Wednesday, August 2, 2017

এক্সটাৰনেল

তেতিয়া মই লিয়েন ভেকেন্সি এটাত কলেজ এখনত কাম কৰি আছো। ডিগ্ৰী চেকেন্ড ইয়াৰৰ কেমেষ্ট্ৰী প্ৰেক্টিকেলত মোক ইন্টাৰনেল বনাই দিলে । এক্সটাৰনেল হিচাপে আহিল পূব কামৰূপ কলেজৰ মেডাম এগৰাকী। পৰীক্ষা আৰম্ভ হল।

ষ্টুডেণ্ট মাত্ৰ চাৰিজন।
অম্লান আৰু ছোৱালী এজনী ৰেগুলাৰ। বাকী দুজন ৰিপিটাৰ্চ।
নিয়মমাফিক লেবৰেটৰীত টহল দিলো, এক্সটাৰনেলে লৰাছোৱালীকেইটাৰ ভাইভা ললে।
মাজতে মই ষ্টুডেণ্ট কেইজনক বহীত কটা-কুটা নকৰাকে ভালকৈ লিখিবলৈ ইন্সট্ৰাকচন দি আহিলো।
অম্লান লৰাটো চোকা। চোকা মানে ডিগ্ৰী ফাষ্ট ইয়াৰত প্ৰথম শ্ৰেণী পাই থৈছে।
পৰীক্ষা শেষ হল।
এক্সটাৰনেলে বহী চাবলৈ ধৰিলে।

প্ৰথম বহীখন চাই এক্সটাৰনেলে নম্বৰ দিলে ৫০ ৰ ভিতৰত ৪০

- মেডাম নম্বৰ বহুত কম হল....... মই কলো
- মানে..... মেডামে সুধিলে
- মাত্ৰ চল্লিশ
- আখৰ বহুত বেয়া হে, আৰু ইমান স্পেলিং মিছটেক
- লৰাটো পঢ়াত ভাল, নম্বৰ কমিলে প্ৰব্লেম হব..... মই কলো
- এহ, আমাৰ দিনতনো কিমান নম্বৰ দিছিল হে, নম্বৰ নিদিয়ে....... মেডামে কলে
- মেডাম আপুনিটো মাষ্টাৰ্চ কৰিয়েই চাকৰিত সোমাইছিল, আজিকালিতো নাপাব, আৰু কেইটামান নম্বৰ দিলে পকেটৰপৰা একো নাযায় দিয়কচোন
- তথাপিও
- এহ মেডাম হব দিয়ক আৰু

তাৰপাছত মই বহী চাৰিখন মোৰ হাতলৈ আনিলো। প্ৰথম বহীখন পুনঃমুল্যায়ন হৈ নম্বৰ ৪৮ হলগৈ। বাকী তিনিখনতো ৪৬, ৪৫, ৪৫ হল।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...