড্ৰিলিং ইন চাৰ্জে নম্ৰভাৱে কলে

ড্ৰিলিং ইন চাৰ্জৰ ৰুমৰপৰা বাহিৰ ওলালো, চাণক্য দা লৈ ফোন কৰিলো.
- চাণক্য দা কি হালচাল
- কি হল , মোৰ অকে আছে, তোৰ হালচাল কি, ড্ৰিলিং ইন চাৰ্জে কি কলে
- নীন্দ চেহত কে লিয়ে বহত জৰুৰী হে
- কি কৱ বে, বাচি গলি
- হা
- কি কৱ বে, কেনেকে
- আৰে চাণক্য দা, চেৰ তো হমেচা চেৰ হী হোতা হে, চাহে ঘৰ মে হো,জংঘল মে হো চাহে চাইট পে হো, বাঘ ইজ অলৱেজ টাইগাৰ

চানক্য দাই আৰু এবাৰ ‘কি কৱ বে’ বুলি কোৱা কাণত পৰিল.....

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...