(ৰাশিচক্ৰ)
তাৰপাছত ৩-৪ ঠাইত যোগাযোগ চলিল, কিন্ত এক্সপাৰ্ট পেনেললৈ কেচ আহি নেপালেগৈ । এমাহ ডি.এছ.এ ৰ এক্সপাৰ্ট পেনেল কৰামহীন হৈ থাকিল । খঞ্জন আৰু চন্দনদাৰ মাজত শীতল যুদ্ধৰ পৰিবেশে বিৰাজ কৰিলে ।
আগষ্ট মাহত ঘৰৰপৰা মায়ে ফোন কৰিলে
- ছোৱালী এজনী চাইছো, খুৱ ভাল, হোৱাটছএপত ফটো চাই লবি
হোৱাটছএপত ফটো আহিল । কেইবাখনো । যিমানেই ফটোবোৰ চাও, সিমানেই কিবা এটা ভাল লাগি যায় ।
- কথা পাতা , কথা ......... চন্দনদাই এডভাইচ দিলে
- প্ৰথমতে হোৱাটছএপত চাট কৰা ....... শ্যামলদাই কলে
নম্বৰ কালেক্ট কৰা হল । প্ৰথমতে ময়েই মেচেজ দিলো - হেলো
সিফালৰপৰা ৰিপ্লাই আহিল- হাই
এতিয়া কি লিখো । মই চাৰি নম্বৰ বাংক হাউচ পালোগৈ । ইয়াতে শ্যামলদা আৰু চন্দনদা থাকে ।
- ধুৰ মক্কেল, সেইটোও কব লাগে নেকি...... চন্দনদাই কলে
- মানে এক্সপাৰ্ট এডভাইচ হলে ভাল হয়........ মই কলো
তাৰ পাছত হোৱাটছএপ এক্সপাৰ্ট শ্যামলদাই দহ মিনিটৰ এটা ব্ৰিফিঙ দিলে । হাউ টু চাট উইথ এ গাৰ্ল ।
প্ৰেইজ কৰি দিয়া । ছোৱালীবোৰে প্ৰেইজিং খুব ভাল পায় । তাইক প্ৰেইজ কৰা, মাক-বাপেক-ভন্টি-ভায়েক ক প্ৰেইজ কৰা । চুলিৰ ষ্টাইল প্ৰেইজ, চকুৰ কাজল প্ৰেইজ আনকি ওঠৰ লিপষ্টিক, কাণৰ কাণফুলিকো নেৰিবা, চব প্ৰেইজ কৰা । বাচ কাম হৈ যাব । আৰু হোৱাটছএপপত বহুত স্মাইলি থাকে , সেইবোৰৰ ভৰপুৰ ইষ্টেমাল কৰা ।
- পাছে আপুনি ইমান কেনেকৈ জানিলে ........ মই সুধিলো
- এক্সপেৰিয়েন্স বোপাই , ৱাইড এক্সপেৰিয়েন্স..... শ্যামলদাই মবাইলটো হাতত লৈ কলে
চাটিং চলিল । কিবা কনফিউজন লাগিলে চাৰি নম্বৰত এন্ত্ৰি মাৰি দিও ।
দুই এটা ব্ৰেক লৈ ৰাতি দুটালৈকে চাটিং চলিল । লাইফৰ প্ৰথম ভেৰি লং চাটিং চেচন ।
২৪ ঘন্টা স্মুথলি পাৰ হল । খঞ্জনে মোক বিচনাত ওপৰমুৱাকৈ পৰি মিচিক-মাচাককৈ হাহি থকা অৱস্থাত আৱিষ্কাৰ কৰাৰ পাছত আনন্দতে বৰা হোটেলত শ্যামলদা আৰু চন্দনদাই পাৰ্টি খাই দিলে । চন্দনদাই বৌকো মোৰ নতুন খুচখবৰিটো দি দিলে ।
কাহিনীত টুইষ্ট আহিল দীৰুদাৰ এন্ত্ৰিৰ পাছত ।
- ছোৱালীৰ ৰাশি কি ......... দীৰুদাই সুধিলে
- ধনু ......... মই কলো
- তোৰ
- বৃষ
- নট কম্পাটিবল , নহব ......দীৰুদাই কলে
- আজিৰ দিনতো ৰাশি বিশ্বাস কৰে নেকি , মানুহ ৪০ বছৰ আগতেই চন্দ্ৰ পালেগৈ, ৰাশি-চাশি একেবাৰে বাজে কথা....... চন্দনদাই কলে
- ধনু ৰাশিৰ ছোৱালীবোৰ স্বাধীনচেতিয়া, বহুত বন্ধু-বান্ধৱ থকা, ইন-ডিচিপ্লিন , খৰচী আৰু উচ্চাকাংখী হয় , পুৰা বৃষৰ অপজিত
- ভালহে অপজিত এট্ৰাকটছ......... খঞ্জনে কলে
- আকে বাজী মাৰ , কথা পাত, চাটিং কৰ , চাৰিদিন পাছত আহি তই নিজে কবি .......... দীৰুদাই কলে
চাটিং চলি থাকিল । দ্বিতীয়দিনা এনে লাগিল যে ধনু সচাকৈয়ে বহুত এম্বিচিয়াছ তথা এডভেনচৰাছ । তৃতীয় দিনা ধনুই মোক প্ৰেডিকটেবল , বৰিং আৰু একাকী চিন্তাধাৰাযুক্ত পালে আৰু ধনুৰ কেয়াৰলেচ ভাৱধাৰাই মোকো বহুত চিন্তাত পেলাই দিলে ।
চতুৰ্থদিনা এক্সপাৰ্ট পেনেলৰ মিটিঙত ধনু ৰাশিক বাইপাছ কৰাৰ সিদ্ধান্ত লোৱা হল । মানে ধনু ৰাশিৰ জাতিকাক বিবেচনা নকৰাৰ ডিচিচন হৈ গল ।
কেইদিনমান পাছত.........
সম্পৰ্কীয় মামী এগৰাকীয়ে ফোন কৰিলে
- ছোৱালী এজনী আছে , খুউব ধুনীয়া নাম, ভ্ৰান্তি ........ মামীয়ে কলে
- ভ্ৰা, মানে ভ , মানে ধনু ৰাশি ................উফ, ধনু !!!!

No comments:
Post a Comment