২০১১ চন । ডেৰাডুনত অ.এন.জি.চি ৰ ইনডাকচন ট্ৰেইনিং । ১২০
জনীয়া বেটছটোত অসমীয়া তিনিজন । মই, ধেমাজিৰ নৱজিত বৰুৱা আৰু গুৱাহাটীৰ
ৰাকেশ পাতিৰ । ১২০ জনীয়া বেটচটো চাৰিটা গ্ৰুপত ভগাই ক্লাছবোৰ হয় । আমাৰ
তিনিওজনৰ গ্ৰুপ বেলেগ বেলেগ ।
চফট স্কিলৰ ক্লাছ চলি আছে । ক্লাছবোৰত বহুত কিবা কিবি এক্টিভিটি কৰিবলৈ দিয়ে । এই ক্লাছকেইটা আমাৰ ভাল লাগে ।
ইন্সট্ৰাকটৰ জনে মোক ডাইচলৈ মাতিলে ।

- চিং এ চং ফৰ আচ........ তেওঁ কলে
মই প্ৰফেচনেল ছিংগাৰ নহয় । আচলতে মই ছিংগাৰে নহয়। ইউনিভাৰ্চিটিত থাকোতে দুবাৰমান কোৰাচত ওঠ লৰাইছিলো । সেয়াই এক্সপেৰিয়েন্স ।
- কেইচা টাইপ কা গানা....... মই সুধিলো
- এনিথিং দেট ইউ লাইক
ক্লাছৰ বাকীকেইটাই মোৰ ফালে চাই আছে । মই বহুত হিন্দী গান জানো, কেইবাটাৰো লিৰিকচ প্ৰায় মুখস্থ, অসমীয়া, ভুপেন, জুবিন, বহুত গান মুৰত ঘুৰিবলৈ ধৰিলে ।
তাৰপাছত মোৰ মুখেৰে ওলাল
অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ ঐ মাকো.......
৪-৫ মিনিটমান গালো । কব নোৱাৰাকৈ মোৰ হাত দুখনো সুৰৰ তালে তালে নাচিবলৈ ধৰিলে ।
পাৰফৰমেন্স শেষ হোৱাত হাততালি কেইটামান পালো ।
ঘুৰি দি চিটত বহিলো ।
মোৰ কাষৰ চিটত ৰাজস্থানৰ নীতেশ।
- চইকীয়া ভাই, ক্যা গায়া চমজ মে তো নহী আয়া, লেকিন টিউন অউৰ ৰীডম জবৰদস্ত থা, ক্যা গানা হে য়ে........ নীতেশে সুধিলে
- যে বিহু গানা হে, আছাম কা........ মই কলো
ট্ৰেইনিংৰ শেষত হোৱা কালচাৰেল প্ৰগ্ৰেমত নৱজিত আৰু ৰাকেশ গালে......... অ মোৰ আপোনাৰ দেশ
অসমত উত্তৰ আধুনিক অসমীয়াসকলক অসমত অসমীয়া নালাগে, হিন্দী লাগে, ইংৰাজী লাগে । কিন্ত অসম পাৰ হোৱাৰ লগে লগে কব নোৱাৰাকৈ কথাবোৰ সলনি হৈ যায় ।
তেতিয়া আমি শিপা বিচাৰো ।
আমাৰ স্বকীয় বৈশিষ্ট্যৰ অৱহেলিত শিপাডাল ।

No comments:
Post a Comment