Wednesday, August 2, 2017

এযোৰ পাটৰ কাপোৰ



১)

পুজাৰ বতৰ । বাইকখন লৈ এনেয়ে ওলাই গলো । পিন্ধা উৰাত মই বিশেষ চৌখিন নহয়। একেটা টি চাৰ্টেই বহুত দিন চলি যায় । দীৰুদাক ফোন কৰিলো । দীৰুদাই খবৰ দিলে যে আমবাৰীৰ জন প্লেয়াৰ্চৰ শ্বোৰুমত ৬০ পাৰচেন্ট অফ দি আছে । আমবাৰী পালোগৈ । জন প্লেয়াৰ্চত বহুত ভিৰ । ওচৰতে চিল্ক এম্পোৰিয়ামৰ শ্বৰুমটো । চিল্ক এম্পোৰিয়ামতে সোমালো, কাপোৰ দুযোৰমান চাই টাইম পাছ কৰো ।

এম্পোৰিয়ামতো ভীৰ বহুত, মানুহে পুজাৰ বজাৰ কৰিছে।
-দাদা কওঁকচোন, কি বিচাৰিছিল..... দোকানৰ লৰা এজনে সুধিলে
- পাটৰ ছেট দেখুওৱাচোন........ মই কলো
-কি কালাৰত চাব
- দেখুওৱাচোন, লেটেষ্ট ডিজাইনত

লৰাজনে চেলফৰপৰা তিনিযোৰ কাপোৰ উলিয়াই মোৰ সন্মুখত থলে
-এইযোৰ ৮, এইযোৰ চাৰে সাত আৰু এই পাৰপলযোৰ সাত হাজাৰ দুশ পৰিব........ লৰাজনে কলে
- কম কিমান কৰিব
- পুজা বুলি টেন পাৰচেন্ট ডিচকাউন্ট চলি আছে

দৰ দাম কৰাত মই কেচা । দোকানখনত ইফালে সিফালে চালো । মানুহবোৰে কাপোৰ পচন্দ কৰাত আৰু বাৰগেইনিঙত ব্যস্ত ।
ৱাও, বিউটিফুল, এবাৰ চালে চাইয়েই থাকিবলৈ মন যায় । কমলা ৰঙৰ, গোটেই কাপোৰখনতে গুণাৰে মিনা কৰা, জিলিক-মিলিক বাখৰ খটোৱা কাপোৰযোৰ । দোকানখনত এটা ফালে আঢ্যৱন্ত যেন লগা পৰিয়াল এটাই কমলা ৰঙৰ চালে চকুৰোৱা কাপোৰযোৰৰ দৰ দাম কৰি আছে ।

- সেই যে কাপোৰযোৰ, বহুত ধুনীয়া দেই, তেনেকুৱা দেখুওৱাচোন ...... মই কমলা পাটৰ চেটযোৰ দেখুৱাই কলো
- দাদা সেইযোৰ আপোনাৰ ৰেঞ্জত নাহিব..... লৰাজনে কলে
- মানে
- দাম অলপ বেছি...... লৰাজনে হাহি এটা মাৰিলে
- তুমি মোকতো চিনি নোপোৱা, মোৰ ৰেঞ্জটো কেনেকৈ জানিলা....... মই সুধিলো

লৰাজনে হাহি এটা মাৰিলে। মই নিজৰ ফালে চালো । চাৰি বছৰ আগতে কিনা কলা ৰঙৰ টি ছাৰ্ট, জিনছটো কেতিয়াৰ মনতে পৰা নাই, ভৰিত ধুলি লগা ছেণ্ডেল চু । মোৰ ৰেঞ্জ ইয়াতেই সীমিত ।

২)

১৭-১৮ বছৰ আগৰ কথা । মই তেতিয়া ক্লাছ ফাইভ নে চিক্সত । মাহীৰ বিয়া আছিল । মাহীৰ বিয়াত পিন্ধিবলৈ মাই দেউতাৰপৰা পইচা লৈ কাপোৰ কিনিবলৈ ফাচীবজাৰ পালেগৈ, লগত মাৰ আঙুলিত ধৰি মই ।
দেউতাই সাধাৰণ চৰকাৰী চাকৰি এটা কৰিছিল । খুব আদৰ্শবাদী আছিল দেউতা । আদৰ্শবাদী মানুহৰ সাধাৰণতে টকা পইচা কম থাকে আৰু আমিও ব্যতিক্ৰম নাছিলো । আমাৰ ঘৰতো অভাৱ আছিল আৰু আমি অভাৱবোৰৰ সৈতে সহাৱস্থান কৰিছিলো ।

মাই ফাচীবজাৰৰ দোকান এখনত সোমাল । দোকানীয়ে কেইবাযোৰো পাটৰ ছেট দেখুৱালে । মাই লিৰিকি বিদাৰি চাই আছে। এপলেকত দোকানীয়ে খুব ধুনীয়া কাপোৰ এযোৰ উলিয়ালে ।
- এইযোৰ কিমান দাম...... মায়ে সুধিলে
- দাম অলপ বেছি, আপোনাৰ ৰেঞ্জত নাহিব...... দোকানীয়ে কলে
মাই মানিবেগটো জোৰেৰে খামুচি ধৰিলে ।
- এইযোৰ মোৰ ভালো লগা নাই, ইমান জিলিক মিলিক মই ভাল নাপাওঁ....... মায়ে কলে

তেতিয়া মই বুজি পোৱা নাছিলো কিয় মায়ে ইমান ধুনীয়া কাপোৰযোৰ অপচন্দ কৰি এযোৰ কম ধুনীয়া চিম্পল কাপোৰ কিনিছিল ।

৩)

- দাদা, আৰু দেখুৱাম নে........ চিল্ক এম্পোৰিয়ামৰ লৰাটোৰ মাতত মই অতীতৰ পৰা উভতি আহিলো
মই হাহি এটা মাৰিলো । কমলা ৰঙৰ কাপোৰযোৰৰ দৰদাম চলি আছে । দোকানীৰ দাম আৰু পৰিয়ালটোৱে দিয়া দামৰ মাজত এতিয়াও দুহেজাৰ টকাৰ পাৰ্থক্য ।
মই তেওলোকৰ ফালে চাই আছো।

দৰ দাম নিমিলাত পৰিয়ালটো চিল্ক এম্পোৰিয়ামৰ পৰা ওলাই গল। দোকানীয়ে কাপোৰযোৰ জপাত লাগিল ।
- দাদা লাষ্ট কিমান দিব কওক...... মই কমলা ৰঙৰ পাটৰ কাপোৰযোৰ দেখুৱাই কলো
- ৫০০ কমাব পাৰিম, তাতকৈ কমাব নোৱাৰিম....... দোকানীজনে কলে
- ঠিক আছে, পেক কৰি দিয়ক, আপোনাৰ ইয়াত কাৰ্ড একচেপ্ট কৰেনে..... মই সুধিলো
- হয় কৰে

মই ডেবিট কাৰ্ডখন চুইপ কৰিলো, কাপোৰৰ টোপোলাটো ললো আৰু বাইক ষ্টাৰ্ট দিলো ।

৪)

কবলৈ গলে মই বহুত আনন্দিত আছিলো আৰু মাও আনন্দিত হব বুলি ভাৱিছিলো । কিন্ত তেনেকুৱা একো নহল।
কাপোৰযোৰ দেখাৰ লগে লগে মা জকজকাই উঠিল । মোক চুই কিলাবলৈ হে বাকী । মাৰ মতে মই বেয়া হলো, যতে ততে টকা পইচাবোৰ খৰছ কৰিছো, মই ধোৱাখুলীয়া হৈছো। আনকি কঠোৰ মাতেৰে মাই কাপোৰযোৰ যৰপৰা আনিছিলো তাত ঘুৰাই দি আহিবলৈ কলে । মোৰ চব উৎসাহ পানী হৈ পৰিল।

মাৰ গালিৰপৰা বাচিবলৈ মই ঘৰৰপৰা বাহিৰ ওলাই চোতালত অৱস্থান ললো ।

পোন্ধৰ মিনিটমান পাছত চুপ চাপ ঘৰত সোমালো । ড্ৰয়িং ৰুমত কোনো নাই । মই ভিতৰৰ ৰুমলৈ খোজ ললো ।
ভিতৰৰ ৰুমটোত এখন ড্ৰেচিং আইনা আছে । আইনাৰ সমুখত মা । মাই কমলা ৰঙৰ কাপোৰযোৰ লিৰিকি বিদাৰি আছে । মায়ে কাপোৰযোৰৰ আঁচলটো নিজৰ কান্ধত পেলাই আইনাত চাইছে । সচাকৈয়ে খুব ধুনীয়া কাপোৰযোৰ আৰু কমলা ৰঙ, গুণাফুল আৰু বাখৰ খটোৱা কাপোৰযোৰে মাক বহুত ধুনীয়া দেখাইছে ।

মই লক্ষ্য কৰিলো , মাৰ চকুত দুটোপাল চকুপানী ।
- মা......... মই লাহেকৈ মাতিলো
- ইমান দামী কাপোৰ কিয় আনিব লাগে, মইতো এইবোৰ নিপিন্ধোৱেই....... মাই কলে

মই মাক সাবতি ধৰিলো । যিজনী মাই আমাক ডাঙৰ কৰোতে কিমান কষ্ট, কিমান ত্যাগ, কিমান পৰিশ্ৰম স্বীকাৰ কৰিছে। আমাৰ সৰু সৰু আব্দাৰ পুৰা কৰিবলৈ মাই নিজৰ কিমান সপোন, কিমান চখ বাদ দিছে , কিমান চখ.........

ড্ৰেচিং আইনাখনত মই স্পষ্টকৈ দেখিবলৈ পালো......... কমলা ৰঙৰ পাটৰ কাপোৰ এযোৰত পৃথিৱীৰ আটাইতকৈ ধুনীয়া মহিলাগৰাকীৰ মুখত এটা অপূৰ্ব হাঁহিৰ প্ৰতিবিম্ব ।

No comments:

Post a Comment

কটন কলেজ - তিনি নম্বৰৰ ব্যৱধানত

হায়াৰ ছেকেন্ডাৰী ছেকেন্ড ইয়াৰৰ কথা , কটন কলেজ । পুজাৰ বন্ধৰ পাছত প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়েই কলেজ আহিবলৈ বাদ দিছে । কিন্ত ছিলেবাছ শেয...