Wednesday, August 2, 2017

কনট্ৰাষ্ট

কোনোবা মহিলাই যদি ৰংচঙীয়া কাপোৰ এযোৰ ধুনিয়াকৈ সাজি কাচি পিন্ধি আপোনাক আহি সোধে........ কেনেকুৱা লাগিছে
এই প্ৰশ্নটোৰ উত্তৰটো এটা ইউনিভাৰচেল কন্সটেন্ট । ইয়াত ভুল শুদ্ধ ৰ কথা নাহে ।
- ৱাও, বিৰাট ধুনিয়া লাগিছে দেই, আল্টিমেট.......... এইবুলি আপুনি কবই লাগিব
কাজিনৰ বিয়া । ডাঙৰ বাইদেৱে কমলা কালাৰৰ পাটৰ ছেট এযোৰ পিন্ধিছে । বাইদেউৰ গলধনলৈ মোৰ চকু গল । গলত গোটেই গলধন আৱৰি বিৰাট আকাৰৰ ডাঠ সেউজীয়া ৰঙৰ গলপতা এধাৰি ।
বহুতদেৰি ভাবি একো নোপোৱাত বাইদেউক মই শুধিয়েই দিলো
- গলত এইপাত মানে এক্সেক্টলি কি হয়
- অ, কেনেকুৱা লাগিছে......... বাইদেৱে হাহি এটা মাৰি উচ্চাসিত হৈ সুধিলে
সচা কথা কবলৈ গলে কমলাৰ লগত সেউজীয়া, কি বুলি কম, বিৰাটেই বেয়া লাগিছে । ইফালে বাইদেৱে হাঁহিটো কন্টিনিউ কৰিয়েই আছে।
- ধুনিয়া, বিৰাটেই ধুনীয়া, একেবাৰে আনকমন ষ্টাইল, অৰেঞ্জ উইথ গ্ৰীণ, কনট্ৰাষ্ট, বঢ়িয়া......... মই যিমান পাৰি বাইদেউৰ হাঁহিটো কন্টিনিউ ৰখাৰ চেষ্টা কৰিলো ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...